4.4 ভাৰতবৰ্ষত দুখীয়া মানুহৰ সংখ্য়া (The Number of Poor In India) : 

    দাৰিদ্ৰ্য় সীমাৰেখাৰ তলত থকা লোকৰ অনুপাতক দুখীয়াৰ সংখ্য়া হিচাপে গণনা কৰিলে ইয়াক মূৰ গণনা অনুপাত (Head Count Ratio) বোলা হয়। ভাৰতবৰ্ষত বাস কৰা দুখীয়া লোকৰ সংখ্য়া জানিবলৈ তোমালোকে নিশ্চয় আগ্ৰহী। এই দুখীয়া লোকসকল কত বাস কৰে আৰু সুদীৰ্ঘকাল ধৰি তেওঁলোকৰ সংখ্য়া বা অনুপাত হ্ৰাস পািছে নে নাই? অনুপাত আৰু শতাংশৰ হিচাপত দুখীয়া লোকৰ এনে এটা তুলনামূলক বিশ্লেষণ কৰিলে আমি জনসাধাৰণৰ দাৰিদ্ৰ্য়ৰ বিভিন্ন স্তৰ আৰু বিভিন্ন ৰাজ্য় আৰু বিভিন্ন সময়ত তেওঁলোকৰ বিতৰণ সম্পৰ্কে আভাস পাম।

    পৰিকল্পনা আয়োগে দৰিদ্ৰতা সম্পৰ্কীয় চৰকাৰী তথ্য়সমূহ জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় নমুনা জৰীপ সংগঠনে (National Sample Survey Organisation) সংগ্ৰহ কৰা জনসাধাৰণৰ ভোগ ব্য়য় সম্পৰ্কীয় তথ্য়ৰ ওপৰত ভিত্তি কৰি ইয়াক যুগুত কৰা হয়। 4.3 নং সাৰণীতা 1979 চনৰ পৰা 2000 চনলৈ ভাৰতবৰ্ষত থকা দুখীয়া লোকৰ সংখ্য়া আৰু মুঠ জনসংখ্য়াত তেওঁলোকৰ অনুপাত দেখুওৱা হৈছে। 1973-74 চনত দেশৰ 321 নিযুতৰো অধিক লোক দাৰিদ্ৰ্য় সীমাৰেখা তলত আছিল। 1999-2000 চনত এই সংখ্য়া প্ৰায় 260 নিযুতলৈ হ্ৰাস পায়। অনুপাত হিচাপত 1973-74 চনত মুঠ জনসংখ্য়াৰ 55 শতাংশই আছিল দাৰিদ্ৰ্য় সীমাৰেখাৰ তলত। 1999-2000 চনত এই সংখ্য়া 26 শতাংশলৈ হ্ৰাস পাইছে। আকৌ 1973-74 চনত দুখীয়া লোকৰ 80 শতাংশতকৈয়ো অধিকে গ্ৰামাঞ্চলত বাস কৰিছিল আৰু 1999-2000 চনত এই অনুপাত প্ৰায় 75 শতাংশলৈ হ্ৰাস পাইছে। অৰ্থাৎ দেশৰ মুঠ দুখীয়া লোকৰ তিনি চতুৰ্থাংশই গাঁৱত বাস কৰে। আকৌ দৰিদ্ৰতাৰ সমস্য়া, যিটোৰ মাত্ৰাধিক্য় মূলতঃ গ্ৰামাঞ্চলতে আছিল, তাৰো নগৰ অঞ্চললৈ স্থানাস্তৰ ঘটিছে। 1990 ৰ দশকত গ্ৰামাঞ্চলত পৰম দৰিদ্ৰ লোকৰ সংখ্য়া হ্ৰাস পাইছে, আনহাতে নগৰ অঞ্চলত ই সামান্য় পৰিমাণে বৃদ্ধি পাইছে। নগৰ আৰু গাংও উভয়তে দৰিদ্ৰতাৰ অনুপাত একেৰাহে হ্ৰাস পাইছে। সাৰণী নং 4.3 ত  তোমালোকে দেখা পাবা যে 1973-2000 চনৰ সময়ছোৱাত দেশত সংখ্য়া আৰু অনুপাত দুয়োটা হিচাপত দুখীয়া লোকৰ লোকসংখ্য়া হ্ৰাস পাইছে। কিনেতু দুয়োটা হিচাপত এই নিম্নগামিতাৰ প্ৰকৃতি উৎসাহজনক নহয়। দুখীয়া লোকৰ পৰম সংখ্য়া তুলনাত ইয়াৰ আনুপাতিক হ্ৰাসৰ হাৰ যথেষ্ট মন্থৰ। মন কৰিবা যে 1990 ৰ দশকৰ আৰম্ভণি কালত নগৰ আৰু গ্ৰামাঞ্চলত দুখীয়া লোকৰ পৰম সংখ্য়াসমূহৰ ব্য়ৱধান হ্ৰাস পোৱা নাছিল। আনহাতে অনুপাত হিচাপত এই ব্য়ৱধান 1999-2000 চনলৈ প্ৰায় স্থিতাৱস্থাতে আছিল।

    4.4 নং সাৰণীত ৰাজ্য়িক পৰ্যায়ত দৰিদ্ৰতাৰ গতি ধাৰা দেখুওৱা  হৈছে। সাৰণীত দেখা গৈছে যে ভাৰবৰ্ষৰ সৰ্বমুঠ দুখীয়া লোকৰ প্ৰায় 70 শতাংশই আছে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য়প্ৰদেশ, পশ্চিমবংগ আৰু উৰিষ্য়াত। তোমালোকে এইটোও দেখিবা যে 1973-74 চনত এই বৃহৎ ৰাজ্য় কেইখনৰ অধিকাংশতে মুঠ জনসংখ্য়াৰ প্ৰায় আধা অংশই দাৰিদ্ৰ্য় সীমাৰেখাৰ তলত বাস কৰিছিল। 1999-2000 চনত দুখন ৰাজ্য় ক্ৰমে বিহাৰ আৰু উৰিষ্য়া প্ৰায় সেই একে পৰ্যায়ত আছিল। এই দুয়োখন ৰাজ্য়য়ো দাৰিদ্ৰ্য় কিছু পৰিমাণে হ্ৰাস কৰিব পাৰিছে। তথাপি অন্য় ৰাজ্য়সমূহৰ তুলনাত তেওঁলোকৰ এই সাফল্য় তেনেই সামান্য়। যদি আমি গুজৰাটলৈ লক্ষ্য় কৰো তেনেহলে দেখা পাওঁ যে 1973-2000 ৰ সময়ছোৱাত ৰাজ্য়খনত দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্য়া 48 শতাংশৰ পৰা 15 শতাংশলৈ হ্ৰাস পাইছে। সেই একে সময়ছোৱাত পশ্চিমবংগই দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্য়া প্ৰায় দুই তৃতীয়াংশ অৰ্থাৎ 63 শতাংশৰ পৰা প্ৰায় 27 শতাংশলৈ হ্ৰাস কৰাত সফল হৈছে।

Janmoni Hazarika