অধ্যায় ২

পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসীৰ চমু পৰিচয়


চমু প্ৰশ্ন উওৰঃ

 1) ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসমৰ নাম কি আছিল ?

উওৰঃ  প্ৰাগ্জ্যতিষ আৰু কামৰূপ।

2) ৰামায়ণ আৰু মহাভাৰতৰ সময়ৰ পৰা প্ৰাগজ্যোতিষ আৰু কামৰূপ কিমান শতিকালৈ এই নামেৰে জনাজাত আছিল?

উওৰঃ দ্বাদশ শতিকালৈ জনাজাত আছিল।

3) কামৰূপ ৰাজ্যৰ চাৰিটা ভাগ বা পীঠ কি কি ?

উওৰঃ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ।

4) অতি পুৰণি কালত অসমত কি কি জনজাতি লোকে বসবাস কৰিছিল?

উওৰঃ কিৰাত, ম্লেচ্ছ নামেৰে অভিহিত জাতিৰ মানুহে বাস কৰিছিল।

5) বৰ্তমান খাচীয়া-জয়তীয়া পাহাৰ জিলাৰ খাচীয়া মানুহবিলাক কি গোষ্ঠীৰ আছিল?

উওৰঃ অষ্ট্ৰিক গোষ্ঠীৰ ।

6) আহোম, খামটি, নৰা আৰু ফাকিয়াল লোকসকল কি জাতিৰ মানুহ?

উওৰঃ টাই জাতিৰ মানুহ।

7) কোন ঠাইত বহি সৃষ্টিকৰ্তা ব্ৰহ্মাই বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰ আদিৰ সৃষ্টি কৰিছিল?

উওৰঃপ্ৰাগ্জ্যোতিষপুৰত।

8) কোন মহাৰজা দিনৰ পৰা আমাৰ অসম দেশখন কামৰূপ হয়?

উওৰঃনৰকাসুৰ।

9) কামদেৱৰ ঘৈণীয়েকৰ নাম কি?

উওৰঃ ৰতি।

10) 'অহম' শব্দটোৰ পৰাই এই দেশ অধিকাৰ কৰা 'টাইসকল' কি নামেৰে  পৰিচিত হ'ল?

উওৰঃ'আহোম'।

11) কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা কি আছিল?

উওৰঃদক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উওৰে হিমালয় পৰ্বত আৰু পূবে দিকৰাই নৈ।

12) অসম শব্দটো কোন লোকসকলে উদ্ভাৱন কৰিছিল?

উওৰঃ টাইসকল।

13) মহাদেশৰ পত্নীৰ নাম কি?

উওৰঃ সতী।

14) মহাদেৱৰ মহা তপস্যাত কোনে ভংগ কৰিবলৈ চেষ্টা কৰিছিল?

উওৰঃ কামদেৱ।

15) সতী কাৰ জীয়ৰী আছিল?

উওৰঃ দক্ষ প্ৰজাপতিৰ জীয়ৰী ।


Author- Pompi Hazarika


Post ID : DABP003422