পৰিৱেশ ভূগোল

দ্বিতীয় অধ্য়ায়

১। বহল অৰ্থত 'পৰিৱেশ' শব্দটোৱে কিহক বুজাই?

উত্তৰঃ বহল অৰ্থত 'পৰিৱেশ' শব্দটোৱে যিকোনো জীৱ বা জীৱসম্প্ৰদায়ৰ কেউকাষৰ অৱস্থাকে বুজাই।


২। কেউকাষৰ অৱস্থা বুলি কওঁতে কোনবোৰ উপাদানক সামৰি লোৱা হৈছে?

উত্তৰঃ যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে, সেই আটাইবোৰকে সামৰি লোৱা হয়।


৩। এই উপাদানসমূহ কি কি প্ৰকাৰৰ হ'ব পাৰে?

উত্তৰঃ এই উপাদান সমূহ জীৱীয় আৰু অজীৱীয় উভয় প্ৰকাৰৰ হ'ব পাৰে।


৪। পৃথিৱীৰ পৰিৱেশ উপাদান, কেইটা বিশেষ মণ্ডলৰ অন্তৰ্গত

উত্তৰঃ চাৰিটা।


৫। মণ্ডল কেইটা কি কি?

উত্তৰঃ মণ্ডলকেইটা হ'ল- স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল।


৬। স্থলমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ শিল, মণিক, বালি,মাটি, আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে  স্থলমণ্ডল বুলি কোৱা হয়।


৭। স্থলমণ্ডলৰ ভিতৰত কি কি পৰে?

উত্তৰঃ স্থলমণ্ডলৰ ভিতৰত পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, নদী উপত্য়কা, উপকূল আদি প্ৰাকৃতিক অৱয়ববোৰ পৰে।


৮। স্থলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে।

উত্তৰঃ ২৯  শতাংশ আগুৰি আছে।


৯। জলমণ্ডল কিহেৰে গঠিত?

উত্তৰঃ পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰৰ দ্বাৰা জলমণ্ডল গঠিত।


১০। স্থলমণ্ডলৰ ভিতৰত থকা কোনোবৰ জলমণ্ডলৰ অন্তৰ্গত?

উত্তৰঃ স্থলমণ্ডলত থকা নদ-নদী, বিল-খাল, হ্ৰদ, পুখুৰী নৈ জান-জুৰি আদি সকলোবোৰ অন্তৰ্গত।


১১। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে।

উত্তৰঃ ৭১ শতাংশ আগুৰি আছে।


১২। জীৱমণ্ডল কিহেৰে গঠিত? 

উত্তৰঃ পৃথিৱীৰ যিবোৰ অংশত জীৱ, অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ আছে সেইবোৰক সামৰি জীৱমণ্ডল গঠিত।


১৩। এতিয়ালৈকে কিমান নিযুত জীৱ-প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। 

উত্তৰঃ ১.৭৫ নিযুত।


১৪। ভূ-পৃষ্ঠৰ পৰা ওপৰলৈ বিয়পি থকা গেছীয় পদাৰ্থৰ ডাঠ তৰপটো কি কি গেছৰদ্বাৰা গঠিত?

উত্তৰঃ অক্সিজেন, নাইট্ৰ'জেন, হাইড্ৰ'জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছৰ দ্বাৰা গঠিত।


১৫। বায়ুমণ্ডল বুলিলে কি বুজা?

উত্তৰঃ আমাৰ পৃথিৱাৰ উপৰিভাগক বায়ুৰ যি এক আৱণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়।


১৬। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা কিমান কিল'মিটাৰ উচ্চতালৈ বিয়পি আছে?

উত্তৰঃ ৪৮০ কিল'মিটাৰ উচ্চতালৈ বিয়পি আছে।


১৭। কিমান চনত সুমাত্ৰাৰ ক্ৰাকাটোৱা আগ্নেয়গিৰি উদিগৰণ হৈছিল?

উত্তৰঃ ১৮৮৩ চনত।


১৮। কি কি কাৰকে ঠাইৰ এখনৰ পাকৃতিক পৰিৱেশ নিৰূপন কৰে?

উত্তৰঃ ভূ-পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ-আকৃতি, সাগৰ-মহাসাগৰৰপৰা দূৰত্ব, সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্য়প্ৰাণী, আদি নানা প্ৰকাৰৰ কাৰকে সংশ্লিষ্ট ঠাইৰ এখনৰ প্ৰাকৃতিক পৰিৱেশ নিৰূপন কৰে। 


১৯। নাতিশীতোষ্ণ অঞ্চলত কি গছৰ অৰণ্য় পোৱা যায়?

উত্তৰঃ  সৰলবৰ্গীয় গছৰ অৰণ্য় পোৱা যায়।


২০। অসমৰ কোন অঞ্চলক প্ৰাকৃতিক অঞ্চল হিচাপে বিবেচনা কৰা হয়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী উপত্য়কা অঞ্চলটোক।


২১। ভৌগোলিক অধ্য়য়নৰ মূখ্য় উপজীব্য় কি?

উত্তৰঃ ভূ-পৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজৰ বিবৰ্তনশীল সম্পৰ্কই হৈছে ভৌগোলিক অধ্য়য়নৰ মূখ্য় উপজীব্য়।


২২। পৰিৱেশ ভূগোল বুলি কাক কোৱা হয়? 

উত্তৰঃ ভূগােলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবােৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্রয়াস কৰে , তাকে পৰিৱেশ ভূগােল বােলা হয় । অর্থাৎ পৰিৱেশ ভূগােল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগােলিক অধ্যয়ন ।


২৩। বিজ্ঞান সমন্বিত অধ্য়য়ন বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম-বেছি পৰিমাণে জড়িত হৈ আছে।যেনে-ৰসায়ন বিজ্ঞান, ভূ-বিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান আদি বিষয়ক বহু কথা পৰিৱেশ বিজ্ঞানে সামৰি লৈছে। সেয়ে ইয়াক বিজ্ঞানৰ সমন্বিত অধ্য়য়ন বুলি ক'ব পাৰি।


২৪। পৰিৱেশ ভূগোলে অধ্য়য়ন কৰা প্ৰধান উদ্দেশ্য় কি?

উত্তৰঃ পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্য়া বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্য়ৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সমন্ধ আদিৰ বিষয়ে অধ্য়য়ন কৰাই পৰিৱেশ ভূগোলৰ প্ৰধান উদ্দেশ্য়।


২৫। পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ কেইটা মৌলিক ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃ দুটা মৌলিক ভাগত ভগাব পাৰিঃ ( ক ) জীৱীয় উপাদান, ( খ ) অজীৱীয় উপাদান।


২৬। জীৱীয় উপাদানসমূহ কি মণ্ডলৰ অন্তৰ্গত?

উত্তৰঃ জীৱমণ্ডলৰ অন্তৰ্গত।


২৭। জীৱীয় উপাদানসমূহৰ ভিতৰত কি কি পৰে?

উত্তৰঃ নানা প্ৰজাতিৰ উদ্ভিদ আৰু অনুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰত পৰে।


২৮। অজীৱীয় উপাদানৰ ভিতৰত কি কি পৰে?

উত্তৰঃ স্থলমণ্ডল , জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডলৰ প্ৰণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰত পৰে।


২৯। পৃথিৱীৰ কোনটো অঞ্চল উদ্ভিদৰ ক্ষেত্ৰত বিশেষ চহকী আৰি কিয়?

উত্তৰঃ পৃথিৱীৰ নিৰক্ষীয় অঞ্চলটো অধিক উত্তাপ আৰু অতিবৃষ্টিৰ কাৰণে উদ্ভিদৰ ক্ষেত্ৰত বিশেষ চহকী।


৩০। নিৰক্ষীয় বনাঞ্চলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে।

উত্তৰঃ ৬ শতাংশ ।

 

৩১। পৃথিৱীত এতিয়ালৈকে চিনাক্ত হোৱা জীৱ-প্ৰজাতি কিমান শতাংশ এনে অৰণ্য়ত পোৱা যায়?

উত্তৰঃ প্ৰায় ৭৫ শতাংশ।


৩২। মেৰু অঞ্চলত কি কি প্ৰণী পোৱা যায়?

উত্তৰঃ উট, হৰিণ, চৰাই, বল্গা হৰিণ, বগা ভালুক, ছিল মাছ আদি প্ৰণী পোৱা যায়। 


৩৩। সৰলবৰ্গীয় গছ গজা ঠাইৰ মাটিক কি বুলি কোৱা হয়?

উত্তৰঃ পড্জল বুলি কোৱা হয়। 


৩৪। মেৰু অঞ্চলত পানী কি আকাৰে থাকে? 

উত্তৰঃ বৰফ আকাৰে।


৩৫। সাম্প্ৰতিক কালত পাৰিৱেশিক সমস্য়াৰ মূল কাৰণ কি?

উত্তৰঃ জনসংখ্য়া দ্ৰুত বৃদ্ধি, ব্য়াপক হাৰত সম্পদ আহৰণ, উৎপাদন ব্য়ৱস্থাত প্ৰযুক্তিৰ ব্য়াপক প্ৰয়োগ, যান-বাহনৰ বৃদ্ধি, নগৰ-মহানগৰৰ সম্প্ৰসাৰণ ইত্য়াদি।


৩৬। বৰ্তমানে পৃথিৱীৰ জনসংখ্য়া কিমান?

উত্তৰঃ ৭০০ কোটি।


৩৭। বৰ্তমান নগৰত কিমান শতাংশ মানুহ বাস কৰে?

উত্তৰঃ ৫০ শতাংশ।


৩৮। বননী ধ্বংস কাৰ্য্য়ক কি বুলি কোৱা হয়?

উত্তৰঃ নিৰ্বনীকৰণ বুলি কোৱা হয়।


৩৯। কোনো অঞ্চলত মাতিকালিৰ প্ৰায় কিমান শতাংশ উদ্ভিদৰ আৱৰণ থাকিব লাগে?

উত্তৰঃ ৩৩ শতাংশ।


৪০। পাহাৰীয়া অঞ্চলত কমেও কিমান শতাংশ উদ্ভিদৰ আৱৰণ থাকিব লাগে?

উত্তৰঃ ৬০ শতাংশ।


৪১। মেনগ্ৰ'ভ অৰণ্য় বহু পৰিমাণে ক'ত পোৱা যায়?

উত্তৰঃ ভাৰত-বাংলাদেশৰ অন্তৰ্গত সুন্দৰবন ব-দ্বীপ অঞ্চলত বহু পৰিমাণে পোৱা যায়।


৪২। পৃথিৱীৰ কেন্দ্ৰীয় অংশটোৰ উত্তাপ কিমান বুলি ঠাৱৰ কৰা হৈছে?

উত্তৰঃ ৪,৫০০ ডিগ্ৰী চেলছিয়াছ বুলি ঠাৱৰ কৰা হৈছে।


৪৩। ভূ-পৃষ্ঠৰ পৰা কেন্দ্ৰভাগলৈ গলে ১০০ মিটাৰ গভীৰতাত কিমান ডিগ্ৰী চেলছিয়াছ উত্তাপ বাঢ়ে?

উত্তৰঃ ৩ ডিগ্ৰী চেলছিয়াছ উত্তপ বাঢ়ে।


৪৪। সেউজগৃহ প্ৰভাৱ কাক বোলে?

উত্তৰঃ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে। এইগেছবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্যক সেউজগৃহ প্ৰভাৱ বোলে।


৪৫। বায়ুপ্ৰদূষণ কাক বোলে?

উত্তৰঃ বায়ুত যেতিয়া কিছুমান অলাগতিয়াল পদাৰ্থৰ পৰিমান বৃদ্ধি হয় তেতিয়া তাক বায়ু  প্ৰদূষণ বুলি কোৱা হয়।


৪৬। বায়ু দূষিতকাৰী প্ৰকৃতিক কাৰকৰ ভিতৰত কি কি প্ৰধান?

উত্তৰঃ আগ্নেয় আৰু উদগিৰণ প্ৰধান।


৪৭। বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্য়াৰ কি?

উত্তৰঃ এচিড বৰষুণ।


৪৮। জলমণ্ডলে ভূপৃষ্ঠত কিমান শতাংশ আগুৰি আছে।

উত্তৰঃ ৭১ শতাংশ।


৪৯। পানী প্ৰদূষণ কি?

উত্তৰঃ পানীত অলাগতিয়াল কিছুমান পদাৰ্থ বা দূষিত পদাৰ্থ মিহলি হলে নিৰ্মল পানী দূষিত হবলৈ ধৰে ইয়াকে পানী প্ৰদূষণ বোলে।


৫০। গুৱাহাটীৰ মাজেদি প্ৰবাহিত নদীখনৰ নাম কি?

উত্তৰঃ ভৰলু নদী।


Type By-Jatin Nath