Chapter 3 

ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত

প্ৰশ্নাৱলী 

চমু প্ৰশ্নঃ 

১। নীলমণি ফুকনৰ জন্মস্থান কি ?

উত্তৰঃ নীলমণি ফুকনৰ জন্মস্থান হল -গোলাঘাট জিলাৰ দেৰগাঁৱৰ চকিয়াল গাঁৱত।

২। 'ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কোনখন কাব্যপুথিত সংকলিত ? 

উত্তৰঃ  'ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' 'গোলাপা জামুৰ লগ্ন' কাব্যপুথিত সংকলিত

৩। নীলমণি ফুকনে লাভ কৰা দুটা বঁটাৰ নাম লিখা ।

উত্তৰঃ নীলমণি ফুকনে লাভ কৰা দুটা বঁটা হল - সাহিত্য অকাডেমী বঁটা (১৯৮২), অসম প্ৰকাশন পৰিষদ বঁটা (১৯৮২) ।

৪। নীলমণি ফুকনৰ প্ৰথম কাব্যপুথিখনৰ নাম কি ?

উত্তৰঃ নীলমণি ফুকনৰ প্ৰথম কাব্যপুথিখনৰ নাম হল - জাপানী কবিতা (১৯৭১)।

৫। কবি ফুকনৰ দ্বাৰা অনুদিত এখন কাব্যগ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ কবি ফুকনৰ দ্বাৰা অনুদিত এখন কাব্যগ্ৰন্থৰ নাম হল - জাপানী কবিতা ।

ৰচনাধৰ্মী প্ৰশ্ন ঃ 

১। অসমীয়া সাহিত্য জগতলৈ নীলমণি ফুকনৰ অৱদান সম্পৰ্কে লিখা। 

উত্তৰঃ অসমীয়া সাহিত্য জগতলৈ নীলমণি ফুকনৰ অৱদান অতুলনীয়। তেখেতে যথেষ্ট সংখ্যক কাব্যপুথিয়ে অসমীয়া সাহিত্যৰ ভড়াল মেটমৰা কৰিছে।

তেওঁৰ উল্লেখনীয় কাব্য সংকলনসমূহ হলঃ

    ১) সূৰ্য্য হেনো নামি আহে এই নদীয়েদি (১৯৬৩)

    ২) নিৰ্জনতাৰ শব্দ (১৯৬৫)

    ৩) আৰু কি নৈঃশব্দ্য (১৯৬৮)

    ৪) ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে (১৯৭২)

    ৫) কাঁইট গোলাপ আৰু কাঁইট (১৯৭৫)

    ৬) গোলাপী জামুৰ লগ্ন (১৯৭৭)

    ৭) কবিতা (১৯৮১)

    ৮) নৃত্যৰতা পৃথিৱী (১৯৮৫)

    ৯) সাগৰ তলিৰ শংখ (১৯৯৪)

    ১০) অলপ আগতে আমি কি কথা পাতি আছিলোঁ (২০০৩)

কবি নীলমনি ফুকন এগৰাকী সফল অনুবাদকো। তেওঁৰ দ্বাৰা অনুদিত উল্লেখযোগ্য কাব্যগ্ৰন্থ হল - 

    ১) জাপানী কবিতা (১৯৭১)

    ২) গাৰ্থিয়া লৰকাৰ কবিতা (১৯৮১)

    ৩) অৰণ্যৰ গান (১৯৯২)

    ৪) চীনা কবিতা (১৯৯৬)

অনুপম সাহিত্য সাধনা আৰু অৱদানৰ বাবে কবি নীলমণি ফুকনলৈ বিভিন্ন সংস্থাৰ পৰা বঁটা আৰু সন্মান আগবঢ়োৱা হৈছে। তাৰ ভিতৰত- অসম প্ৰকাশন পৰিষদ বঁটা, সাহিত্য অকাডেমী বঁটা, পদ্মশ্ৰী বঁটা, অসম উপত্যকা বঁটা, সাহিত্য অকাডেমীৰ ফেল আদি অন্যতম। কবি নীলমণি ফুকন আধুনিক অসমীয়া কাব্যজগতৰ এক উজ্বল স্তম্ভ বুলি নিসন্দেহে কব পাৰি।

২। 'ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত' কবিতাটিৰ ভাৱাৰ্থ নিজৰ ভাষাত লিখা । 

উত্তৰঃ বিষয়বস্তুৰ প্ৰতীকাত্মক উপস্থাপন আৰু মৃতব্যয়ী ভাষা তথা শিল্পৰ অন্যান্য প্ৰয়োগে ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত কবিতাটিক নতুন মাত্ৰা আৰু সমৃদ্ধি প্ৰদান কৰিছে। নীলমণি ফুকনৰ দৰে অধ্যয়নশীল, দূৰদৰ্শী আৰু সাধনাশীল কৰিব পৰা সদায়ে উন্নত সৃষ্টিৰ আশা কৰা যায়। নিঃসন্দেহে ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত এক উজ্জল আৰু অভিনৱ সৃষ্টি। ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্তৰ যি নৈমিত্তিক দৃশ্য তাক মানৱ জীৱনৰ ক্ষণভংগুৰতা, অৰ্থহীনতা আৰু মহাশূন্যতাৰ লগত সংপৃক্ত কৰা হৈছে। কবিয়ে আকৰ্ষণীয় প্ৰতীক আৰু চিত্ৰকল্পৰ সহায় কবিতাটোক ৰসস্বাদ্য কৰি তুলিছে। সেয়ে ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত কবিতাটিক সন্দোহাতীতভাৱে যুগমীয়া সৃষ্টি বুলি কব পাৰি।

প্ৰাসংগিক গ্ৰন্থঃ

১। নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা ঃ অৰ্থাৎ প্ৰেছ, ২০০৬ 

২। নিৰ্জনতাৰ পৰা কোলাহললৈ ঃ সম্পা. ড॰ নগেন ঠাকুৰ, ষ্টুদডেন্টচ ষ্ট'ৰচ ।

৩। আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়ঃ সম্পা. লীলা গগৈ, বনলতা ।

৪। অসমীয়া কবিতা চয়নঃ সম্পা. মহেন্দ্ৰ বৰা । 


Type: Krishna Bora  

Author : Leena Kakati






Post ID : DABP005510