বিভিন্ন পৰিপোষকে আমাক শৰীৰত কি কৰে    কাৰ্ব'হাইড্ৰেটে প্ৰধানকৈ আমাৰ দেহত শক্তি যোগায়। নেস্থপদাৰ্থয়ো আমাক শক্তি যোগায়। প্ৰকৃততে একে পৰিমাণৰ কাৰ্ব'হাইড্ৰেট থকা খাদ্য়সমূহ 'শক্তিদায়ক খাদ্য়' বুলি কোৱা হয়।  

     শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনৰ বাবে প্ৰ'টিনৰ প্ৰয়োজন। প্ৰ'টিন থকা খাদ্য়বস্তুবোৰক সাধাৰণতে 'শৰীৰ বৰ্দ্ধক খাদ্য়' বুলি কোৱা হয়।   

     বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও ভিটামিনে আমাৰ চকু, হাড়, দাঁতৰ আলু সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিনসমূহ বিভিন্ন ধৰণৰ আৰু ইহঁতক বিভিন্ন নামেৰে জনা যায়। ইয়াৰে কিছুমান হ'ল ভিটামিন A, ভিটামিন C, বিটামিন D, বিটামিন E বিটামিন আৰু K। ইয়াৰ উপৰি ভিটামিন B কমপ্লেক্স নামৰ এক শ্ৰেণী ভিটামিন আছে। আমাৰ শৰীৰক কম পৰিমাণে এই সকলোবোৰ ভিটামিন প্ৰয়োজন হয়। A ভিটামিন আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখে। ভিটামিন C য়ে আমাক বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। ভিটামিন D য়ে আমাৰ শৰীৰৰ হাড় আৰু দাঁতৰ কাৰণে কেপছিয়াম ব্য়ৱহাৰ কৰাত সহায় কৰে। বিভিন্ন বিটামিনেৰে সমুদ্ধ খাদ্য়বস্তুসমূহ ২.৬ ৰ পৰা  ২.৯ চিত্ৰসমূহত দেখুওৱা হৈছে।                                                          

     আমাৰ শৰীৰত কম পৰিমানে খনিজ লৱণসমূহৰ আৱশ্য়ক হয়। শৰীৰৰ সঠিক বৃদ্ধি আৰু সুস্বাস্থ্য় ৰক্ষা কৰিবলৈ প্ৰতিবিধ খনিজ লৱণৰ আৱশ্য়ক। বিভিন্ন খনিজ লৱণৰ উৎসসমূহ দেখুওৱা হৈছে।   

   বেছিভাগ খাদ্য়বস্তুত সাধাৰণতে ইটাতকৈ বেঠি পৰিপোষক থাকে। তোমালোকৰ পৰ্যৱেক্ষণবোৰ তালিকা ২.২ত লিপিবদ্ধ কৰোঁতে এই কথাটো হয়তো লক্ষ্য় কৰিছিলো। যি কি নহওক কোনো এবিধ খাদ্য়বস্তুত এটা নিৰ্দিষ্ট পৰিপোষক আন পৰিপোষকবোৰতৈ বেছি পৰিমাণে থাকিব পাৰে। উদাহৰণস্বৰূপে ভাতত আন পৰিপোষকতকৈ কাৰ্ব'হাইড্ৰেট বেছি পৰিমাণে থাকে। সেয়েহে আমি কওঁ যে ভাত হ'ল 'কাৰ্ব'হাইড্ৰেট সমূদ্ধ' খাদ্য় উৎস।                                                         

 এই পৰিপোষকবোৰৰ বাহিৰেও আমাৰ শৰীৰত আঁহযুক্ত খাদ্য়(dietary fiber) আৰু পানীৰ প্ৰয়োজন। আঁহযুক্ত খাদ্য়ক ৰুক্ষাহাৰ (roughage) বুলি কোৱা হয়। এই ৰক্ষাহাৰ বা আঁহ আমাৰ কাদ্য়ত প্ৰধানকৈ উদ্ভিদে যোগান ধৰে। আঁহৰ মূল উৎসসমূহ হ'ল- গোটা শস্য়, মাহজাতীয় শস্য়, আলু, সতেজ ফল-মূল আৰু শাক-পাচলি। আঁহে আমাৰ শৰীৰত কোনো পৰিপোষকৰ যোগান নধৰে, কিন্তু ই হৈছে আমাৰ খাদ্য়ৰ এটা প্ৰয়োজনীয় উপাদান যিয়ে খাদ্য়ৰ আয়তন বঢ়ায়। ই আমাৰ খাদ্য়ৰ হজম নোহোৱা অংশ ওলাই যোৱাত সহায় কৰে।                                                                                         

  খাদ্য়বস্তুৰ পৰা পৰিপোষকসমূহ শৰীৰে শোষণ কৰাত পানীয়ে সহায় কৰে। ইয়াৰ উপৰিও ই আমাৰ শৰীৰৰ পৰা ঘাম আৰু প্ৰস্ৰাৱ আকাৰে বৰ্জিত পদাৰ্থ ওলাই যোৱাত সহায় কৰে। সাধাৰণতে আমাৰ দেহৰ বেছিভাগ প্ৰয়োজনীয় পানী আমি খোৱা জুলীয়া পদাৰ্থ যেনে- পানী, গাখীৰ আৰু চাহৰ পৰা পাওঁ। ইয়াৰ উপৰি বেছি ভাগ ৰন্ধা খাদ্য়ত আমি পানী পোৱা অন্য় উৎস আছে নেকি চাওঁ আহা।                         

    এটা বিলাহী বা নেমুৰ নিচিনা ফল লোৱা। ইয়াক সৰু সৰু টুকুৰাকৈ কাটা। এই কামটো কৰোঁতে তোমালোকৰ হাত দুখন তিতিছে নেকি? তোমালোকৰ ঘৰত শাক-পাচলি আৰু ফল-মূল কাটোঁতে, বাকলি গুচাওঁতে, ৰুকোঁতে বা পিহোঁতে সাৱধানেৰে পৰ্যৱেক্ষণ কৰিবা। তোমালোকে কেতিয়াবা পানী নথকা সতেজ শাক-পাচলি বা ফল-মূল পাইছানে? আমি দেখিবলৈ পাওঁ যে বেছিভাগ খাদ্য়বস্তুত পানী থাকে। আমাৰ দেহৰ প্ৰয়োজনবোৰ কিছু পৰিমাণে সেই পানীৰ দ্বাৰা পূৰণ হয়। ইয়াৰ উপৰিও বহুত খাদ্য়বস্তু ৰান্ধোতে পানী দিয়া হয়।  

২.৩ সুষম আহাৰ 

এদিনত আমি সাধাৰণতে যি খাদ্য় খাওঁ সেয়ে আমাৰ আহাৰ। বৃন্ধি আৰু সুস্বাস্থ্য়ৰ বাবে আমাৰ শৰীৰক সকলো পৰিপোষক সঠিক পৰিমাণে থকা আহাৰৰ প্ৰয়োজন। এটা পৰিপোষক অতি বেছি আৰু অন্য় এটা অতি হ'ব নালাগে। আহাৰত যথেষ্ট ফৰিমাণে পানী আৰু আঁহ থাকিব লাগে। এনেধৰণৰ আহাৰকে সুষম আহাৰ (balanced diet) বুলি কোৱা হয়।                                                                             

  বিভিন্ন বয়সৰ বাবে একে ধৰণৰ আহাৰৰ প্ৰয়োজন হয় বুলি তোমালোকে ভাবানে? আমাৰ প্ৰয়োজনীয় সুষম আহাৰ আমাৰ শৰীৰিক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে বুলিও তোমালোকে বাৰু ভাবেনে ?                                                                                    

     তোমালোকে সপ্তাহটোত যিবিলাক বস্তু খোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। দিনটোৰ ভিতৰত তোমালোকে খোৱা এটা বা তাতোধিক কাদ্য়বস্তুত সকলো পৰিপোষক আছে নে মন কৰা।                           

       মাহজাতীয় শস্য়, বাদাম, ছয়াবিন, গজাঁলি-ওলোৱা বীজ (মগু আৰু বুট), কিন্বণ হোৱা খাদ্য় (fermented foods) (জেলেপি, পইতা ভাত), কল, পালেঁ শাক, বুটৰ গুড়ি, গুড়,সহজতে পোৱা শাক-পাচলি আৰু অন্য় তেনে খাদ্য়ই বিভিন্ন পৰিপোষকৰ যোগান ধৰে। সেই কাৰণে অতি খৰচী খাদ্য় দ্ৰব্য় অবিহনেও এজন ব্য়ক্তিয়ে সুষম আহাৰ খাব পাৰে।                                                                                             

    সঠিক খাদ্য় কোৱাটোৱেই যথেষ্ট নহয় খাদ্য়বস্তুবোৰ যথাযথভাৱে ৰান্ধিব লাগে যাতে পৰিপোষকসমূহ নষ্ট নহয়।                                   ৰন্ধন প্ৰণালী আৰু প্ৰস্তুত কৰাৰ সময়ত কিছুমান পৰিপোষক নষ্ট হয়,সেই থকা তোমালোকে জানানে ? যদি শাক-পাচলি আৰু ফল-মূলসমূহ কটা বা বাকলি গুচোৱাৰ পাছত ধোৱা হয় তেনেতে কিছুমান ভিটামিন লোকচান হয়। বেছিভাগ শাক-পাচলি আৰু ফল-মূলৰ বাকলিত ভিটামিন আৰু খনিজ লৱণ নাইকিয়া হয়। আমি সকলোৱে জানো যে ৰন্ধনে খাদ্য়বস্তুবোৰৰ সোৱাদ বঢ়ায় আৰু সহজে হজম হোৱাত সহায় কৰে। একে সময়তে ৰন্ধনে কিছুমান পৰিপোষকৰ ক্ষতি সাধন কৰে। বেছি পানঈ দি ৰান্ধি অতিৰিক্ত পানীখিনি পেলাই দিলে বহু লাগতিয়াল প্ৰ'টিন আৰু বেছিভাগ খনিজ লৱণ নাইকীয়া হয়। ৰান্ধিলে তাপৰ প্ৰভাৱত খাদ্য়ৰ ভিটামিন-C সহজেই নষ্ট হয়। আমাৰ আহাৰত কেঁচা শাক-পাচলি আৰু ফল-মূল থকাটো উচিত নহ'বনে ? প্ৰজ্ঞানে ভাবিছিল যে সকলো সময়তে খাবলৈ স্নেহপদাৰ্থ থকা খাদ্য়ই উত্তম। এবাতি কাৰ্ব'হাইড্ৰেট থকা  খাদ্য়তকৈ এবাতি স্নেহপদাৰ্থ থকা খাদ্য়ই বেছি শক্তি দিয়ে, নহয়নে ? সেই কাৰণে সি কেৱল স্নেহপদাৰ্থ সমৃদ্ধ খাদ্য় যেনে, চিংৰা আৰু লুচি খাইছিল। তোমালোকে ভাবানে যে প্ৰজ্ঞান শুদ্ধ আছিল ? নহয়, অৱশ্য়েই নহয়।অতি বেছি স্নেহপদাৰ্থ বা চৰ্বি থকা খাদ্য় খোৱাটো আমাৰ বাবে ক্ষতিকাৰক আৰু ইয়াৰ বাবে আমি মেদবহুলতাত (obesity) ভুগিব পাৰোঁ। 

২.৪ অভাৱজনিত ৰোগসমূহ ঃ 

এজন মানুহে খাবলৈ যথেষ্ট পৰিমাণে খাদ্য় পাব পাৰে, কিন্তু তেতিয়াবা সেই খাদ্য়ত কোনো এবিধ নিৰ্দিষ্ট পৰিপোষক নাথাকিবও পাৰে। এই অৱস্থাটো য়দি বেছি দীঘলীয়া সময়লৈ চলে, তেতিয়া সেই মানুহজনে নিৰ্দিষ্ট  পৰিপোষকৰ অভাৱত ভুগিব। এটা বা তাতোধিক পৰিপোষকৰ অভাৱত আমাৰ শৰীৰত ৰোগ বা অসুস্থতা হ'ব পাৰে। এই পৰিপোষকসমূহ দীৰ্ঘনিদীয়াী অভাৱত হোৱা ৰোগকে অভাৱজনিত ৰোগ (deficiency diseases) বোলে। যদি দীৰ্ঘ সময়ত ৰ বাবে এজন ব্যক্তিৰ যথেষ্ট পৰিমাণৰ প্ৰ'টিন নাথাকে তেন্তে তেওঁ শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ততা, মুখ ফুলা, চুলি বিবৰ্ণ হোৱা, চালৰ বেমাৰ আৰু পেচলাত ভুগিব পাৰে। দীঘলীয়া সময়ৰ বাবে যদি আহাৰত প্ৰটিন আৰু কাৰ্ব'হাইড্ৰেট উভয়ৰে অভাৱ হয় তেতিয়া হ'লে বৃদ্ধি সম্পূৰ্ণৰূপে থমকি যাব পাৰে। সেইজন ব্য়ক্তি খুব ক্ষীণ আৰু দুৰ্বল হৈ আনকি লৰচৰ কৰিব নোৱাৰাও হ'ব পাৰে। বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ অভাৱতো কিছুমান বেমাৰ বা অসুস্থতা হ'ব পাৰে। কিছুমান ৰোগৰ তালিকা ২.৩ ত উল্লেখ কৰা হ'ল। সুষম আহাৰ খালে সকলো অভাৱজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি। এই পাঠত আমি নিজকে সুধি চাওঁহক যে কি কাৰণে বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ খাদ্য়বোৰত পৰিপোষকবোৰ একেধৰণ বিতৰণ (common distribution) হৈছে। আমি তেতিয়া দেখিম যে এই বিতৰণে আমাৰ আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন পৰিপোষবোক সুষমভাৱে পোৱাটো নিশ্চিত কৰে। 



Class 6 Science 

Type: Dimi Bora