9.3  ভাৰতবৰ্ষৰ পৰিৱেশৰ অৱস্থা (State of India's Environment) :

    ভাৰতবৰ্ষৰ উন্নতমানৰ ভূমি, কেিবা শও ননৈ-উপনৈ, জীপাল সেউজীয়া অৰণ্য়, ভূগৰ্ভৰ প্ৰচুৰ খনিজ ভাণ্ডাৰ, ভাৰত মহাসাগৰৰ বিশাল বিস্তৃতি পৰ্বত মালা ইত্য়াদি প্ৰচুৰ প্ৰকৃতিক সম্পদেৰে ভৰপূৰ। দাক্ষিণাত্য় মালভূমিৰ ক'লামাটি কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী, যাৰ বাবে এই অঞ্চলত বস্ত্ৰ উদ্য়োগৰ কেন্দ্ৰীভৱন ঘটিছে। আৰব সাগৰৰ পৰা বঙ্গোপসাগৰলৈ বিস্তৃতি সিন্ধু-গঙ্গা সমভূমি বিশ্বৰ অতি ঊৰ্বৰ, প্ৰগাঢ় কৃষিসম্পন্ন আৰু ঘন জনবসতিপূৰ্ণ অঞ্চল সমূহৰ অন্য়তম। ভাৰতবৰ্ষৰ অৰণ্য়সমূহ যদিও অ-সমভাৱে বিস্তৃত, তথাপিও ইবিলাকৰ সেউজ আৱৰণে অধিকাংশ জনসংখ্য়াক আৱৰি লোৱাৰ লগতে প্ৰাকৃতিক আৱৰণে বন্য়প্ৰাণী সমূহক সামৰি লবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষত লোৰ আকৰ, কয়লা আৰু প্ৰাকৃতিক গেছৰ বিশাল ভাণ্ডাৰ আছে। বিশ্বৰ মুঠ লোৰ আকৰ ভাণ্ডাৰৰ 20 শতাংশ ভাৰতবৰ্ষতে আছে। দেশখনৰ বিভিন্ন প্ৰান্তত বক্সাইট, তাম, ক্ৰ'মাইট, হীৰা, সোণ, সীহ, লিগনাইট, মেঙ্গানিজ, দস্তা, ইউৰেনিয়াম আদিও পোৱা যায়। তথাপি ভাৰতবৰ্ষৰ উন্নয়নমূলক কাৰ্যসমূহে ইয়াৰ সীমিত প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা সৃষ্টি কৰাৰ লগতে মানৱ স্বাস্থ্য় আৰু কল্য়াণৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰতবৰ্ষৰ পৰিৱেশৰ প্ৰতি ভাবুকিয়ে দ্ধিভাজনৰ (dichotomy) সৃষ্টি কৰিছে-- দাৰিদ্ৰ্য় প্ৰণোদিত পৰিৱেশ অৱনমনৰ ভাবুকি আৰু একে সময়তে সমৃদ্ধি আৰু ক্ষীপ্ৰগতিত বৰ্ধমান ঔদ্য়োগিক খণ্ডই সৃষ্টি কৰা প্ৰদূষণৰ ভাবুকি। বায়ু প্ৰদূষণ, জলদূষিতকৰণ, ভূমি খহন, নিৰ্বানানীকৰণ আৰু বন্য়প্ৰাণী বিলুপ্তিকৰণ আদি ভাৰতবৰ্ষৰ বাবে অতি গভীৰ পৰিৱেশ সমস্য়া। অগ্ৰাধিকাৰৰ ভিত্তিত চিনাক্ত কৰা পৰিৱেশ সমস্য়াসমূহ হল-- (i) ভূমিৰ অৱনমন (ii) জীৱ বৈচিত্ৰ ক্ষতি (iii) নগৰাঞ্চলৰ যান-বাহনৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ বিশেষ প্ৰসঙ্গেৰে বায়ু প্ৰদূষণ (iv) বিশুদ্ধ পানীৰ ব্য়াৱস্থাপনা (v) কঠিন আৱৰ্জনাৰ ব্য়াৱস্থাপনা। ভাৰতবৰ্ষ মূলতঃ অস্থিৰ আৰু অনুপযুক্ত ব্য়াৱস্থাপনাৰ বাবে বিভিন্ন মাত্ৰা আৰু প্ৰকাৰৰ অৱনমনৰ বলি হৈছে।