কয়লা আৰু পেট্ৰ'লিয়াম

                                                অধ্য়ায় ৫

আমাৰ মৌলিক আৱশ্য়ক অনুসৰি আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ। তাৰে কিছুমান মানুহে নিজে তৈয়াৰ কৰি লোৱা। এই তালিকাখনত বায়ু, পানী, মাটি আৰু খনিজ পদাৰ্থ অন্তৰ্ভুক্ত হৈছেনে ? এই সকলোখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় কাৰণে এইবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটি নিঃশেষ হৈ যাব পাৰেনে? সপ্তম শ্ৰেণীত তোমালোকে পানীৰ বিষয় পঢ়ি আহিছা। পানী অন্তহীন সম্পদ নে? প্ৰাকৃতিৰ লাভ কৰা বিভিন্ন সম্পদসমূহক বহলভাৱে দুই ভাগত ভগাব পাৰিঃ

ক) অনিঃশেষীয় প্ৰাকৃতিক সম্পদঃ 

প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনা যেনেঃ সূৰ্যৰ ৰশ্মি, বায়ু।

খ) নিঃশেষীয় প্ৰাকৃতিক সম্পদঃ

প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত। মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে। এনে সম্পদসমূহৰ  উদহৰণ হ'ল অৰণ্য়, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ ইত্য়াদি। 

ধৰি লোৱা যে পাত্ৰত থকা খাদ্য়বস্তুখিনিয়ে কয়লা, পেট্ৰ'লিয়াম বা প্ৰাকৃতিক গেছৰ নিচিনা নিঃশেষীয় প্ৰাকৃতি সম্পদসমূহৰ মুঠ পৰিমাণ বুজাইছে। প্ৰত্য়েকটো দলৰে ভোজন কৰাৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে। কোনোবা দলৰ আগৰ প্ৰজন্ম কেইটা বাৰু বৰ বেছি লুভীয়া নেকি? এনেকুৱাও হ'ব পাৰে যে কেইটোমান দলৰ আগৰ প্ৰজন্ম কেইটামান কেইটাই পাছৰ প্ৰজন্মৰ বাবে সচেতন আৰু সেয়ে তেওঁলোকৰ কাৰণে কিছু খাদ্য এৰি দিছে। 

এই পাঠটোত আমি কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ নিচিনা কিছুমান নিঃশেষীয় প্ৰাকৃতিক সম্পদৰ বিষয়ে শিকিম। এইবোৰ মৃত জীৱৰ অৱশেষৰ (জীৱাশ্ম) পৰা উৎপন্ন হয় সেয়েহে এইবোৰক জীৱাশ্ম ইন্ধন (fossil fuels) বুলি কোৱা হয়। 

৫.১ কয়লাঃ  তোমালোকে হয়তো কয়লা দেখিছা বা ইয়াৰ বিষয়ে শুনিছা। ই শিলৰ দৰে কঠিন আৰু ক'লা বৰণীয়া।                                আহাৰ ৰান্ধিবলৈ ব্য়ৱহাৰ কৰা ইন্ধনৰ ভিতৰত কয়লাও এবিধ ইন্ধন।আগৰ দিনত ৰে'লগাড়ীৰ ইঞ্জিন চলোৱাৰ বাবে ভাপ পন্ন কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হৈছিল তাপবিদ্য়ুৎ প্ৰকল্পসমূহতো বিদ্য়ুৎ উৎপাদন কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ উদ্যোগতো ইন্ধন হিচাপে কয়লা ব্য়ৱহাৰ কৰা হয়।                                                  

 কয়লাৰ কাহিনী

প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটব্য় অৰণ্য় আছিল। বানপানীৰ নিচিনা প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্য়সমূহ মাটিৰ তলত পোত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণৰ মাটি জমা হৈ গৈ থকাৰ ফলত হেঁচা পৰি এইবোৰ সঙ্কুচিত হৈ গৈছিল। এইবিলাক যিমানে গভীৰলৈ সোমাই গৈছিল এইবোৰৰ উষ্ণতাও বাঢ়িছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। যিহেতু কয়লাৰ প্ৰধান উপাদান কাৰ্বন, সেয়ে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক অংগাৰীকৰণ (carbonisation) বোলা হয়। মৃত গছ-গছনিৰ অৱশিষ্টৰ হোৱাৰ বাবে কয়লাক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। চিত্ৰ৫.২ত এটা কয়লাৰ খনি দেখুওৱা হৈছে।বায়ুত কয়লা জ্বলালে কাৰ্বন-ডাই-অক্সাইড গেছ পন্ন কৰে।

উদ্য়োগত কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে ক'ক, আলকতৰা আৰু কয়লা-গেছৰ নিচিনা প্ৰয়োজনীয় সামগ্ৰী ৎপাদন কৰা হয়। 

ক'ক

ই এবিধ কঠিন, সছিদ্ৰ আৰু ক'লাবৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। তীখাৰ ৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰা হয়।

আলকতৰা

ই এটা বেয়া গন্ধযুক্ত ক'লাবৰণীয়া ডাঠ তৰল পদাৰ্থ (চিত্ৰ ৫.৩)। ই প্ৰায় ২০০ বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আলকতৰাৰ পৰা ৎপাদিত দ্ৰব্য়সমূহ দৈনন্দিন জীৱন আৰু উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী উৎপাদনত ব্যৱহাৰ কৰা হয় , যেনে- সাংশ্লেষিক ৰঞ্জক দ্রব্য ভেষজ ঔষধ , বিস্ফোৰক , সুগন্ধি আতৰ , প্লাষ্টিক , ৰং , আলােক চিত্রনৰ সামগ্রী , চাল সজাৰ সামগ্রী ইত্যাদি প্রস্তুত কৰোঁতে কেঁচা সামগ্রী হিচাপে আতৰা ব্যৱহাৰ কৰা হয় । আমােদজনক কথা যে চকৰী আৰু অন্যান্য কীট - পতংগ সমূহ আঁতৰাই ৰাখিবলৈ ব্যৱহাৰ কৰা নেথেলিন বলসমূহাে আতৰৰ পৰাই তৈয়াৰী ।

কয়লা-গেছ

কয়লা সংসাধনৰ দ্বাৰা ক'ক প্ৰস্তুকৰোতে কয়লা-গেছ  পন্ন হয়। ইয়াক কয়লা সংসাধনৰ কাৰখানাসমূহৰ ওচৰত থকা বহুতো উদ্য়োগে ইন্ধন হিচাপে ব্য়ৱহাৰ কৰে।

৫.২ পেট্ৰ'লিয়ামঃ

তোমালোকে জনা যে মটৰ চাইকেল/ স্কুটাৰ  আৰু মটৰ গাড়ীৰ নিচিনা লঘু যান-বাহনসমূহত ইন্ধন হিচাপে পেট্ৰ'ল ব্য়ৱহাৰ কৰা হয়। ট্ৰাক আৰু ট্ৰেক্টৰৰ নিচিনা গধুৰ যান-বাহনবোৰ ডিজেলেৰে চলোৱাহয়। পেট্ৰ'ল আৰু ডিজেল পেট্ৰ'লিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়। পেট্ৰ'লিয়াম কেনেকৈ সৃষ্টি হয়,তোমালোকে জানানে?

সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰ'লিয়ামৰ সৃষ্টি হৈছিল। এই জীৱসমূহৰ মৃত্য়ু হোৱাত সিহঁতৰ দেহাৱশিষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি। আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল। কালক্ৰমত, বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে।

চিত্ৰ ৫.৪ লৈ লক্ষ্য়কৰা। ইয়াত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ অৱস্থান দেখুওৱা হৈছে। মন কৰাচোন পানীৰ ওপৰত ক্ৰমান্বয়ে পেট্ৰ'লিয়াম তেল আৰু গেছ আছে। কিয় এনে হয় বাৰু? মনত পেলোৱা যে তেল আৰু গেছ পানীতকৈ পাতল আৰু ইয়াৰ সৈতে মিহলি হৈ নাযায়।

পেট্ৰ'লিয়ামৰ শোধন পেট্ৰ'লিয়াম এবিধ গাঢ় বৰণৰ তৈলাক্ত পদাৰ্থ। ই বেয়া গন্ধযুক্ত। ই পেট্ৰ'লিয়াম গেছ, পেট্ৰ'ল, ডিজেল, পিচ্ছিলক তেল অৰ্থাৎলুব্ৰিকেটিং তেল, খনিজ মম ইত্য়াদি বিভিন্ন 




উপাদানেৰে গঠিত এবিধ মিশ্ৰণ।পেট্ৰ'লিয়ামৰ উপাদানসমূহ/ অংশসমূহক পৃথকীকৰণ কৰা প্ৰক্ৰিয়াক শোধন বুলি কোৱা হয়। তেল শোধানাগৰত এই প্ৰক্ৰিয়া সাধন কৰা হয়। 

তালিকা ৫.১ ত পেট্ৰ'লিয়ামৰ বিভিন্ন উপাদনসমূহ আৰু এইবোৰৰ ব্য়ৱহাৰ দিয়া হৈছে।


ক্ৰমিক সংখ্যা

পেট্ৰলিয়ামৰ উপাদানবোৰ

        ব্যৱহাৰ

১)

তৰলীকৃত পেট্ৰলিয়াম গেছ

(Liquified Petroleum Gas, LPG)

ঘৰ আৰু উদ্যোগৰ বাবে ইন্ধন হিচাপে

২)

পেট্ৰ

মটৰৰ ইন্ধন, উৰাজাহাজৰ শুকানকৈ ধুবলৈ

ব্যৱহাৰ কৰা অৰ্থাত অজল ধোৱানৰ দ্ৰাৱক

হিচাপে।

৩)

কেৰাচিন

ষ্টভ, লেম আৰু জেট উৰাজাহাজৰ ইন্ধন হিচাপে।

৪)

ডিজেল

গধুৰ যান-বাহনৰ ইন্ধন, বিদ্যুপাদনক যন্ত্ৰৰ ইন্ধন হিচাপে।

৫)

পিচ্ছিলক(লুব্ৰিকেটিং)তেল

পিছল কৰাৰ বাবে(লুব্ৰিকেশ্বন)

৬)

পেৰাফিন মম

মলম,মমবাতি,ভেছেলিন ইত্যাদিত।

৭)

বিটুমেন

ৰং,ৰাস্তাৰ উপৰিভাগ পকীকৰণত।

 বাহন পৰিবহণত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ই তুলনামূলকভাৱে পৰিষ্কাৰ ইন্ধন।

চি.এন.জিৰ এটা ডাঙৰ সুবিধা এয়ে যে ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। দীঘল নলীসমূহৰ তেনেকুৱা নেটৱৰ্ক অসম, বডোডৰা (গুজৰাট), দিল্লীৰ কোনো কোনো অঞ্চল আৰু অন্যান্য ঠাইটো আছে।

কেতবোৰ ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। ভাৰতত প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে। আমাৰ দেশৰ অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৃষ্ণা-গোদাৱৰী অৱবাহিকাত প্ৰাকৃতিক গেছ পোৱা যায়।

৫.৪ কিছুমান প্ৰাকৃতিক সম্পদ সীমিতঃ

 এই পাঠৰ আৰম্ভণিতে তােমালােকে পঢ়িছা যে জীৱাশ্ম ইন্ধন , অৰণ্য, খনিজ পদার্থ আদিৰ নিচিনা কিছুমান । প্রাকৃতিক সম্পদ নিঃশেষীয় হয় । তােমালােকে জানা যে কয়লা আৰু পেট্রলিয়াম জীৱাশ্ম ইন্ধন । মৃত জীৱসমূহৰ পৰা ইন্ধনলৈ পৰিৱর্তিত হ’বলৈ বহু নিযুত বছৰৰ প্রয়ােজন হৈছিল । আনহাতেদি এইবােৰৰ জ্ঞাত ভাণ্ডাৰসমূহ মাত্র কেইশমান বছৰলৈকেহে বর্তি থাকিব । তদুপৰি এই ইন্ধনবােৰৰ দহন কার্যই হৈছে । বায়ু প্ৰদূষণৰ এক প্ৰধান কাৰণ । ইয়াৰ ব্যৱহাৰ গােলকীয় উষ্ণতাৰ সৈতে জড়িত । সেয়ে নিতান্ত প্রয়ােজনীয় হ’লেহে এইবােৰ ব্যৱহাৰ কৰা দৰকাৰ । এনে কৰিলে পৰিৱেশ কিছু পৰিমাণে প্রদূষণমুক্ত হ'ব আৰু গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হ’ব পৰা বিপদ কিছু হ্রাস হ’ব আৰু এই সম্পদসমূহ দীর্ঘদিনৰ বাবে লভ্য হৈ থাকিব ।

ভাৰতত পেট্ৰ'লিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থাই ৰাইজক গাড়ী চলাওঁতে কেনেকৈ পেট্ৰ'ল/ডিজেল বচাব লাগে, সেইবিষয়ে দিহা দিয়ে। তেওঁলোকৰ সকীয়নিবোৰ হ'লঃ

i) যিমানদূৰ সম্ভৱ, এক অপৰিৱৰ্তিত আৰু মধ্যমীয়া গতিত গাড়ী চলাব লাগে।

ii) ট্ৰেফিক লাইট থাকিলে বা কোনো ঠাইত ৰ'বলগীয়া হ'লে ইঞ্জিন বন্ধ কৰি দিব লাগে।

iii) চকাৰ ভিতৰৰ বায়ুৰ চাপ সঠিকভাৱে থকাটো নিশ্চিত কৰিব লাগে।

iv) নিয়মিতভাৱে গাড়ীখন চোৱা-চিতা কৰা বা যত্ন লোৱাটো নিশ্চিত কৰিব লাগে।

তোমালোকে কি শিকিলাঃ

১) কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ জীৱাশ্ম ইন্ধন।

২) বহু নিযুত বছৰৰ আগেয়ে মৃত জীৱদেহবোৰৰ পৰা জীৱাশ্ম ইন্ধনসমূহৰ সৃষ্টি হৈছিল 

৩) জীৱাশ্ম ইন্ধনসমূহ সমীম সম্পদ।

৪) ক'ক, আলকতৰা আৰু কয়লা-গেছ কয়লাৰ পৰা উৎপাদিত পদাৰ্থ।

৫) পেট্ৰ'লিয়াম শোধন কৰি পেট্ৰ'লিয়াম গেছ, পেট্ৰ'ল, ডিজেল, কেৰাচিন, পেৰাফিন মম, পিছল কৰা তেল আহৰণ কৰা হয়।

৬) কয়লা আৰু পেট্ৰ'লিয়ামৰ উৎসসমূহ সীমিত। এইবোৰ আমি বিবেচনা কৰি ব্যৱহাৰ কৰা উচিত।

type: 

Krishna Bora

class 8: Science