7.1 সূচনা (Introduction) :

    মানুহে বিভিন্ন প্ৰকাৰৰ কাম কৰে। খেতিপথাৰ, কাৰখানা, বেংক, দোকান আৰু অন্য়ান্য় বিভিন্ন ক্ষেত্ৰত মানুহে কাম কৰে। আকৌ , কিছুমান মানুহে ঘৰতো কাম কৰে। নিজৰ ঘৰত বহি মানুহে বোৱা-কটা, ফিটা চিলোৱা অথবা অন্য়ান্য় হস্তশিল্প জাতীয় পৰম্পৰাগত কামবোৰেই যে কৰে এনে নহয়। এইবোৰৰ উপৰিও বিভিন্ন আধুনিক কাম যেনে, তথ্য়-প্ৰযুক্তি উদ্য়োগত প্ৰগ্ৰেমিং (Programming) প্ৰস্তুতচিকৰা ইত্য়াদিবোৰো কৰিব পাৰে। অতীতত নগৰত অৱস্থিত কাৰখানাবোৰৰ কাম তাত গৈহে কৰিব পৰা গৈছিল। সম্প্ৰতি, আধুনিক প্ৰযুক্তিৰ উন্নতি হোৱাত মানুহে গাঁৱৰ ঘৰত বহিও এনোবোৰ কাম কৰিব পৰা হৈছে। অৰ্থাৎ, কাৰখানালৈ নোযোৱাকৈয়ে কাৰখানা জাত সামগ্ৰী ঘৰতেই তৈয়াৰ কৰিব পৰা হৈছে।

    প্ৰশ্ন হয়, মানুহে কিয় কাম কৰে ? ব্য়ক্তি তথা সমাজৰ এজডন সদস্য় হিচাপ আমাৰ জীৱনত কৰ্মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। জীয়াই থকাৰ বাবে 'উপাৰ্জন' কৰিবলৈ মানুহে কাম কৰিব লাগে। অৱশ্য়ে, কিছুমান মানুহে কোনো কাম নকৰাকৈয়ো উত্তৰাধিকাৰী সূত্ৰে মুদ্ৰাৰ অধিকাৰী হব পাৰে। ইয়াৰ দ্ধাৰা মানুহ সম্পূৰ্ণ সন্তুষ্ট হব নোৱাৰে। কোনো কাম কৰিব পাৰিলে মানুহে স্ব-গুৰুত্ব অনুভৱ কৰিব পাৰে আৰু ইয়াৰ দ্ধাৰাই নিজকে অৰ্থপূৰ্ণভাৱে আনৰ সৈতে জড়িত কৰিব পাৰে। দেশৰ প্ৰতিজন কৰ্মৰত মানুহেই নিজৰ কামৰ জৰিয়তে জাতীয় আয় আৰু দেশৰ বিকাশলৈ অৰিহণা আগবঢ়া। এইটোৱে জীৱিকা 'উপাৰ্জন'ৰ প্ৰকৃত অৰ্থ। আমি কেৱল নিজৰ বাবেই কাম নকৰোঁ। যিসকল আমাৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ অভাৱ দূৰ কৰাৰ বাবে কাম কৰি আমি কৃতিত্ব অনুভৱ কৰোঁ। আমাৰ জীৱনত কৰ্মৰ গুৰুত্ব উপলদ্ধি কৰিয়েই মহাত্মা গান্ধীয়ে শিক্ষা আৰু শিল্পকে ধৰি বিভিন্ন কৰ্মৰ মাজেৰে প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিছিল।

    বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ থকা মানুহৰ বিষয়ে অধ্য়য়ন কৰিলে তেওঁলোকৰ কামসমূহৰ গুণাগুণ আৰু প্ৰকৃতি সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰি। তেতিয়া আমাৰ দেশৰ মানৱ সম্পদৰ গুৰুত্ব বুজাৰ লগতে এনে সম্পৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তাও বুজিব পৰা যায়। ইয়ে দেশৰ জাতীয় আয়লৈ বিভিন্ন খণ্ড তথা উদ্য়ােগে আগবঢ়োৱা অৰিহণাৰ কথা বুজাতো সহায় কৰে। তদুপৰি, দেশৰ উপান্ত শ্ৰেণী, (Marginalised section) শিশু-শ্ৰমিক, ইত্য়াদিৰ ওপৰত চলি থকা শোষণৰ দৰে সামাজিক সমস্য়াবোৰ বিশ্লেষণ কৰাৰ ক্ষেত্ৰতো ই আমাক সহায় কৰে।

Janmoni Hazarika