হস্তিবিদ্যাণৰ্ৱ পুথি

১। হস্তিবিদ্যাণৰ্ৱ পুথি পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথি শীৰ্ষক পাঠটিৰ যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।   

২। কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্য়াপকৰ নাম কি।

উত্তৰঃ কটন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্যাপকৰ নাম হৈছে সূৰ্যকুমাৰ ভূঞা।

৩। হস্তিবিদ্যাণৰ্ৱ পুথি পাঠটোৰ লেখক কোন।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথি পাঠটোৰ লেখক হৈছে ়সূৰ্যকুমাৰ ভূঞা।

৪। হস্তিবিদ্যাণৰ্ৱ পুথিখন ১৯৭৬ চনত কোনে  ছপা ৰূপ দি প্ৰকাশ কৰিছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথিখন ১৯৭৬ চনত অসম প্ৰকাশন পৰিষদে ছপা ৰূপ দি প্ৰকাশ কৰিছিল।

৫। হস্তি বিদ্যাণৰ্ৱ পুথি শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কত প্ৰকাশ পাইছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথি শীৰ্ষক প্ৰৱন্ধটি প্ৰথমে শুকলেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল। 

৬। কোনটো যুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল।

উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল।

৭। ব্যৱহাৰিক সাহিত্য কি।

উত্তৰঃ ব্যৱহাৰিক জ্ঞানৰ পুথিসমূহক ব্যৱহাৰিক সাহিত্য বুলি কয়।

৮। অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি।

উত্তৰঃ অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম হৈছে- হস্তিবিদ্যাণৰ্ৱ সাৰ-সংগ্ৰহ পুথি।

৯। ড॰সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি।

উত্তৰঃ ড॰ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হৈছে  Anglo-Assamese Relation 1771-1826।

১০। হস্তিবিদ্যাণৰ্ৱ সাৰ সংগ্ৰহ  পুথিখন কোনে ৰচনা কৰিছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।

১১। সুকুমাৰ বৰকাথ কোন আছিল।

উত্তৰঃ সুকুমাৰ বৰকাথ এজন লেখক আছিল।

১২। ড॰ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি।

উত্তৰঃ ড॰ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে  নিৰ্মালি।

১৩। কিমান চনত ভূঞাই পদ্মশ্ৰী সন্মান লাভ কৰে।

উত্তৰঃ ১৯৫৬ চনত ভূঞাই পদ্মশ্ৰী সন্মান লাভ কৰে।

১৪।  ড॰ সূৰ্যকুমাৰ ভূঞাৰ ৰচিত চুটিগল্প  পুথিখনৰ নাম কি।

উত্তৰঃ ড॰ সূৰ্যকুমাৰ ভূঞাৰ ৰচিত চুটিগল্প  পুথিখনৰ নাম হৈছে-পঞ্চমী। 

১৫। হস্তিহবিদ্যাণৰ্ৱ পুথিখন কাৰ আদেশ মৰ্মে সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথিখন স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আদেশ মৰ্মে সুকুমাৰ বৰকাথে ৰচনা কৰিছিল। 

১৬।পুৰণি অসমত হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ কত পোৱা।     

উত্তৰঃ পুৰণি অসমৰ হাতীৰ প্ৰচলনৰ বহু উল্লেখ আৰু বিৱৰণ প্ৰাচীন তামৰ ফলিবিলাকত আৰু বুৰঞ্জী পুথিবোৰত পোৱা যায়।

১৭। হস্তি আয়ুবেৰ্দ কোনে ৰচনা কৰিছিল.

উত্তৰঃ হস্তি আয়ুবেৰ্দ পালকাপ্য মুনিয়ে ৰচনা কৰিছিল।

১৮। বৃহৎ সংহিতা কোনে ৰচনা কৰিছিল।

উত্তৰঃ বৰাহমিহিৰে বৃহৎ সংহিতা ৰচনা কৰিছিল।

১৯। শঙ্খচূড় বধ পুথিখন কোনে ৰচনা কৰিছিল।

উত্তৰঃ শঙ্খচূড় বধ পুথিখন 

২০। হস্তিবিদ্য়াণৰ্ৱ পুথিখন কোনে পূণাৰ্নন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল।

উত্তৰঃ হস্তিবিদ্য়াণৰ্ৱ পুথিখন হেমচন্দ্ৰ গোস্বামীয়ে পূৰ্ণানৰ্ন্দ বুঢ়াগোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল।

২১। কোনখন আলোচনীয়ে ৰোমাণ্টিক কাব্যধাৰা পৰিৱৰ্তে আধুনিক, প্ৰগতিশীল কাব্যধাৰা প্ৰতিষ্ঠা কৰে।

উত্তৰঃ জয়ন্তী আলোচনীয়ে ৰোমান্টিক কাব্যধাৰা পৰিৱৰ্তে আধুনিক, প্ৰগতিশীল কাব্যধাৰা প্ৰতিষ্ঠা কৰে।

খ) চমুপ্ৰশ্নাৱলীঃ

১। হস্তিবিদ্যাণৰ্ৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথিৰ দিলৱৰ আৰু দোষায়ে অংকন কৰিছিল।

২। হস্তিগ্ৰন্থ বুলিলে কি বুজা।

উত্তৰঃ হস্তিগ্ৰন্থ বুলিলে হাতী বিষয়ক গ্ৰন্থক বুজায়।

৩। হস্তিবিদ্যাণৰ্ৱ  সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অৰ্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে।

৪। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হল- ধৰ্মপুৰাণ, গীত-গোৱিন্দ।

৫। সংস্কৃত ভাষাত হাতীৰ বিষয়ে ৰচনা কৰা কেইখনমান গ্ৰন্থ নাম লিখা।

উত্তৰঃ সংস্কৃত ভাষাত হাতীৰ বিষয়ে ৰচনা কৰা কেইখনমান গ্ৰন্থ হল- হস্তি আয়ুৰ্ব্বেদ, গজেন্দ্ৰচিন্তামণি, বৃহৎ সংহিতা, যশস্তিলক, অৰ্থশাস্ত্ৰ আদি।

গ) ৰচনাধৰ্মী প্ৰশ্নঃ

১। অসম হাতীপ্ৰধান দেশ- হস্তিবিদ্যাণৰ্ৱ পুথি শীৰ্ষক প্ৰৱন্ধটোৰ লেখকে কি প্ৰসঙ্গত এই কথাষাৰ অৱতাৰণা কৰিছিল বুজাই লিখা।

উত্তৰঃ অসমত পৰ্বতে-কন্দৰে হাতী গেজঁ খাই আছিল, এতিয়াও কিছু পৰিমাণে আছে। প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকা নিয়ম আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ-যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হলে হাতীৰ নিতান্ত প্ৰয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। উক্ত প্ৰসংগত হস্তিবিদ্যাণৰ্ৱ  পুথি শীৰ্ষক প্ৰৱন্ধটোত অসম হাতীপ্ৰধান দেশ বুলি অৱতাৰণা কৰিছিল। 

২। হস্তিবিদ্যাণৰ্ৱ  পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।

উত্তৰঃ হস্তিবিদ্যাণৰ্ৱ পুথিৰ প্ৰধান বিষয়বস্তু হৈছে - বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতী কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱা নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্ৰ ইত্যাদি।

 

Author_ Geetanjali bora



Post Id: DABP002642