ভট্টদেৱৰ কথা-গীতা (প্ৰথম অধ্য়ায়ঃ অৰ্জুনৰ বিষাদ যোগ)

চমু প্ৰশ্ন উত্তৰঃ

(১) ভট্টদেৱৰ প্ৰকৃত নাম কি?

উত্তৰঃ চন্দ্ৰভাৰতী।

(২) ভট্টদেৱৰ জন্ম কেতিয়া আৰু কত হৈছিল?

উত্তৰঃ ১৫৫৮ খৃষ্টাব্দত (১৪৮০ শক)। কামৰূপৰ (বৰ্তমান বৰপেটা) বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত।

(৩) ভট্টদেৱৰ প্ৰকৃত নাম কি?

উত্তৰঃ বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য।

(৪) ভট্টদেৱক 'ভাগৱত ভট্টাচাৰ্য' উপাধি কোনে প্ৰদান কৰিছিল?

উত্তৰঃ ঘোষাৰত্ন প্ৰণেতা গোপাল মিশ্ৰই।

(৫) কথাগীতৰ প্ৰথম অধ্য়াসত কি বৰ্ণিত হৈছে?

উত্তৰঃ অৰ্জুন বিষাদ যোগ। 

(৬) কাৰ আদেশ মৰ্মে ভট্টদেৱে ভাগৱত কথাত ৰচনা কৰিছিল?

উত্তৰঃ গুৰু দামোদৰদেৱৰ আদেশ অনুসৰি।

(৭) ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?

উত্তৰঃ গুৰু দামোদৰদেৱৰ ওচৰত।

(৮) শ্ৰীধৰী টীকাই কি নিৰূপন কৰে?

উত্তৰঃ শ্ৰীধৰী টীকাই ভক্তি মাৰ্গৰ নিৰূপন কৰে।

(৯) কৃষ্ণই কি শঙ্খ বজাইছিল?

উত্তৰঃ পাঞ্চজন্য়।

(১০) কথাগীতাৰ মূল কি?

উত্তৰঃ শ্ৰীমদ্ভাগৱত গীতা।

দীঘল প্ৰশ্ন উত্তৰঃ

(১) 'কথাগীতাৰ' গদ্য়ৰীতি আৰু ব্য়াকৰণগত বৈশিষ্ট্য় সম্পৰ্কে লিখা।

উত্তৰঃ "কথাগীতা" ভট্টদেৱৰ সাহিত্য়ক জীৱনৰ কীৰ্তিস্তম্ভ। 'কথা-ভাগৱত' অনুবাদ কৰাৰ পিছতেই 'কথা-গীতা' ভট্টদেৱে অনুবাদ কৰে। 'কথাগীতাৰ' গদ্য়ৰীতি আৰু ব্য়াকৰণগত বৈশিষ্ট্য় সম্পৰ্কে তলত উল্লেখ কৰা-

(১) ব্য়াখ্য়াত্মক আৰু ব্য়ংগাত্মক ৰীতি 'কথা-গীতা'ৰ গদ্য়শৈলীৰ এক বৈশিষ্ট্য়। 'কথা-গীতা'ৰ গদ্য়ত আবেগ-অনুভূতিৰ স্থান নাই। গীতাৰ তত্ত্ব কথাসমূহ দাৰ্শনিক যুক্তিৰে বিচাৰ কৰি ব্য়াখ্য়াৰ সহায়ত সহজভাৱে পাঠকক বুজাই দিছে।

(২) ভট্টদেৱৰ কথা-গীতাৰ গদ্য় ভাষাত সংস্কৃত শব্দৰ বহুল প্ৰয়োগ দেখা যায়। মূল গীতাৰ বিষয়বস্তু হ্ৰাস নকৰাকৈ সংস্কৃত শ্লোকসমূহৰ পৰা 'কথা-গীতা' অনুবাদ কৰাৰ বাবে যথেষ্ট সংখ্য়ক সংস্কৃত শব্দ ব্য়ৱহাৰ কৰিবলগীয়া হৈছে। তৎসম শব্দৰ প্ৰাচুৰ্য হলেও কথা-গীতাৰ ভাষা অনাড়ম্বৰ আৰু সহজবোধ্য়। সংস্কৃত শব্দ যেনে-গন্ধ, সম, শৃগাল, জলাঞ্জলি ইত্য়াদি.

(৩) সম্বন্ধবাচক শব্দৰ প্ৰয়োগ সংস্কৃতত থকাৰ দৰে ব্য়ৱহাৰ কৰিছে - পিতৃ, পিতৃব্য়, আচাৰ্য্য়, মাতুল, ভাতৃ ইত্য়াদি.

(৪) কথা-গীতাৰ এক উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে কামৰূপী শব্দৰ সঘন প্ৰয়োগ। উদাহৰণস্বৰূপে - আক, আপুনাৰ, তাৰা, তুমাক, দোলাকাৰ, নাইবা, মাঋ ইত্য়াদি।

(৫) কথা-গীতাৰ সংখ্য়াবাচক সৰহ শব্দৰ প্ৰয়োগৰ লগতে পুনৰুক্ত বাচক শব্দও দেখা যায়। যেনে - ক্ষণে, সত্য়ে, সাধু ইত্য়াদি।

(৬) কথা-গীতাৰ গদ্য়ত তিনিটা কালৰ ক্ৰিয়াৰ প্ৰয়োগো দেখা যায়।

(২) অৰ্জুনৰ মনলৈ বিষাদ নামি অহা কাৰণ কি? বুজাই লিখা।

উত্তৰঃ পঞ্চপাণ্ডৱৰ তৃতীয় পাণ্ডৱ শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুনে সাৰথি কৃষ্ণ সহিতে কুৰুেত্ৰৰ সন্মুখ সমৰত কৌৰৱ সৈন্য়ক দেখি শ্ৰীকৃষ্ণক উভয় পমাৰ সেনাৰ মাজত নিজৰ ৰথখন ৰখাবলৈ কলে। তেওঁ সৈতে যুদ্ধকৰিবলগীয়া বীৰসকলক এবাৰ চাই লব বিচাৰিলে। অৰ্জুনৰ কথা মতে সাৰথি কৃষ্ণই দুই পক্ষৰ মাজত ৰথখন ৰখালে। কৌৰৱ পক্ষত অৰ্জুনে তেওঁৰে আপোন সকলক বিশেষকৈ পিতৃতুল্য় পিতামহ ভীষ্ম, গুৰু দ্ৰোনাচাৰ্য, মাতুল, ভাতৃ, ভাতৃপুত্ৰ, সখি সুহৃদ সকলোকে দেখা পালে। আত্মীয় সকলক দেখি কুন্তিপুত্ৰ অৰ্জুনে শ্ৰীকৃষ্ণৰ আগত দুখ প্ৰকাশ কৰি কলে যে - সম্বন্ধীয় সকল যুদ্ধ কৰিবৰ ইচ্ছাৰে যুদ্ধক্ষেত্ৰত উপস্থিত হোৱা দেখি তেওঁৰ হাত-ভৰি ভাঙি যাওঁ যাওঁ হৈছে, মুখ শুকাই গৈছে, শৰীৰো কপিব ধৰিছে, লোম শিহঁৰি উঠিছে, হাতৰ গাণ্ডীব খহি পৰাৰ উপত্ৰম হৈছে গাৰ ছাল পুৰিছে। অৰ্জুনে কৈছে যে - যুদ্ধত স্বজনক বধ কৰি জীৱনত সুফল লাভ কৰিব নোৱাৰি। আনকি অৰ্জুনে সুখৰ কামনাও কৰা নাই। ৰাজ্য়ৰ সা-সম্পত্তি ভোগ কৰি জীৱনত কিবা লাভ হব বুলি তেওঁ ভবা নাই গুৰু, পিতৃ, পুত্ৰ, পিতাসহ, মাতুল শহুৰ, খুলশালি সম্বন্ধীয়সকলৰ বাবেই ৰাজ্য়ভোগৰ সুখৰ কামনা নকৰা অৰ্জুনে কুৰুক্ষেত্ৰৰ ৰণৰ সন্মুখ সমৰত তেওঁলোকক দেখি অৰ্জুনৰ মনলৈ বিষাদ নামি আহিল।

(৩) ভট্টদেৱৰ গদ্য় শক্তিশালী হোৱা সত্বেও জনপ্ৰিয় নোহোৱাৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভট্টদেৱৰ গদ্য় শক্তিশালী হোৱা সত্বেও জনপ্ৰিয় নোহোৱাৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা হল- 

    প্ৰথমতে, ভট্টদেৱৰ গদ্য়ৰ ভাষা উচ্চ পৰ্যায়ৰ ই সংস্কৃত শব্দ প্ৰধান হোৱাত সংস্কৃতীয় শব্দৰে ভাৰক্ৰান্ত ৰচনাৰীতিৰ গহীন ভাষা সৰ্বসাধাৰণ লোকে বুজিবলৈ টান পায়।

    দ্বিতীয়তে, ভট্টদেৱে ব্য়ৱহাৰ কৰা ভাষাটো সমসাময়িক কথিত ভাষাৰ লগত কিছু পৰিমাণে অমিল। কথিত ভাষাৰ লগত অৰ্থাৎ জনজীৱনৰ ভাৱ-প্ৰকাশক স্বাভাৱিক ভাষাৰ লগত কিছু পৰিমাণে হলেও অমিল থকা ভাষা এটাৰ প্ৰতি জনসাধাৰণ ধাউতি কম হোৱাটো স্বাভাৱিক।

    তৃতীয়তে, গীতা, ভাগৱত, ৰত্নাৱলীৰ বিষয়বস্তু কঠিন তত্ত্বমূলক এনেধৰণৰ কথা যথা সম্ভৱ সহজ-সৰল ভাষাৰে প্ৰকাশ কৰিব পাৰিলেহে ই সৰ্বসাধাৰণৰ বোধগাম্য় হব পাৰে। ভট্টদেৱৰ গদ্য়ৰ ভাষা কিন্তু প্ৰধানতঃ গহীন আৰু উচ্চ পৰ্যায়ৰ। বিষয়বস্তু আৰু প্ৰকাশভঙ্গী এই দুয়োটাই কঠিন হোৱা কাৰণে এই গদ্য়ৰ বিষয়বস্তু সহজতে বোধগম্য় হোৱাত বিশেষকৈ সৰ্বসাধাৰণৰ ক্ষেত্ৰত কিছু বাধা নজন্মাকৈ থকা নাই।

    চতুৰ্থতে, আধ্য়াত্মিক তত্ত্বমূলক কথাবিলাক কিছু বহল ভাৱে বুজাই দিলেহে বুজাত সহজ হয়। এনেকুৱা তত্ত্বমূলক কথাবিলাক ভট্টদেৱে কিন্তু বিশেষকৈ কথা ভাগৱতত অতি চমুকৈ লিখিছে। যাৰ ফলত তত্ত্বমূলক কথাবোৰ সাধাৰণ শ্ৰেণী পাঠকৰ কাৰণে বুজাত কিছু টান নোহোৱাকৈ থকা নাই।

    পঞ্চমতে, গদ্য়তকৈ বিশেষকৈ সেই যুগৰ মানুহৰ পদ্য়ৰ প্ৰতিহে ধাউতি বেছি আছিল। সেই হেতুকে সৰ্বসাধাৰণে ভাগৱত-ৰত্নাৱলী, গীতা আদি বৈষ্ণৱ শাস্ত্ৰৰ কথা জানিবলৈ ইচ্ছা কৰিলে, তেওঁলোকৰ মন ভট্টদেৱৰ গদ্য় ৰচনালৈ নগৈ সহজ-সৰল ভাষা, নানা অলঙ্কাৰ ৰস আৰু বাব্য়িক সৌন্দৰ্য্য়ৰে ভৰা পূৰ্বকবিসকলৰ গীত-পদ আৰু বাক্য়ৰাজিলৈ সহজতে ঢাল খাইছিল।

(৪) কথাগীতাৰ প্ৰথম অধ্য়ায়ত মহাৰথী, ৰথী আৰু অৰ্ধৰথীৰ সংজ্ঞা কোনে, কেনেদৰে কাৰ আগত ব্য়ক্ত কৰিছিল?

উত্তৰঃ পাণ্ডুপুত্ৰসকলে যুদ্ধৰ নিমিত্তে কৌশল সহকাৰে বহু ৰচনা সৈন্য় ৰখা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ মহাৰথী, ৰথী আৰু অৰ্ধৰথীৰ সংজ্ঞা দাঙি ধৰিছে যে - হে, আচাৰ্য পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা। দ্ৰুপদৰ সন্তান তোমাৰ শিষ্য় ধৃষ্টদ্য়ুন্মই বেহু ৰচনা কৰিছে, তাত ভীম অৰ্জুনৰ সমকক্ষ মহাধনুৰ্ধৰ বীৰসকল আছে। সেই সকল হল - যযুধান (সত্য়কি), বিৰাট, চেকিতান, ধৃষ্টকেতু, কাশীৰাজ পুৰুজিৎ, কুণুিভোজ, যধামন্য়ু, সুভন্দ্ৰানন্দন অভিমন্য়ু আৰু দ্ৰোপদীৰ পঞ্চপুত্ৰ। তেওঁলোক সকলোৱে একো একোজনী মহাৰথী। মহাৰথীৰ সংজ্ঞা দিছে এনেদৰে - যিয়ে অকলশৰে এখন ৰথেৰে দহ হেজাৰ ৰথীৰ লগত যুদ্ধ কৰিব পাৰে তেওঁক 'মহাৰথী' বোলে। যিজনে অপৰিমিত ৰথীৰ লগত যুদ্ধ কৰে তেওঁক অতিৰথী বোলে। এখন ৰথেৰে আন এখন ৰথৰ লগত যুদ্ধ কৰে তেওঁক অতিৰথী বোলে। এখন ৰথেৰে আন এখন ৰথৰ লগত যুদ্ধ কৰিলে তাক ৰথী বোলে। দুখন ৰথেৰে এখন ৰথৰ লগত যুঁজিলে তেওঁক অৰ্দ্ধৰথী বুলি কোৱা হয়। এনেদৰে কথাগীতাৰ প্ৰথম অধ্য়ায়ত ৰজা দুৰ্যোধনে গুৰু দ্ৰোঁাচাৰ্যৰ আগত মহাৰথী। ৰথী আৰু অৰ্দ্ধৰথীৰ কথা ব্য়ক্ত কৰিছিল।

(৫) "হে মধুসূদন, আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিৰে ইচ্ছা নকৰি"। কোনে, কেতিয়া কি কাৰণে এনেদৰে কৈছিল বুজাই লিখা।

উত্তৰঃ উক্ত কথাষাৰ মধ্য়ম পাণ্ডৱ অৰ্জুনে শ্ৰীকৃষ্ণৰ আগত ব্য়ক্ত কৰিছিল।

    পঞ্চপাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত কুৰুক্ষেত্ৰ সমুখ সমৰত অৰ্জুনে দুই পক্ষৰ মাজত পিতামহ, গুৰু, আত্মীয় স্বজন, জ্ঞাতি-কুটুম্বক দেখি তেওঁলোকক বধ কৰি বিজয়ৰ আকাংক্ষা নকৰি, ৰাজ্য় লাভৰো ইচ্ছা নথকা বুলি আনকি সুখকো বাঞ্চা নকৰোঁ বুলি সাৰথি কৃষ্ণক কৈছিল।

    অৰ্জুনে কুৰুক্ষেত্ৰ সমুখ সমৰত কৌৰৱ সৈন্য়ক দেখি সাৰথি কৃষ্ণক উভয় পক্ষৰ সেনাৰ মাজত ৰথখন ৰখালে। কৌৰৱ পক্ষত অৰ্জুনে তেওঁৰে আত্মীয় স্বজন বিশেষকৈ পিতৃতুল্য় পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, মাতুল, ভাতৃ, ভাতৃপুত্ৰ, সখী সুহৃদয় সকলোকে দেখি অৰ্জুনে কৃষ্ণৰ আগত দুখ প্ৰকাশ কৰি কলে যে সম্বন্ধীয় সকলে যুদ্ধ কৰিবৰ ইচ্ছাৰে যুদ্ধক্ষেত্ৰত উপস্থিত হোৱা দেখি তেওঁৰ হাত ভৰি ভাঙি যাওঁ যাওঁ হৈছে, মুখ শুকান হৈ গৈছে, শৰীৰো কঁপিব ধৰিছে, নোম-শিহঁৰি উঠিছে, হাতৰ গাণ্ডীৰো খহী পৰাৰ উপক্ৰম হৈছে। অৰ্জুনে কৈছে যে - যুদ্ধত স্বজনক বধ কৰি তেওঁ সুফল লাভ কৰিব নোৱাৰে। বিজয়ী হোৱাৰ আকাংক্ষা তেওঁৰ মনত নাই। যিসকল বন্ধুৰ কাৰণে অৰ্জুনে ৰাজ্য়ভোগৰ সুখৰ কামনা কৰে সেই বন্ধু সকলেই প্ৰাণ ধন ত্য়াগ অংগীকাৰ কৰি যুদ্ধত প্ৰবৃত্তি হৈছেহি। জ্ঞেয় আত্মীয় স্বজনসকলে যুদ্ধত তেওঁলোকক মাৰিব ইচ্ছা কৰিলেও পাণ্ডৱে তেওঁলোকক মাৰিব ইচ্ছা নকৰে।