অধ্যায় - চতুৰ্থ 

 পৰিৱেশৰ ওপৰত পৰা নঞৰ্থক প্ৰভাৱ আৰু দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় শিক্ষা 


/ পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ পৰিবেশ দুই প্ৰকাৰৰ, যেনে - জৈৱিক আৰু অজৈৱিক।

/ পৰিবেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ পৰিবেশৰ অজৈৱিক উপাদানসমূহ হল - বায়ু, মধ্যাকৰ্ষণ শক্তি, সময়, উত্তাপ, পোহৰ, মাটি, পানী আদি।

৩/ জৈৱিক উপাদান কাক বোলে?

উত্তৰঃ জৈৱিক উপাদান বুলিলে জীৱ সমাজৰ বিভিন্ন সদস্যৰ সমষ্টিক বুজায়, যেনে, মানুহ, উদ্ভিদ, প্ৰাণী, অনুজীৱ ইত্যাদি।

৪/ পৰিবেশৰ ওপৰত পৰা নঞৰ্থক প্ৰভাৱ কেই প্ৰকাৰৰ হব পাৰে?

উত্তৰঃ পৰিবেশৰ ওপৰত পৰা নঞৰ্থক প্ৰভাৱ তিনি প্ৰকাৰৰ হব পাৰে। যেনেঃ ১/ উচ্চস্তৰীয় শব্দৰ প্ৰদূষণৰ দ্বাৰা, ২/ অতি বেছি আলোক - সজ্জাৰদ্বাৰা, আৰু ৩/ উচ্চ সংখ্যাৰ জনসংখ্যাৰদ্বাৰা।

/ শব্দ প্ৰদূষণৰ দ্বাৰা পৰিবেশৰ ওপৰত পৰা চাপৰ বিষয়ে লিখা?

উত্তৰঃ যিবোৰ শব্দ শুনিবলৈ আমদানিদায়ক আৰু যিবোৰ শব্দই আমাৰ সুখ - শান্তিত ব্যাঘাত জন্মায় তেনেবোৰ অবাঞ্চিত শব্দকে কোলাহল বলি কোৱা হয়। সাধাৰণতে ডাঙৰ, তীক্ষ্ন বা টেঙটেঙীয়া আৰু কৰ্কশ শব্দ সকলো লোকেই শুনি আমনি পায়। এনে আমনিদায়ক শব্দই কেৱল আমি শুনাত ব্যাঘাত জন্মোৱাই নহয়, মানৱ স্বাস্থ্যৰ ওপৰত মানসিক আৰু শাৰীৰিক চাপৰ সৃষ্টি কৰে আৰু আৰু সমাজ শৃংখলাতো আউল লগায়। 

    সকলো শব্দই কম্পনৰদ্বাৰা সৃষ্টি হোৱাৰ পিছত ই বায়ুৰ মাজেদি বায়ুকণাৰ কম্পনৰ যোগেদি গতি কৰি আমাৰ কাণৰ পৰ্দাত খুন্দা মাৰে। কম্পনে আহি কাণৰ পৰ্দাত খুন্দা মৰাৰ ফলত পৰ্দাখনেও একেই কম্পন হাৰত কপিবলৈ ধৰে। কাণৰ পৰ্দাৰ এই কম্পনে, কাণৰ ভিতৰত থকা এক জটিল প্ৰণালীৰদ্বাৰা মস্তিষ্কলৈ প্ৰেৰণা কৰা হয়। 

    শব্দৰ গুণ মূলতঃ দুটা উপাদানৰদ্বাৰা নিৰ্ণীত হয়, যেনে - ইয়াৰ প্ৰাবল্য আৰু কম্পনাংকৰ দ্বাৰা। শব্দৰ প্ৰাবল্যই শব্দৰ পৰিমাণক বুজায় আৰু ইয়াক ভেচিবেলত জোখা হয়। যদি শব্দৰ প্ৰাবল্য বেছি হয় আমি ডাঙৰ শব্দ শুনিম আৰু যদি প্ৰাবল্য কম হয় তেন্তে ক্ষীণ শব্দ শুনিম। 

৬/ শাব্দিক হেঁচা সৃষ্টি কৰা উৎসমূহ কি কি?

উত্তৰঃ শাব্দিক হেঁচা সৃষ্টি কৰা উৎসমূহ হলঃ 

১/ বিভিন্ন যান-বাহনৰ, ট্ৰাক, বাচ, গাড়ী, স্কুটাৰ আদি ইঞ্জিনে কৰা শব্দ,

২/ বিভিন্ন যান-বাহনৰে বজোৱা হৰ্ণ, টাইৰেণ আদি,

৩/ উৰাজাহাজ, জেটপ্লেন আদিয়ে সৃষ্টি কৰা শব্দ,

৪/ ডাঙৰ ডাঙৰ উদ্যোগ, বিভিন্ন কল-কাৰখানা, শিলভঙা যন্ত্ৰ পানী দিয়া মেচিন, জেনেৰেট, ধানৰমিল আদিয়ে সৃষ্টি কৰা বিকট শব্দ,

৫/ বিভিন্ন উৎসৱ-পাৰ্বনত, মেল-মিটিংত ডাঙৰকৈ বজোৱা লাইড স্পিকাৰ, ডেক আদি,

৭/ নঞৰ্থক প্ৰভাৱৰ কুফলসমূহ কি কি?

উত্তৰঃ নঞৰ্থক প্ৰভাৱৰ কুফলসমূহ হল -

১/ শ্ৰৱণ ক্ষমতা আংশিক বা সম্পূৰ্ণৰূপে লোপ পায়,

২/ মানসিক বিৰক্তি বৃদ্ধি পায়,

৩/ মনৰ একাগ্ৰতা ভাঙি পেলায়, মস্তিষ্কই সূচাৰূপে কাম কৰাত বাধা জন্মে,

৪/ কথা কোৱাৰ ক্ষমতা লোপ পায়,

৫/ কোলাহলে দৃষ্টিশক্তি কমায়,

৮/ শব্দৰ নঞৰ্থক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ উপায়সমূহ কি কি?

উত্তৰঃ শব্দৰ নঞৰ্থক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ উপায়সমূহ হল -

১/ উদ্যোগ বা কল-কাৰখানা আদি জনবসতিপূৰ্ণ অঞ্চলৰ পৰা নিলগত স্থাপন কৰিব লাগে।

২/ ডাঙৰ শব্দ সৃষ্টকাৰী যন্ত্ৰপাতিবোৰত শব্দ নিবাৰক সংযোগ কৰিব লাগে।

৩/ ঔদ্যোগিক যন্ত্ৰপাতি থকা কোঠাবোৰৰ বেৰত শব্দশোষক ব্যৱহাৰ কৰিব লাগে।

৪/ অপ্ৰয়োজনীয় হাই-উৰুমিৰ সৃষ্টি কৰিব নালাগে।

৫/ উচ্চস্তৰত মাইক, লাইডস্পিকাৰ আদি বজোৱাত বাধা আৰোপ কৰিব লাগে।

৯/ জনসংখ্যা বৃদ্ধিৰ ফলত পৰিবেশত সৃষ্টি হোৱা সমস্যাবোৰ কি কি?

উত্তৰঃ ১/ জনঘনত্ব বৃদ্ধি কৰি পৰিবেশ দূষিত কৰা,

২/ ভূমিৰ ব্যৱহাৰৰ মাত্ৰা বৃদ্ধি কৰি বনাঞ্চল উচ্ছেদ তথা পৃষ্ঠভাগৰ অৱনতি সাধন,

৩/ ভূমিৰ উৎপাদিকা শক্তি হ্ৰাসৰ যোগেদি আয় উৎসৰ হ্ৰাস,

৪/ জনস্বাস্থ্যৰ অৱনতিৰ যোগেদি নিশকতীয়া তথা আহুকলীয়া জীৱন ধাৰণৰ ম্যাদ বৃদ্ধি কৰা,

৫/ ভৱিষ্যত পুৰুষৰ বাবে সম্পদৰ সুচলতা হ্ৰাস কৰা ইত্যাদি।

১০/ বহন ক্ষমতা কাক বোলে?

উত্তৰঃ জনসংখ্যা আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক অধ্যয়নৰ পটভূমিতে বহন ক্ষমতাৰ ধাৰণাটোৱে প্ৰাসংগিকতা লাভ কৰিছে। পৰিবেশৰ কোনো হানি-বিঘিনি নঘটাকৈ জনসংখ্যাৰ ওপৰত কোনো অসুষ্ঠ প্ৰভাৱ নপৰাকৈ যি সংখ্যক লোকৰ উপস্থিতি ঘটাৰ প্ৰয়োজন হয় তাকে বহন ক্ষমতা বোলা হয়। 

১১/ কিমান চনত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়?

উত্তৰঃ ১৯৮৭ চনৰ ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়।

১২/ সামাজিক সমস্যাসমূহ কি কি?

উত্তৰঃ সামাজিক সমস্যাসমূহ হল -

১/ নিবনুৱা সমস্যা

২/ জীৱন ধাৰণৰ নিম্ন মানৰ সমস্যা ইত্যাদি।

১৩/ ভাৰতবৰ্ষ জনসংখ্যা বৃদ্ধি কাৰণ সমূহ কি কি?

উত্তৰঃ ভাৰতবৰ্ষ জনসংখ্য বৃদ্ধি কাৰণসমূ হল -

১/ জনসংখ্যাৰ প্ৰায় ৫০% ব্যক্তিয়েই ১৪ বছৰৰ বয়সৰ তলত।

২/ প্ৰায় সকলোৱে কম বয়সতে বিয়া কৰায়।

৩/ অশিক্ষিতৰ সংখ্যা সৰ্বাধিক।

৪/ ভাৰতবৰ্ষৰ বেছি সংখ্যক ব্যক্তিয়ে কিছুমান ধৰ্মীয় বাধ্যবাধকতা, কু সংস্কাৰ আদি মানি চলে।

৫/ নিবনৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে।

১৪/ জনসংখ্যা বৃদ্ধিৰ নঞৰ্থক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ জনসংখ্যাৰ বৃদ্ধিৰ নঞৰ্থক প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যসমূহ হল -

১/ পৰিয়ালত আকাৰ যে নিয়ন্ত্ৰিত কৰিব পৰা যায়, সেইবিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বোধগম্য কৰোৱা। 

২/ জনসংখ্যাৰ সীমা ধাৰ্যকৰণৰদ্বাৰা জাতীয় জীৱনৰ উচ্চ মানৰ বাবে সূচল হয়।

৩/ এটা সৰু পৰিয়ালে ব্যক্তিগত জীৱনৰ মানৰ বাবে প্ৰকৃততে অৰিহণা যোগাব পাৰে।

৪/ এটা সৰু পৰিয়ালে ব্যক্তিগত জীৱনৰ মানৰ বাবে পৰিয়ালৰ অৰ্থনৈতিক স্থবিৰতা নিশ্চিত কৰে। উত্তৰ পুৰুষসকলৰ উন্নত ভৱিষ্যতৰ আশ্বাস দিবৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিয়ালসমূহ সৰু আৰু সংক্ষেপ বোৱা উচিত।

৫/ পৰিয়ালৰ আকাৰ আৰু জাতীয় জনসংখ্যাৰ পৰিবৰ্তনে ৰাজ্যিক আৰু দেশৰ ওপৰত কি প্ৰভাৱ পেলায় সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক সম্যক জ্ঞান দিয়া, পৰিয়ালৰ আকাৰ দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবে মংগলজনক ফল আৰু ব্যক্তিগত পৰিয়ালৰ কল্যাণৰ জ্ঞানে জাতীয় অৰ্থনৈতিক উন্নতি সাধিব বুলি ভবাৰ জ্ঞান দিয়া।

১৫/ জনসংখ্যাৰ নঞৰ্থক প্ৰভাৱৰ ব্যৱস্থাসমূহ কি কি?

উত্তৰঃ জনসংখ্যাৰ নঞৰ্থক প্ৰভাৱৰ ব্যৱস্থাসমূহ হল -

১/ প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণঃ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰসম্প্ৰসাৰণ কৰা উচিত। কিয়নো, প্ৰাথমিক স্তৰৰ শিশুৱে জনসংখ্যাৰ আকাৰ, বৃদ্ধি আৰু সৰু পৰিয়ালত সুখ-সুবিধা বেছি, ডাঙৰ পৰিয়ালত বহুতো সমস্যাৰ  সৃষ্টি হয় ইত্যাদি কথা সহজে বুজি পায়। 

২/ মহিলা শিক্ষাঃ আমাৰ দেশৰ মহিলাসকল হল পৰিয়ালৰ সুখ-সমৃদ্ধিৰ স্ত্ৰষ্টা। শিক্ষিত মহিলাই পৰিয়ালৰ তথা দেশৰ উন্নয়নৰ বিভিন্ন বাধা সম্পৰ্কে বুজি পায়। আমাৰ দেশৰ সকলো মহিলা শিক্ষিত হলে সেয়েহে দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমিব বুলি ভাবিব পাৰি।

৩/ শিক্ষকৰ সজাগতাঃ শিক্ষকসকল হৈছে সমাজৰ ভাল - বেয়া দিশৰ চিন্তা-চৰ্চ্চা কৰিব পৰা ব্যক্তি। সকলো শ্ৰেণীৰ শিক্ষকসকলে নিজৰ সজাগতাৰে সকলো স্তৰৰ শিক্ষাৰ্থসকলৰ উপৰিও সমাজৰ আন আন ব্যক্তিসকলকো পৰিবেশত অধিক জনসংখ্যাৰ বেয়া প্ৰভাৱ কেনেকৈ পৰিব পাৰে বুজাই দিলে পৰিবেশৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ বেয়া প্ৰভাৱ বহুখিনি আঁতৰি যাব বুলি কব পাৰি।

৪/ গণ মাধ্যমৰ ভূমিকাঃ পৰিবেশৰ ওপৰত বৰ্ধিত জনসংখ্যাৰ নঞৰ্থক প্ৰভাৱে কেনেধৰণে ত্ৰুিয়া কৰিছে জনসাধাৰণক বিভিন্ন গণ মাধ্যমসমূহৰ দ্বাৰা বুজাব পাৰি। গাঁও অঞ্চলৰ বহু সংখ্যক মানুহে এতিয়াও পৰিয়াল ভগৱানৰ দান বুলি ভাবে। গতিকে সন্তান নোহোৱা কৰা কাৰ্যটো তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত গৰ্হিত কাম ৰূপে দেখা দিয়ে। এইবিলাক ধাৰণা বিভিন্ন প্ৰচাৰ মাধ্যমসমূহে নোহোৱা কৰি জনসাধাৰণক সজাগ কৰিতুলিব পাৰে।

১৬/ পৰিবেশৰ ওপৰত পৰা মানৱ সৃষ্ট নঞৰ্থক প্ৰভাৱৰ বিষয়ে লিখা?

উত্তৰঃ পৰিবেশ সম্পৰ্কীয় নীতিশাস্ত্ৰৰ আলোচনা প্ৰসংঙ্গত দুটা ভাৱবাদ পোৱা যায়। এটা হল মানৱকেন্দ্ৰীক ভাৱবাদ আৰু আনটো হল ধৰণীকেন্দ্ৰীক ভাৱবাদ। প্ৰথমটোৰ মতে মানুহ হল সৰ্বোৎকৃষ্ট জীৱ আৰু সেয়েহে, মানুহে প্ৰাকৃতিক নিয়ন্ত্ৰণ কৰি ইয়াৰ উপাদানসমূহ নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। দ্বিতীয়টো ভাৱবাদৰ মতে প্ৰকৃতি হল সকলোৰে গৰাকী আৰু আমাক প্ৰয়োজনীয় সকলো বস্ত প্ৰকৃতিয়ে যোগান ধৰে। প্ৰথমবিধ দৰ্শনৰ মতে, প্ৰকৃতিৰ সম্পদৰাজিৰ সৰ্বাধিক আহোৰণৰ জড়িয়তে অৰ্থনৈতিক উন্নতি সৰ্বাধিক কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। 

    সাধাৰণতে মানৱ সৃষ্ট প্ৰদূষণসমূহক দুই ভাগত ভগাব পাৰি। যেনে - (ক) ত্ৰুমক্ষয়যুক্ত আৰু (খ) ত্ৰুমক্ষয়হীন প্ৰদূষক। যিবোৰ প্ৰদূষক প্ৰাকৃতিক পৰিবেশত ক্ষয়গৈ বিলীন হৈ যায় সেইবোৰক ত্ৰুমক্ষয়যুক্ত আৰু যিবোৰ প্ৰদূষক প্ৰাকৃতিক পৰিবেশত নষ্ট হৈ পৰিবেশৰ লগত মিলি যাব নোৱাৰে সেইবোৰক ক্ষয়হীন প্ৰদূষক বোলে।

১৭/ মানৱসৃষ্ট মুখ্য প্ৰদূষণসমূহ কি কি?

উত্তৰঃ মানৱসৃষ্ট মুখ্য প্ৰদূষণসমূহ তলত আলোচনা কৰা হল -

১/ বায়ু প্ৰদূষণঃ বায়ুমণ্ডলত কিছুমান বস্তৰ উপস্থিতি, যিবোৰ হয়তো প্ৰাকৃতিকভাৱে খুব কম পৰিমাণে আছিল কিন্ত কৃত্ৰিমভাৱে পৃথিৱীত উৎপন্ন হৈ ইয়াৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত জীৱ মণ্ডলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কুপ্ৰভাৱ পৰি অপকাৰ সাধন হৈছে মানৱসৃষ্ট বিভিন্ন কাৰ্যৰদ্বাৰা বায়ু প্ৰদূষিত হোৱা ফলত এনেধৰণৰ বায়ু প্ৰদূষণ আৰম্ভ হৈছে। বিভিন্ন অপকাৰী গেছ যেনে, কাৰ্বনডাই অক্সাইড কাৰ্বন মনো অক্সাইড, নাইট্ৰোজেন অক্সাইডসমূহ, ছালফাৰৰ অক্সাইডসমূহ, ধূলি, ধোৱা আদিয়ে বায়ুমণ্ডলক অহৰহ প্ৰদূষিত কৰি পৃথিৱীবাসী তথা পৰিৱেশৰ বিভিন্ন পৰ্দাথৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

    মানৱ সৃষ্ট বায়ু প্ৰদূষণ তলত উল্লেখ কৰা ধৰণে হব পাৰে। যেনে -

    (ক) উদ্যোগৰ পৰা ওলোৱা বৰ্জনীয় গেছসমূহৰদ্বাৰাঃ বিভিন্ন উদ্যোগৰ পৰা সৃষ্টি হোৱা বিভিন্ন গেছসমূহ বায়ু প্ৰদূষণৰ মুখ্য উৎস। তেলশোধানাগাৰসমূহ ছালফাৰ অক্সাইড, নাইট্ৰজেন অক্সাইড আদিৰ মুখ্য উৎস। উদাহৰণস্বৰূপে মথুৰা শোধনাগাৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণে তাজমহল আৰু ফটেহপুৰ চিত্ৰুিৰ নিচিনা পুৰণি কৃতিচিহসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। বিভিন্ন অঞ্চলৰ চিমেণ্ট উদ্যোগসমূহে প্ৰচুৰ পৰিমাণে ধূলিৰ সৃষ্টি কৰি সেই অঞ্চলত থকা গছ - গছনি, ঘৰ-দুৱাৰ, মানুহ আদিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। 

১৮/ মানৱ সৃষ্ট কাৰকসমূহ লিখা?

উত্তৰঃ মানৱ সৃষ্ট কাৰকসমূহ তলত আলোচনা কৰা হল -

১/ ইন্ধনচালিত যান-বাহনৰ পৰা উৎপন্ন হোৱা কাৰ্বন মনস্কাইড বায়ুমণ্ডলত মুকলি হয়। তাৰ ফলত মানুহৰ মুৰ ঘূৰণি, কাণৰ ভিতৰত শব্দ অনুভৱ, ৰক্তাচাপ বৃদ্ধি উশাহ নিশাহত কষ্ট, সময়ৰ পাৰ্থক্য ধৰিব নোৱাৰা আদি উপসৰ্গই দেখা দিয়ে।

২/ আকৌ কাৰ্বন মনস্কাইডে মানুহৰ দেহত থকা তেজৰ লগত ৰাসায়নিক বান্ধনি সৃষ্টি কৰি কাৰ্বক্সি হিমগ্লবিনৰ সৃষ্টি কৰে। ফলত তেজে শৰীৰৰ বিভিন্ন অংগ - প্ৰত্যগলৈ অক্সিজেন কঢ়িয়াব পৰা শক্তি হেৰুৱাই পেলায়। 

৩/ তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ পৰা সৃষ্টি হোৱা ছালফাৰ ডাইক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি গলে পৃথিৱীলৈ এচিড বৰষুণ নামি আহে। এই এচিড বৰষুণে জীৱ-জগতৰ উশাহ-নিশাহ লোৱাত ব্যাঘাট জন্মায়। মানুহৰ চকুৰ খচ খছনি, বুকুৰ বিষ, বমি, উশাহ-নিশাহত কষ্ট ইত্যাদিৰ সৃষ্টি কৰে।

৪/ দ্ৰুত গতিত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। বৰ্তমান সময়ত গোলকীয় উষ্ণতা বৃদ্ধি সমগ্ৰ বিশ্বৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে।

১৯/ পানী প্ৰদূষণ কাক বোলে? পানী প্ৰদূষিত হোৱা কাৰক সমূহ কি কি?

উত্তৰঃ জীৱ জগত বৰ্তি থাকিবলৈ প্ৰয়োজন হোৱা মুখ্য উপাদানসমূহৰ ভিতৰত পানী অন্যতম। এনেধৰণৰ অতি প্ৰয়োজনীয় পানীত আমাৰ অপ্ৰয়োজনীয় পদাৰ্থসমূহ মিহলি হৈ যেতিয়া ই ব্যৱহাৰৰ বাবে অনুপযুক্ত হৈ পৰে তেতিয়াই সেই পানী প্ৰদূষিত হব পাৰে।

    পানী দুই প্ৰকাৰে প্ৰদূষিত হব পাৰে। যেনে - 

    ১/ সাৰ প্ৰয়োগ, মানুহৰ বিভিন্ন অস্বাস্থ্যবিধি সন্মত কাৰ্যৰদ্বাৰা আৰু অতি বেছি পৰিমাণে সৃষ্টি হোৱা জীৱিত উপাদানসমূহৰদ্বাৰা ।

 ২/ বিভিন্ন উদ্যোগ কল-কাৰখানা, জীৱিত প্ৰাণী আদিয়ে নিৰ্গত কৰা ৰাসায়নিক পদাৰ্থসমূহৰদ্বাৰা।

২০/ পানী প্ৰদূষণৰ ভাগবোৰ কি কি?

উত্তৰঃ পানী প্ৰদূষণক কেইবা প্ৰকাৰেও ভাগ কৰিব পাৰি। যেনে -

১/ উদ্যোগজনিত প্ৰদূষণঃ ডাঙৰ ডাঙৰ উদ্যোগসমূহ সাধাৰণতে চহৰাঞ্চলৰ সমীপৱৰ্তী অঞ্চলত কোনো নদী, সাগৰ নাইবা ডাঙৰ জলাশয়ৰ পাৰত গঢ়ি উঠে। তদুপৰি, পৌৰ এলেকাৰ বৰ্জনীয় পদাৰ্থসমূহ নৰ্দমা আদিয়ে নদীত পেলোৱা হয়। উদ্যোগসমূহৰ পৰা সৃষ্টি হোৱা বৰ্জিত পদাৰ্থ যেনে তেল, ৰং, ধাতৱ বৰ্জিত পদাৰ্থ, এচিড লৱন, চায়েনাইড আদিয়ে নদীৰ তলি ভাগ বাম কৰি তোলাই নহয় পানীৰ গুণাগুণও পৰিবৰ্তন কৰি প্ৰচুৰ প্ৰদূষণৰ সৃষ্টি কৰে। এনেদৰে সৃষ্টি হোৱা প্ৰদূষণৰ ক্ষয় হওঁতে বহুত দিন লাগে ফলতসিঁহতৰ কু - প্ৰভাৱ বহুত দিনলৈ ৰৈ যায়।

২/ নৰ্দমা নিষ্কাষিত পদাৰ্থৰদ্বাৰা প্ৰদূষণঃ অধিকাংশ চহৰ বা নগৰৰ মানুহৰ দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ প্ৰায়ে নৰ্দমাৰে নি নদী, পুখুৰী বা সাগৰত নিক্ষেপ কৰা হয়। এই আৱৰ্জনাবোৰৰ ভিতৰত প্ৰধানতঃ ঘৰচীয়া প্ৰাণীৰ মলমূত্ৰ, পলিথিন বেগ, ৰবৰ সামগ্ৰী, ধূলি-বালি আদিয়েই প্ৰধান। পানীয়ে এই প্ৰদূষিত দ্ৰব্যবোৰ বহন কৰাৰ ফলত পানীৰ ভৌতিক, ৰাসায়নিক তথা জৈৱিক গুণাগুণৰ পৰিবৰিতন হৈ প্ৰদূষণৰ সৃষ্টি হয়। যিহেতু পানীৰ নিজস্বভাৱে এই দ্ৰব্যবোৰ ঘূৰাই পঠিওৱা ক্ষমতা নাই, সেইবাবে এইবোৰ দ্ৰব্যপানীৰ আধাৰবোৰৰ তলিত জমা হয়, বেক্টেৰিয়াৰ উপস্থিতিত সিহঁতৰ বিয়োজন হয় আৰু পানীৰ এটা বিশেষ প্ৰচুৰ বৃদ্ধি হয়। ফলশ্ৰুতিত জীৱিত উপাদানবোৰৰ জীৱনৰ প্ৰতি গুৰুত্বৰ ভাবুকিৰ সৃষ্টি হয়।

৩/ কৃষিজাত সামগ্ৰীৰ পৰা প্ৰদূষণঃ কৃত্ৰিমভাৱে কৃষিকাৰ্যত দুই প্ৰকাৰৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়। সেইবোৰ হল - বিভিন্ন ৰাসায়নিক কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ। শস্যত ব্যৱহাৰ হোৱা অতিৰিক্ত সাৰভাগ প্ৰায়ে মাটিতে থাকি যায় আৰু এইবোৰেই বৰষুণৰ পানীৰ লগত উটি গৈ নৈ, বিল, খাল, আদিত পৰেগৈ। আনহাতে শস্যত ব্যৱহাৰ হোৱা বিভিন্ন কীটনাশক ঔষধসমূহো পানীয়ে উটুৰাই নি পানীৰ বিভিন্ন উৎসত পেলায়। ফলত সেই পানী প্ৰদূষিত হৈ ব্যৱহাৰৰ অনুপযুক্ত হয়।

৪/ ভূগৰ্ভস্থ জলৰ প্ৰদূষণঃ আমাৰ দেশত ভূগৰ্ভস্থ পানী খোৱা পানীৰ মুখ্য উৎস। কিন্ত বিভিন্ন কাৰণত এই ভূ-গৰ্ভস্থ পানী প্ৰদূষিত হৈ আমাৰ স্বাস্থ্যৰ প্ৰতি প্ৰচুৰ ভাবুকিৰ সৃষ্টি কৰিছে। বিশেষকৈ ভূ-পৃষ্ঠৰ খাল, নল-নৰ্দমা চেপটিক টেংক আদিৰ প্ৰদূষিত পানী মাটিৰ মাজেৰে গৈ ভূপৃষ্ঠৰ তলৰ পানীবোৰ প্ৰদূষিত কৰিছে। এইদৰে খোৱা পানী প্অৰদূষণ হোৱাৰ ফলত কলেৰা, গ্ঞ্চৰহণী আৰু অন্লযান্সয মাৰাত্মূমক ৰোগে দেখা দি আমাৰ দেশৰ উদ্যোগ  প্ৰধান অঞ্চলসমূহত  প্ৰচুৰ মানৱ সম্পদৰ অপচয় ঘটাইছে। খোৱাপানী প্ৰদূষণত বেছিকৈ ভোগা পাঞ্জাৱ আৰু হাৰিয়ানাত ভূগৰ্ভস্থ পানীত বেছি পৰিমাণৰ Ni, Fe, Cu, Cr আৰু ছায়োনাইড পোৱা গৈছে। আনহাতে মধ্য প্ৰদেশ, তামিলনাডু, ৰাজস্থান, আদি ৰাজ্যৰ বহুকেইখন জিলাত নাদৰ পানীত নাইট্ৰেট, নাইট্ৰেজেন বেছি পৰিমাণে পোৱা গৈছে।

৫/ পলসৰ পৰা প্ৰদূষণঃ প্ৰচুৰ অপৰিকল্পিত কৃষিকাৰ্য, উদ্যোগ স্থাপন মাটি সংৰক্ষণ ব্যৱস্থা, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰত অৱহেলা আদিৰ ফলত দৈনিক বৃহৎ পৰিমাণৰ ক্ষয়ীভূত মাটি নদী আদিত মিহলি হৈ বোকাৰ সৃষ্টি কৰে। আকৌ নদীৰ কাষৰ পলসুৱা মাটি নদীয়ে খহাই নদীৰ পানী ঘোলা কৰে আৰু এনেদৰে বোকাময় হোৱা পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। বোকা, পলস আদি গধুৰ পদাৰ্থৰ উপস্থিতিৰ ফলত সূৰ্যৰ পোহৰ সেই জলজ অঞ্চলত গভীৰতালৈ যাব নোৱাৰা হয়, অক্সিজেনৰ মাত্ৰা কমি যায়, আৰু পানী মাৰাত্মকভাৱে প্ৰদূষিত হয়।

৬/ তাপ-জনিত প্ৰদূষণঃ বিভিন্ন উদ্যোগসমূহে বিশেষকৈ উৎপাদিত পদাৰ্থ সমূহ শীতল কৰি ৰাখিবৰ বাবে পানী ব্যৱহাৰ কৰে। ফলশ্ৰুতিত সৃষ্টি হোৱা গৰম পানী নদী, পুখুৰী আদিলৈ নিৰ্গিত কৰা হয়। কয়লা বা তেলৰ শোধনাগাৰবোৰ সাধাৰণতে নদীৰ পাৰত অৱস্থিত আৰু এইবোৰে প্ৰচুৰ পৰিমাণৰ নদীৰ পানী বিভিন্ন ধৰণৰ প্ৰদূষণৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। অদূৰ ভৱিষ্যতেও এনেধৰণৰ প্ৰদূষণৰ পৰিবেশ চলি থাকিলে সমগ্ৰ মানৱ জাতিয়ে এদিন ধ্বংসৰ গৰাহত পতিত হব বুলি বৈজ্জ্বানিকসকলে বাৰে বাৰে সঁকিয়নি দি আহিছে যদিও, বৰ্তমানেও মানৱ জাতি সজাগ হোৱা নাই।

২১/ দুৰ্যোগ কি?

উত্তৰঃ দুৰ্যোগ হৈছে হঠাৎতে হোৱা পৰিঘটনা যাৰদ্বাৰা পৃথিৱীপৃষ্ঠৰ বিভিন্ন জীৱকূল, উদ্ভিদ আদিৰ সীমাহীন ধ্বংসৰ সৃষ্টি কৰি এই সকলোবিলাক দিশলৈ অৱৰ্ণনীয় বিপৰ্যয় কঢ়িয়াই আনে। 

২২/ ''Disaster'' শব্দটোৰ অৰ্থ কি?

উত্তৰঃ ''Disaster'' শব্দটোৰ উৎপত্তি ফৰাচী শব্দ ''Disaster'' ৰ পৰা হৈছে। ইয়াত ''des'' মানে বেয়া আৰু ''aster'' মানে তৰাক বুজায়। সেয়ে ইয়াৰ অৰ্থ হল ''বেয়াতৰা'' বা ''বেয়া গ্ৰহ ''।

২৩/ দুৰ্যোগৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ দুৰ্যোগৰ বৈশিষ্ট্যবোৰৰ হল -

১/ পূৰ্বানুমান কৰিব নোৱাৰা বা আগজাননী নোহোৱা,

২/ আচহুৱা বা অসমাঞ্জস্যপূৰ্ণ,

৩/ ক্ষিপ্ৰতা, বেগী

৪/ জৰুৰী

৫/ অনিশ্চিয়তা

২৪/ কিমান শতিকাত ''প্ৰাকৃতিক দুৰ্যোগ হ্ৰাসকৰণ আন্তৰ্জাতিক দশক'' হিচাবে পালন কৰা হয়।

উত্তৰঃ বিংশ শতিকাৰ শেষ দশকটোক ৰাষ্ট্ৰসংঘই ''প্ৰাকৃতিক দুৰ্যোগ হ্ৰাসকৰণ আন্তৰ্জাতিক দশক'' হিচাবে পালন কৰা হয়।

২৫/ কিমান চনত ছুনামিৰ ঢৌৱে হেজাৰ হেজাৰ লোকৰ প্ৰাণ হেৰুৱাইছিল?

উত্তৰঃ ২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰতৰ উপকূলৱৰ্তী ৰাজ্যবোৰত ভয়ংকৰ ছুনামিৰ ঢৌৱে হেজাৰ হেজাৰ লোকৰ প্ৰাণ হেৰুৱীইছিল।

২৬/ ''দুৰ্যোগ ব্যৱস্থাপনা আইন'' কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ  ''দুৰ্যোগ ব্যৱস্থাপনা আইন'' ২০০৫ চনত গঠন কৰা হৈছিল।

২৭/ দুৰ্যোগ কেই প্ৰকাৰৰ আৰু কি কি? ইয়াৰ বিষয়ে লিখা?

উত্তৰঃ দুৰ্যোগ দুই প্ৰকাৰৰ যেনে - মানৱ সৃষ্ট দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগ।

প্ৰাকৃতিক দুৰ্যোগঃ প্ৰাকৃতিক পৰিঘটনাৰ পৰা হোৱা দুৰ্যোগসমূহক প্ৰাকৃতিক দুৰ্যোগ বোলা হয়।

১/ খৰাং বতৰঃ একেৰাহে দীৰ্ঘদিন ধৰি বৰষুণ নহলে মাটি, হ্ৰদ, নদী, কুৱা, জলাধাৰত থকা পানীভাগৰ স্বাভাৱিক জলপৃষ্ঠ তললৈ নামি যায়। মাটি ক্ষয় হয়, শস্য হানি হয়, গৰু, মহ, মানুহ মৃত্যুমুখত কৰে। ইয়েই খৰাং বতৰ।

২/ বনজুইঃ অৰণ্য, গছ-গছনি, জোপোহা হাবি, বননি ঘাঁহনি আদিত সচৰাচৰ বজ্ৰপাতৰদ্বাৰা সৃষ্টি হোৱা অনিয়ন্ত্ৰিত জুইকে বনজুই বুলিব পাৰি। মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষ কাৰ্যৰ বাবেই বনজুই হয়। কিছুদিন আগতে অষ্টোলিয়াত এনে বনজুয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে।

৩/ টৰ্ণেডঃ মিছিছিপি মোহনা আৰু পশ্চিম আফ্ৰিকাত হোৱা ঘূৰ্ণিবতাহ প্ৰসূত প্ৰলয়ংকাৰী প্ৰকাণ্ড বা-মাৰলী ঘণ্টাত ৩০০ কিঃমিঃ তকৈও বেছি বেগত বলে। এনে বা-মাৰলীৰ ব্যাস কেবাশ কিঃমিঃ হয়।

৪/ হাৰিকেনঃ কেৰিবিয়ান সাগৰ অঞ্চলত হোৱা ঘূৰ্ণিবতাহ প্ৰসূত প্ৰসয়ংকাৰী ধুমুহা ঘণ্টাত ২০০ মাইল পৰ্যন্ত বলে। হাৰিকেন স্পেনীয় হুৰকানৰ প্ৰতি শব্দ।

৫/ বানপানীঃ নদী,হ্ৰদ বা সাগৰৰ পৰা পাৰ বাগৰি কাষৰীয়া ঠাই বুৰাই পেলাই বানপানীয়ে কেতিয়াবা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে। নেৰা নেপেৰা বৰষুণ ডাৱৰ বিস্ফোৰণ,বৃহৎ নদীবান্ধ ভাঙিয়ো বানপানীৰ সৃষ্টি হব পাৰে।

মানৱ সৃষ্ট দুৰ্যোগঃ 

১/ প্ৰদূষণঃ আজিকালি উদ্যোগীকৰণৰ যুগত কল - কাৰখানাবোৰৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যবোৰে মাটি, পানী আৰু বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰিছে। ঠায়ে ঠায়ে ই দুৰ্যোগৰো সৃষ্টি কৰিছে। জলপ্ৰদূষণ, বায়ুপ্ৰদুষণ আদিৰ দ্বাৰা চৰাই-চিৰিকটি, জীৱজন্তৰো মৃত্যু হৈছে।

২/ ৰাসায়নিকঃ কিবা কাৰণত ৰাসায়নিক উদ্যোগৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হলে এনে দুৰ্যোগ হব পাৰে। ভাৰতৰ ভূপাল গেছ ট্ৰেজেদী আৰু ৰুছিয়াৰ চেৰ্নোবল নিউক্লিয়েৰ ট্ৰেজেদী এনেধৰণৰ মাৰাত্মক দুৰ্যোগ।

৩/ পথ দুৰ্ঘটনাঃ পথবন্ধ, হৰতাল, হঠাতে কোনো অঞ্চলত যানবাহনৰ খুন্দা লাগি পথ দুৰ্ঘটনা হৈ অনেক লোকৰ মৃত্যু হব পাৰে। আকৌ মানুহে হঠাতে পথবন্ধ কৰিলে বা হৰতাল কৰিলেও দুৰ্যোগৰ ৰূপ লব পাৰে।

৪/ ৰেল দুৰ্ঘটনাঃ সাম্প্ৰতিক সময়ত বিভিন্ন কাৰণত বৃহ ৰেল দুৰ্ঘটনা একোটাই শ-শ লোকৰ প্ৰাণ লয়।

৫/ বিমান দুৰ্ঘটনাঃ বৰ্তমান সময়ত সময়ে সময়ে বিমান দুৰ্ঘটনা হৈয়ো অনেক লোকৰ মৃত্যু হয়।

২৮/ দুৰ্যোগৰ সময়ত লবলগা সাৱধানতাসমূহ কি কি?

উত্তৰঃ দুৰ্যোগৰ সময়ত লবলগা সাৱধানতাসমূহ এনেধৰণঃ 

১/ দুৰ্যোগৰ আগতীয়া জাননী পালে খাদ্য আৰু পৰিস্কাৰ পানী মজুত ৰাখিব লাগে।

২/ অচিনাক্ত বস্তক ঘেৰী লৈ বৃহৎ সমাৱেশ হব নালাগে।

৩/ কোনো ধৰণৰ সন্দেহজনক বস্তক স্পৰ্শ কৰিব নালাগে।

৪/ এনে সংকট কালত সহায় কৰিব পৰাকৈ নিৰাপত্তাৰক্ষী সকলক প্ৰশিক্ষিত কৰিব লাগে।ট

৫/ প্ৰতিজন লোককে জৰুৰী অৱস্থাত জুই নুমোৱাৰ কৌশলবোৰ শিকাব লাগে।

৬/ জুই নুমোৱা সঁজুলিবোৰ কাৰ্যক্ষম কৰি ৰাখিবলৈ মাজে মাজে পৰীক্ষা কৰি থাকিব লাগে।

৭/ উচ্চ অট্টালিকাবোৰৰ পৰা আকাশী যান বা হেলিকপ্টাৰেৰে উদ্ধাৰ কাৰ্য কৰাৰ আখৰা কৰিব লাগে।

৮/ বোমা বিস্ফোৰণৰ ভাবুকিৰ বাবেও সংবদ্ধ হব লাগে আৰু অনুশীলন কৰিব লাগে।

৯/ কলিকতাৰ ষ্টিফেন কৰ্টত হোৱা ভয়াবহ অগ্নিকাণ্ডই আমাৰ দুৰ্বলতাসমূহ দেখুৱাই দিছে।

১০/ বাছ, ৰেলত উঠিলে অচিনাক্ত লোকৰ পাৰ্চেল খৰ - খেদাকৈ গ্ৰহণ কৰিব নালাগে।

২৯/ দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ ১/ প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ প্ৰভাৱৰ পৰা উপশম পাবলৈ জিলা, ব্লক, গাঁও - পঞ্চায়ত আৰু গাঁও পৰ্যায়ত সজাগতাৰ সৃষ্টি কৰা।

২/ দুৰ্যোগৰ দ্বাৰা আত্ৰুান্ত লোক, দল বা বিভাগক ফলপ্ৰসূ সহায় আৰু সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা কৰা।

৩/ আইন বিভাগ, ব্লক প্ৰশাসন আৰু জনসাধাৰণক দুৰ্যোগৰ বাবে ঋণ পাব পৰাকৈ সাজু কৰি তোলা।

৪/ তথ্যভিত্তিক খবৰবোৰ সময়মতে, শুদ্ধকৈ আৰু সূক্ষ্মভাৱে গোপনীয়তাৰে বিয়পাই দিব লাগে।

৫/ স্বাভাৱিক জীৱনত ব্যাঘাট কৰিব পৰা নূন্যতম সম্ভাৱনাসমূহ উলিওৱা।

৩০/ দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাসমূহ কি কি?

উত্তৰঃ (ক) দুৰ্যোগত উদ্ধাৰৰ বাবে সঁহাৰি কাৰ্যৰ উপযুক্ত তথা আগতীয়া পৰিকল্পনা কৰা।

(খ) অংশগ্ৰহণকাৰী এজেন্সিসমূহৰ দায়বদ্ধতা নিৰ্দ্ধাৰণ কৰা।

(গ) দুৰ্যোগত জৰিত বিভিন্ন প্ৰকাৰৰ বিভাগ আৰু সাহায্য এজেন্সীসমূহৰ কোড ব্যৱহাৰ কৰা।

(ঘ) থিতাতে পাব পৰা সা-সুবিধা আৰু সম্পদৰ সম্পূৰ্ণ তালিকা প্ৰস্তত কৰা।

(ঙ) সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱস্থাপনা কৰা।

৩১/ দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ মূল উদ্দেশ্য কি?

উত্তৰঃ গাঁওবাসীক দুৰ্যোগৰ বিষয়ে সজাগ, সতৰ্ক আৰু কৰ্তব্যৰ বিষয়ে প্ৰস্তত কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ কামত জড়িত কৰাই হৈছে গ্ৰাম্য পৰ্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ মূল উদ্দেশ্য।

৩২/ গ্ৰাম্য পৰ্যায়ত দুৰ্যোগৰ উপ - সমিতিসমূহ কি কি?

উত্তৰঃ গ্ৰাম্য পৰ্যায়ত দুৰ্যোগৰ উপ-সমিতিসমূহ হল -

(ক) প্ৰাক্ সংকেত বাহিনী

(খ) আশ্ৰয় ব্যৱস্থাপনাৰ দল

(গ) অনুসন্ধান আৰু উদ্ধাৰ বাহিনী

(ঘ) প্ৰাথমিক চিকিৎসা আৰু স্বাস্থ্যকৰ্মীৰ দল

(ঙ) পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দল

(চ) মৃতদেহ নিষ্কাশন বাহিনী

(ছ) শান্ত্বনা বাহিনী

৩৩/ পৰিৱেশ শিক্ষাৰ সমস্যাসমূহ কি কি?

উত্তৰঃ পৰিবেশ শিক্ষাৰ সম্যাসমূহ হল-

১/ অধ্যয়নৰ পৰিসৰৰ ব্যাপকতাঃ পৰিবেশ শিক্ষাৰ বিষয়বস্তৰ ব্যাৰকতা হৈছে এটা ডাঙৰ সমস্যা। এই বিষয়টো ব্যাপক আৰু বহুমুখী হোৱা বাবে ইয়াৰ সকলোবোৰ দিশ সামৰি পৰিকল্পিতভাৱে পাঠ্যত্ৰুম প্ৰস্তত কৰি তোলাটো এক জটিল সমস্য়াস্বৰূপ হৈ পৰিছে। বিষয়বস্তৰ ব্যাপকতাৰ বাবে সুসামঞ্জস্যপূৰ্ণভাৱে শিশুক এই বিষয়টোৰ জ্ঞানদান কৰা কিছু কঠিন হৈ পৰে।

২/ সামগ্ৰিকভাৱে শিক্ষাদানৰ অসুবিধাঃ পৰিবেশ শিক্ষাক ব্যক্তিৰ আজীৱন শিক্ষাগ্ৰহণ কৰিব লগা বিষয় হিচাপে বিবেচনা কৰা হয়। কিন্ত, সকলো সময়তে, সকলোঠাইৰে, সকলো শ্ৰেণীৰ লোকৰে জীৱন ধাৰণ প্ৰত্ৰুিয়া, সমাজব্যৱস্থা, জীৱিকা অৰ্জনৰ উপায় আদি একে হোৱা সম্ভৱ নহয়। প্ৰত্যেকৰে স্থানীয় প্ৰয়োজন অনুসৰিহে পৰিবেশ শিক্ষাৰ বিষয়বস্ত, শিক্ষাপ্ৰণালী নিৰ্ধাৰণ কৰিব লগা হয়। উদাহৰণস্বৰূপে, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ প্ৰয়োজন, দৃষ্টিভঙ্গী মনোভাৱ আৰু মূল্যবোধ বেলেগ বেলেগ হোৱা দেখা যায়।

৩/ দৰিদ্ৰতা, নিৰক্ষৰতা আৰু সংৰক্ষণশীলতাঃ পৰিবেশ শিক্ষাই সচেতনতা বৃদ্ধিৰ কৰি মানুহৰ আচৰণৰ প্ৰত্যাশিত বিকাশী, দায়িত্বশিল পৰিবৰ্তন সাধন কৰিবলৈ বিচাৰে। কিন্ত এই উদ্দেশ্য সাধন কৰিবলৈ যাওঁতে সৰ্বসাধাৰণ লোকৰ দৰিদ্ৰতা, নিৰক্ষৰতা ইত্যাদি বাৰেকুৰি আচৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হব লগা হয়।এই তিনিওটা অৱস্থাৰ উন্নতি অবিহনে পৰিৱেশ শিক্ষাৰ সফলতা আশা কৰিব নোৱাৰি।

৪/ বিজ্ঞান ভিত্তিক বিষয়ঃ পৰিবেশ শিক্ষাৰ আৰম্ভণি বৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু ইয়াৰ পাঠদান পদ্ধতি বিজ্ঞান প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ মৌলিক ধাৰণাৰ অবিহনে এই বিষয় অধ্যয়ন কৰাটো কঠিন হৈ পৰে। সৰ্বসাধাৰণ লোকৰ বাবে বিজ্ঞানৰ এনে কঠিনতাৰ হেতুকেই পৰিবেশ শিক্ষাৰ ধাৰণা সৰ্বসাধাৰণ লোকক প্ৰদান কৰাৰ ক্ষেত্তত কিছু সমস্য়াৰ উদ্ভৱ হয়। 

৫/ কৰ্ম নিযুক্তিৰ সীমাবদ্ধতাঃ বৰ্তমান সময়ত প্ৰতিটো অধ্যয়নৰ বিষয় কৰ্ম-নিযুক্তিৰ সম্ভাৱনীয়তাৰে নিৰূপণ কৰা হয়। আন আন বিষয়ৰ কৰ্মনিযুক্তিৰ সম্ভাৱনীতাৰ তুলনাত পৰিৱেশ শিক্ষাৰ সম্ভাৱনীয়তা কম। সেয়েহে এই কিষয়টো কৰ্মসংস্থানমুখী কৰি তুলিব পাৰিলেহে অধ্যয়নৰ আকৰ্ষণীয়তা বাঢ়িব আৰু লগে লগে সচেতনতাও বাঢ়িব।

৩৪/ পৰিবেশ-শিক্ষাৰ সম্ভাৱনীয়তাৰ দিশসমূহ আলোচনাৰ কৰা?

উত্তৰঃ পৰিবেশ-শিক্ষাৰ সম্ভাৱনীয়তাৰ দিশসমূহ তলত আলোচনা কৰা হল -

১/ নৈতিক আৰু মানৱীয় মূল্যবোধৰ বিকাশ সাধনঃ নৈতিক চেতনা আৰু মানৱীয় মূল্যবোধৰ বিকাশ সাধন কৰা পৰিবেশ শিক্ষাৰ এটা ডাঙৰ সফলতা। এই শিক্ষাই পৰিবেশৰ প্ৰতি প্ৰয়োজনীয় মনোভাৱ গঠন আৰু আচৰণ প্ৰদৰ্শন দিশত ভাল-বেয়া আৰু উচিত-অনুচিতৰ নৈতিক চেতনা মানুহৰ মনত জগাই তুলিব পাৰে। 

২/ প্ৰকৃতিৰ লগত সুসামঞ্জস্য পূৰ্ণজীৱন-যাপনঃ মানুহৰ সুস্থ- সুন্দৰ আৰু সুখী জীৱন - যাপন কৰাটো নিৰ্ভৰ কৰে প্ৰকৃতিৰ লগত সুস্থ সম্বন্ধস্থাপন কৰি তোলাৰ ওপৰত। পৰিবেশ শিক্ষাৰ যোগেদিহে মানুহৰ বাস্তৱ জীৱনত এই সত্য উপলব্ধ হৈ উঠিব পাৰে। মানুহে প্ৰকৃতিক জয় কৰা প্ৰাকৃতিক পৰিবেশ নিজৰ আয়ত্বলৈ অনা মানসিকতা গঢ়ি তুলিব নালাগে। প্ৰকৃত অৰ্থত মানুহো বিশ্ব প্ৰকৃতিৰে অবিচ্ছেদ্য অংশ বিশেষ।  

৩/ ইতিবাচক মনোভাৱৰ গঠনঃ পৰিবেশ - শিক্ষাৰ অধ্যয়নৰ দ্বাৰা মানুহৰ মনৰ হিংসাত্মক, ধংসাত্মক আৰু নেতিবাচক প্ৰৱণতাবোৰ নোহোৱা কৰি পৰিবেশৰ প্ৰতি ইতিবাচক, গঠনাত্মক আৰু সংৰক্ষণমূলক প্ৰৱণতা আৰু মনোভাৱ গড় দি তুলিব পাৰে। মানুহৰ আচৰণত এনে সুস্থ আৰু আশানুৰূপ পৰিৱৰ্তন সাধনৰ দিশত পৰিবেশ শিক্ষাৰ প্ৰভাৱ অতি বেছি। বাস্তবাদী চিন্তাৰ ভাবধাৰাই মানুহৰ মনত সৃষ্টি কৰা অসুস্থ আত্মকেন্দ্ৰকতা গুচাই ই মাৰ্জিত, নিয়ন্ত্ৰিত আৰু সুৰুচিপূৰ্ণ আচৰণ গঢ়ি তুলিব পাৰে।

৪/ জৈৱ-বৈচিত্ৰতা ৰক্ষাকৰণঃ জৈৱ - বৈচিত্ৰতাৰ অৰ্থ হৈছে প্ৰকৃতিৰ জীৱ - জগত আৰু উদ্ভিদ - জগতৰ মাজত থকা বিভিন্নতাৰ বিচিত্ৰ আৰু বৈশিষ্ট্যপূৰ্ণ অৱস্থা। ই পৰিবেশ বিজ্ঞান অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। জীৱ - জন্ত আৰু গছ - গছনি থাকিলেহে মানুহ জীয়াই থাকিব পাৰে। অকলে বাচি থাকিবলৈ এই পৃথিৱীখনত মানুহ স্বয়ংসম্পূৰ্ণ জীৱ নহয়। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ই ওক বাস্তৱলব্ধ জ্ঞান স্বৰূপে প্ৰতিপন্ন হৈ উঠিছে। মানুহকে আদি কৰি সকলো জীৱ - জন্ত, কীট - পতংগ আৰু তৰু-তৃণ মাজত এটা প্ৰাকৃতিক ভাৰসাম্য স্থাপন কৰিহে এই পৃথিৱীখনত জীৱ বৰ্তি থাকিব আৰু বিকাশ লাভ কৰি উঠিব পাৰে। এই বাস্তৱ সত্য মানুহে উপলব্ধি কৰি উঠাৰ উপায় হৈছে পৰিবেশ শিক্ষা।

৫/ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাঃ জীৱশ্ৰেষ্ঠ মানুহে পৃথিৱীখনৰ জীৱনকাল দীঘলীয়া কৰিবলৈ আন আন দুৰ্বল আৰু অসহায় জীৱ - জন্ত আৰু গছ - গছনিবোৰক ধ্বংসৰ মুখৰপৰা ৰক্ষা কৰা, সংৰক্ষণ কৰা, বিকাশয়াধন কৰি তোলাৰ প্ৰতি দায়বদ্ধ হোৱা উচিত। এই দায়বদ্ধতাৰ ভাব অনুভৱ কৰি তোলা আৰু আজিৰ পৰিবেশ সংৰক্ষণৰ দিশত তাৰ প্ৰয়োজনীয় আচৰণ মানুহৰ মনত গঢ় দি তোলাৰ উপায় হৈছে পৰিবেশ শিক্ষাৰ অধ্যয়ন।

৩৫/ পৰিবেশ শিক্ষাৰ সমস্যাসমূহ কি কি?

উত্তৰঃ ১/ ৰাজ্যৰ শিক্ষা বিভাগৰ পৰিবেশ শিক্ষা দিবৰ বাবে প্ৰয়োজনীয় সচেতনতা আৰু তপৰতাৰ অভাৱ। 

২/ পৰিবেশ শিক্ষাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান ভিত্তিক বিষয়ৰ শিক্ষা দিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ।

৩/ শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাৰ পাঠ্যত্ৰুমত পৰিৱেশ শিক্ষা প্ৰদানৰ কোনো সু - ব্যৱস্থা নাই।

৪/ স্থানীয় ভাষাত লিখা পৰিবেশ শিক্ষাৰ উপযুক্ত পাঠ্যপুথি নাই।

৫/ পৰিৱেশ শিক্ষাৰ শিকণ কাৰ্য সুকলমে সমাধান কৰিবলৈ উপযুক্ত শিক্ষণ - সঁজুলি নাই।

৩৬/ পৰিবেশমূলক সমস্যাসমূহ কি কি? 

 উত্তৰঃ ১/ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধি

২/ অধিক সংখ্যক লোকৰ অনুপ্ৰবেশ

৩/ বন সম্পদৰ ধ্বংসকৰণ

৪/ বিলুপ্তিৰ পথত জীৱ - জন্তৰ প্ৰভাতি

৫/ মানুহ জীৱ - জন্তৰ সংঘাত

৬/ বানপানী আৰু ভূমিস্খলন

৭/ অপৰিকল্পিতভাৱে শিল্প - উদ্যোগৰ স্থাপন

৮/ বৰ্ধিত  গাড়ী - মটৰৰ সমস্যা 

৯/ গোটা বস্তৰ আৱৰ্জনা সমস্যাট

১০/ প্ৰয়োজনীয় সতৰ্কতাৰ অভাৱ ইত্যাদি।

Type - Boby Bora