8.6 স্বাস্থ্য় (Health) :

    স্বাস্থ্য়ই মাথোন ৰোগহীনতাকে নুবুজায়। ই এজন ব্য়ক্তিৰ কাৰ্যক্ষমতা প্ৰাপ্তিৰ যোগ্য়তাকো সূচায়। স্বাস্থ্য় হৈছে এজন ব্য়ক্তিৰ কল্য়াণৰ মাপকাঠী। স্বাস্থ্য় হৈছে এখন ৰাষ্ট্ৰৰ সামগ্ৰিক বৃদ্ধি আৰু উন্নয়নৰ লগত সম্পৰ্কিত এক পূৰ্ণাংগ প্ৰক্ৰিয়া। মানৱ স্বাস্থ্য়ৰ ক্ষেত্ৰত কুৰি শতিকাই ইতিহাসত তুলনাবিহীন এক গোলকীয় উত্তৰণ প্ৰত্য়ক্ষ কৰিছে যদিও ব্য়ৱস্থাৱলীৰ মাত্ৰ এটা সংযুতিৰ হিচাপত এখন ৰাষ্ট্ৰৰ স্বাস্থ্য়ৰ অৱস্থাৰ সংজ্ঞা দিয়াটো কঠিন। মানুহৰ স্বাস্থ্য় অৱস্থা মূল্য়ায়নৰ বাবে পণ্ডিতসকলে সাধাৰণতে বিবেচনা কৰা নিৰ্দেশকবোৰ হল-- শিশুৰ মৃত্য়ুৰ হাৰ (Infant Mortality Rate), প্ৰসূতি মৃত্য়ুৰ হাৰ (Maternal Mortality Rate), জীৱন প্ৰ্য়াশা (Life Expectancy), পুষ্টিকাৰিতাৰ স্তৰ (Nutrition Level) আৰু লগতে সংক্ৰামক আৰু অ-সংক্ৰামক ৰোগৰ ঘটনা।

    স্বাস্থ্য় আন্তঃগাঁথনিৰ উন্নয়নে এখন দেশত সামগ্ৰী আৰু সেৱাকাৰ্য উৎপাদনৰ বাবে প্ৰয়োজন হোৱা স্বাস্থ্য়ৱান মানৱ শক্তি নিশ্চিত কৰে। বৰ্তমান সময়ৰ পণ্ডিতসকলৰ মতে জনসাধাৰণৰ স্বাস্থ্য় সেৱাৰ সুবিধা পোৱাৰ অধিকাৰ আছে। স্বাস্থ্য়ৱান জীৱন-যাপনৰ অধিকাৰ নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। স্বাস্থ্য় আন্তঃগাঁথনিয়ে চিকিৎসালয়, ডাক্তৰ, নাৰ্ছ, অৰ্ধ চিকিৎসীয় বৃত্তাধাৰী (Paramedical Proffessionals), বিছনা, চিকিৎসালয়ত প্ৰয়োজন হোৱা সা-সৰঞ্জাম আৰু সু-বিকশিত দৰৱ উদ্য়োগক সামৰি লয়। অৱশ্য়ে, স্বাস্থ্য়ৱানলোক পোৱাৰ বাবে অকল স্বাস্থ্য় আন্তঃগাঁথনিৰ সুবিধাই সহজলভ্য় হব লাগিব। আমাৰ পৰিকল্পিত উন্নয়নৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা নীতি-নিৰ্ধাৰকসকলৰ কল্পনা আছিল যে প্ৰয়োজনীয় ব্য়য় বহনৰ অসমৰ্থতাৰ বাবে কোনো ব্য়ক্তিয়েই আৰোগ্য়মূলক আৰু প্ৰতিষেধক স্বাস্থ্য়সেৱাৰ পৰা বঞ্চিত হব নালাগে। কিন্তু আমি সপোন বাস্তৱায়িত কৰিব পাৰিছানে ? বিভিন্ন স্বাস্থ্য় আন্তঃগাঁথনিসমূহৰ সম্পৰ্কে আলোচনা কৰাৰ আগতে ভাৰতবৰ্ষৰ স্বাস্থ্য়সেৱাৰ অৱস্থা চাওঁহক।

স্বাস্থ্য় আন্তঃগাঁথনিৰ অৱস্থা (State of Health Infrastructure) :

    চিকিৎসা শিক্ষা, খাদ্য়ৰ ভেজালকৰণ, ঔষধ আৰু বিহ, চিকিৎসা বৃত্তি, জনসংখ্য়িকীয় পৰিসংখ্য়া (Vital Statistics) মানসিক অক্ষমতা আৰু উন্মদ ৰোগ আদি স্বাস্থ্য়ৰ লগত জড়িত সকলো বিষয়ৰে পথ-প্ৰদৰ্শক আৰু নিয়ন্ত্ৰণকাৰীৰ ভূমিকা লোৱাটো চকাৰৰ সাংবিধানিক দায়িত্ব।

    কেন্দ্ৰীয় চৰকাৰে 'কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্য়াণ পৰিষদ' (Central Council for Health and Family Welfare) ৰ জৰিয়তে বিস্তৃত নীতি আৰু পৰিকল্পনাৰ বিকাশ ঘটাইছে। এই সংস্থাই তথ্য় সংগ্ৰহ কৰাৰ লগতে ৰাজ্য়িক চৰকাৰ, কেন্দ্ৰীয়শালিত অঞ্চল আৰু অন্য়ান্য় নিকায়সমূহক দেশৰ গুৰুত্বপূৰ্ণ স্বাস্থ্য় আঁচনিসমূহ ৰূপায়ণৰ বিত্তীয় আৰু প্ৰযুক্তিগত সহায়ৰ হাত আগবঢ়ায়।

    বিগত বছৰসমূহত ভাৰতবৰ্ষই বিভিন্ন স্তৰত এক বিশাল স্বাস্থ্য় আন্তঃগাঁথনি আৰু জনশক্তি গঠন কৰিছে। গাঁও পৰ্যায়ত চৰকাৰে বিভিন্ন ধৰণৰ চিকিৎসালয় স্থাপন কৰিছে। ভাৰতবৰ্ষত স্বেচ্ছাসেৱী সংস্থা আৰু ব্য়ক্তিগত খণ্ডৰ অধীনত বহুসংখ্য়ক চিকিৎসালয় চলি আছে। এই চিকিৎসালয়সমূহ মেডিকেল, ফাৰ্মাচী আৰু নাৰ্ছিং কলেজত প্ৰশিক্ষণপ্ৰাপ্ত বহু সংখ্য়ক বৃত্তাধাৰী আৰু অৰ্ধ চিকিৎসীয় (Para Medical) বৃত্তাধাৰীৰ দ্ধাৰা পৰিচালিত।

    স্বাধীনতাৰ পিছৰে পৰা ভাপতবৰ্ষত স্বাস্থ্য় সেৱাৰ ভৌতিক ব্য়ৱস্থাসমূহৰ এক লেখত লবলগীয়া সম্প্ৰসাৰণ ঘটিছে। 1951-2000 চনৰ ভিতৰত চিকিৎসালয় (Hospital) আৰু ডাক্তৰখানাৰ (Dispensary) ৰ সংখ্য়া 9,300 ৰ পৰা 43,300 লৈ বৃদ্ধি পাইছে আৰু চিকিৎসালয়ৰ বিছনাৰ সংখ্য়া 1.2 নিযুতৰ পৰা 7.2 নিযুতলৈ বৃদ্ধি পাইছে (তালিকা 8.3 চোৱা)। 1951-1999 চনৰ সময়ছোৱাত নাৰ্ছৰ সংখ্য়া 0.18 লাখৰ পৰা 8.7 লাখলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত আধুনিক (Allopathic) চিকিৎসকৰ সংখ্য়া বৃদ্ধি পাইছে 0.62 লাখৰ পৰা 5.0 লাখলৈ। স্বাস্থ্য় আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে সৰু আই, গিণি পেলুৰ দৰে ৰোগ নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। লগতে কুষ্ঠ আৰু পলিঅ'ৰ দৰে ৰোগো প্ৰায় নিৰ্মূলৰ পথত।

ব্য়ক্তিগত খণ্ডৰ স্বাস্থ্য় আন্তঃগাঁথনি (Private Sector health Infrastructure) :

    বিগত সময়ছোৱাত জনস্বাস্থ্য় খণ্ডই সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ সফলতা লাব কৰিব পৰা নাই। এই সম্পৰ্কে পৰৱৰ্তী অংশত অধিক আলোচনা আগবঢ়োৱা হব। এইক্ষেত্ৰত ব্য়ক্তিগত খণ্ড ক্ষীপ্ৰ গতিৰে আগবাঢ়িছে। ভাৰতবৰ্ষৰ 70%  ৰো অধিক চিকিৎসালয় ব্য়ক্তিগত খণ্ডৰ অধীনত। এই সমূহে চিকিৎসালয় মুঠ বিছনাৰ দুই-পঞ্চমাংশ নিয়ন্ত্ৰণ কৰে। প্ৰায়ে 60% ডাক্তৰখানা (Dispensary) ব্য়ক্তিগত খণ্ডই চলাই আছে। এই খণ্ডত মুঠ বহিঃৰোগীৰ 80% আৰু আন্তঃৰাষ্ট্ৰীয় 46% লৈ সেৱা আগবঢ়ায়।

    বৰ্ত্তমান সময়ত চিকিৎসা শিক্ষা আৰু প্ৰশিক্ষণ, চিকিৎসা প্ৰযুক্তি আৰু ৰোগ  নিৰ্ময়, দৰৱজাতিৰ উৎপাদন আৰু বিক্ৰী, চিকিৎসালয় নিৰ্মাণ আৰু চিকিৎসা সেৱাৰ সুবিধা প্ৰদান আদি প্ৰায় সকলো ক্ষেত্ৰতে ব্য়ক্তিগত খণ্ডই মুখ্য় ভূমিকা পালন কৰিছে। 2001-02 চনত 13 লাখতকৈও অধিক চিকিৎসা প্ৰতিষ্ঠান (Medical Enterprise) আছিল আৰু এইবোৰত 22 লাখতকৈয়ো অধিক লোক নিয়োজিত আছিল। ইয়াৰ ভিতৰত 80% ৰো অধিক লোক এজন ব্য়ক্তিৰ মালিকাধীন আছিল যিয়ে সময়ে সময়ে ভাৰাতীয়া কৰ্মীও নিযুক্তি দিছিল। পণ্ডিত সকলৰ মতে ভাৰতবৰ্ষত ব্য়ক্তিগত খণ্ডই বিশেষ বিধি-ব্য়ৱস্থাৰ সন্মুখীন নোহোৱাকৈ স্বাধীনভাৱে অগ্ৰসৰ হৈছে। কিছুমান ব্য়ক্তিগত চিকিৎসক আনকি পঞ্চীয়নভুক্ত ডাক্ৰৰেই নহয়; এওঁলোক বেজ (Quake) বুলিহে জনাজাত। 1990 ৰ দশকৰ পৰা, বিশেষকৈ উদাৰীকৰণ (Liberalisation) ৰ ব্য়ৱস্থাৱলী গ্ৰহণ কৰাৰ পৰা ভাৰতবৰ্ষলৈ চহকী পৰ্যটকক আকৰ্ষিত কৰিবলৈ প্ৰবাসী ভাৰতীয় আৰু ঔদ্য়োগিক তথা দৰৱ জাতিৰ কোম্পানীয়ে দেশখনত আধুনিকতম প্ৰযুক্তিবিদ্য়াৰ অতি বিশেষীকৃত হাস্পতাল (Super Speciality Hospital) গঢ়ি তুলিছে। কক্ষ 8.6 চোৱা। কিন্তু দুখীয়া জনসাধাৰণে কেৱল মাত্ৰ চৰকাৰী হাস্পতালসমূহৰ ওপৰতে নিৰ্ভৰ কৰিব পাৰে বাবে স্বাস্থ্য়সেৱা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰী হাস্পতালসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ।

   ভাৰতীয় চিকিৎসা প্ৰণালী (Indian System of Medicine) :

        ভাৰতবৰ্ষত মুঠতে ছয়টা চিকিৎসা প্ৰণালী প্ৰচলিত। এইবোৰ হল আয়ুৰ্বেদ (Ayurveda), যোগ (Yoga), ইউনানী (Unani), সিদ্ধা (Siddha), প্ৰকৃতিক চিকিৎসা (Naturopathy) আৰু হোমিঅ'প্য়াথি (Homeopathy) যাক চমুকৈ AYUSH) বুলি জনা যায়। সম্প্ৰতি ভাৰতীয় চিকিৎসা প্ৰণালীৰ 3004 খন হাস্পতাল, 23,028 খন ডাক্তৰখানা আৰু 6,11,431 জন পঞ্জীয়নভুক্ত চিকিৎসক আছে। কিন্তু শিক্ষাক মান বিশিষ্ট কৰিবলৈ বা গৱেষণা আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় আধাৰ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ একো হোৱা নাই। ভাৰতীয় চিকিৎসা প্ৰণালীৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু ই আমাৰ স্বাস্থ্য় বহুলাংশে সমাধান কৰিব পাৰে। কিয়নো এই পদ্ধতি ফলপ্ৰসূ, নিৰাপদ আৰু কম খৰচী।

স্বাস্থ্য় আৰু স্বাস্থ্য় আন্তঃগাঁথনিৰ নিৰ্দেশকসমূহঃ এক সমালোচনাত্মক মূল্য়ায়ন (Indicators of Health and Health Infrastructure : A Critical Appraisal) :

       আগত উল্লেখ কৰাৰ দৰে এখন দেশৰ স্বাস্থ্য় সম্পৰ্কীয় অৱস্থাৰ মূল্য়ায়ন সেই দেশত শিশুৰ মৃত্য়ু হাৰ (Infant morality Rate), প্ৰসূতি মৃত্য়ুৰ হাৰ (Maternal Mortality Rate), জীৱন প্ৰত্য়াশা 
(Life Expectancy) আৰু পৰিপুষ্টিৰ স্তৰ (Nutrition Level) ৰ লগতে সংক্ৰামিত আৰু অসংক্ৰমিত ৰোগৰ ঘটনা আদি নিৰ্দেশকৰ দ্ধাৰা 
কৰা হয় কেতবোৰ স্বাস্থ্য নিৰ্দেশক আৰু ইহঁতৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান তালিকা নং .4 দেখুওৱা হৈছে

    পণ্ডিতসকলৰ মতে আমাৰ দেশৰ স্বাস্থ্য খণ্ডত অধিক পৰিসৰৰ চৰকাৰী ভূমিকাৰ প্ৰয়োজন আছে উদাহৰণ স্বৰূপে তালিকাখনৰ পৰা জানিব পাৰি যে ভাৰতবৰ্ষত মুঠ ঘৰুৱা উৎপাদনৰ (GDP) মাত্র 5 শতাংশহে স্বাস্থ্যখণ্ডত ব্যয় কৰা হয়  এই হিচাপ উন্নত আৰু উন্নয়নশীল উভয়বিধ দেশৰ তুলনাত অতি নিম্ন

    এটি অধ্যয়নৰ পৰা পোৱা গৈছে যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 17% ভাৰতত বাস কৰেকিন্তু মুঠ গোলকীয় বেমাৰৰ বোজা (Global Bur den of Disease : GBD) ভয়াবহ 20% ভাৰতে বহন কৰি আছে GBD  বিশেষজ্ঞসকলে ব্যৱহাৰ কৰা এক নির্দেশক যাৰ সহায়ত কোনো এটা নিৰ্দিষ্ট ৰোগত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ জোখ ' পাৰি লগতে এনে ৰোগীসকলে অক্ষম হৈ কটাবলগীয়া হোৱা বছৰৰ সংখ্যাও GBD সহায়ত জানিব পৰা যায়

    ভাৰতবৰ্ষই মূৰপাতি লোৱা বিশ্ব বেমাৰৰ বোজাৰ আধাতকৈ বেছি অংশৰ কাৰণ হৈছে ডায়েৰিয়ামেলেৰিয়া আৰু যক্ষ্মা আদি সংক্ৰিমত ৰোগ প্ৰতি বছৰে প্ৰায় পাঁচ লাখ শিশু পানীৰ পৰা হোৱা বিভিন্ন ৰোগত মৃত্যু মুখত পৰে। (AIDS) এইড্‌ছ ৰোগৰ ভয়াবহতায়ো বৃহৎ আকাৰত ছানি ধৰিছে। পুষ্টিহীনতা আৰু প্ৰতিষেধকৰ অযথোপযুক্ত যোগানৰ বাবে দেশত প্ৰতিবছৰে 2.2 নিযুত শিশু মৃত্যু মুখত পৰে। বৰ্তমান ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 20% তকৈও কমেহে জনস্বাস্থ্য সেৱাৰ সুবিধা গ্ৰহণ কৰে। এক অধ্যয়ন অনুসৰি প্রাথমিক স্বাস্থ্যকেন্দ্রসমূহ (PHC)ৰ 38%-অত হে প্রয়োজনীয় সংখ্যক ডাক্তৰ আছে আৰু মাত্র 30% প্রাথমিক স্বাস্থ্যকেন্দ্ৰতহে পর্যাপ্ত পৰিমাণে ঔষধ মজুত আছে।

    নগৰীয়া-গ্রামীণ আৰু ধনী-দুখীয়াৰ বিভাজন (Rural-Urban & Poor- Rich Divide) :

    যদিও ভাৰতৰ মুঠ জনসংখ্যাৰ 70% গ্রামাঞ্চলত বাস কৰে, দেশখনৰ মুঠ হাস্পতালৰ মাত্র , 1/5 অংশহে গ্রামাঞ্চলত অৱস্থিত। আকৌ মুঠ ডাক্তৰখানা (Dipensary)ৰ আধাসংখ্যকহে গ্রামীণ ভাৰতত অৱস্থিত। প্রায় সাত লাখ বিছনাৰ ভিতৰত প্ৰায় 11% হে গ্রামাঞ্চলত উপলব্ধ। গতিকে দেখা গৈছে যে গ্রামাঞ্চলৰ লোকসকল যথোচিত স্বাস্থ্য আন্তঃগাঁথনিৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ফলত স্বাস্থ্য অৱস্থাৰ ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদৰ সৃষ্টি হৈছে।

    গাঁও অঞ্চলত প্ৰতি লাখ জনসংখ্যাৰ বাবে 0.36 খন হাস্পতাল আছে। অথচ চহৰ অঞ্চলত এই হিচাপ হৈছে 3.6 খন। গ্রামাঞ্চলৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রসমূহত আনকি এক্স-ৰে (X-Ray) বা ৰক্ত পৰীক্ষা আদিৰ সুবিধাও নাই। চহৰাঞ্চলৰ লোকসকলে এইবোৰক প্ৰাথমিক স্বাস্থ্য যতন ব্যৱস্থা বুলি বিবেচনা কৰে। স্বাস্থ্য সেৱাৰ সুবিধাৰ ক্ষেত্ৰত ৰাজস্থান, বিহাৰ, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহ তুলনামূলকভাবে পিছপৰি আছে। 1986 চনত গাঁও অঞ্চলত উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত লোকৰ হিচাপ আছিল 15%। 2003 চনতএই হিচাপ 24% লৈ বৃদ্ধি পাইছে।

    গাঁওবাসীয়ে শিশুৰোগ (Paediatrics), স্ত্ৰীৰোগ (Gynaecology) আৰু বন্ধ্যাত্ব (Obstet rics), এনাস্থেছিয়া (Anaesthesia) আদি বিশেষীকৃত চিকিৎসাসমূহৰ সুবিধা নাপায়। 165স্বীকৃতিপ্রাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ পৰা বছৰি 12 হাজাৰ চিকিৎসা স্নাতক সৃষ্টি হয় যদিও গ্রামাঞ্চলত এতিয়াও ডাক্তৰৰ অভাৱ চলি আছে। স্নাতক ডাক্তৰসকলৰ এক পঞ্চমাংশই অধিক মুদ্ৰাৰ আশাত স্বদেশ এৰি গুছি যায় আৰু ৰৈ যোৱাসকলৰ বেছিভাগেই কার্যক্ষেত্ৰ হিচাপে ব্যক্তিগত চিকিৎসালয়সমূহ বাছি লয়, যিবোৰৰ প্ৰায়ভাগেই নগৰাঞ্চলত অৱস্থিত।

    ভাৰতবৰ্ষৰ চহৰ আৰু গ্ৰামাঞ্চলৰ আটাইতকৈ দুখীয়া 20% লোকে তেওঁলোকৰ আয়ৰ 12% চিকিৎসাসেৱাৰ বাবদ ব্যয় কৰে। আনহাতে ধনী লোকসকলে এই ক্ষেত্ৰত কৰা ব্যয় হল তেওঁলোকৰ আয়ৰ মাত্ৰ 2%। গতিকে প্রশ্ন হয় দুখীয়া লোকে বেমাৰত পৰিলে কি অৱস্থা হয়? চিকিৎসাৰ বাবে বহুতে মাটি-বাৰী বিক্ৰী কৰিবলগীয়া হয় অথবা ল'ৰা-ছোৱালীকো আনৰ ঘৰত চাকৰ থ'বলগীয়া হয়। যিহেতু চৰকাৰী হাস্পতালসমূহে পর্যাপ্ত চিকিৎসা সুবিধা প্রদান কৰিব নোৱাৰে, দুখীয়া লোকসকলে ব্যক্তিগত চিকিৎসালয়লৈ যাবলগীয়া হয়। গতিকে চিকিৎসা ব্যয়ৰ বোজাৰ বাবে এই লোকসকল চিৰজীৱনৰ বাবে ঋণগ্রস্ত হয়। অন্যথাই তেওঁলোক মৃত্যুমুখত পৰিব।

মহিলাৰ স্বাস্থ্য :

    ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা মহিলা। কিন্তু পুৰুষৰ তুলনাত তেওঁলোকে শিক্ষা, আর্থিক কাৰ্যত অংশগ্ৰহণ আৰু স্বাস্থ্য যতনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। দেশখনত শিশু লিঙ্গৰ অনুপাত 1991 চনত আছিল 945। 2001 চনৰ লোকপিয়লত ই 927 লৈ হ্রাস পাইছে। এইটোৱে দেশখনত ঘটি থকা কন্যা ভ্রূণ হত্যাৰ কথাকেবুজাইছে। 15 বছৰ বয়সৰ তলত প্রায় 3,00,000 জনী ছোৱালী কেৱল বিবাহিতাই নহয় তেওঁলোকৰ প্রত্যেকে অতি কমেও এটিকৈ সন্তানৰ মাতৃ। 15ৰ পৰা 49 বছৰ বয়সৰ ভিতৰৰ 50%ৰো অধিক বিবাহিতা মহিলাই পুষ্টিহীনতা আৰু লৌহৰ অভাৱত হোৱা ৰক্তহীনতাত ভোগে। ইয়েই মুঠ প্রসূতি মৃত্যুৰ 19% কাৰণ। গর্ভপাতো ভাৰতবৰ্ষৰ মাতৃ মৃত্যু আৰু ৰোগ প্ৰৱণতাৰ অন্যতম প্রধান কারণ।

    স্বাস্থ্য হৈছে এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা দ্ৰব্য আৰু মৌলিক মানৱ অধিকাৰ। চৰকাৰী স্বাস্থ্যসেৱাৰ বিকেন্দ্ৰীকৰণ হলে সকলো নাগৰিকেই উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লব পাৰিব। ৰোগৰ সৈতে দীর্ঘকালীন সংগ্ৰামৰ সফলতা নিৰ্ভৰ কৰে শিক্ষা আৰু সুদক্ষ স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত৷ গতিকে স্বাস্থ্য আৰু স্বাস্থ্যবিধি সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা আৰু দক্ষ ব্যৱস্থা উপলব্ধ কৰোৱাটো অতি গুৰুত্বপূৰ্ণ। এনে প্ৰক্ৰিয়াত টেলি সংযোগ আৰু তথ্য-প্রযুক্তি খণ্ডৰ ভূমিকাক অৱহেলা কৰিব নোৱাৰি। বিভিন্ন ধৰণৰ স্বাস্থ্য আঁচনি সমূহৰ ফলপ্রসূতা নিৰ্ভৰ কৰে প্রাথমিক স্বাস্থ্য যতন সমূহৰ ওপৰত। জনসাধাৰণক এক উন্নত জীৱনৰ মান বৈশিষ্ট্যলৈ আগুৱাই যোৱাত সহায় কৰাটোৱে স্বাস্থ্য আঁচনিসমূহৰ চূড়ান্ত লক্ষ্য হোৱা উচিত। চৰকাৰী-বেচৰকাৰী যুটীয়া অংশীদাৰে (Public Private Partnership) ঔষধ আৰু চিকিৎসা সেৱা উভয় ক্ষেত্ৰতে বিশ্বাসযোগ্যতা, গুণগতমান আৰু সহজলভ্যতাৰ ফলপ্ৰসূ নিশ্চিতি প্ৰদান কৰিব পাৰে। ভাৰতবৰ্ষত গাঁও আৰু চহৰৰ স্বাস্থ্যসেৱাৰ মাজত সুস্পষ্ট পার্থক্য চকুত পৰে। ক্রমান্বয়ে তীব্ৰতৰ হোৱা এই বিভাজন যদি আমি অস্বীকাৰ কৰি গৈ থাকো তেনেহলে আমাৰ দেশৰ আৰ্থ সামাজিক গাঁথনি অস্থিৰ হোৱাৰ শংকা চলি থাকিব। সকলোলৈকে মৌলিক স্বাস্থ্য যতন উপলব্ধ কৰাবলৈ হ'লে আমাৰ মৌলিক স্বাস্থ্য আন্তঃগাঁথনিত সুলভতা আৰু সক্ষমতাৰ সমন্বয় ঘটাব লাগিব।

Type Janmoni Hazarika 





Post ID : DABP005437