ধৰ্ম আৰু ভূ - দৃশ্যাৱলী

    বিভিন্ন ধৰ্মৰ লোকসকলে নিৰ্দিষ্ট শৈলীৰে উপাসনা প্ৰাৰ্থনাগৃহ সাজে। ধৰ্মীয় কাৰ্যত ব্যৱহাৰৰ বাবে কিছুমান নিৰ্দিষ্ট বৃক্ষ ৰোপন কৰে, জীৱ - জন্ত পোহপাল দিয়ে। ধৰ্মীয়গৃহ নিৰ্মাৰ আৰ্হিয়ে সেই অঞ্চলৰ বাসিন্দাসকলৰ ধৰ্মীয় দিশটোৰ প্ৰতিফলন ঘটায়। নাম - প্ৰসংগ গৃহৰ পৰা আৰম্ভ কৰি বৃহৎ মন্দিৰ, মছজিদ, গিৰ্জা, গুৰুদ্বাৰা, মনেষ্ট্ৰি আদি আকাৰ আৰু গঠনৰ ক্ষেত্ৰত, ব্যৱহাৰ আৰু সেইবোৰৰ ঘনত্বই ভূ - দৃশ্যাৱলীক এটা বিশেষ মাত্ৰা প্ৰদান কৰে।

    কৰ্মী জনসংখ্যাৰ গঠন

    আৰ্থিক মৰ্যদা অনুযায়ী ভাৰতৰ জনসংখ্যাক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰধান কৰ্মী, প্ৰান্তীয় কৰ্মী আৰু নিষ্কাৰ্ম.

    ভাৰতবৰ্ষৰ কৰ্মৰ ক্ষেত্ৰত এটা বিশেষ মন কৰিবলগীয়া বিষয় হল যে প্ৰধান আৰু প্ৰান্তিক কৰ্মীৰ সংখ্যা শতকৰা মাত্ৰ ৩০ জন আনহাতে নিষ্কৰ্মাৰ সংখ্যাৰ হল ৬১ শতাংশ লোকেই আনৰ ওপৰত নিৰ্ভৰশীল নাইবা এক বুজন সংখ্যক লোক এতিয়াও নিবনৰৱা বা শক্তি সামৰ্থ্য অনুসৰি উপযুক্ত কামত নিয়োজিত হব পৰা নাই।

    কৰ্ম সহযোগ অংশ ভোগীৰ হাৰ কি?

    বাৰতবৰ্ষৰ কৰ্মৰত জনসংখ্যাৰ অনুপাত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলভেদে বেলেগ বেলেগ। গোৱাৰ ক্ষেত্ৰত কৰ্মৰত জনসংখ্যাৰ হাৰ হল ২৫ শতাংশ। আনহাতে মিজোৰামৰ ক্ষেত্ৰত ৫৩ শতাংশ। অধিক কৰ্মৰত জনসংখ্যাৰ হাৰ থকা ৰাজ্যবোৰ হল হিমাচল প্ৰদেশ, ছিকিম, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়। কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউত কৰ্ম সহযোগ অংশ ঙোগীৰ হাৰ অধিক। ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত কৰ্ম সহযোগ অংশ ভোগীৰ হাৰ অধিক হোৱাটো স্বাভাৱিক। কিয়নো অৰ্থনৈতিক উন্নয়ন স্তৰ নিম্ন পৰ্যায়ৰ। ভাৰতত আত্মনিৰ্ভৰশীল বা তেনে পৰ্যায়ৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে এক বুজন পৰিমাণৰ শাৰীৰিক পৰিশ্ৰম কৰিব পৰা শ্ৰমিকৰ আৱশ্যক।

    বৃত্তগত গঠনৰ দিশৰ পৰা লক্ষ্য কৰিলেও দেখা যায় যে প্ৰাথমিক বৃত্তিত জড়িত ব্যক্তিৰ সংখ্যা, দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত জড়িত লোকৰ সংখ্যাতকৈ তুলনামূলকভাৱে বেছি। ভাৰতৰ প্ৰায় ৫৮.২ শতাংশ লোক খেতিয়ক আৰু কৃষিৰ সৈতে জড়িত শ্ৰমিক। ৪.২ শতাংশ লোক কুটীৰ শিল্পৰ সৈতে জড়িত আৰু ৩৭.৬ শতাংশ লোক শিল্প, বেপাৰ - বাণিজ্য, নিৰ্মাণ, ৰিপেয়াৰিং আদি কৰ্মৰ সৈতে জড়িত। পুৰুষ - মহিলা কৰ্মীৰ তুলনা কৰিলেও দেখা যায় যা কৰ্মৰ ৭েত্ৰত মহিলাতকৈ পুৰুষ কৰ্মীৰ সংখ্যা অধিক।

    বৃত্তিৰ ভাগবোৰ

    ২০০১ চনৰ জৰীপত ভাৰতৰ কৰ্মত জনসংখ্যাক চাৰিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে।

    ১/ কৃষক

    ২/ কৃষি শ্ৰমিক

    ৩/ শিল্প কৰ্মী

    ৪/ অন্যান্য

    ভাৰতবৰ্ষ আৰু ইয়াৰ অন্তৰ্গত দেশবোৰৰ সুকীয়া সমন্বত দণ্ডচিত্ৰ অংকণ কৰি বিভিন্ন বৃত্তিত নিয়োজিত পুৰুষ আৰু মহিলাৰ অনুপাত দেখুওৱা আৰু তুলনা কৰা।

    বিগত কেইটামান দশকৰ পৰা ভাৰতবৰ্ষৰ কৃষি কৰ্মৰ লগত জড়িত শ্ৰমিকৰ সংখ্যা ত্ৰুমে হ্ৰাস পাবলৈ ধৰিছে।

    সেইদৰে, দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত অংশগ্ৰহণকাৰী হাৰ বৃদ্ধি হৈছে। এনেকুৱা তথ্যই এইটোকেই প্ৰতিপন্ন কৰে যে শ্ৰমিকসকলৰ এক বুজন সংখ্যকেই কৃষি পৰা অকৃষিবৃত্তিৰ ধাৱমান হৈছে আৰু দেশখনৰ অৰ্থনীতি খণ্ডৰ পৰিৰ্ৱতন হোৱাটো সূচাইছে।

    দেশৰ বিভিন্ন স্থানত বিভিন্ন বৃত্তিখণ্ডৰ নিয়োজনৰ হাৰৰ পাৰ্থক্য পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে হিমাচল প্ৰদেশ আৰু নাগালেণ্ডত কৃষকৰ উনুপাত অধিক। আনহাতে অন্ধ্ৰপ্ৰদেশ, ঝাৰণ্ড, ছত্তীশগড়, উৰিষ্যা, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশত কৃষি শ্ৰমিকৰ অনুপাত অধিক। উচ্চস্তৰীয় নগৰীকৃত দিল্লী, চণ্ডিগড় আৰু পণ্ডিচেৰীৰ কৃষি শিল্পৰ বাদে অন্যান্য বৃত্তিত নিয়োজিত শ্ৰমিকৰ সংখ্যা অধিক। ইয়াৰ দ্বাৰা এইটো বুজা যায় যে এইবোৰ ৰাজ্যত কৃষি ভূমিৰ পৰিমাণ সীমিত, দ্বিতীয়ক আৰু তৃতীয়ক তথা অন্যান্য বৃত্তিৰ বাবে অধিক শ্ৰমিকৰ প্ৰয়োজন কিয়নো নগৰীকৰণ আৰু শিল্পায়নৰ বাবে কৃষিভিন্ন অন্য বৃত্তিৰ লোকৰ চাহিদা অধিক।

Type- Boby Bora




Post ID : DABP005112