Assamese

১) 'নিয়ৰ কবিতাটি পঢ়া আৰু তলৰ প্ৰশ্ন কেইটা উত্তৰ দিয়া।

ক) মুকুতা মণিটি কিহেৰে ধোৱা বুলি কৈছে?

উত্তৰঃ- মুকুতা মণিটি ফটিক পানীয়ে ধোৱা বুলি কৈছে।


খ) কিহক কবিয়ে এটুপি চকো পানী বুলি কৈছে?

উত্তৰঃ- পুৱাৰ হেঙুলি বেলিটিল এটুপ্ চকু পানী বুলি কৈছে। 


গ) নিয়ৰ কবিতাটিৰ কবিগৰাকী নাম কি?

উত্তৰঃ- নিয়ৰ কবিতাটিৰ কবিগাৰকী নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা।  


ঘ) নিয়ৰ কবিতাটি কবিগৰাকী শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ- নিয়ৰ কবিতাটি কবিগৰাকী শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম হৈছে 'প্ৰতিমা'।


ঙ) নিয়ৰ কবিতাটি কবিগৰাকীক আৰু কি নামেৰে জনা যায়?

উত্তৰঃ- নিয়ৰ কবিতাটি কবিগৰাকীক আৰু প্ৰতিমাৰ খনিকৰ বুলি জনা গৈছিল। 

 

চ) 'জোনাকীৰ ত্ৰিমূৰ্ত্তিৰ ব্যক্তিকেইগৰাকী নাম লিখা।

উত্তৰঃ- 'জোনাকীৰ ত্ৰিমূৰ্ত্তিৰ ব্যক্তিকেইগৰাকী নাম লক্ষ্মীনাথ বেজবৰুৱা , চন্দকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। 


ছ) 'জোনাকী কাকত প্ৰথম সম্পাদকজনৰ  নাম কি লিখা।

উত্তৰঃ- জোনাকী কাকতখনৰ প্ৰথন সম্পাদক জনৰ নাম হল- চন্দ্ৰকুমাৰ আগৰৱালা। 


২/ বাঁফালৰ শব্দৰ সৈতে সোঁফালৰ অৰ্থ মিলোৱা-

উত্তৰঃ-

 মকুতা

 এবিধ শামুকৰ পেটত হোৱা মণি

 ফটিক  

  স্বচ্ছ, নিৰ্মল

 নিচুক

 কান্দিবলৈ এৰা

 নিজম

 হাই-উৰুমি নোহোৱা

 হেঙুলি

এবিধ ৰঙা বস্তু, হেঙুল বৰণৰ

 বিষম  

বেদনাদায়ক

 সৰগ

 স্বৰ্গ

 ছিগি

 টুকুৰা টুকুৰ হোৱা 

 

নিয়ৰ


   ৰাতি, ৰাতিপুৱা আৰু গধূলি আকাশৰ বাস্প গোট  খাই পৰা পানী

কলি

   মুকুল, কৰ

 

৩। তলত দিয়া সাঁথৰকেইটা ভাগা আৰু নিজে তিনিটা সাঁথৰ সংগ্ৰহ কৰি লিখা।

ক) সৰুকালত দুই শিং ডেকা হ'লে সৰে, বুঢ়া কালত দুনাই গজে, আকাশত চৰে। 

উত্তৰঃ- জোন।


খ) ৰজাঘৰীয়া কলি গাই, ঘাটে ঘাটে পানী খায়।

উত্তৰঃ- বৰশী।


গ) একঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।

উত্তৰঃ- বিচনী।


ঘ) কলিঙ্গ লিঙ্গ কাটি লৱঙ্গৰ ল লোৱা, ৰান্ধিব নালাগে,  কাটিব নালাগে মজা মাৰি খোৱা।

উত্তৰঃ- কল।


ঙ) পেট আছে পেটু নাই, মুখ আছে জিভা নাই।

উত্তৰঃ- কলহ।


চ) নদ-নদী শুকাই গ'ল, গছৰ আগত পানীৰ ৰল।

উত্তৰঃ- নাৰিকল।


ছ) বাৰিত কাহে, মাতিলে নাহে। 

উত্তৰঃ- কোঠা।


৪। তলত দিয়া অৰ্ধতৎসম আৰু তদ্ভৱ শব্দবোৰ সংস্কৃত ৰূপ লিখা-


 অৰ্ধতৎসম আৰু তদ্ভৱ শব্দ

 সংস্কৃত ৰূপ

 সৰগ

 স্বৰ্গ

 চেনেহ

 স্নেহ

 মুকুতা

 মুক্তা

 কাণ

 কৰ্ণ

 কাম

কৰ্ম 

 ভকতি

 ভক্তি 

 দৰশন

 দৰ্শন

 কাঠ

 কাষ্ঠ

 বৰণ

 বৰ্ণ

 ধৰম

 ধৰ্ম

 কৰম

 কৰ্ম

 মৰত

 মৰ্ত্য

 দীঘল

 দীৰ্ঘ

 জনম

 জন্ম

 মৰণ

 মৰণ


৫)তলত দিয়া শব্দবোৰৰ বিপৰীতাৰ্থক শব্দবোৰৰ 


 শব্দ

  বিপৰীত শব্দ

বাক্য

 সৰগ

 নৰক

 পাপ কৰা লোকসকলে মৃত্যু পাছত নৰকত ঠাই পাই বুলি কোৱা হয়।

 জনম

 মৰণ

 ৰামায়ণ কাব্যখনত ৰাবনৰ মৰণ হৈছিল।

 আকাশ 

পাতাল 

 পাতালৰ ধাৰণাৰ প্ৰায় সকলো সভ্যতাতে পোৱা গৈছিল।

 দীৰ্ঘ 

 হ্ৰস্ব

পাহি ছোৱালীজনীয়ে হ্ৰস্ব কাপোৰ পৰিধান কৰে। 

 Type- Arup Koch

Author 

Nayan Jyoti Bordoloi