বসতি

Chapter 3 

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

1. বসতি মানে কি ?

উত্তৰঃ বসতি মানে হ'ল- মানুহে কোনো এক অঞ্চলত স্থায়ীভাৱে বসবাস কৰা কাৰ্য।


2. বসতি কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ বসতি দুই প্ৰকাৰৰ। সেইকেইটা হ'ল-

    i. গ্ৰাম্য় বা গাঁৱলীয়া বসতি। 

    ii. নগৰীয়া বা পৌৰ বসতি। 


3. গ্ৰাম্য় বসতিৰ মূল ভিত্তি কি ? 

উত্তৰঃ গ্ৰাম্য় বসতিৰ মূল ভিত্তি হ'ল- কৃষি।

4. গ্ৰাম্য় বসতি কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ গ্ৰাম্য় বসতি দুই প্ৰকাৰৰ। সেইকেইটা হ'ল-

    i. পাতল বসতি 

    ii. কেন্দ্ৰীভূত বসতি


5. কেন্দ্ৰীভূত বসতি কাক বোলে ?

উত্তৰঃ কোনো কোনো অঞ্চলত বিভিন্ন সা-সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থূপ খাই থাকে। এনে ধৰণে থূপ খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বোলে। 


6. ৰৈখিক বসতি কাক বোলে ?

উত্তৰঃ কিছুমান বসতি বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে। এনে বসতিক ৰৈখিক বসতি বোলে। 


7. বৰ্গক্ষেত্ৰাকাৰ বসতি কাক বোলে ?

উত্তৰঃ গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতি সৃষ্টি হোৱা দেখা যায়। এনেধৰণৰ বসতিক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। 


8. পৌৰ শব্দৰ অৰ্থ কি ?

উত্তৰঃ পৌৰ শব্দৰ অৰ্থ হ'ল- নগৰ।


9. অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম লিখা?

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম হ'ল- তেজপুৰ আৰু গুৱাহাটী।


10. গংগা নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম লিখ?

উত্তৰঃ গংগা নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম হ'ল- পাটনা আৰু বেনাৰস।


11. সিন্ধু নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম লিখা?

উত্তৰঃ সিন্ধু নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম হ'ল-কৰাচী আৰু হায়দৰাবাদ।


12. নীল নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লিখা?

উত্তৰঃ নীলনদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম হ'ল- কাইৰো ।


12. হোৱাংহোৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লিখা?

উত্তৰঃ হোৱাংহোৰ পাৰত অৱস্থিত এখন চহৰৰ নাম হ'ল- বেইজিং।


13. মিচিছিপিৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লিখা?

উত্তৰঃ মিচিছিপিৰ পাৰত অৱস্থিত এখন চহৰৰ নাম হ'ল- চেইণ্ট লুইচ।

14. টেম্চ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লিখা?

উত্তৰঃ টেম্চ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম হ'ল- লণ্ডন।


15. টাইগ্ৰীচ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লিখা?

উত্তৰঃ টাইগ্ৰীচ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম হ'ল- বাগদাদ।


16. ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ নগৰীয়া জনসংখ্য়া কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ নগৰীয়া জনসংখ্য়া ৩৭৭ নিযুত।


17. ভাৰতৰ আটাইতকৈ কম নগৰীয়া জনসংখ্য়াৰ চাৰিখন ৰাজ্য়ৰ নাম লিখা?

উত্তৰঃ ভাৰতৰ আটাইতকৈ কম নগৰীয়া জনসংখ্যাৰ চাৰিখন ৰাজ্য়ৰ নাম হ'ল- হিমাচল প্ৰদেশ (১০%), বিহাৰ (১১.৩%), অসম (১৪.১%), উৰিষ্য়া (১৬.৭%)।


18. অসমত বৰ্তমান কিমানখন গাঁও আৰু নগৰ আছে ?

উত্তৰঃ অসমত বৰ্তমান ২৬,৩৯৫ খন গাঁও আৰু ২১৪ খন নগৰ আছে। 


Type-  Rajashri Bora 








Post ID: DABP005686