Chapter: 3

 গৌৰৱ 

আৰ্হি প্ৰশ্নঃ

১) গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। তোমাৰ পাঠ্যপুঠিৰ সহায়ত কথাষাৰৰ যুক্তিযুক্ততা প্ৰমাণ কৰা।

উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয় সৌভাগ্য, শৰীৰ আৰু মন । সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে । নিধিৰামৰ পুতেক গৰুচোৰ হলেও ভূঞা-পোৱালী, কলামণি দাস বিদ্যাভূষণ হলেও সামান্য মানুহ । বৰুৱা ঘৰৰ লৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধা আছে । কলামণি হাজাৰ হওক সাধাৰণ মানুহৰ লৰা, তেওঁ মালা ঠগি পাছে পাব। উপৰিপুৰুষসকলে এই নিয়ম কৰি থৈ গৈছে । ইয়াক উলংঘন কৰিব নোৱাৰি। উদাহৰণ লাগিলে মহাভাৰতৰ কৰ্ণক চোৱা । কৰ্ণৰ জন্ম পাণ্ডৱৰ নিচিনা নাছিল নে ? তথাপি কৰ্ণক ঠাট্টা কৰিছিল ।

    ইফালে তোমাৰ ধন থাকক, তুমি ধন ধাৰে দিব নালাগে, দান কৰিব নালাগে, সজ কামত খৰচ কৰিব নালাগে, একো কৰিব নালাগে, তোমাৰ ধনৰ গোন্ধেই সকলোকে তোমাৰ ওচৰত বিনীত,নম্ৰ কৰিব ।পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । 

    শৰীৰৰ আন এটি গৌৰৱৰ কাৰণ বল ।বলে মানুহক সাহস, স্ফৰ্তি আৰু আনন্দ দিয়ে ।

    প্ৰকৃত গৌৰৱৰ কাৰণ হল জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় । এই গুণবিলাকে মানুহক অমৰ কৰে ।

২) গৌৰৱ তুলনাৰ পৰা ওপজে- এই উক্তি ৰাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়োটা ক্ষেত্ৰত কিদৰে সত্য হব পাৰে লিখা।

উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহ কোনো কোনো অংশে আন এজনতকৈ হীন হলে দ্বিতীয়জনে প্ৰথমজনক মনে মনে অলপ ঘৃণা কৰে । দ্বিতীয়জনৰ সেইটোৱেই গৌৰৱৰ কাৰণ। মগনীয়াৰ খুদ-চাউলৰ মোনাও গৌৰৱৰ কাৰণ। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। সকলো মানুহে সকলো অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিছাৰি পায় ।

৩) প্ৰকৃত গৌৰৱৰ কাৰণে জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় । উক্তিটো বহলাই ব্যাখ্যা কৰা ।

উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণে জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় । এই গুণবিলাকে মানুহক অমৰ কৰে । ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহা,ৰো গৌৰৱ। 

    বাতৰি কাকতত বহুত ধনী, মানী আৰু ডাঙৰ মানুহৰ কথা পঢ়িবলৈ পাওঁ । গৌতম বুদ্ধ ভিক্ষাৰী আৰু শুদ্ধোধন ৰজা আছিল। শুদ্ধোধন বুদ্ধৰ বাপেক নোহোৱা হলে আজি কেইজন মানুহে শুদ্ধোধনৰ নাম জানিলে হয় ।

    কেতিয়াবা নাম নোহোৱা অৱস্থাও গৌৰৱৰ বিষয় হৈ পৰে । হোমাৰৰ অনিশ্চিত। তথাপিও কন, ছেলামিছ,স্মাৰ্ণা আদি দেশৰ মানুহে হোমাৰ তেওঁলোকৰ ঠাইত জন্মিছিল বুলি গৌৰৱ কৰে ।

৪) গৌৰৱ প্ৰৱন্ধত অসমীয়া জীৱনত বংশ মৰ্যদাই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰাৰ কথা কোৱা হৈছে ?

উত্তৰঃ

৫) আঁতিগুৰি মাৰি ব্যাখ্যা কৰাঃ

(ক) গৌৰৱ তুলনাৰ পৰা ওপজে ।

উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহ কোনো কোনো অংশে আন এজনতকৈ হীন হলে দ্বিতীয়জনে প্ৰথমজনক মনে মনে অলপ ঘৃণা কৰে । দ্বিতীয়জনৰ সেইটোৱেই গৌৰৱৰ কাৰণ। মগনীয়াৰ খুদ-চাউলৰ মোনাও গৌৰৱৰ কাৰণ। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। সকলো মানুহে সকলো অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিছাৰি পায় ।

(খ) ৰৃপৰ কিবা আচৰিত চুম্বক শক্তি আছে ।

উত্তৰঃ ৰৃপৰ কিবা আচৰিত চুম্বক শক্তি আছে । সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰুপত মুগ্ধ হয় । এই ৰুপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় । ৰুপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল।

        ৰুপ ঈশ্বৰদত্ত। কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হেলেনৰ ৰুপ-মাধুৰী নিজৰ আৰ্জিত নহয় । মহাপুৰোষ শংকৰদেৱৰ ৰুপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল । হিৰোৰ লাৱণ্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হবলৈ ভয় নকৰিছিল । 

(গ) বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।

উত্তৰঃ দেশ বিজয় কৰা বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো । কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁ হাতৰ পৰা যায় । বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভাৰ্জিলে কৰিছিল। আলেকজেণ্ডাৰে দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল । ইউৰোপত এতিয়া কাৰ জয়-পতাকা উৰিছে। নোপোলিয়ন বোনাপাৰ্টৰ নে মাৰ্টিন লুথাৰৰ। আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হল, কিন্তু গৌতম বুদ্ধৰ হোৱা নাই। চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব পৰা নাই ।

(ঘ) দুৰ্যোধনৰ  ঐশ্বৰ্য বিদুৰৰ খুদ-চাউলৰ ওপৰত অতি তুচ্ছ ভাবিয়েই ভগৱান শ্ৰীকৃষ্ণে পৰিত্যাগ কৰিছিল ।

উত্তৰঃ মানসিক বৃত্তিবিলাকৰ উৎকৰ্ষ সাধন নিজ চেষ্টাৰ ফল । তাৰ পৰা ওপজা গৌৰৱো অকৃতত্ৰিম । এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী । কুবেৰৰ ধন মহাদেৱৰ ভিক্ষাৰ জোলোঙাতকৈ কোনে নীচ বুলি নাভাৱে । দুৰ্যোধনৰ ঐশ্বৰ্য বিদুৰৰ খুদ-চাউলৰ ওচৰত অতি তুচ্চ ভাৱিয়েই ভগৱান শ্ৰীকৃষ্ণে পৰিত্যাগ কৰিছিল । বেদব্যাস জন্মাত নীচ হলেও মানসিক বলত অমৰ । সাবিত্ৰী-সীতাৰ পতি-প্ৰেম আৰু জোৱান ডাৰ্কৰ স্বদেশানুৰাগে তেওঁলোকক চিৰকাললৈ আদৰ্শস্থানীয় কৰি ৰাখিছে । কুশ্ৰী ছক্ৰেটিছৰ জ্ঞান আৰু জলভৰত কালিদাসৰ কবিতাই তেওঁলোকক সংসাৰত সুন্দৰ কৰিছে ।

(ঙ) আজিকালি ধনেই আলাউদ্দিনৰ বন্তি ।

উত্তৰঃ তোমাৰ ধন থাকক, তুমি ধন ধাৰে দিব নালাগে, দান কৰিব নালাগে, সজ কামত খৰচ কৰিব নালাগে, একো কৰিব নালাগে, তোমাৰ ধনৰ গোন্ধেই সকলোকে তোমাৰ ওচৰত বিনীত,নম্ৰ কৰিব ।পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । তুমাৰ লৰাই যিমান বেয়া কাম নকৰক কিয় তোমাৰ সন্মান নাযায়। তোমাৰ টকা থকে মানে বাহিৰৰ পৰা মান-সভ্ৰম আপোনা-আপোনি আহি তোমাৰ লগ ধৰিব। আজিকালি ধনেই আলাউদ্দিনৰ বন্তি ।


Type- Leena Kakati

Author- Leena Kakati