1. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

i) কোনটো কোষাংগাণুক শত্কিৰ ভঁৰাল বোলা হয়?

a) মাইটকাণ্ড্ৰিয়া b) গলগিবডি c) ৰাইবজম d)লাইছজম

ii) তলৰ কোনবিধ বজ্ঞক দ্ৰব্য নহয়?

a) চেফ্ৰানিন b) আয়ডিন c) মিথিলিন ব্লু d) ইথানল

iii) তলত উল্লেখ কৰা কোনবিধ কোষত কোষকেন্দ্ৰ নাথাকে?

a) মাংসপেশীৰ কোষ b) পেৰামেছিয়াম c) স্তন্যপায়ীৰ লোহিত ৰক্তকণইকা d) স্নায়ুকোষ

iv) কোনটো কোষৰ ডিএনএয়ে ক্ৰমজমৰ কাম কৰে?

a) ভাইৰাছ b) বেক্টেৰিয়া c) এমিবা  d) উট চৰাইৰ কণী

2. খালী ঠা পূৰ কৰা:

i) ________নামৰ বৈজ্ঞ৩নিকে প্ৰথমে কুহিঁলাগছৰ কোষৰ সন্ধান পায়।

ii) প্ৰকৃত কোষেৰে গঠিত নহয় বাবে_____________ বোৰক জীৱৰ শ্ৰেণীত ৰখা নহয়।

iii) এক মাইক্ৰ মিটাৰক = ____________ মিলিমিটাৰ।

iv)  ___________ নামৰ কোষাংগাণুটোৱে কাষত স্নেহপৰ্দাথ আৰু প্ৰটিনৰ সঞ্চয়ন আৰু পৰিবহণ কৰে।

v) _____________ক কোষৰ প্ৰটিন সংশ্ৰেষণৰ কাৰখানা  বোলা হয়।

vi) পিতৃ-মাতৃৰ চৰিত্ৰ পৰিবহণ কৰা ডিএনএৰ অংশবোৰক __________ বোলে।

3.কোষ কাক বোলে? কোষৰ বিভইন্ন প্ৰকাৰ উদাহণৰসহ লিখা।

4. জীৱকোষ অধ্যয়ন কৰিবলৈ প্ৰস্তুত কৰা  স্লাইড কি কি প্ৰকাৰৰ? প্ৰতিবিধৰ প্ৰস্তুত প্ৰণালী চমুকৈ  লিখা।

5. কোষৰ  কোষাবৰণৰ গঠন আৰু কাৰ্য্য বুজাই লিখা।

6. তলত দিয়া কোষাংগাণুবোৰৰ গঠন কাৰ্য্য বুজাই লিখা।

7.কোষকেন্দ্ৰ এটাৰ গঠন আৰু কামৰ টমু বিৱৰণ দিয়া।

8.চমু উত্তৰ লিখা:

a) বিভিন্নআকৃতিৰ প্ৰণালীকোষৰ উদাহৰণ দিয়া।

b) আটাইতকৈ বৃহৎ আৰু দাৰ্ঘতম কোষৰ নাম লিখা।

c) স্লাইড আৰু কভাৰ শ্লীপ বুলিলে কি বুজা?

d) উদ্ভিদকোষ প্ৰাণীকোষতকৈ দৃঢ় কিয়? 

e) বিভিন্ন প্ৰকাৰৰ প্লাষ্টি়বোৰৰ নাম আৰু ইয়াৰ ৰ জ্ঞক পৰ্দাথৰ বিষয়ে লিখা।

f) কোষ বিভাজন বুলিলে কি বুজা?