দহন আৰুশিখা

 অধ্য়ায় ৬

 

                         

আমি ঘৰত, উদ্য়োগত আৰু গাড়ী-মটৰ চলাওঁতে বিভিন্ন ধৰণৰ ইন্ধন ব্য়ৱহাৰ কৰোঁ। তোমালোকে ঘৰত ব্য়ৱহাৰ কৰা কিছুমান ইন্ধনৰ নাম ক'ব পাৰিবানে? বাণিজ্য আৰু উদ্য়োগত ব্যৱহাৰ কৰা কিছুমান ইন্ধনৰ নাম কোৱা। গাড়ী-মটৰ চলাওঁতে কি কি ইন্ধন ব্যৱহাৰ কৰা হয়? তোমালোকৰ তালিকাখনত গৰুৰ গোবৰ, কাঠ, কয়লা, এঙাৰ, পেট্ৰ'ল ডিজেল, সংকুচিত প্ৰাকৃতিক গেছ (CNG) আদিৰ দৰে ইন্ধনবোৰ থাকিব। মমবাতি জ্বলোৱাৰ সৈতে তোমালোক পৰিচিত। মমবাতি এডালৰ জ্বলন আৰু কয়লাৰ নিচিনা ইন্ধন এটাৰ জ্বলনৰ মাজত পাৰ্থক্য কি? তোমালোকে বোধহয় সঠিককৈ অনুমান কৰিব পাৰিলা যে মম এডাল শিখা হৈ জ্বলে আনহাতে কয়লা এনেদৰে নজ্বলে। একেদৰে, তোমালোকে শিখাহীনভাৱে জ্বলা আন বহুতো পদাৰ্থ পাবা। জ্বলনৰ ৰাসায়নিক প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত উৎপন্ন হোৱা শিখাৰ ধৰণৰ বিষয়ে অধ্য়য়ন কৰোঁ আহা।

৬.১ দহন কি?

সপ্তম শ্ৰেণীত মেগছিয়াম ফিটা  পোৰা ক্ৰিয়াকলাপটো মনত পেলোৱা। আমি শিকিছিলোঁ যে মেগনেছিয়াম পুৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় আৰু তাপ আৰু পোহৰ উৎপন্ন হয়।

এটুকুৰা এঙাৰ লৈও আমি একেধৰণৰ ক্ৰিয়াকলাপ কৰিব পাৰোঁ। এডাল চেপেনাৰে এঙাৰৰ টুকুৰাটো ধৰা আৰু ইয়াক এডাল মমবাতি বা বুনছেন বাৰ্নাৰৰ ওচৰলৈ আনা। তোমালোকে কি দেখিছা?

আমি দেখিলোঁ যে বায়ুত এঙাৰ জ্বলে। আমি জানো যে কয়লাও বায়ুত কাৰ্বন-ডাই-অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন কৰে।

যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ ৎপন্ন কৰে তাক দহন বোলে। যি দ্ৰব্যৰ দহন হয় তাকে দাহ্য (combustible) বুলি কোৱা হয়। ইয়াক ইন্ধন (Fuel) বুলিও কোৱা হয়। ইন্ধনবোৰ গোটা, জুলীয়া বা গেছীয় হ'ব পাৰে। দহনৰ সময়ত কেতিয়াবা শিখা হৈ পোহৰো ওলাব পাৰে। ওপৰত উল্লেখ কৰা বিক্ৰিয়াবোৰত মেগনেছিয়াম আৰু এঙাৰ দাহ্য পদাৰ্থ।

তোমালোকে আৰু কিছুমান পদাৰ্থৰ নাম ক'ব পাৰিবানে যিবোৰ দাহ্য? তোমালোকে সেইবোৰ তালিকা ৬.১ ত যোগ দিব পাৰা। আমি দহন সংঘটিত হোৱা অৱস্থাসমূহ অনুসন্ধান কৰোঁ আহা। 

আমি জানো যে (ক) ত মমডাল মুক্তভাৱে জ্বলে য'ত তলফালৰ পৰা চিমনিত বায়ু সোমাব পাৰে। পৰিস্থিতি (খ) ত য'ত চিমনিটোৰ তল ফালৰ পৰা বায়ু সোমোৱা নাই, শিখাটো ঢিমিকি-ঢামাক কৰে আৰু ধোঁৱা ৎপন্ন কৰে। পৰিস্থিতি (গ) ত, শিখাটো অৱশেষত নুনাই যায় কিয়নো তাত বায়ু নাথাকে। 

তোমালোকে বোধহয় শুনিছা যে যেতিয়া এজন মানুহৰ পিন্ধা কাপোৰত জুই লাগে তেতিয়া জুই নুমুৱাবলৈ মানুহজনক কম্বল এখনেৰে ঢাকি দিয়া হয়। (চিত্ৰ-৬.৩) কিয় এনে কৰা হয়?

এতিয়া কিছুমান অভিজ্ঞতা মনত পেলোৱা। এডাল দিয়াচলাই কাঠি নিজে নিজেই জ্বলে নেকি? ই কেনেকৈ জ্বলে? 

এটুকুৰা কাগজ পোৰাৰ অভিজ্ঞতা তোমালোকে নিশ্চয় আছে। জ্বলি থকা দিয়াচলাই কাঠি এডাল ইয়াৰ ওচৰলৈ আনিলে ই জ্বলে নেকি? 

কাঠৰ টুকুৰা এটাৰ ওচৰলৈ জ্বলন্ত জুইশলা কাঠি এডাল আনি টুকুৰাটো জ্বলাব পাৰিবানে?

কাঠ বা কয়লাত জুই জ্বলাবলৈ তোমালোকে কাগজ বা কেৰাচিন তেল কিয় ব্যৱহাৰ কৰিব লগা হয়?  

তোমালোকে বনজুইৰ বিষয়ে শুনিছা নে? 

ইয়াৰ পৰা তোমালোকে ক'ব পাৰা নেকি যে বিভিন্ন দ্ৰব্যত বিভিন্ন উষ্ণতাতহে জুই লাগে? 

যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা বোলে। 

তোমালোকে এতিয়া ক'ব পাৰিবানে কিয় সাধাৰণ উষ্ণতাত দিয়াচলাই কাঠি এডাল নিজে নিজে জ্বলি নুঠে? দিয়াচলাই বাকচৰ পৃষ্ঠত কাঠিডালে ঘঁহিলে কিয় ই জ্বলিবলৈ আৰম্ভ কৰে?  

আমি জানো যে দাহ্য পদাৰ্থত জুই নালাগে বা ই নোপোৰে যেতিয়ালৈ ইয়াৰ উষ্ণতা জ্বলন উষ্ণতাতকৈ কম হৈ থাকে। জ্বলি থকা ষ্ট'ভৰ ওপৰত ৰন্ধন তেল দি লোৱা কোৰাহী এটা বহু সময়ৰবাবে পাতি থলে ৰন্ধন তেলখিনিত জুই লগা দেখিছানে? সাধাৰণ উষ্ণতাত, কেৰাচিন তেল আৰু কাঠত নিজে নিজে জুই নালাগে। কেৰাচিন তেলক অলপ তপতালে ইয়াত জুই লাগে। কিন্তু, কাঠক যদি অলপ তপতোৱা হয়, ইয়াত জুই নালাগে। ইয়াৰ পৰা ক'বপাৰি নেকি যে- কেৰাচিন তেলৰ জ্বলন উষ্ণতা কাঠৰ জ্বলন উষ্ণতাতকৈ কম? ইয়াৰ পৰা এইটোও বুলিব পাৰি নেকি যে আমি কেৰাচিন তেল গোটাই থওতে বিশেষ সাৱধানতা ল'ব লাগে। তলৰ ক্ৰিয়াকলাপটোৱে দেখুৱায় যে কোনো এটা দ্ৰব্য জ্বলিবলৈ তাৰ জ্বলন উষ্ণতাত উপনীত হোৱাটো আৱশ্যক।

খালী কাগজৰ কাপটোৰ কি ঘটিছে? পানী থকা কাগজৰ কাপটোৰ কি ঘটিল? পানী থকা কাগজৰ কাগজৰ কাপটোৰ কি ঘটিছে? এই কাপটোত থকা পানীখিনি গৰম হৈছেনে? 

আমি যদি কাপটো তপত কৰি থাকোঁ, আমি আনকি কাগজৰ কাপটোত থকা পানীখিনি উতলাবও পাৰোঁ। 

এই ঘটনাটো তোমালোকে ব্যাখ্যা কৰিব পাৰানে?

কাগজৰ কাপটোত যোগান দিয়া তাপখিনি পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা পানীলৈ স্থানান্তৰ হয়। গতিকে, পানী উপস্থিতিত কাগজে ইয়াৰ জ্বলন উষ্ণতা ঢুকি নাপায়। সেইবাবে, ই নোপোৰ। 

যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। পেট্ৰ'ল, এলক'হল, তৰলীকৃত পেট্ৰ'লিয়াম গেছ (LPG) আদি প্ৰজ্বালক পদাৰ্থৰ উদাহৰণ। তোমালোকে আৰু কিছুমান উদাহৰণ দিব পাৰিবানে।

৬.১ আমি কেনেকৈ জুই নিয়ন্ত্ৰণ কৰোঁ

ঘৰত, দোকানত আৰু ফেক্টৰিত জুই লগা তোমালোকে নিশ্চয় দেখিছা বা শুনিছা। তোমালোকে তেনেকুৱা দুৰ্ঘটনা যদি দেখিছা, টোকা বহীত সেইবিষয়ে এটা চমু বৰ্ণনা লিখা। তোমালোকে শ্ৰেণীৰ লগৰীয়াসকলৰ লগত অভিজ্ঞতাটোৰ বিনিময়ও কৰা। 

তোমালোকৰ নগৰ/চহৰত অগ্নি-নিৰ্বাপণ কেন্দ্ৰ আছেনে?

অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰথমেই আহি কি কৰে? ই জ্বলি থকা জুইত পানী ঢালে (চিত্ৰ- ৬.৬)। পানীয়ে দাহ্য পদাৰ্থবোৰক চেঁচা কৰে যাতে এইবোৰৰ উষ্ণতা জ্বলন উষ্ণতাৰ তললৈ নামি আহে। ইয়ে জুই বিয়পাটো ৰোধ কৰে। দাহ্য পদাৰ্থবোৰক জলীয় বাষ্পই আগুৰি ধৰিও বায়ু যোগান বন্ধ কৰাত সহায় কৰে। গতিকে, জুইখিনি নিৰ্বাপিত হয়। 

তোমালোকে জানি আহিছা যে জুই জ্বলিবলৈ তিনিটা অতি লাগতিয়াল চৰ্তৰ দৰকাৰ। এই আৱশ্য়কীয় চৰ্তকেইটাৰ নাম লিখিব পাৰিবানে? 

এইবোৰ হ'ল- ইন্ধন, বায়ু (অক্সিজেন যোগান ধৰিবলৈ) আৰু তাপ (উষ্ণতা জ্বলন উষ্ণতাৰ ওপৰলৈ বৃদ্ধি কৰাৰ বাবে)। এইবোৰৰ এবিধ বা ততোধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি। অগ্নি-নিৰ্বাপণকাৰীৰ কাম হ'ল বায়ুৰ যোগান বন্ধ কৰা বা ইন্ধনটোৰ উষ্ণতা তললৈ নমোৱা অথবা, দুয়োটাই। লক্ষ্য কৰা যে বেছি ভাগ ক্ষেত্ৰতেই ইন্ধনখিনি আঁতৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, ঘৰ এটাত জুই লাগিলে গোটেই ঘৰটোৱে হ'ব ইন্ধন। 

৬.৩ দহনৰ প্ৰকাৰসমূহঃ

পাকঘৰত গেছ ষ্ট'ভ এটাৰ ওপৰলৈ এডাল জ্বলি থকা দিয়াচলাই কাঠি বা এটা গেছ লাইটাৰ আনা। গেছ স্তোভটোৰ ন'ব (Knob) টো ঘূৰাই দিয়া। তোমালোকে কি দেখিলা? 

আমি জানো যে গেছ অতি দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ  ৎপন্ন কৰে। এনেধৰণৰ দহনক দ্ৰুত দহন (Rapid comvustion) বুলি জনা যায়।  

ফছফৰাছৰ নিচিনা কিছুমান দ্ৰব্য আছে যিয়ে সাধাৰণ উষ্ণতাত বায়ু জ্বলে। 

দহনৰ যিটো প্ৰকাৰত কোনো এটা স্পষ্ট কাৰক নোহোৱাকৈয়ে পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে, তেনে দহনক স্বতঃস্ফূৰ্ত দহন বুলি কোৱা হয়।

ৎসৱৰ দিনত আমি সাধাৰণতে আতছ-বাজী কৰোঁ। যেতিয়া ফটকা এটা জ্বলাই দিয়া হয়, তেতিয়া কৰ এক আকস্মিক বিক্ৰিয়াৰ দ্বাৰা তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হয়। বিক্ৰিয়াটোত বহু পৰিমাণ গেছ মুক্ত হৈ পৰে। এনে ধৰণৰ বিক্ৰিয়াক বিস্ফোৰণ বোলে। ফটকাৰ ওপৰত চাপ প্ৰয়োগ কৰিলেও বিস্ফোৰণ ঘটিব পাৰে।

৬.৪ শিখাঃ

এটা এল.পি.জিৰ শিখা পৰ্যবেক্ষণ কৰা। শিখাটোৰ বৰণ তোমালোকে ক'ব পাৰিবানে? মমবাতি এডালৰ শিখাৰ বৰণ কি? 

সপ্তম শ্ৰেণীত মেগনেছিয়াম ফিটা পোৰা অভিজ্ঞতাটো মনত পেলোৱা। তালিকা ৬.২ ত দিয়া বস্তু কেইবিধ জ্বলোৱাৰ অভিজ্ঞতা যদি তোমালোকৰ নাই, তেন্তে তোমালোকে এতিয়া জ্বলাই চাব পাৰা।

তোমালোকৰ পৰ্যবেক্ষণসমূহ লিখি ৰাখা আৰু পদাৰ্থ বোৰৰ জ্বলনত শিখাৰ সৃষ্টি হ'ল নে নহ'ল উল্লেখ কৰা। 

ক্ৰঃ নং

পদাৰ্থ

শিখাৰ সৃষ্টি কৰে

শিখাৰ সৃষ্টি নকৰে

মমবাতি

 

মেগনেছিয়াম

 

কৰ্পূৰ

 

কেৰাচিনৰ ষ্ট

 

এঙাৰ

 

 


৬.৫ শিখা এটাৰ গঠনঃ
যিবোৰ পদাৰ্থ জ্বলনতবাষ্পীভূত হয় সেইবোৰে শিখা সৃষ্টি কৰে। উদাহৰণ স্বৰূপে, কেৰাচিন তেল আৰু গলিত মম শলিতাৰ মাজেৰে ওপৰলৈ উঠি আহি জ্বলনত বাষ্পীভূত হয় আৰু শিখাৰ সৃষ্টি কৰে। আনহাতে, এঙাৰ বাষ্পীভূত হয় আৰু শিখাৰ সৃষ্টি কৰে। আনহাতে, এঙাৰ বাষ্পীভূত নহয় আৰু সেইবাবে শিখাৰ সৃষ্টি নকৰে। ক্ৰিয়াকলাপ ৬.৫ ত কাচৰ নলীৰ মাজেৰে মমৰ বাষ্প ওলাই অহাটো শিখা সৃষ্টিৰ কাৰণ হ'ব পাৰে নে?

যেতিয়া মম বাতিৰ শিখাটো স্থিৰ হৈ থাকে, তেতিয়া এখন কাচৰ প্লেট/শ্লাইড শিখাটোৰ দীপ্তিমান (lumi-nous) মণ্ডলত সুমাই দিয়া (চিত্ৰ ৬.১১)। এডাল চেপেনাৰ দ্বাৰা ইয়াক ১০ ছেকেণ্ড মান সময় ধৰি থাকা। তাৰ পাছত আঁতৰাই আনা। তোমালেকে কি পৰ্যবেক্ষণ কৰিলা?

এটা বৃত্তাকাৰ ক'লাবৰণৰ আঙঠি কাচৰ প্লেট/শ্লাইডত ৎপন্ন হয়। ইয়ে শিখাৰ দীপ্তিমান মণ্ডলত থকা জ্বলি নোযোৱা কাৰ্বন কণাৰ অৱেক্ষেপণ বুজায়। 
এডাল পাতল দীঘল তামৰ তাঁৰ শিখাটোৰ ঠিক ভিতৰতে ৩০ ছেকেণ্ড মানৰ বাবে ধৰা (চিত্ৰ- ৬.১২)। 
লক্ষ্য কৰা যে শিখাটোৰ ঠিক বাহিৰত থকা তামৰ তাঁৰৰ অংশটো গৰম হৈ ৰঙা হৈছে। এইটোৱে এয়া বুজায় নেকি যে শিখাৰ দীপ্তিহীন মণ্ডল (non- luminous Zone) ৰ উষ্ণতা অতি উচ্চ? দৰাচলতে, শিখাৰ এই অংশটোৱেই সৰ্বাধিক তপত অংশ (চিত্ৰ- ৬.১৩)। 


চিত্ৰ ৬.১৩ঃ মমবাতিত শিখা বিভিন্ন মণ্ডল
সোণাৰীসকলে সোণ আৰু ৰূপ গলাবৰ বাবে এডাল ফু-নলীৰ দ্বাৰা শিখাৰ বহিৰতম মণ্ডলটো ফুৱাই দিয়ে (চিত্ৰ- ৬.১৪)। তোঁমালোকে কিয় বাৰু শিখাৰ বহিৰতম মণ্ডলটো ব্যৱহাৰ কৰে?

৬.৬ ইন্ধন কি?  
 মন কৰা যে ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্রত তাপ শক্তিৰ উৎস হ'ল প্ৰধানকৈ কাঠ , এঙাৰ , পেট্রল , কেৰাচিন আদি । এই দ্রব্যবােৰক ইন্ধন ( fuels ) বােলে । সহজতে পােৱা ইন্ধন এটাক ভাল ইন্ধন বুলি কোৱা হয় । এইটো সস্তাও । ই মধ্যমীয়া হাৰত বায়ুত সহজে পােৰে । ই যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰে । ই কোনাে অবাঞ্চিত দ্রব্য অবশিষ্ট হিচাপে ৰাখি নাযায় । এনেকুৱা বােধহয় কোনাে ইন্ধন নাই যি আদর্শ ইন্ধন হ'ব পাৰে । ইন্ধন এটা এনে ধৰণৰ হব লাগে যিয়ে নির্দিষ্ট এক ব্যৱহাৰৰ বাবে প্ৰায়ভাগ আৱশ্যকতা পৰিপূৰ্ণ কৰিব পাৰে । ইন্ধনবােৰৰ দাম বেলেগ বেলেগ । কিছুমান ইন্ধন আনবােৰতকৈ সস্তা । তােমালােকৰ পৰিচিত ইন্ধনবােৰৰ এখন তালিকা প্রস্তুত কৰা । তালিকা ৬.৩ ত দিয়াৰ দৰে সেইবােৰক গােটা , জুলীয়া আৰু গেছীয় হিচাপে শ্রেণীবিভাজন কৰা । 
৬.৭ ইন্ধন দক্ষতাঃ 
ধৰা , গৰুৰ গােবৰ , কয়লা আৰু এল . পি . জি . ইন্ধন হিচাপে । ব্যৱহাৰ কৰি এক নির্দিষ্ট পৰিমাণৰ পানী উতলাবলৈ কোৱা হৈছে । তােমালােকে কোনটো ইন্ধন বাছি ল’বা ? ইয়াৰ কাৰণ লিখা । তােমালােকে মাৰা - দেউতাৰাৰ সহায় ল’ব পাৰা । এই তিনিটা ইন্ধনে একে পৰিমাণৰ তাপ উৎপন্ন কৰেনে ? ইন্ধন এবিধৰ ১ কিল’গ্রাম পৰিমাণৰ সম্পূর্ণ দহনত উৎপন্ন হােৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বােলে । ইন্ধন এটাৰ কেলৰি মানক কিলােজুল প্রতি কেজি বা কিল’গ্রাম ( kJ / kg ) এককত প্রকাশ কৰা হয় ।


 ক্ৰঃনং

গোটা ইন্ধন

জুলীয়া ইন্ধন

গেছীয় ইন্ধন

কয়লা

কেৰাচিন তেল

   প্ৰাকৃতিক গেছ

কাঠ

পেট্ৰ

L.P.G

এঙাৰ

ডিজেল

C.N.G


ইন্ধনৰ দহনে ক্ষতিকাৰক দ্ৰব্য প্ৰস্তুত কৰেঃ 
ইন্ধনৰ ব্যাপক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাইছে। 
১) কাঠ, কয়লা, পেট্ৰ'লিয়ামৰ নিচিনা কাৰ্বন-ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে। এই সূ্ক্ষ্ম কণাবোৰ বিপদজনক প্ৰদূষক আৰু ই এজ্মাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ বেমাৰ কৰে। 
২) এই ই ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন-মন'ক্সাইড গেছ উৎপন্ন কৰে। ই অতি বিষাক্ত গেছ। বন্ধ কোঠালিত কয়লা পোৰাটো বিপদজনক। উৎপন্ন হোৱা কাৰ্বন-মন'ক্সাইৰ গেছে কোঠালিটোত শুই থকা মানুহৰ মৃত্য়ু ঘটাব পাৰে।
৩) প্ৰায় ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন-ডাই-অক্সাইড এৰি দিয়ে। বায়ুত কাৰ্বন-ডাই-অক্সাইড বৰ্দ্ধিত গাঢ়তাক গোলকীয়া উষ্ণতা (global warming) ৰ কাৰক বুলি বিশ্বাস কৰা হৈছে। 

৪ ) কয়লা আৰু ডিজেলৰ দহনত ছালফাৰ ডাইঅক্সাইড গেছ উৎপন্ন হয় । এইটো এটা অত্যন্ত শ্বাসৰােধী আৰু ক্ষয়কাৰী গেছ । ইয়াৰােপৰি , পেট্রল ইঞ্জিনবােৰে নাইট্র’জেনৰ গেছীয় অক্সাইড এৰি দিয়ে । ছালফাৰ আৰুনাইট্রজেনৰ অক্সাইডবােৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এছিড উৎপন্ন কৰে । এনেধৰণৰ বৰষুণক এছিড বৰষুণ বােলে । ই খেতিৰ শস্য , অট্টালিকা আৰু মাটিৰ বাবে বৰ ক্ষতিকাৰক । তােমালােকে সপ্তম শ্রেণীত ইয়াৰ বিষয়ে ইতিমধ্যে শিকি আহিছা । যানবাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্র’লৰ সলনি সংকুচিত প্রাকৃতিক গেছ ( CNG ) ব্যৱহাৰ আৰম্ভ কৰা হৈছে । কিয়নাে চি . এন . জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক দ্রব্য উৎপন্ন হয় । চি . এন . জি এটা আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন ।

তোমালোকে কি শিকিলা
১) যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক দাহ্য পদাৰ্থ বোলে।
২) দহনৰ বাবে অক্সিজেনৰ (বায়ুত থকা) আৱশ্যক। 
৩) দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰৰ সৃষ্টি হয়। জ্বলন উষ্ণতা হ'ল সৰ্বনিম্ন উষ্ণতা য'ত এটা দাহ্য পদাৰ্থত জুই লাগে। 
৪) দাহ্য পদাৰ্থ বোৰৰ জ্বলন উষ্ণতা অতি নিম্ন। 
৫) জুই উৎপন্ন হ'বৰ বাবে লগা আৱশ্যকীয় কাৰণ সমূহ এক বা একধিক আঁতৰাই জুই নিয়ন্ত্ৰণ কৰিব পাৰি।
৬) জুই নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে পানী ব্যৱহাৰ কৰা হয়। 
৭) বৈদ্যুতিক আহিলা বা তেল জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰিব নোৱাৰি। 
৮) দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন, বিস্ফোৰণ আদি বিভিন্ন প্ৰকাৰ দহন আছে।  
৯) শিখা এটাত তিনিটা মণ্ডল আছে, সেইবোৰ হ'ল- কৃষ্ণ বা এন্ধৰ মণ্ডল, দীপ্তিমান মণ্ডল আৰু দীপ্তিহীন মণ্ডল। 
১০) আৰ্দশ ইন্ধন সস্তা, সহজ লভ্য, সহজে দাহ্য আৰু পৰিবহণৰ বাবে সহজ। ইয়াৰ কেল'ৰি মান উচ্চ। ই পৰিৱেশ প্ৰদূষক গেছ বা অৱশিষ্ট ৎপন্ন নকৰে।
১১) দাম আৰু কামৰ ক্ষেত্ৰত ইন্ধনবোৰ বেলেগ বেলেগ।
১২) ইন্ধন- দাক্ষতা কেলৰি মান হিচাপে প্ৰকাশ কৰা হয় যাক কিল'জুল প্ৰতি কেজি এককত প্ৰকাশ কৰা হয়।
১৩)বায়ুত নজ্বলাকৈ ৰৈ যোৱা কাৰ্বন কণাবোৰ বিপদজনক প্ৰদূষক যাৰ দ্বাৰা শ্বাস-প্ৰশ্বাস জনিত সমস্য়াৰ সৃষ্টি হয়।
১৪) ইন্ধন এটাৰ অসম্পূৰ্ণ দহনে বিষাক্ত কাৰ্বন-মন'ক্সাইডৰ সৃষ্টি কৰে।
১৫) গোলকীয় উষ্ণতাৰ সৈতে বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ বৰ্ধিত শতকৰা পৰিমাণ জড়িত।
১৬) কয়লা, ডিজেল আৰু পেট্ৰ'লৰ জ্বলনত ৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইডে এছিড বৰষুণৰ সৃ্ষ্টি কৰে। এই বৰষুণে শস্য, বিল্ডিং আৰু মাটিৰ অনিষ্ট কৰে।

type:
Krishna Bora
Class 8: Science