ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

Chapter- 13

পাঠভিত্তিক প্ৰশ্ন-উত্তৰ

1. মোগল সাম্ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ বাবৰে মোগল সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল।


2. ঔৰংজেৱৰ কিমান খ্ৰীষ্টাব্দত মৃত্য়ু হৈছিল ?

উত্তৰঃ ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্য়ু হৈছিল।


3. ফৰাচীসকলৰ প্ৰধান ঘাটি কি আছিল ?

উত্তৰঃ ফৰাচীসকলৰ প্ৰধান ঘাটি দক্ষিণৰ পূব উপকূলত অৱস্থিত পণ্ডিচেৰী (পুডুচেৰী) আৰু বংগদেশৰ কলিকতাৰ ওচৰৰ চন্দননগৰ আছিল।


4. কিমান খ্ৰীষ্টাব্দত অষ্টিয়াত উত্তৰাধিকাৰী যুদ্ধ হৈছিল ?

উত্তৰঃ ১৭৪০ খ্ৰীষ্টাব্দত অষ্টিয়াত উত্তৰাধিকাৰী যুদ্ধ হৈছিল


5. কাৰ যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে ?

উত্তৰঃ ৱান্দিয়াছৰ যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে।


6. কিমান খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্য়ু হয় ?

উত্তৰঃ ১৭৫৬ খ্ৰীষ্টাব্দত বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্য়ু হয়।


7. আলিবৰ্দি খাঁৰ কেইগৰাকী জীয়েক আছিল ?

উত্তৰঃ আলিবৰ্দি খাঁৰ তিনিগৰাকী জীয়েক আছিল।


8. আলিবৰ্দি খাঁৰ মৃত্য়ুৰ পিছত কাক বংগৰ নৱাব পাতিছিল ?

উত্তৰঃ আলিবৰ্দি খাঁৰ মৃত্য়ুৰ পিছত তেওঁৰ সৰু ছোৱালীজনীৰ পুত্ৰ চিৰাজউদৌল্লাক বংগৰ নৱাব পাতিছিল।


9. কিমান খ্ৰীষ্টাব্দত ক্লাইৱ স্বদেশলৈ ঘূৰি আহে ?

উত্তৰঃ ১৭৬০ খ্ৰীষ্টাব্দত ক্লাইৱ স্বদেশলৈ ঘূৰি আহে।


10. কিমান খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট নামৰ বিধিখন জাৰি কৰা হৈছিল ?

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ৰেগুলেটিং এক্ট নামৰ বিধিখন জাৰি কৰা হৈছিল।