অধ্যায় ৩

প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল  



চমু প্ৰশ্ন উওৰঃ


1) প্ৰাগ্জ্যোতিষ ৰাজ্য কাৰ অধীনত আছিল?

উওৰঃ কিৰাতসকলৰ অধীনত আছিল।

2) মহীৰংগ দানৱ কি জাতিৰ লোক?

উওৰঃ মহীৰংগ দানৱ কিৰাত জাতিৰ লোক।

3) প্ৰাগ্জ্যোতিষত কেইজন অসুৰে ৰাজত্ব কৰিছিল?

উওৰঃপ্ৰাগ্জ্যোতিষত তিনিজন অসুৰে ৰাজত্ব কৰিছিল।

4) নৰকাসুৰে কাৰ গৰ্ভত জন্ম লাভ কৰিছিল?

উওৰঃনৰকাসুৰে ভূমিদেৱীৰ গৰ্ভত জন্ম লাভ কৰিছিল।

5) ভূমিদেৱীৰ আন এটা নাম কি?

উওৰঃ ভূমিদেৱীৰ আন এটা নাম কাত্যায়নী।

6) দৈত্য-বংশী মহাদানী বলিৰ পুত্ৰ বুলি কাক জনা যায়?

উওৰঃ দৈত্য-বংশী মহাদানী বলিৰ পুত্ৰ বুলি বাণ ৰজাক জনা যায়।

7) ভগদত্তৰ মৃত্যৰ পিছত কোন ৰজা হয়?

উওৰঃ ভগদত্তৰ মৃত্যৰ পিছত বজ্ৰদত্ত ৰজা হয়।

8) নৰক ৰজাই কুকুৰাটোক কটা ঠাইডোখৰক কি বুলি জনা যায়?

উওৰঃ নৰক ৰজাই কুকুৰাটোক কটা ঠাইডোখৰক কুকুৰাকটা বুলি                জনা যায়।

9) ভাৰতৰ ভিতৰত বিখ্যাত ৰজাজনৰ নাম কি?

উওৰঃ ভাৰতৰ ভিতৰত বিখ্যাত ৰজাজনৰ নাম ভগদত্ত।

10) ভগদত্তৰ জীয়েকক কাৰ লৈ বিয়া দিছিলে?

উওৰঃ ভগদত্তৰ জীয়েকক দুৰ্য্যোধনলৈ  বিয়া দিছিলে।

11) বাণৰজাৰ জীয়েকৰ নাম কি?

উওৰঃ বাণৰজাৰ জীয়েকৰ নাম ঊষা।

12) ঊষাৰ সখীয়েকৰ নাম কি?

উওৰঃ ঊষাৰ সখীয়েকৰ নাম চিত্ৰলেখা।

13)বভ্ৰুবাহন কাৰ পুত্ৰ?

উওৰঃ বভ্ৰুবাহন অৰ্জুনৰ পুত্ৰ।

14) প্ৰাচীন হিড়িমাবাপুৰৰ ৰজাজনৰ নাম কি?

উওৰঃ প্ৰাচীন হিড়িমাবাপুৰৰ ৰজাজনৰ নাম ঘটোৎকচ।

15) অনিৰুদ্ধই কাক বিয়া কৰায়?

উওৰঃ অনিৰুদ্ধই ঊষাক বিয়া কৰায়।

16) ভগদত্তৰ জীয়েকৰ নাম কি?

উওৰঃ  ভগদত্তৰ জীয়েকৰ নাম ভানুমতী।



Author- Pompi Hazarika


Post ID : DABP002422