কৰুণতম
ক) অতি চমু প্ৰশ্নাৱলীঃ
১। ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ বন ফৰিং ৰঙ।
২। ডাঃ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে?
উত্তৰঃ জৱাহৰলাল নেহেৰু আসনৰ।
৩। কোনখন গ্ৰন্থৰ বাবে ডাঃ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?
উত্তৰঃ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থৰ বাবে।
৪। কৰুণতম নামৰ কবিতাটি কোনখন কবিতা পুথি পৰা লোৱা হৈছে?
উত্তৰঃ কৰুণতম নামৰ কবিতাটি কবিৰ দিনৰ পাছত দিন নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে।
৫। ডাঃ নিৰ্মল প্ৰভা বৰদলৈয়ে কেতিয়া সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল?
উত্তৰঃ ডাঃ নিৰ্মল প্ৰভা বৰদলৈয়ে ১৯৮৩ চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল।
৬। কৰুণতম কবিতাত প্ৰধানতঃ কি প্ৰকাশ পাইছে?
উত্তৰঃ কৰুণতম কবিতাত প্ৰধানতঃ গাৱলীয়া জীৱনৰ ছবি প্ৰকাশ পাইছে।
ৰচনাধৰ্মীপ্ৰশ্নঃ
১। `কৰুণতম’ কবিতাৰ নামাকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।
উত্তৰঃ 'কৰুণতম’ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটি উৎকৃষ্ট কবিতা ।কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়।
কবিতাটিত কবিৰ মনত উদয় হোৱা অতীতৰ প্রতি দুখ বা কাৰুণ্য প্রকাশ পাইছে। কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তেওঁৰ হেৰুৱা দেউতাকলৈ মনত পৰে। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্রত কৰে। কবিৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ কৰ্মৰ জৰিয়তে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্ত কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব সেই সৰ্ম্পকে নিশ্চিত হ’ব পৰা নাই । তেঁও ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিৱ বুলি ভাবি সংশয়ত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে । গতিকে কবিতাটোৰ মূল বিষয়বস্ত আৰু ভাবাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামাকৰণ 'কৰুণতম’ সাৰ্থক হৈছে বুলি ক’ব পাৰি ।
২। 'কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা।
উত্তৰঃ 'কৰুণতম’ কবিতাটোৰ মাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে । আহিনৰ সজাল ধৰা ধাননি-পথাৰৰ গোন্ধ পালে কবিৰ পিতৃ-স্মৃতি জাগ্ৰত হয় । কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল । কৃষি-কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰন-পোষন দিছিল ।সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল; বৰঞ্চ ই আছিল জীৱনৰ সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰবান্বিত । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে । কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা- কুশলতাৰ পৰিচয় দিছিল । ইয়াৰ উপৰিও কবিৰ পিতৃ-মাতৃয়ে সময়ৰ বুকুত তেওঁলোকৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি কবিয়ে স্বীকাৰ কৰিছে। কবিৰ ভাষাত-
“আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিলে
মই হেৰা পাওঁ দেউতাক।
দোকানৰ জাপ-ভঙা
গামোচাৰ সুবাসত
মই হেৰা পাওঁ মোৰ আইক।”
৩। ‘কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।
উত্তৰঃ কৰুণতম শব্দটিৰ অৰ্থই হৈছে বেদনাদায়ক বা দুখদায়ক।কবিতাটিৰ মাজেৰে কবিয়ে তেখেতৰ অন্তৰত ওপজা গভীৰ দুখবোধ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গোন্ধই কবিৰ পিতৃ-স্মৃতি জাগ্ৰত কৰে । কাৰণ কবিৰ পিতৃ কৃষক আছিল । কৃষি-কৰ্মৰে তেঁও পৰিয়ালটিক ভৰন-পোষন কৰিছিল । সেই কৰ্ম তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল; বৰঞ্চ ই আছিল জীৱন সাধনা । পিতৃৰ সেই কৰ্ম-সাধনাক লৈ কবি গৌৰৱান্বিত । সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা-কুশলতাৰ পৰিচয় দিছিল । মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে ।
কবিৰ পিতৃ-মাতৃয়ে নিদিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাৱলৈ সক্ষম হৈছে । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষৎ প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব যাউতিযুগীয়াকৈ খোদিত কৰি যাব পাৰিছে । কিন্তু কবিয়ে পিতৃ-মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰনৰ কৰ্ম-আদৰ্শৰে যুগমীয়া স্মৃতি ৰাখি যাব পাৰিব , সেই ভাবনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে । আধুনিক পৃথিৱীখনত কবিয়ে কৰিব পৰা একোৱেই নাই ,যাৰ বাবে ভৱিষৎ প্ৰজন্মই কবিক মনত ৰাখিব । সেয়েহে কবিয়ে গভীৰ অস্তিত্বৰ সংকটত ভুগিছে । কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ’ব নোৱাৰে ।এনেদৰে শোকত ম্ৰিয়মান কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ পাইছে।
৪। 'কৰুণতম’ কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ আংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা ।
উত্তৰঃ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ 'কৰুণতম ‘ কবিতাটোৰ বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীবনৰ সংঘাতৰ চিত্ৰ এখন অংকিত হোৱা বুলি ক’ব পৰা যায় ।
কবিয়ে গ্রাম্য জীৱনৰ প্রতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত তেওঁৰ আইৰ কথা মনত পৰে। কাৰণ তেওঁৰ মাক এগৰাকী শিপিনী আছিল। শেষত নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্রাম্য জীৱনৰ স্মৃতি ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱর্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।
গতিকে দেখা যায় কবিতাটিত গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হৈছে।
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম
ক‘ত ??
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড০ নির্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে।
ভৱিষ্যৎ প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যেয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।
অসমীয়া গ্ৰাম্য সমাজ-সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন । কবিৰ পিতৃ-মাতৃয়ে নিজস্ব কৰ্ম-সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যুগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে । কবিৰ পিতৃ এজন উত্তম কৃষক আছিল আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল । মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে । কবিয়েও ভৱিষ্যৎ প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে । কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভোগা কবিয়ে কেনেধৰণৰ কৰ্মাদৰ্শৰে ভৱিষ্যৎৰ বাবে নিজৰ স্মৃতি ৰাখি যাব ,সেই আশংকাত কবি চিন্তিত হৈ পৰিছে । নিজ সন্তানৰ ওচৰতেই ভৱিষ্যতে অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত ওপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাঁকিৰ মাজেদি প্ৰকাশ পাইছে ।