Chapter 2

মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দশীৰ খেলা

প্ৰশ্নাৱলী 

অতি চমু প্ৰশ্নঃ

(১) গীতি ৰামায়ণ কাৰ ৰচনা ?

উত্তৰঃ গীতি ৰামায়ণ কবি দুৰ্গাবৰৰ ৰচনা।

(২) দুৰ্গাবৰী সাহিত্যক কি সাহিত্য নামে জনা যায়?

উত্তৰঃ দুৰ্গাবৰী সাহিত্যক পাঁচালী সাহিত্য নামে জনা যায়।

(৩) মনসাৰ মাহাত্ম্য প্ৰকাশক গ্ৰন্থখনৰ নাম কি ? 

উত্তৰঃ  মনসাৰ মাহাত্ম্য প্ৰকাশক গ্ৰন্থখনৰ নাম হল গীতি ৰামায়ণ।

(৪) পাঁচালি সাহিত্যক অন্য কি নামেৰে জনা যায়?  

উত্তৰঃ পাঁচালি সাহিত্যক পাঞ্চালী নামেৰে জনা যায়।

(৫) পাঁচালি সাহিত্যৰ প্ৰধান ভাগ দুটা কি? 

উত্তৰঃ পাঁচালি সাহিত্যৰ প্ৰধান ভাগ দুটা হল- 

    (১) পদ্ম বা মনসা দেৱীৰ মহাত্মা প্ৰকাশক।

    (২) ৰামায়ণ-মহাভাৰত আদিৰ কাহিনী সম্বলিত।

(৬) দুৰ্গাবৰক কি কবি নামেৰে অভিহিত কৰা হয়?  

উত্তৰঃ দুৰ্গাবৰক পাঁচালী কবি নামেৰে অভিহিত কৰা হয়।

ৰচনাধৰ্মী প্রশ্ন :  

(১) “নানা বিধ ভোগ সুখ সৱে পৰিহৰি। 

ৰাজপুত্ৰ গুচি ভৈল বনৰ ভিখাৰী।।” 

কথাফাঁকিৰ বক্তা কোন? কেতিয়া আৰু কি কাৰণে বক্তাই উক্ত কথাষাৰি ক’ব লগা হৈছিল বর্ণনা কৰা।  

উত্তৰঃ কথাশাৰীৰ বক্তা ৰামচন্দ্ৰ । যেতিয়া ৰামচন্দ্ৰই বনবাসত গৈছিল চতুৰ্দ্দশী তিথি দিনা পাশা খেলিবলৈ বহোতে ৰামচন্দ্ৰ অশান্ত হৈ পৰাত সীতাই অশান্ত হৈ পৰাৰ কাৰণ সোধাত ৰামচন্দ্ৰই এই কথাষাৰি কব লগা হৈছিল।

(২) ‘মায়া অযোধ্যাৰ সৃষ্টি আৰু চিত্ৰাৱলী চতুৰ্দ্দশীৰ খেলা’ কবিতাটো বিষয়বস্তু তোমাৰ ভাষাৰে বৰ্ণনা কৰা।  

উত্তৰঃ চতুৰ্দ্দশীৰ খেলাৰ দিনা মায়া অযোধ্যা হস্তী-ঘোঁৰা, মণিময় সুৱৰ্ণৰ স্তম্ভ, ৰাজ-সিংহাসন, নৰ্ত্তকীগণ,বিভিন্ন ফল-ফূল, পলাশ, মালতী মধাই পাৰিজাত, বিবিধ পক্ষীগণৰ আৰাৱেৰে চৌদিশ মুখৰিত হৈ পৰিল। আৰু সেইদিনা অযোধ্যাত মানুহেৰে ভৰি পৰিছিল আৰু সকলোৱে মিলি একেলগে মোট খেলা খেলিছিল।

(৩) সীতাই কেনেদৰে মায়া অযোধ্যাৰ সৃষ্টি কৰিছিল কবিতাটিৰ আলমত বুজাই  লিখা। 

উত্তৰঃ যেতিয়া ৰামচন্দ্ৰই বনবাসত গৈছিল চতুৰ্দ্দশী তিথি দিনা পাশা খেলিবলৈ বহোতে ৰামচন্দ্ৰ অশান্ত হৈ পৰিছিল। সীতাই অশান্ত হৈ পৰাৰ কাৰণ সোধাত ৰামচন্দ্ৰই কৈছিল যে যদি তেওঁলোক আজি অযোধ্যাত থকা হয় সকলোৱে কিমান ফূৰ্টি কৰিলে হয় সকলোৱে একেলগে মিলি পাশা খেলিলে হয়। কিন্তু আজি তেওঁলোক বনত থকাৰ বাবে তেওঁলোক সকলো আনন্দৰ পৰা বঞ্চিত হৈ আছে। সেই কথাবোৰ শুনি সীতাই ৰামৰ মন ভাল কৰিবলৈ বনতে অযোধ্যা সজাইছিল। বন হস্তী-ঘোঁৰা, মণিময় সুৱৰ্ণৰ স্তম্ভ, ৰাজ-সিংহাসন, নৰ্ত্তকীগণ,বিভিন্ন ফল-ফূল, পলাশ, মালতী মধাই পাৰিজাত, বিবিধ পক্ষীগণৰ আৰাৱেৰে চৌদিশ মুখৰিত হৈ পৰিল। 

(৪) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ৰ বিশেষত্ব তোমাৰ কথাৰে দাঙি ধৰা।  

উত্তৰঃ এই গন্থখনৰ মাজেৰে কবিয়ে কন্দলী ৰামায়ণৰ কথাবোৰ পুৰণিকলীয়া লৌকিক গীতৰ আৰ্হিত ৰছনা কৰিছিল। সেই কাৰণে এই গ্ৰন্থখনক গীতি ৰামায়ণ নামে অভিহিত কৰা হৈছে। গীতি ৰামায়ণৰ আদিকাণ্ড আৰু অযোধ্যকাণ্ড দুটা পাবলৈ নাই। অৰণ্যাকাণ্ডৰ বৰ্ণনাত কবি দুৰ্গাবৰ বাল্মিকী ৰামায়ণ আৰু মাধৱ কন্দলী ৰামায়ণৰ পৰা কিছুদূৰ আঁতৰি আহি নিজস্ব প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে। মুঠতে এটা কথা ঠিক যে কবি দুৰ্গাবৰে গীতি ৰামায়ণ ৰছনা কৰাৰ সময়ত অতি সতৰ্কতা অৱলম্বন কৰি মৌলিক আৰু কাব্যিক গুণগুণ সমূহ পাঠকৰ সন্মূখত দাঙি ধৰি নিজস্ব প্ৰতিভাৰ স্বাক্ষৰ তুলি ধৰিলে।

(৫) দুর্গাবৰী ৰামায়ণত মাধৱ কন্দলীৰ ৰাময়ণৰ প্ৰভাৱ কেনেদৰে পৰিছে আলোচনা কৰা।  

উত্তৰঃ

(৬) কবিতাটোৰ প্ৰকৃতি চিত্ৰণ কেনেদৰে কৰা হৈছে বুজাই লিখা।

উত্তৰঃ 

সহায়ক গ্ৰন্থঃ

শৰ্মা, ডঃ হেমন্ত কুমাৰ ঃ অসমীয়া সাহিত্যৰ দৃষ্টিপাত, বীণা প্ৰকাশন, পাণ বজাৰ, কলেজ হোষ্টেল ৰোড, গুৱাহাটী । ষষ্ঠ তাঙৰণ, ১৯৯২ চন । 

নেওগ, ডঃ মহেশ্বৰঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী, ২০১০ চন । 

বৰদলৈ, ডঃ নিৰ্ম প্ৰভাঃ কবিতামঞ্জৰী, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগ, গুৱাহাটী, ১৯৯৮ চন । 

শৰ্মা, সত্যেন্দ্ৰনাথঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী, ২০১০ চন । 


Type: Krishna Bora  

Author - Leena Kakati