Chapter: 2


স্থিতিবৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব

Electrostatic Potential and Capacitance


 অনুশীলনীঃ

2.1   16 cm ব্যৱধানত দুটা আধান 5x 10 -8 C আৰু -3 x 10 -8 Cআছে। দুয়োটা আধান সংযোজী ৰেখাডালৰ কোনটো বিন্দু (বা বিন্দুবোৰত) বৈদ্যুতিক বিভৱৰ মান শূন্য হ’ব? অসীমত বিভৱৰ মান শূন্য বুলি ধৰা।

উত্তৰঃ

2.2   10 cm বাহুবিশিষ্ট নিয়মীয়া ষড়ভূজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত 5 ucআধানযুক্ত আধানবোৰ আছে। ষড়ভুজটোৰ কেন্দ্ৰত বিভৱ নিৰ্ণয় কৰা।

উত্তৰঃ

2.3     6 cm ব্যৱধানত থকা দুটা বিন্দু A আৰু B ত ক্ৰমে 2uc আৰু -2uc আধান দুটা আছে।

(a) তন্ত্ৰটোৰ এখন সমবিভৱ পৃষ্ঠ চিনাক্ত কৰা।

উত্তৰঃ

(b) এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতেই বিদ্যুত ক্ষেত্ৰখন কোন দিশে থাকিব? 

উত্তৰঃ

2.4      12 cm ব্যাসাৰ্দ্ধৰ গোলকীয় পৰিবাহী এটাৰ পৃষ্ঠত সুষমভাৱে বিস্তৃত হৈ থকা আধানৰ মান 1.6 x 10-7 C| বৈদ্যুতিক ক্ষেত্ৰখনৰ মান কি হ’ব
(a)গোলকটোৰ ভিতৰত 
উত্তৰঃ

(b) গোলকটোৰ ঠিক বাহিৰত

উত্তৰঃ

© গোলকটোৰ কেন্দ্ৰৰ পৰা 18 cm দূৰত?

উত্তৰঃ

2.5   দুয়োখন পাতৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ ধাৰকত্ব হ’ল 8pF (1pF = 10-12F)|পাত দুখনৰ মাজৰ দূৰত্ব আধা কৰিলে আৰু দুয়োখন পাতৰ মাজৰ অংশখিনি 6 পৰাবৈদ্যুতিক ধ্ৰৱক সম্পন্ন মাধ্যমেৰে পূৰ্ণ কৰিলে ধাৰকটোৰ ধাৰকত্ব কিমান হ’ব?
উত্তৰঃ

2.6    9 pF ধাৰকত্ব তিনিটা ধাৰত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হৈছে।
(a) সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান?
উত্তৰঃ

(b) সজ্জাটোক যদিহে 12o V উতসৰ লগত সংযোগ কৰা হয় তেন্তে প্ৰতিটো ধাৰকৰ দুই মুৰত বিভৱ ভেদ কিমান হ’ব?
উত্তৰঃ

2.7   2pF, 3pF আৰু 4pF ধাৰকত্বৰ তিনিটা ধাৰকক সমান্তৰালভাৱে সজ্জিত কৰা হৈছে।
(a) সজ্জাটোৰ মুঠ ধাৰকত্ব কিমান হ’ব?
উত্তৰঃ

(b) প্ৰতিটো ধাৰকত আধান কিমান হ’ব যদিহে সজ্জাটোক 100V উতসৰ লগত সংযোগ কৰা হয়?
উত্তৰঃ


2.8 3 mm দূৰত্বত থকা আৰু দুয়োখন পাতৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ প্ৰত্যেকখন পাতৰ কালি হ’ল 6x 10-3 m2 । ধাৰকটোৰ ধাৰকত্ব নিৰ্ণয় কৰা। ধাৰকটোক যদিহে 100V ৰ উতসৰ লগত সংযোগ কৰা হ.য়, তেন্তে ধাৰকটোৰ প্ৰতিখন পাতত থকা আধানৰ মান কিমান হ’ব?
উত্তৰঃ

2.9    অনুশীলনী 2.8 ত দিয়া ধাৰকটোৰ পাত দুখনৰ মাজত যদি 3 mm ডাঠৰ এখন মাইকা পাত (পৰাবিদ্যুত ধ্ৰৱক = 6) সুমুৱাই দিয়া হয়, তেন্তে কি ঘটিব ব্যাখ্যা কৰা। যেতিয়া


(a) ভল্টেজৰ উতস এটা সংযোজিত হৈ থাকে
উত্তৰঃ
(b) ভল্টেজৰ উতসৰ সংযোগ বিচ্ছিন্ন কৰিলে।
উত্তৰঃ

2.10 12 pF ৰ ধাৰক এটা 50V ৰ বেটাৰীৰ লগত সংযোগ কৰা হৈছে। ধাৰতটোত কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি সঞ্চিত হ’ব?
উত্তৰঃ

2.11  600 pF ধাৰকটো 200V ৰ উতসৰে আহিত কৰা হৈছে। ইয়াৰ পিছত উতসটোৰ পৰা ইয়াৰ সংযোগ বিচ্ছিন্ন কৰা হ’ল আৰু উতসটোক এটা 600 pF ৰ অনাহিত ধাৰকৰ সৈতে সংযোজিত কৰা হ’ল। এই প্ৰক্ৰিয়াটোত কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি অপচয় হ’ল?
উত্তৰঃ

অতিৰিক্ত অনুশীলনী

2.12 8mC পৰিমাণৰ আধান এটা মূলবিন্দুত আছে। -2x10-9Cৰ ক্ষুদ্ৰ আধান এটা p(O,O,3 cm) বিন্দুৰ পৰা R (O,6 cm, 9cm) বিন্দুটোৰ মাজেৰে Q (O,4cm, O) বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ মান গণনা কৰা।
উত্তৰঃ

2.13     b বাহুবিশিষ্ট ঘনক এটাৰ প্ৰতিটো শীৰ্ষবিন্দুকেই q পৰিমাণৰ আধান আছে। এই আধান বিন্যাসটোৰ বাবে ঘনকটোৰ কেন্দ্ৰত উতপন্ন হোৱা বিভৱ আৰু ক্ষেত্ৰৰ মান নিৰ্ণয়ন কৰা।
উত্তৰঃ

2.14    15 ucআৰু 2.5 ucআধান বহন কৰা দুটা ক্ষুদ্ৰ গোলক 30cm ব্যৱধানত আছে।
(a) দুয়োটা আধান সংযোগী ৰেখাডালক মধ্যবিন্দুত আৰু
(b) মধ্যবিন্দুটোৰ পৰা 10cm দূৰত থকা আৰু মধ্যবিন্দুৰ মাজেৰে যোৱা ৰেখাডালক লম্বভাৱে থকা এখন সমতলৰ ওপৰত।
বিভৱ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ মান নিৰ্ণয় কৰা।
উত্তৰঃ

2.15        অন্তৰ্ব্যাসাৰ্দ্ধ r_1 আৰু বহিব্যাসাৰ্দ্ধ r_2 থকা গোলকীয় পৰিবাহী খোল এটাত Q পৰিমাণৰ আধান আছে। 
(a)q পৰিমাণৰ আধান এটা খোলটোৰ কেন্দ্ৰত স্থাপন কৰা আছে। গোলকটোৰ ভিতৰৰ আৰু বাহিৰৰ পৃষ্ঠৰ ওপৰত পৃষ্ঠীয় আধান ঘনত্ব কিমান হ’ব ঠাৱৰ কৰা।
উত্তৰঃ
(b) আধান নথকা বিবৰ এটাৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হ’বনে যদিহে খোলটো গোলাকাৰ নহৈ অনিয়তাকাৰ হ’লহেঁতেন? ব্যাখ্যা কৰা।
উত্তৰঃ

2.15        অন্তৰ্ব্যাসাৰ্দ্ধ r_1 আৰু বহিব্যাসাৰ্দ্ধ r_2 থকা গোলকীয় পৰিবাহী খোল এটাত Q পৰিমাণৰ আধান আছে। 
(a)q পৰিমাণৰ আধান এটা খোলটোৰ কেন্দ্ৰত স্থাপন কৰা আছে। গোলকটোৰ ভিতৰৰ আৰু বাহিৰৰ পৃষ্ঠৰ ওপৰত পৃষ্ঠীয় আধান ঘনত্ব কিমান হ’ব ঠাৱৰ কৰা।
উত্তৰঃ
(b) আধান নথকা বিবৰ এটাৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হ’বনে যদিহে খোলটো গোলাকাৰ নহৈ অনিয়তাকাৰ হ’লহেঁতেন? ব্যাখ্যা কৰা।
উত্তৰঃ

(b) আহিতপৃষ্ঠ এখনৰ পৰা আন এখনৰ মাজত স্থিতি বৈদ্যুতিক ক্ষেত্ৰৰ স্পৰ্শকায় উপাংশটো অৱিচ্ছিন্ন বুলি দেখুওৱা।
উত্তৰঃ
[ইংগিতঃ (a) ৰ বাবে গাউছৰ সূত্ৰটো ব্যৱহাৰ কৰা। (b) ৰ বন্ধ বৰ্তনীৰ বাবে স্থিতিবৈদ্যুতিক ক্ষেত্ৰই কৰা কাৰ্য শূন্য সত্যটো ব্যৱহাৰ কৰা।]

2.17         ৰৈখিক আধান ঘনত্ব A থকা দীঘল আহিত চিলিণ্ডাৰ এটাক ফোঁপোলা একে অক্ষীয় পৰিবাহী চিলিণ্ডাৰ এটাই আগুৰি আছে। দুয়োটা চিলিণ্ডাৰৰ মাজৰ অংশত থকা বৈদ্যুতিক ক্ষেত্ৰখনৰ মান উলিওৱা।
উত্তৰঃ

2.18 হাইড্ৰ’জেনৰ পৰমাণু এটাত, o.53 A ̇ব্যৱধানত ইলেক্ট্ৰন আৰু প্ৰ’টনটো আছে।
(a) অসীম দূৰত্বত থকা ইলেক্ট্ৰন আৰু প্ৰ’টনৰ স্থিতি শক্তি শূন্য বুলি ধৰি লৈ তন্ত্ৰটোৰ স্থিতি শক্তি eV এককত গণনা কৰা।

উত্তৰঃ
(b) ইলেক্ট্ৰনটোক যুক্ত কৰিবলৈ কিমান নূন্যতম কাৰ্য কৰিব লাগিব যদিহে ইয়াৰ কক্ষত থকা অৱস্থাত ইয়াৰ গতি শক্তি (a) ত পোৱা স্থিতি শক্তিৰ আধা হয়?
উত্তৰঃ
© (a) আৰু (b) প্ৰশ্নৰ উত্তৰৰ কি হ’ব যদিহে 1.06 A ̇ব্যৱধানত স্থিতি শক্তি শূন্য বুলি ধৰি লোৱা হয়?
উত্তৰঃ

2.19 H_2 অণুত থকা দুটা ইলেক্ট্ৰনৰ ভিতৰত এটা ইলেক্ট্ৰন আঁতৰাই দিলে আমি হাইড্ৰ’জেনৰ আণৱিক আয়নH+_2ৰ স্থিতিৱস্থাত (ground state), প্ৰ’টন দুটাই প্ৰায় 1.5 A ̇ব্যৱধানত থাকে আৰু ইলেক্ট্ৰনটোৱে প্ৰতিটো প্ৰ’টনৰ পৰা প্ৰায় 1A ̇ব্যৱধানত দূৰত অৱস্থান কৰে। তন্ত্ৰটোৰ স্থিতি ষক্তি নিৰ্ণয় কৰা। স্থিতি শক্তি শূন্য কেনেকৈ হ’ব
পাৰে স্পষ্টকৈ উল্লেখ কৰা।

উত্তৰঃ
2.20     aআৰু b ব্যাস্যাৰ্দ্ধৰ দুটা আহিত পৰিবাহী গোলকক তাঁৰৰ সহায়েৰে সংযোগ কৰা হৈছে। গোলক দুটাৰ পৃষ্ঠত বৈদ্যুতিক ক্ষেত্ৰৰ মানৰ অনুপাত নিৰ্ণয় কৰা। পৰিবাহী এডালৰ ভোটা অংশতকৈ চোকা আৰু জোঙা অংশত কিয় আধান  ঘনত্ব বেছি তাক ওপৰত পোৱা ফলাফলৰ সহায়ত ব্যাখ্যা কৰা।
উত্তৰঃ

2.21      দুটা আধান -q আৰু +q ক্ৰমে (0,0-a) আৰু (0,0,a) বিন্দুত অৱস্থান কৰিছে।
(a) (0,0,Z) আৰু (X,Y,0) বিন্দুত স্থিতিবৈদ্যুতিক বিভৱ কিমান হ’ব?
উত্তৰঃ
(b) এটা বিন্দুত বিভৱৰ দূৰত্ব ®নিৰ্ভৰশীল দেখুওৱা যেতিয়া r/a>> 1|
উত্তৰঃ
©x-অক্ষৰ দিশত এটা ক্ষুদ্ৰ পৰীক্ষণীয় আধান (5,0,0) বিন্দুৰ পৰা (-7,0,0) বিন্দুলৈ নিওঁতে হোৱা কাৰ্যৰ মান উলিওৱা। একেবিলাক বিন্দুৰ মাজৰ পৰীক্ষণীয় আধানটোৰ পথটো যদিহে x-অক্ষৰ দিশত নহয় তেন্তে উত্তৰটোৰ পৰিবৰ্তন হ’বনে?
উত্তৰঃ

2.22   চিত্ৰ 2.34 ত এটা আধান বিন্যাস দেখুওৱা হৈছে। ইয়াক বৈদ্যুতিক চতুঃমেৰু (electric quadrupole) বুলিও কোৱা হয়। এই চতুঃমেৰুটোৰ অক্ষৰ এটা বিন্দুত, বিভৱৰ rৰ ওপৰত নিৰ্ভৰশীলতা দেখুওৱা য’ত r/a >> 1 আৰু তোমাৰ উত্তৰটো বৈদ্যুতিক দ্বিমেৰু আৰু বৈদ্যুতিক একমেৰু (অৰ্থাত এটা আধান) এটাৰ বাবে পোৱা উত্তৰৰ মাজৰ পাৰ্থক্য দেখুওৱা।



2.23     এজন বিদ্যুত কাৰিকৰক 1KV বিভৱ পাৰ্যক্যযুক্ত বৰ্তনী এটাত 2 uFধাৰক এটাৰ প্ৰয়োজন। তেওঁৰ ওচৰত 1uF ধাৰকত্বৰ বহুতো ধাৰক আছে যিবিলাকে 400 Vতকৈ বেছি বিভৱ পাৰ্যক্যত কাম কৰিব নোৱাৰে। তেওঁক এনেকুৱা এটা সজ্জাৰ সন্ধান দিয়া য’ত ন্যনতম সংখ্যক ধাৰক থাকে।
উত্তৰঃ

2.24     2F ধাৰকত্বৰ সমান্তৰাল পাতৰ ধাৰক এটাৰ পাত দুখনৰ মাজৰ ব্যৱধান যদিহে 0.5 cm হয় তেন্তে পাত দুখনৰ কালি কিমান হ’ব? [তোমাৰ উত্তৰৰ পৰা তুমি উপলদ্ধি কৰিব পাৰিবা সাধাৰণ ধাৰকবোৰৰ ধাৰকত্ব কিয় uFবা তাতোকৈ কময অৱশ্য বিদ্যুত বৈশ্লেষিক ধাৰকবোৰৰ ধাৰকত্ব বহুত বেছি(0.1F); ইয়াৰ কাৰণ হ’ল পাত দুখনৰ মাজৰ দূৰত্ব অত্যন্ত কম।]
উত্তৰঃ

2.25     চিত্ৰ 2.35 ত দেখুওৱা বৰ্তনীটোৰ সমতুল্য ধাৰকত্বূ উলিওৱা। 300 Vৰ উতসৰ বাবে প্ৰতিটো ধাৰকত্ব আধান আৰু ভ’ল্টেজ নিৰ্ণয় কৰা।


2.26        সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ প্ৰত্যেকখন পাতৰ কালি 90 cm2আৰু সিহঁতৰ মাজৰ দূৰত্ব 2.5 mm | ধাৰকটো 400 V ৰ উতসৰ সৈতে সংযোগ কৰি আহিত কৰা হৈছে।
(a) ধাৰকটোত কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি সঞ্চিত হৈ আছে?
উত্তৰঃ
(b) এই শক্তিখিনি পাত দুখনৰ মাজৰ স্থিতিবৈদ্যুতিক ক্ষেত্ৰত সঞ্চিত হৈ থকা বুলি ধৰি লৈ প্ৰতি একক আয়তনত শক্তি (u) কিমান হ’ব উলিওৱা। তাৰ পৰা uআৰু পাত দুখনৰ মাজৰ বৈদ্যুতিক ক্ষেত্ৰৰ মান E ৰ মাজত প্ৰকাশৰাশি এটা উলিওৱা।
উত্তৰঃ

2.27       200 V ৰে এটা 2uF ধাৰকত্বযুক্ত ধাৰক আহিত কৰা হৈছে। ইয়াৰ পিছত ইয়াক উতসটোৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি আন এটা অনাহিত 2uF ৰ ধাৰকৰ সৈতে সংযোগ কৰা হ’ল। এই ক্ষেত্ৰত, প্ৰথম ধাৰকটোৱে তাপ আৰু বিদ্যুত চুম্বকীয় বিকিৰণৰ যোগেদি কিমান পৰিমাণৰ স্থিতিবৈদ্যুতিক শক্তি হেৰুৱালে?
উত্তৰঃ

2.28    দেখুওৱা যে সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ প্ৰতিটো পাততে থকা বলৰ মান ½ QE ৰ সমান হয় য’ত Q হ’ল ধাৰকটোত থকা আধান আৰু E পাত দুখনৰ মাজত থকা বৈদ্যুতিক ক্ষেত্ৰৰ মান। ½ ৰাশিটোৰ উতপত্তিৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ

2.29          চিত্ৰ -2.36 ত দেখুওৱাৰ দৰে গোলকীয় ধাৰক হ’ল দুখন ঐককেন্দ্ৰিক গোলকীয় পাতেৰে গঠিত। দেখুওৱা যে গোলকীয় ধাৰকৰ ধাৰকত্বৰ মান
  C= 4re0 r1 r2  ;ইয়াত r1 আৰু r2 হ’ল ক্ৰমে বাহিৰৰ আৰু ভিতৰৰ গোলক দুটাৰ ব্যাসাৰ্দ্ধ। 




2.30      12 cm আৰু 13 cm ব্যাসাৰ্দ্ধৰ দুটা গোলকৰ সহায়ত গোলকীয় ধাৰক এটা গঠিত। বাহিৰৰ গোলকটোক ভূমি সংযোগ কৰা হৈছে আৰু ভিতৰৰ গোলকটোক 2.5 ucধাৰকত্বৰ ধাৰক এটাৰে আহিত কৰা হৈছে। দুয়োটা ঐককেন্দ্ৰিক গোলকৰ মধ্যৱৰ্তী অংশটো 32 পৰাবিদ্যুত ধ্ৰৱকযুক্ত তৰলেৰে পূৰোৱা হৈছে।
(a) ধাৰকটোৰ ধাৰকত্ব নিৰ্ণয় কৰা
(b) ভিতৰৰ গোলকটোৰ বিভৱ নিৰ্ণয় কৰা
©এই ধাৰকটোৰ ধাৰকত্ব আন এটা 12 cm ব্যাসাৰ্দ্ধৰ মুক্ত গোলকৰ ধাৰকত্বৰ সৈতে তুলনা কৰা। কিয় পিছৰটো ধাৰকৰ ধাৰকত্ব অত্যন্ত কম – ব্যাখ্যা কৰা।
উত্তৰঃ

2.31     যত্নসহকাৰে উত্তৰ দিয়াঃ
(a) দুটা Q 1 আৰু Q2  আধানেৰে আহিত দুটা বৃহত পৰিবাহীন গোলক ওচৰা-উচৰিকৈ ৰখা হ’ল।
সিহঁত দুয়োটাৰে মাজত থকা স্থিতিবৈদ্যুতিক বলৰ মান Q1Q2  ৰ মান সমান হ’বনে? ইয়াত হ’ল দুয়োটা গোলকৰ কেন্দ্ৰৰ মাজত দূৰত্ব।
(b) যদিহে কিলম্বৰ সূত্ৰই 1/r3 লিৰ্ভয়শীলতা দেখুওৱা (1/r2 ৰ পৰিৱৰ্তে ), গাউছৰ সূত্ৰ তেতিয়াও সত্য হ’বনে?
© স্থিতিবৈদ্যুতিক ক্ষেত্ৰ বিন্যাস এখনত এটা সৰু পৰীক্ষণীয় আধান এটা বিন্দুত স্থিৰ অৱস্থাত মুকলি কৰি দিয়া হৈছে। তেতিয়া সি বিন্দুটোৰ মাজেৰে ক্ষেত্ৰৰেখাৰ দিশত গতি কৰিবনে? 
(d) ইলেক্ট্ৰন এটাৰ সম্পূৰ্ণ বৃত্তীয় গতিপথত নিউক্লিয়াছৰ ক্ষেত্ৰই কৰা কাৰ্যৰ মান কিমান হ’ব? গতিপথটো উপবৃত্তীয় হ’লে কি হ’ব?
€ আমি জানো যে আহিত পৰিবাহী এডালৰ পৃষ্ঠত বৈদ্যুতিক ক্ষেত্ৰ বিচ্ছিন্ন হয়। বৈদ্যুতিক বিভৱো তাতে বিচ্ছিন্ন হ’বনে?
(f) ‘একক পৰিবাহী এডালৰ ধাৰকত্ব’__ বোলা কথাষাৰৰ অৰ্থ তুমি কি বুলি ভাবা?
(g) পানীৰ পৰাবৈদ্যুতিক ধ্ৰৱকৰ মান (= 80), মাইকাতকৈ (=6) বহুত বেছি। ইয়াৰ সম্ভাব্য কাৰণ আগবঢ়োৱা।
উত্তৰঃ


উত্তৰঃ

2.32      1.5 cm আৰু 1.4 cm ব্যাসাৰ্দ্ধৰ দুটা একে অক্ষীয় চুঙাৰে এটা চুঙাৰ আকাৰৰ ধাৰক গঠিত হৈছে। বাহিৰৰ চুঙাটো ভুমি সংযোজিত আৰু ভিতৰৰ চুঙাটোক 3.5 ucআধানেৰে আহিত কৰা হৈছে। তন্ত্ৰটোৰ ধাৰকত্ব আৰু ভিতৰৰ চুঙাটোৰ বিভৱ নিৰ্ণয় কৰা। চুঙাৰ দুয়ো কাষত থকা ক্ষেত্ৰৰ হেলনীয়াকৰণ প্ৰভাৱটো বিবেচনা নকৰিবা।
উত্তৰঃ

2.33       পৰাবিদ্যুত ধ্ৰৱক3, পৰাবিদ্যুত প্ৰাবল্য প্ৰায় 10-7 Vm-1 আৰু 1KV ভল্টেজযুক্ত সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ আৰ্হি প্ৰস্তুত কৰিব লাগে। (পৰাবিদ্যুত প্ৰাবল্য হ’ল এটা পদাৰ্থই ভংগন নোহোৱাকৈ সঞ্চিত কৰিব পৰা আধিকতম বৈদ্যুতিক ক্ষেত্ৰৰ মান; ভংগন অৱস্থা মানে আংশিক আয়নীভৱনৰ বাবে বিদ্যুত প্ৰাবল্যৰ দহ শতাংশ। এনেকুৱা চৰ্তত ধাৰকটোৰ ধাৰকত্ব 50pF হ’বলৈ পাত দিছটাৰ নূন্যতম কালি কিমান হ’ব লাগিব?
উত্তৰঃ

2.34   তলত দিয়া চৰ্তবোৰৰ বাবে সমবিভৱ পৃষ্ঠবোৰৰ নক্সাবোৰ বৰ্ণনা কৰা।
(a)Z- দিশত এখন সুষম বৈদ্যুতিক ক্ষেত্ৰ।
(b) এখন ক্ষেত্ৰ যিখনৰ মান সুষমভাৱে বাঢ়ে; কিন্ত এটা দিশত (ধৰি লোৱা Z ) একে থাকে।
©মূল বিন্দুত এটা মাথোন ধনাত্মক আধান আৰু ।
(d) সমতল  এখনত দীঘল আৰু সমান্তৰালভাৱে সমদূৰত্বত থকা আহিত তাঁৰেৰে তৈয়াৰী এখন সুষম জালিকা।
উত্তৰঃ

2.35    ভেন দ্য গ্ৰাফ উতপাদকৰ নিচিনা এটা উতপাদকত গোলকীয় ধাতৱ খোলৰ ইলেক্ট্ৰ’ড 15x 〖10〗^6 V সম্পন্ন হ’বইলেক্ট্ৰ’ডটোক আৱৰি থকা গেছৰ পৰাবিদ্যুত প্ৰাবল্য হ’ল 5x〖10〗^(-7) 〖Vm〗^(-1)।গোলকীয় খোলটোৰ নূন্যতম ব্যাস্যৰ্দ্ধ কিমান হ’ব লাগিব? (এই অনুশীলনীটোৰ পৰা তুমি শিকিব পাৰিবা কিয় কম আধানযুক্ত সৰু খোল এটাৰ সহায়ত উচ্চ বিভৱ সৃষ্টি কৰিব পৰা স্থিতিবৈদ্যুতিক উতপাদক তৈয়াৰ কৰিব নোৱাৰি)।
উত্তৰঃ

2.36  r_2ব্যাসাৰ্দ্ধ আৰু q_1আধানযুক্ত সৰু গোলক এটাক আৱৰি আছে আন এটা গোলকীয় খোলে, যাৰ ব্যাসাৰ্দ্ধ r_2আৰু আধানq_2ওপৰ | দেখুওৱা যে যদিহে আধান q_1ধনাত্মক হয়, খোলাটোত থকা আধান q_2 ৰ ওপৰত নিৰ্ভৰ নকৰি, গোলকটোৰ পৰা খোলটোলৈ আধান প্ৰবাহিত হ’ব (যেতিয়া দুয়োকে তাঁৰেৰে সংযোগ যোগ কৰা হয়)।
উত্তৰঃ

2.37     তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰাঃ
(a) বৈদ্যুতিক ক্ষেত্ৰখন উচ্চতা অনুসাৰে কমিলে, ভুপৃষ্ঠৰ সাপেক্ষে বায়ুমণ্ডলৰ উপৰিপৃষ্ঠৰ বিভৱ হয় প্ৰায় 400KV । ভূপৃষ্ঠৰ ওচৰত ক্ষেত্ৰখনৰ মান প্ৰায় 100 〖Vm〗^(-1 | )তেতিয়া হ’লে ঘৰৰ ভিতৰৰ পৰা মুকলি অঞ্চললৈ ওলাই গ’লে আমি বৈদ্যুতিক শ্বক অনুভৱ নকৰোঁ কিয়?  (ঘৰটো ষ্টিলেৰে নিৰ্মিত আৰু ঘৰৰ ভিতৰত কোনো ক্ষেত্ৰ নথকা বুলি ধৰি লোৱা)।
উত্তৰঃ
(b) এদিন সন্ধিয়া এজন মানুহে তেওঁৰ ঘৰৰ বাহিৰত 2মিটাৰ উচ্চতাত অন্তৰকেৰে তৈয়াৰী এখন চাং তৈয়াৰ কৰিলে এৰু চাঙখনৰ ওপৰত 1m^2কালিৰ এখন ডাঙৰ এলুমিনিয়ামৰ পাত ৰাখিলে। পিছদিনাখন ৰাতিপুৱা তেওঁ ধাতৱীয় পাতখন স্পৰ্শ কৰিলে বৈদ্যুতিক শ্বক অনুভৱ কৰিবনে?
উত্তৰঃ

©বায়ুৰ ক্ষুদ্ৰ পৰিবাহীৰ বাবে গোটেই পৃথিৱী জুৰি গড় হিচাপত বায়ুমণ্ডলত ডিছছাৰ্জিং বিদ্যুত প্ৰবাহৰ মান হয় 1800 A | তেতিয়া হ’লে পৃথিৱীৰ বায়ুমণ্ডলে এটা সময়ত নিজে সম্পূৰ্ণৰূপে ডিছছাৰ্জ কৰি বৈদ্যুতিকভাৱে উদাসীন হৈ নপৰে কিয়? আন কথাত, কিহে বায়ুমণ্ডলক আহিত কৰি ৰাখে?
উত্তৰঃ

(d) বজ্ৰপাতৰ সময়ত বায়ুমণ্ডলৰ বৈদ্যুতিক শক্তিখিনি শক্তিৰ কি কি ৰূপলৈ অপচয় হৈ শেষ হয়? [ইংগিতঃ পৃথিৱীত ভূ-পৃষ্ঠত অধোমুখী দিশত 100 Vm^(-1)ৰ এখন বৈদ্যুতিক ক্ষেত্ৰ আছে। এই অনুসাৰে পৃষ্ঠীয় আধান ঘনত্ব হ’ল-〖10〗^(-9) 〖Cm〗^(-2 ) | 50 km লৈকে বায়ুমণ্ডলৰ খুব কম পৰিবাহিতাৰ (ইয়াৰ ওপৰত বায়ুমণ্ডল সুপৰিবাহী)  বাবে প্ৰতিছেকেণ্ডত প্ৰায় + 1800 c আধান গোটেই পৃথিৱীখনত সংগ্ৰহ হৈ থাকে । তথাপিও পৃথিৱীত সামগ্ৰিকভাৱে ডিছছাগৰ্জ নহয় কিয়নো সমগ্ৰ পৃথিৱীতে অহৰহভাৱে হৈ থকা ধুমুহা বজ্ৰপাতৰ ফলত সম ,সংখ্যক ঋণাত্মক আধান পৃথিৱীয়ে লাভ কৰি থাকে।]
উত্তৰঃ


DIKHA BORA