ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্য়ৱসায়ীসকলৰ আগমন

Chapter 12 

পাঠভিত্তিক প্ৰশ্ন উত্তৰ

1. কোনে আৰু কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ কলম্বাছে ১৪৯২ খ্ৰীষ্টাব্দত আমেৰিকা আৱিষ্কাৰ কৰিছিল।


2. গ্ৰেট বৃটেইনৰ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া আৰু কি ভাৰতৰবৰ্ষত স্থাপন কৰিছিল ?

উত্তৰঃ গ্ৰেট বৃটেইনৰ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সোতৰ শতিকাত ভাৰতবৰ্ষত কুঠি স্থাপন কৰিছিল।


3. "মাৰ্চেণ্টিলিজম" বা বাণিজ্য়বাদ বুলিলে কি বুজা ?

উত্তৰঃ ইউৰোপৰ প্ৰধান দেশ কেইখনে বৈদেশিক বেহা-বেপাৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিল। সুচল, সমতাপূৰ্ণ বেহা-বেপাৰৰ যোগেদি সোণ, ৰূপ আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশবোৰে গুৰুত্ব দিছিল। এনেধৰণৰ অৰ্থনৈতিক ধাৰণাক "মাৰ্চেণ্টিলিজম" বা বাণিজ্য়বাদ বুলি কোৱা হয়। 


4. ইউৰোপীয় ব্য়ৱসায়ীসকলৰ ভিতৰত ভাৰতবৰ্ষত পোন প্ৰথমে কোনে খোপনি পুতিছিল ?

উত্তৰঃ ইউৰোপীয় ব্য়ৱসায়ীসকলৰ ভিতৰত ভাৰতৰবৰ্ষত পোন প্ৰথমে পৰ্তুগালৰ বণিকসকলে খোপনি পুতিছিল। 


5. সাম্ৰাজ্য়বাদ বুলিলে কি বুজা ?

উত্তৰঃ চহকী আৰু সামৰিকভাৱে শক্তিশালী ৰাষ্ট্ৰবোৰে যেতিয়া ব্য়ৱসায়-বাণিজ্য়, সংস্কৃতি অথবা যুদ্ধৰ দ্বাৰা আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভূত্ব বিস্তাৰ কৰাৰ পোষকতা কৰে তাকেই সাম্ৰাজ্য়বাদ বুলি কোৱা হয়। 


6. কিমান খ্ৰীষ্টাব্দত ওলন্দাজ বেপাৰীসকলে ভাৰতবৰ্ষৰ পুলিকটত প্ৰথমটো দুৰ্গ সাজিছিল ?

উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দত ওলন্দাজ বেপাৰীসকলে ভাৰতবৰ্ষৰ পুলিকটত প্ৰথমটো দুৰ্গ সাজিছিল।


7. কিমান খ্ৰীষ্টাব্দত গ্ৰেট বৃটেইনৰ বণিকসকলে বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত গ্ৰেট বৃটেইনৰ বণিকসকলে বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ এটা বেচৰকাৰী কোম্পানী প্ৰতিষ্ঠা কৰিছিল।


8. কিমান খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰৰ দৰবাৰলৈ উইলিয়াম হ'কিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল'বলৈ পঠিয়াইছিল ?

উত্তৰঃ  ১৬০৯  খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাট জাহাঙ্গীৰৰ দৰবাৰলৈ উইলিয়াম হ'কিন্স নামৰ বিষয়া এগৰাকীক চুৰাটত ফেক্টৰী স্থাপনৰ বাবে অনুমতি ল'বলৈ পঠিয়াইছিল।


9. কিমান খ্ৰীষ্টাব্দত বৃটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লচে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে ?

উত্তৰঃ ১৬৬১ খ্ৰীষ্টাব্দত বৃটেইনৰ ৰাজকুমাৰ দ্বিতীয় চাৰ্লচে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিয়ে।


10. পৰ্তুগীজ ৰাজকন্য়াৰ নাম কি ?

উত্তৰঃ পৰ্তুগীজ ৰাজকন্য়াৰ নাম হ'ল- কেথেৰী।


11. বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য় কি আছিল ?

উত্তৰঃ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্দেশ্য় আছিল যে ভাৰতবৰ্যত বেহা-বেপাৰ কৰি ইয়াৰ দ্বাৰা নানা উপায়ে লাভবান হোৱা।


12. ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা জাতিবোৰৰ নাম কি ?

উত্তৰঃ ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰা জাতিবোৰৰ নাম হ'ল - ডেনিচ, প্ৰুচিয়ান, ছুইচ আৰু অষ্ট্ৰিয়ানসকল।


13. বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কি কি ব্য়ৱসায় কৰিছিল ?

উত্তৰঃ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিমখ, ধপাত, তামোল আদিৰ দৰে সামগ্ৰীৰ একচেটিয়া ব্য়ৱসায় কৰিছিল।


14. ব্য়ৱসায়-বাণিজ্য় আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বৃটিছসকলৰ মূখ্য় প্ৰতিদ্বন্দী কোন আছিল ?

উত্তৰঃ ব্য়ৱসায়-বাণিজ্য় আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বৃটিছসকলৰ মূখ্য় প্ৰতিদ্বন্দী ফৰাচীসকল আছিল।


15. কিমান খ্ৰীষ্টাব্দত আৰু ক'ত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰঃ ১৬৬৪ খ্ৰীষ্টাব্দত ফ্ৰান্সত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল।


Type- Rajashri Bora 

 







Post ID: DABP005750