6.5 উৎপাদনশীল কাৰ্যসমূহৰ বহুমুখীকৰণ (Diversification Into Productive Activities) :

    বহুমুখীকৰণে দুটা দিশ সামৰি লয়। ইয়াৰে এটা শস্য় উৎপাদনৰ বহুমুখীকৰণ সম্পৰ্কীয় আৰু আনটো কৃষিৰ পৰা অন্য়ান্য় আনুসংগিক কাৰ্য (পশুধন, কুকুৰা পালন, মীন পালন ইত্য়াদি) আৰু আনা কৃষি খণ্ডলৈ শ্ৰমশক্তিক চালিত কৰাৰ লগত সম্পৰ্কিত। বহুমুখীকৰণৰ প্ৰয়োজন এই বাবেই যে জীৱিকাৰ বাবে অইন একো নকৰি কেৱল মাত্ৰ কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰাত ক্ষতি শংকা অধিক। কেৱল মাত্ৰ কৃষি খণ্ডৰ পৰা ক্ষতি শংকা হ্ৰাস কৰিবলৈকে নহয় বৰঞ্চ গ্ৰামীণ জনসাধাৰণক উৎপাদনমুখী আৰু বহনক্ষম জীৱিকাৰ অন্য় উপায়ৰ সুবিধা দিয়াৰ বাবেও নতুন ক্ষেত্ৰলৈ বহুমুখীকৰণৰ আৱশ্য়ক। বেছিভাগ কৃষিভিত্তিক নিয়োগ কাৰ্যই খাৰিফ শস্য়কাল (বাৰিষা) ত জলসিঞ্চনৰ যথোচিত সুবিধা নথকা অঞ্চলসমূহত লাভজনক নিয়োগ পোৱাটো কষ্ট সাধ্য় হয়। সেইবাবে দাৰিদ্ৰ্য় আৰু অন্য়ান্য় যাতনা অতিক্ৰম কৰিবলৈ গাওঁবাসীক পৰিপূৰক লাভজনক নিয়োগৰ সুবিধা দিবলৈ আৰু উচ্চ স্তৰৰ আয় আৰ্জন সম্ভৱ কৰি তুলিবলৈ অন্য়ান্য় খণ্ডসমূহ সম্প্ৰসাৰণ কৰাটো অপৰিহাৰ্য। যদিওবা গ্ৰামাঞ্চলত বহনক্ষম জীৱিকাৰ সুবিধা দিব পৰা বহুতো উপায় আছে, ইয়াত মাত্ৰ আনুসংগিক কাৰ্যসমূহ, অনা কৃষিভিত্তিক নিয়োগ আৰু জীৱিকাৰ অন্য়ান্য় উত্থিত বিকল্পৰ ওপৰতহে দৃষ্টিপাত কৰা হব।

    কৃষি খণ্ডত ইতিমধ্য়ে লোকাধিক্য় হোৱা হেতুকে শ্ৰম শক্তিৰ গৰিষ্ঠ অংশৰ বাবে অনা কৃষিখণ্ডত বিকল্প নিয়োগৰ সুযোগৰ প্ৰয়োজন হৈছে। অনা কৃষি অৰ্থ ব্য়ৱস্থাৰ বিভিন্ন অংশ আছে। সুস্থ সৱল বৃদ্ধি ঘটাব পৰাকৈ ইয়াৰ কিছুমানৰ গতিশীল যোগসূত্ৰ আছে। আনহাতে আনবোৰ জীৱনধাৰণৰ নিম্নতম পৰ্যায় আৰু নিম্ন উৎপাদনশীলতা অৱস্থাতে আবদ্ধ। গতিশীল উপখণ্ডসমূহ হলঃ কৃষিভিত্তিক পক্ৰিয়াকৰণ উদ্য়োগসমূহ (agro-processing industries), খাদ্য় প্ৰক্ৰিয়াকৰণ উদ্য়োগসমূহ (food processing industries), চামৰা উদ্য়োগ, পৰ্যটন ইত্য়াদি। মৃৎ উদ্য়োগ, হস্ত শিল্প আৰু হস্ততাঁত বয়ন ইত্য়াদি। পৰম্পৰাগত পৰিয়াল ভিত্তিক উদ্য়োগসমূহ অন্তৰ্ভুক্ত খণ্ডবোৰ সম্ভাৱনাপূৰ্ণ হোৱা সত্ত্বেও এইবোৰে আন্তঃগাঁথনি আৰু অন্য়ান্য় প্ৰয়োজনীয় সহায়ৰ ক্ষেত্ৰত শোচনীয়ভাৱে অভাৱ ভূগি আছে। গ্ৰামীণ মহিলাসকলৰ গৰিষ্ঠ সংখ্য়কে কৃষি খণ্ডত নিয়োগ বিচাৰে। আনহাতে পুৰুষসকলে সাধাৰণতে অনা কৃষি কৰ্মসংস্থান বিচাৰে। সাম্প্ৰতিক সময়ত মহিলাসকলেও অনা কৃষি খণ্ডত কাম বিচাৰিবলৈ আৰম্ভ কৰিছে। (কক্ষ নং 6.2 দ্ৰষ্টব্য়)

পশুপালন (Animal Husbandry) :

    ভাৰতবৰ্ষত কৃষিজীৱী সম্প্ৰদায়ে কৃষি আৰু পশু পালন দুয়োটা একেলগে কৰে। গৰু-মহ, ছাগলী, কুকুৰা আদি বহুলভাৱে পালন কৰা প্ৰজাতি। পশুধন উৎপাদনে অন্য় শস্য় খাদ্য় উৎপাদন কাৰ্যত ব্য়াঘাত নঘটোৱাকৈ আয়, খাদ্য় নিৰাপত্তা, পৰিবহণ, ইন্ধন আৰু পৰিয়ালৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বৰ্ধিত সুস্থিৰতা প্ৰদান কৰে। বৰ্তমান কেৱল মাত্ৰ পশুধন খণ্ডই ভূমিহীন শ্ৰমিককে ধৰি 70 নিযুতৰো অধিক ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বিকল্প জীৱিকাৰ সুবিধা আছে। এক উল্লেখনীয় সংখ্য়ক মহিলায়ো পশুধন খণ্ডত নিয়োগ পাইছে।

    সাৰণী 6.1 ত ভাৰতবৰ্ষত পশুধনৰ বিতৰণ সম্পৰ্কে দেখুোৱা হৈছে। 42 শতাংশৰে কুকুৰা প্ৰথম স্থানত আছে। উট, গাধ, ঘোঁৰা, সৰুঘোঁৰা, খচ্ছৰ আদি পশুধন সমূহ নিম্নতম খলপত আছে। 1997 চনত ভাৰতবৰ্ষত 70 নিযুত মহক ধৰি প্ৰায় 287 নিযুত গো-ধন আছিল। যোৱা তিনি দশকত ভাৰতীয় দুগ্ধ খণ্ডৰ সাফল্য় সম্পূৰ্ণ উৎসাহজনক আছিল। 1960-2000 চনৰ সময়ছোৱাত দেশখনত দুগ্ধ উৎপাদন চাৰিগুণতকৈয়ো অধিক বৃদ্ধি পাইছে। প্ৰধানতঃ 1966 চনৰ পৰা আৰম্ভ কৰা 'প্লাৱন অভিযান' (Operation Flood) ৰ সফল ৰূপায়ণৰ বাবে এইটো সম্ভৱ হোৱা বুলি কব পাৰি। ই হৈছে এটা ব্য়ৱস্থা যাৰ দ্ধাৰা সকলো কৃষকে বিভিন্ন ক্ৰমাংকন (গুণগত মানৰ ভিত্তিত) অনুযায়ী তেওঁলোকৰ উৎপাদিত গাখীৰ উমৈহতীয়াভাৱে জমা কৰিব পাৰে আৰু সেইবোৰৰ প্ৰক্ৰিয়াকৰণ তথা সমবায়ৰ জৰিয়তে নগৰৰ কেন্দ্ৰসমূহত বিপণন কৰা হয়। এই ব্য়ৱস্থাও নহৰৰ বজাৰসমূহত গাখীৰ যোগানৰ জৰিয়তে কৃষকসকলে এক ন্য়ায্য় দাম আৰু আয় নিশ্চিত লাভ কৰে। পূৰ্বতে আঙুলিয়াই দিয়াৰ দৰে দুগ্ধ সমবায় ব্য়ৱস্থাৰ দক্ষতাপূৰ্ণ ৰূপায়ণৰ সফল কাহিনী উদাহৰণ হৈছে গুজৰাট। অন্য় বহুকেইখন ৰাজ্য় এই ক্ষেত্ৰত প্ৰতিযোগিতাত নামিছে। মাংস, কণী, ঊন আৰু অন্য়ান্য় উপজাত দ্ৰব্য় সমূহে বহুমুখীকৰণৰ বাবে উৎপাদনশীল খণ্ড হিচাপে পৰিগণিত হব ধৰিছে।

 মীন পালন (Fisheries) :

    মাছমৰীয়া সম্প্ৰদায়ে জলাধাৰসমূহক ''মাতৃ'' বা ''প্ৰদাত্ৰী'' জ্ঞান কৰে। সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, প্ৰাকৃতিকভাৱে জলপুষ্ট পুখুৰী, জুৰি ইত্য়াদি জলধাৰসমূহ সেইবাবে মাছমৰীয়া সম্প্ৰদায়ৰ কাৰণে অবিচ্ছেদ্য় আৰু জীৱনদায়িনী উৎস। ভাৰতবৰ্ষত মীন পালন আৰু জলকৰ্ষণৰ ক্ষেত্ৰত বাজেট আৱণ্টনৰ ক্ৰমাবৰ্ধমান বৃদ্ধি আৰু নতুন প্ৰযুক্তি প্ৰয়োগৰ ফলত মীন পালনৰ উন্নতিয়ে এক দীৰ্ঘপথ অতিক্ৰম কৰিছে। বৰ্তমান দেশৰ আভ্য়ন্তৰীণ উৎসসমূহৰ পৰা হোৱা মাছৰ উৎপাদনে মুঠ মীন উৎপাদনলৈ 49 শতাংশ বৰঙণি আগবঢ়ায় আৰু বাকী 50 শতাংশ আহে সামুদ্ৰিক খণ্ড (সাগৰ আৰু মহাসাগৰ) ৰ পৰা। বৰ্তমান মুঠ মাছ উৎপাদন সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 1.4 শতাংশ। ৰাজ্য়সমূহৰ ভিতৰত কেৰালা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডু হৈছে সামুদ্ৰিক মাছৰ প্ৰধান উৎপাদনকাৰী। মাছমৰীয়া সকলৰ সামগ্ৰীক আৰ্থ-সামাজিক অৱস্থা আমাৰ দেশৰ অন্য় পিছ পৰা অংশতকৈ তুলনামূলকভাৱে নিম্ন। ব্য়াপক অৰ্ধনিয়োগ, নিম্ন জনমূৰি উপাৰ্জন, অন্য়ান্য় খণ্ডসমূহলৈ শ্ৰমৰ গতিশীলতাৰ অভাৱ আৰু নিৰক্ষৰতাৰ উচ্চ হাৰ তথা ঋণগ্ৰস্ততা হৈছে এই সম্প্ৰদায়সমূহে সন্মুখীন হোৱা কিছুমান প্ৰধান সমস্য়া। মহিলাসকল সক্ৰিয়ভাৱে মাছ ধৰা কাৰ্যত জড়িত নহয় যদিও ৰপ্তানি বিপণনৰ ক্ষেত্ৰত মুঠ শ্ৰম শক্তিৰ 60 শতাংশ আৰু অভ্য়ন্তৰীণ বিপণনৰ ক্ষেত্ৰত 40 শতাংশই হৈছে মহিলা। বিপমনৰ বাবে কাৰ্যকৰী মূলধন (Working capital) ৰ প্ৰয়োজন পূৰণ কৰিবলৈ মাছমৰীয়া মহিলাসকলৰ বাবে সমবায় াৰু আত্মসহায়ক গোটসমূহৰ জৰিয়তে ঋণৰ সুবিধা বৃদ্ধিৰ প্ৰয়োজন আছে। 

উদ্য়োনকৃষি (Horticulture) :

    জলবায়ু আৰু ভূমিৰ অৱস্থাৰ বিচিত্ৰতাৰে আৰ্শীবাৰ্দপুষ্ট ভাৰতবৰ্ষই ফলমূল, শাক-পাচলি, কন্দ শস্য়, ফুল, ঔষধি আৰু সুগন্ধি উদ্ভিদ, মছলা তথা ৰোপণ শস্য় আদিৰ নিচিনা ভিন্নমুখী উদ্য়ান শস্য় উৎপাদনৰ ব্য়ৱস্থা গ্ৰহণ কৰিছে। এই শস্য়সমূহে নিয়োগৰ ক্ষেত্ৰতৰৃ উদ্বেগ নিৰাময় কৰাৰ উপৰিও খাদ্য় আৰু পৰিপুষ্টি প্ৰদানত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 1991 আৰু 2000 চনৰ মাজৰ সময়ছোৱাক 'স্বৰ্ণ বিপ্লৱ'ৰ বাৰ্তাবহনকাৰী প্ৰচেষ্টা বুলি অভিহিত কৰা হয়। কাৰণ এই সময়ছোৱাত উদ্য়ান কৃষিত কৰা পৰিকল্পিত বিনিয়োগ অত্য়ন্ত উৎপাদনশীল হৈছিল আৰু এই খণ্ডটো এক বহনক্ষম জীৱিকাৰ উপায় হৈ উঠিছিল। ভাৰতবৰ্ষই আম, কল, নাৰিকল, কাজু বাদাম আৰু কিছু সংখ্য়ক মছলা উৎপাদনত সমগ্ৰ বিশ্বত নেতৃস্থান দখল কৰাৰ লগতে ফলমূল আৰু শাক-পাচলিৰ ক্ষেত্ৰত দ্ধিতীয় সৰ্ববৃহৎ উৎপাদনকাৰী দেশ ৰূপে আত্মপ্ৰকাশ কৰিছে। উদ্য়ান কৃষিত নিয়োজিত বহু কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি হৈছে আৰু এই খণ্ডটো বহু অৱহেলিত শ্ৰেণীৰ বাবে জীৱিকাৰ উন্নতিৰো উপায় হিচাপে পৰিগণিত হৈছে। ফুলৰ খেতি, পুলি বাগান (নাৰ্চাৰী) ৰ প্ৰতিপালন, উচ্চ উৎপাদনক্ষম বীজ উৎপাদন তথা কলাকৰ্ষণ (Tissue Culture), ফলমূল আৰু ফুলৰ সঁচৰ উৎপাদন আৰু খাদ্য় প্ৰক্ৰিয়াকৰণ (Food Processing) আদি গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে অত্য়ন্ত লাভজনক নিয়োগৰ উপায় হৈ উঠিছে। সমীক্ষামতে এই খণ্ডই মুঠ শ্ৰম শক্তিৰ প্ৰায় 19 শতাংশলৈ নিয়োগৰ সুবিধা প্ৰদান কৰিছে।

    হিচাপত আমাৰ পশুধনৰ সংখ্য়া সম্পূৰ্ণ সন্তোষজনক যদিও অন্য় দেশৰ তুলনাত ইয়াৰ উৎপাদনশীলতা তেনেই নিম্ন। উৎপাদনশীলতা বৃদ্ধিৰ নিমিত্তে উন্নত প্ৰযুক্তি কৌশল আৰু পশুৰ উন্নত সঁচৰ প্ৰসাৰ ঘটোৱাৰ প্ৰয়োজন। উন্নত পশু, চিকিৎসামূলক যত্ন, আৰু ক্ষুদ্ৰ আৰু উপান্ত কৃষক তথা ভূমিহীন শ্ৰমিক সকললৈ ঋণৰ সুবিধাই পশুধনৰ উৎপাদনৰ জৰিয়তে বহনক্ষম জীৱিকাৰ বিকল্প সুবিধা বৃদ্ধি কৰিব। মীন পালন খণ্ডৰ উৎপাদন ইতিমধ্য়ে যথেষ্ট বৃদ্ধি পাইছে।

    তথাপিও অতিমাত্ৰা মাছ ধৰা কাৰ্য আৰু প্ৰদূষণ সম্পৰ্কিত সমস্য়াসমূহৰ নিয়মাধিকৰণ আৰু নিয়ন্ত্ৰণৰ আৱশ্য়কতা আছে। মাছমৰীয়া সম্প্ৰদায়ৰ বাবে গ্ৰহণ কৰা কল্য়াণমূলক কাৰ্যসূচীসমূহক এনেদৰে নতুন ৰূপত সজাব লাগিব যাতে ইহঁতে দীৰ্ঘকালীন সুবিধা আৰু জীৱিকাৰ অৱলম্বন প্ৰদান কৰিব পাৰে। উদ্য়ান কৃষি কাৰ্য এক সফল বহনক্ষম জীৱিকাৰ বিকল্প উপায়ৰূপে বিকশিত হৈছে আৰু ইয়াক গুৰুত্ব সহকাৰে উৎসাহিত কৰাৰ প্ৰয়োজন। ইয়াৰ ভূমিকা বৃদ্ধি কৰিবলৈ বিদ্য়ুৎ, শীতল সঞ্চয়াগাৰৰ ব্য়ৱস্থা, বিপণন যোগসূত্ৰ, ক্ষুদ্ৰ মাত্ৰাৰ প্ৰক্ৰিয়াকৰণ গোট আৰু প্ৰযুক্তিৰ উন্নীতকৰণ তথা এইবোৰৰ বহুল প্ৰসাৰ আদি আন্তঃগাঁথনিত বিনিয়োগ প্ৰয়োজনীয়।

জীৱিকাৰ অন্য়ান্য় বিকল্প উপায়সমূহ (Other Alternate Livelihood Options) :

    আমি জানো যে তথ্য় প্ৰযুক্তিয়ে ভাৰতীয়ে ভাৰতীয় অৰ্থ ব্য়ৱস্থাৰ বহুতো খণ্ডত বিপ্লৱৰ সূচনা কৰিছে। ইয়াত দ্বিমত নাই যে একৈশ শতিকাত বহনক্ষম উন্নয়ন আৰু খাদ্য় সুৰক্ষাত উপনীত হোৱাত তথ্য় প্ৰযুক্তিয়ে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। বহু উদাহৰণে ইয়াৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰে। কোনো জৰুৰীকালীন পৰিস্থিতি প্ৰবাহত বা ইয়াৰ সম্ভাৱনীয়তা হ্ৰাস কৰাৰ ব্য়ৱস্থা গ্ৰহণৰ বাবে যথোপযুক্ত তথ্য় আৰু চফটৱেৰ আহিলা ব্য়ৱস্থাৰ কৰি খাদ্য় সুক্ষাহীন আৰু স্পৰ্শকতাৰ অঞ্চলসমূহ সম্পৰ্কে পূৰ্বানুমান কৰিব পৰাকৈ চৰকাৰৰ সামৰ্থ্য় হৈছে এনে এক উদাহৰণ। কৃষিখণ্ডৰ ওপৰতো ইয়াৰ এক ইতিবাচক প্ৰভাৱ আছে। কিয়নো, ই নতুনকৈ গঢ়ি গঢ়ি উঠা প্ৰযুক্তি আৰু ইয়াৰ প্ৰয়োগ, মূলগ্ৰস্ত, বিভিন্ন শস্য় উৎপাদনৰ বাবে বতৰ আৰু ভূমিৰ অৱস্থা আদিৰ সম্পৰ্কে তথ্য়ৰ বহুল প্ৰচাৰ কৰে। অতি তাৎপৰ্যপূৰ্ণ এয়ে যে ই ঔদ্য়োগিক বিপ্লৱতকৈয়ো হাজাৰ গুণে শক্তিশালী এক জ্ঞান অৰ্থব্য়ৱস্থাক আগবঢ়াই আনিছে। যদিওবা তথ্য় প্ৰযুক্তি নিজে পৰিৱৰ্তনৰ অনুঘটক নহয় তথাপি ই আমাৰ জনসাধাৰণৰ মাজত সুপ্ত হৈ থকা সৃষ্টিশীল সম্ভাৱনা আৰু জ্ঞান উন্নুক্ত কৰাৰ আহিলা হিচাপে কাম কৰিব পাৰে। ইয়াৰ গ্ৰামাঞ্চলত নিয়োগ সৃষ্টি কৰিব পৰা সম্ভাৱনাও আছে। গ্ৰাম্য় উন্নয়নৰ বাবে তথ্য় প্ৰযুক্তি আৰু ইয়াৰ প্ৰয়োগ সম্বন্ধে ভাৰতবৰ্ষৰ বিভিন্ন অংশত সম্পৰীক্ষা চলোৱা হৈছে। (কক্ষ নং 6.3 দ্ৰষ্টব্য়) 

Janmoni Hazarika