6.3 গ্ৰাম্য় অঞ্চলত ঋণ আৰু বিপণন (Credit and Marketing in Rural Areas) :

    ঋণ (Credit) ঃ গ্ৰামীণ অৰ্থব্য়ৱস্থাৰ বৃদ্ধি মূলতঃ নিৰ্ভৰ কৰে কৃষি আৰু অনা কৃষি খণ্ডসমূহত উচ্চ হাৰত উৎপাদনশীলতা পাবলৈ সময়ে সময়ে কৰা মূলধনৰ প্ৰয়োগৰ ওপৰত। বীজ সিঞ্চনৰ পৰা উৎপাদনৰ জৰিয়তে আয় উপাৰ্জনৰ মাজত সময়ৰ ব্য়ৱধান যথেষ্ট দীঘলীয়া হোৱা হেতুকে কৃষকসকলে বীজ, সাৰ, সা-সঁজুলি আদিত কৰিবলগীয়া প্ৰাৰম্ভিক বিনিয়োগ আৰু বিয়া, মৃত্য়ু, ধৰ্মীয় উৎসৱ-পাৰ্বণ ইত্য়াদিৰ বাবদ অন্য়ান্য় পাৰিবাৰিক খৰচৰ বাবে ঋণ লবলগীয়া হয়।

    স্বাধীনতাৰ সময়ত ঋণদাতা আৰু ব্যৱসায়ীসকলে উচ্চ সুতৰ হাৰত ঋণৰ যোগান ধৰি আৰু ‘ঋণ ফান্দ’ত নিমজ্জিত কৰি ৰখাৰ উদ্দেশ্যে ঋণ সম্পৰ্কীয় হিচাপ-নিকাচত ইচ্ছাকৃত কাৰচাজি কৰি ক্ষুদ্ৰ, উপাত্ত আৰু ভূমিহীন কৃষকসকলক শোষণ কৰিছিল। 1969 চনত ভাৰতবৰ্ষই গ্ৰাম্য ঋণৰ চাহিদা পৰ্যাপ্তভাৱে পূৰণ কৰিবলৈ সামাজিক বেংকিং আৰু বহুঅভিকৰণৰ পদক্ষেপ (Multiagency Approach) গ্ৰহণ কৰাৰ পিছত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে। পিছলৈ গ্ৰাম্য বিত্তীয় ব্যৱস্থাত জড়িত আটাইবোৰ প্ৰতিষ্ঠানৰ কাৰ্যসমূহৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্যে 1982 চনত এক সর্বোচ্চ নিকায়— ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক (National Bank for Agriculture and Rural Development NABARD) গঠন কৰা হয়। 

    সেউজ বিপ্লৱ হৈছে ঋণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ আগজাননী। কিয়নো, ই গ্রাম্য ঋণ সম্ভাৰ (rural credit portfolio)ক ভিন্নতা প্ৰদান কৰি ইয়াক উৎপাদনশীল ঋণমুখী কৰি তুলিছে।

    বাণিজ্যিক বেংক, আঞ্চলিক গ্রামীণ বেংক, সমবায় আৰু ভূমি উন্নয়ন বেংক ইত্যাদি বহুঅভিকৰণ অনুষ্ঠানৰ সমষ্টিৰে সাম্প্ৰতিক গ্ৰাম্য বেংক ব্যৱস্থাৰ আনুষ্ঠানিক গাঁথনি গঠিত হৈছে। এই বহু অভিকৰণ ব্যৱস্থা আৰ্হিকৰণৰ প্ৰধান লক্ষ্য হৈছে সুলভ হাৰত পর্যাপ্ত পৰিমাণৰ ঋণ বিতৰণ কৰা। শেহতীয়াভাৱে আনুষ্ঠানিক ঋণ ব্যৱস্থাত থকা অন্তৰাল দূৰ কৰিবলৈ আত্মসহায়ক গোটসমূহ (SHGS) আগবাঢ়ি আহিছে। কিয়নো, আনুষ্ঠানিক ঋণ বিতৰণৰ ব্যৱস্থাটো যে কেৱল যথোপযুক্ত নহয় বুলিয়েই প্রমাণিত হৈছে তেনে নহয়; বৰঞ্চ ই সামগ্রিক গ্রাম্য, সামাজিক আৰু সামূহিক উন্নয়নক সম্পূৰ্ণৰূপে সংহত কৰিব পৰা নাই। ঋণৰ বাবে যিহেতু বন্ধকীৰ প্রয়োজন, দুখীয়া গ্রাম্য পৰিয়ালবোৰৰ এক বৃহৎ অংশ স্বাভাৱিকভাৱে ঋণৰ পৰিসৰৰ পৰা বাদ পৰি আছিল। আত্মসহায়ক গোটবোৰে ইয়াৰ প্ৰত্যেক সদস্যৰ পৰা নিম্নতম বৰঙণিৰে ক্ষুদ্ৰ অনুপাতত সঞ্চয় গঠন কৰে। উমৈহতীয়া সঞ্চিত পুঁজিৰ পৰা ঋণৰ প্ৰয়োজন হোৱা সদস্যসকলক কম সুতৰ হাৰত আৰু সৰু কিস্তিত পৰিশোধযোগ্য ঋণ আগবঢ়োৱা হয়। জানিব পৰা মতে 2003 চনৰ মাৰ্চ মাহৰ শেষলৈ 7 লাখতকৈও অধিক আত্মসহায়ক গোটক ঋণৰ লগত সংযুক্ত কৰা হৈছে। এনে ঋণ ব্যৱস্থাক সাধাৰণতে ক্ষুদ্র ঋণ কার্যসূচী (micro-credit programme) বোলা হয়। আত্মসহায়ক গোটসমূহে মহিলাসকলৰ সৱলীকৰণতো সহায় কৰিছে, কিন্তু ঋণসমূহ প্রধানতঃ ভোগকাৰ্যৰ উদ্দেশ্যতে সীমাবদ্ধ হৈ আছে আৰু এইবোৰৰ নগণ্য অংশহে কৃষি সংক্ৰান্তত লোৱা হৈছে।

গ্রামীণ বেংক সেৱা— এক সমালোচনাত্মক মূল্যায়ন (Rural Banking- A Critical Appraisal) :

    বেংক সেৱাৰ দ্ৰুত সম্প্ৰসাৰণে গ্ৰাম্য কৃষি আৰু অনাকৃষি উৎপাদন, আয় আৰু নিয়োগৰ ওপৰত ইতিবাচক প্রভাৱ পেলাইছে। বিশেষকৈ সেউজ বিপ্লৱৰ পিছত ই কৃষকসকলক বিভিন্ন সেৱা আৰু ঋণৰ সুবিধাসমূহ তথা তেওঁলোকৰ উৎপাদনজনিত প্রয়োজন পূৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ ঋণৰ সুযোগ গ্ৰহণ কৰাত সহায় কৰিছে। দুর্ভিক্ষ এতিয়া অতীতৰ ঘটনা। আমি সম্প্ৰতি খাদ্য নিৰাপত্তা অৰ্জন কৰিছো। খাদ্য-শস্যৰ আপদকালিন ভাণ্ডাৰৰ প্ৰাচুৰ্যত ইয়াৰ প্ৰতিফলন ঘটিছে। তথাপিও আমাৰ বেংক ব্যৱস্থা সম্পূৰ্ণ সুচাৰুৰূপে চলা নাই। এইটো প্ৰধানতঃ আনুষ্ঠানিক ঋণদান অনুষ্ঠানসমূহৰ দীর্ঘদিনীয়া নিম্ন কার্য সম্পন্নতা আৰু কৃষকসকলৰ পক্ষত ঘটা খিলাপী ঋণৰ (overdue instalment ঘটনাৰ আধিক্যৰ বাবে হৈছে। সম্ভৱতঃ বাণিজ্যিক বেংকসমূহৰ বাহিৰে অইন নিয়মিত অনুষ্ঠানসমূহ সঞ্চয় সংগ্রহ অর্থাৎ উপযুক্ত ঋণ গ্রহীতালৈ ঋণ প্ৰদান আৰু ফলপ্ৰসূভাৱে ঋণ ঘূৰাই অনা সংস্কৃতি গঢ়াত ব্যৰ্থ হৈছে। দীর্ঘকাল ধৰি কৃষি ঋণৰ অ পৰিশোধৰ হাৰ উচ্চ হৈ আছে আৰু কেবাটাও অধ্যয়নে দেখুৱাইছে যে প্রায় 50 শতাংশ অ পৰিশোধকাৰী ঋণীয়েই ইচ্ছাকৃত অ-পৰিশোধকাৰী (wilful defaulter)ৰ শ্ৰেণীভুক্ত। এইটো বেংক ব্যৱস্থাৰ নিয়াৰি কাৰ্য সম্পাদনৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে আৰু ইয়াৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন হৈছে। এনেদৰে অৰ্থনৈতিক সংস্কাৰৰ পিছত গ্রাম্য বেংক খণ্ডৰ সম্প্ৰসাৰণ আৰু উন্নয়ন পিছ হুহকি গৈছে। এই পৰিস্থিতিৰ উন্নতি কৰিবলৈ হ'লে বেংকসমূহে কেৱল মাত্ৰ ঋণদাতা হৈ থকাৰ পৰিৱৰ্তে ঋণগ্রহীতাসকলৰ সৈতে সম্পৰ্কৰ বেংক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব। কৃষকসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু বিত্তীয় সম্পদসমূহৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ ত্বৰান্বিত কৰাৰো প্রয়োজন আছে।

 Janmoni Hazarika