গুৰগাওঁ - দিল্লী - মিৰুট অঞ্চলঃ

    এই অঞ্চলত অৱস্থিত হৈ থকা উদ্যোগবোৰৰ আজি কিছু বছৰৰ ভিতৰত বৰ খৰতকীয়া বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। খনিজ পদাৰ্থ আৰু শক্তি সম্পদৰ উৎসমূহৰ পৰা এই অঞ্চল বহু দূৰৈত অৱস্থিত আৰু সেয়েহে ইয়াত থকা উদ্যোগবোৰৰ অধিকাংশই লঘু উদ্যোগ আৰু বজাৰকেন্দ্ৰিক। এই অঞ্চলৰ মুখ্য উদ্যোগ কিছুমান হল ইলেকট্ৰনিকছৰ উদ্যোগ, লঘু কাৰিকৰী উদ্যোগ আৰু বৈদ্যুতিক সামগ্ৰী প্ৰস্ততকৰণ ইত্যাদি। ইয়াৰ বাদেও কঁপাহীবস্ত্ৰ, উনীবস্ত্ৰ আৰু সাংশ্লেষিক সূতাৰ বস্ত্ৰ, হছিয়াৰি, চেনি, চিমেণ্ট, যান্ত্ৰিক সঁজুলিৰ নিৰ্মাণ, ট্ৰেক্টৰ, চাইকেল, কৃষিকাৰ্যত ব্যৱহিত সৰঞ্জাম, ৰাসায়নিক আৰু বনস্পতি উদ্যোগবোৰো দ্ৰুত হাৰত বিকশিত হৈছে। নৱতম ছফ্ টৱেৰ উদ্যোগ আদিও থিতাপি লৈছে। এই অঞ্চলৰ দক্ষিণলৈ থকা আগ্ৰা, মথুৰা উদ্যোগ, ক্ষেত্ৰ, গ্লাছ আৰু ছামৰাৰ সামগ্ৰী প্ৰস্তত কৰাৰ ক্ষেত্ৰত বিশেষত্ব অৰ্জন কৰিছে। মথুৰা, খাৰুৱা তেলৰ শোধনাগাৰৰ সৈতে থকা, এখন পেট্ৰৰাসায়নিক উদ্যোগিক চহৰ। উদ্যোগ কেন্দ্ৰ হিচাপে বিশেষত্ব থকা উল্লেখনীয় ঠাইবোৰ হল গুৰগাওঁ, দিল্লী, ছাহদৰা, ফৰিদাবাদ, মিৰুট, মডিনগৰ, গাৰ্জিয়াবাদ, আম্বালা, আগ্ৰা আৰু মথুৰা।

    কোল্লাম - তিৰুৱনন্তপুৰম অঞ্চলঃ

    এই উদ্যোগ ক্ষেত্ৰ তিৰুৱনন্তপুৰম, কোল্লাম, অলৱাই, এৰনাকুলম আৰু আলাপ্পুঝা জিলা সামৰি বিস্তৃত হৈ আছে। ৰোপণ কৃষি আৰু জলশক্তি এই অঞ্চলৰ উদ্যোগৰ মূল আধাৰস্বৰূপ। দেশৰ খনিজ পদাৰ্থ থকা অঞ্চলৰ পৰা বহু দূৰৈত অৱস্থিত হৈ থকা বাবে কৃষিজাত সামগ্ৰীৰ প্ৰত্ৰুিয়াকৰণ আৰু বজাৰকেন্দ্ৰিক লঘু উদ্যোগবোৰে ইয়াত আধিপত্য বিস্তাৰ কৰি আছে। এইবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগ, চেনি উদ্যোগ, ৰবৰ, দিয়াচলাই বাকচ, গ্লাছ, ৰাসায়নিক সাৰ আৰু মৎস্যভিত্তিক উদ্যোগবোৰ বিখ্যাত। তদুপৰি খাদ্য প্ৰত্ৰুিয়াকৰণ উদ্যোগ, কাগজৰ কল, নাৰিকলৰ ৰছীৰ সামগ্ৰী, এলুমিনিয়াম আৰু চিমেণ্ট উদ্যোগবোৰেও তাৎপৰ্যতা লাভ কৰি আছে। কছিত স্থাপিত হোৱা খাৰুৱা তেল শোধনাগাৰটোৱে নতুন উদ্যোগৰ ভেটি গঢ়াত অৰিহণা যোগাইছে। এই অঞ্চলৰ উল্লেখযোগ্য উদ্যোগকেন্দ্ৰবোৰ ত্ৰুমে কোল্লাম, তিৰুৱনন্তপুৰম, এলুভা, কছি, আলাপ্পুঝা আৰু পুনালুৰ।

Type - Boby Bora