Chapter - 2 

তাত্ত্বিক পৰিপেক্ষ

ভাগ (খ) নৱ্য-সনাতন তত্ত্বসমূহ


Very Short Questions :

1. মানৱিক সম্পৰ্ক তত্ত্বৰ জনক কোন  ?

উত্তৰঃ  মানৱিক সম্পৰ্ক তত্ত্বৰ জনক হল এল্টন মেৱো।

2. লিপচেট মানৱিক সম্পৰ্ক তত্ত্বৰ লগত জড়িত। (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ অশুদ্ধ।                                                                                                                   

3. হথৰ্ন পৰীক্ষা কোনটো তত্ত্বৰ লগত জড়িত ?

উত্তৰঃ হথৰ্ন পৰীক্ষা মানৱ তত্ত্বৰ লগত জড়িত । 

Short Questions :

1. হথৰ্ন পৰীক্ষা ।

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হথৰ্ন নামৰ ঠাইত এল্টন মেৱো আৰু তেওঁৰ সহযোগীসকলে মানুহৰ আচৰণ আৰু লগত সংগঠনৰ অনানুষ্ঠানিক দিশবোৰ অধ্যয়নৰ বাবে যি পৰীক্ষা চলোৱা হৈছিল তাক হথৰ্ন পৰীক্ষা বোলে। এই পৰীক্ষাই হল মানৱিক সম্পৰ্ক তত্ত্বৰ ভিত্তি। এই তত্ত্বৰ উদ্ভাৱনৰ ফলত সংগঠনৰ সনাতন তত্ত্বৰ জনপ্ৰিয়তা লাহে লাহে কমি যায়।

                হথৰ্ণ নামৰ ঠাইত চলোৱা পৰীক্ষাত চেলিফোন চুইচ প্ৰস্তুত কাৰী কৰ্মীৰ গোট এটাৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰা হয়। কৰ্মীসকলে কাৰ্য ভিত্তিক মজুৰি নীতিত কাম কৰিছিল আৰু পৰিচালকসকলে বিশ্বাস কৰিছিল যে এই ব্যৱস্থাই কৰ্মীসকলক অধিক মজুৰি উপাৰ্জনত সহায় কৰিব।

                আন এটা পৰীক্ষাত কিছুমান মহিলা কৰ্মীক আন কৰ্মীসকলৰ পৰা পৃথক কৰি এটা পৰীক্ষা গাৰত ৰাখি তেওঁলোকৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰা হল। উৎপাদনৰ ওপৰত প্ৰভাৱ পৰ্যৱেক্ষণ কৰাৰ বাবে তেওঁলোকে যি ভৌত অৱস্থাত কাম কৰিছিল তাৰ সঘনে পৰিৱৰ্তন কৰা হয়। ইয়াৰ বাবে পোহৰ কেতিয়াবা কম আৰু কেতিয়াবা আৰু কেতিয়াবা বেছি  কৰা হয়, কেতিয়াবা কৰ্মবিৰতিৰ ব্যৱস্থা কৰা হয়, আকৌ কেতিয়াবা কৰ্মবিৰতি দিয়া নহয়।

এই দুয়োটা পৰীক্ষাৰ প্ৰথম পৰীক্ষাত পৰিচালকৰ পৰিকল্পনাত কৰ্মীৰ প্ৰতিক্ৰিয়া ঋণাত্মক, দ্বিতীয় পৰীক্ষাত ই ধনাত্মক। 

                হথৰ্ন পৰীক্ষাই প্ৰমাণ কৰে যে মানুহ বিচ্ছিন্ন জীৱ নহয়, তেওঁলোকে নিজস্ব প্ৰন্থাত প্ৰতিক্ৰিয়া কৰে। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হল যে সংগঠন এটা সামাজিক ব্যৱস্থা।

2. মানৱীয় সম্পৰ্ক তত্ত্বৰ গুণ। 

উত্তৰঃ মানৱিক সম্পৰ্ক তত্ত্বৰ গুণ সমূহ হল----

            (i) সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বই মানুহৰ মানৱিক দিশৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে।

            (ii) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত থকা সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে                         কাৰণ সংগঠন এটাৰ কৃতকাৰ্যকতাৰ বাবে কৰ্মীসকলৰ মাজত সু-সম্পৰ্ক থকা প্ৰয়োজন।

            (iii) সংগঠনৰ বা প্ৰশাসনৰ জটিল মানৱিক সমস্যা সমাধান কৰাত এই তত্ত্বই সহায় কৰে।

            (iv) এই তত্ত্বই অনানুষ্ঠানিক সংগঠনৰ আৰু অনানুষ্ঠানিক আচৰণৰ ওপৰত বিশেষ গুৰুত্ব                          আৰোপ কৰিছে।

            (v) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত উৎসাহ আৰু সহযোগিতা বৃদ্ধি কৰাত সহায় কৰে। 

3. মানৱিক সম্পৰ্ক তত্ত্বৰ নীতিসমূহ ।

উত্তৰঃ মানৱিক সম্পৰ্ক তত্ত্বৰ নীতিসমূহ হল----

 (i) সামাজিক সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

 (ii) কৰ্মচাৰীসকলক একে ধৰণৰ পৰিৱেশৰ পৰা মুক্তি দিয়া।

 (iii) কৰ্মচাৰীসকলৰ মাজত অনানুষ্ঠানিক সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

 (iv) কৰ্মচাৰীসকলৰ সৈতে পৰিচালকৰ সামাজিক মনস্তাত্ত্বিক সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

 (v) সংগঠনৰ ভিতৰত প্ৰথা বহিৰ্ভূত গোষ্ঠী সম্পৰ্ক প্ৰতিষ্ঠা কৰা ।

4. মানৱিক সম্পৰ্ক তত্ত্বৰ দোষসমূহ ।

উত্তৰঃ মানৱিক সম্পৰ্ক তত্ত্বৰ দোষসমূহ হল----

(i) এই তত্ত্বই মানৱিক সম্পৰ্কৰ ওপৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰোপ কৰিছে।

(ii) এই তত্ত্বৰ এটা প্ৰকৃতি হ'ল যে ই সদায় পৰিৱৰ্তনশীল। ইয়াৰ কোনো স্থায়িত্ব নাই ।

(iii) এই তত্ত্বই প্ৰশাসনীয় নীতি নিয়মতকৈ অনানুষ্ঠানিক সম্পৰ্কৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

(iv) মানৱিক সম্পৰ্ক তত্ত্বই আনুষ্ঠানিক সংগঠনৰ ওপৰত সিমান বেছি গুৰুত্ব দিয়া নাই।

(v) এই তত্ত্বই অৰ্থনৈতিক লাভালাভৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই।

5. সিদ্ধান্ত গ্ৰহণৰ স্তৰসমূহ।

উত্তৰঃ সিদ্ধান্ত গ্ৰহণৰ স্তৰ তিনিটা । সেইকেইতা হল----- (i) বুদ্ধিমত্তা গতিবিধি স্তৰ, (ii) ৰূপাংকন প্ৰস্তুতকৰণ স্তৰ, আৰু (iii) পচন্দ নিৰ্বাচন কাৰ্যকলাপ ।তলত এই কেইতাৰ বিষয়ে বহল ভাৱে আলোচনা কৰা হল।

(i) বুদ্ধিমত্তা গতিবিধি স্তৰ (Intelligence Activity State)ঃ- সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটোক চাইমনে বুদ্ধিমত্তা গতিবিধি স্তৰ হিচাপে নামাকৰণ কৰিছে। এই স্তৰত সংগঠন এটাৰ সমস্যা সমূহ চিনাক্ত কৰা হয় আৰু এই সমস্যা সমাধানৰ হকে মুৰব্বীজনে উচিত সিদ্ধান্তৰ বাবে সুযোগ নিৰ্দ্ধাৰণ কৰে। চাইমনৰ মতে, সংগঠনৰ কাৰ্যবাহী বিষয়াসকলে তেওঁলোকৰ অধিক সময় সংগঠনৰ অৰ্থনীতি, কাৰিকৰী, ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ অধ্যয়নত ব্যয় কৰে।

(ii) ৰূপাংকন প্ৰস্তুতকৰণ স্তৰ (Design Activity State)ঃ-  সিদ্ধান্ত গ্ৰহণৰ দ্বিতীয় স্তৰটোক ৰূপাংকণ প্ৰস্তুতকৰণ স্তৰ বুলি কোৱা হয়। প্ৰথম স্তৰত সংগঠনৰ সমস্যা চিনাক্ত হোৱাৰ পাছত মুৰব্বীসকলে এইটো স্তৰত বিকল্পৰ সন্ধান কৰে। লগতে প্ৰত্যেকটো কৰ্ম আচঁনিৰ ভাল-বেয়াসমূহো বাছি ওলিওৱা হয়, যাতে সঠিক সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সঠিক কৰ্ম আচঁনি প্ৰস্তুত কৰিব পৰা যায়।

(iii)  পচন্দ নিৰ্বাচন কাৰ্যকলাপ (Choice Activity)ঃ- দ্বিতীয় স্তৰত বিভিন্ন বিকল্পসমূহ উদ্ভাৱন কৰাৰ পাছত অন্তিম স্তৰত সেই বিকল্পসমূহৰ মাজৰ পৰা যিকোনো এটা বিকল্প বাছি উলিয়াবলৈ যত্ন কৰা হয়। বিভিন্ন বিকল্পসমূহক ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰিতথা বিকল্পসমূহৰ গুণ-দোষসমূহ পৰ্যালোচনা কৰি আটাইতকৈ গ্ৰহণযোগ্য বিকল্পটো গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত লোবা হয়।এই স্তৰত সিদ্ধান্ত গ্ৰহণকাৰী বিষয়াসকলৰ বিভিন্ন দক্ষতা, যেনে---- নিৰ্বাচন, সৃষ্টিশীলতা, সংখ্যাগত বিশ্লেষণ আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়।

6. সিদ্ধান্ত গ্ৰহণৰ ভিত্তি ।

উত্তৰঃ চাইমনৰ মতে, দুটা মূল কাৰকৰ ওপৰত সিদ্ধান্ত গ্ৰহণ নিৰ্ভৰ কৰে। এটা হ'ল তথ্যসমৃদ্ধ পৰিসৰ বা প্ৰাঙ্গণ আৰু আনটো প্ৰমূল্য পৰিসৰ। তথ্য হৈছে বাস্তৱতাৰ প্ৰকাশ আনহাতে প্ৰমূল্য হল পচন্দ বা মনোনয়নৰ প্ৰকাশ । তথ্যসমৃদ্ধ পৰিসৰৰ পৰীক্ষণ আৰু নীৰিক্ষণ যিকোনো উপায়েৰে প্ৰমান কৰিব পাৰি । অৰ্থাৎ ব্যৱহাৰিক  পৰীক্ষাৰ জৰিয়তে ইয়াৰ গ্ৰাহ্যতা বিচাৰ কৰিব পাৰি। কিন্তু প্ৰমূল্য ক্ষেত্ৰত ইয়াৰ সুবিধা নাথাকে। তথ্যসমৃদ্ধ পৰিসৰ উদ্দেশ্যৰ পচন্দৰ লগত জড়িত। আনহাতে প্ৰমূল্য পৰিসৰ কৰ্মৰ লক্ষ্যৰ পচন্দৰ লগত জড়িত।

Essay Type Questions :      

1. মানৱিক সম্পৰ্ক তত্ত্বটোৰ বৈশিষ্ট্য, দোষ-গুণসমূহ আলোচনা কৰা।

উত্তৰঃ মানৱিক সম্পৰ্ক তত্ত্বৰ বৈশিষ্ট্য সমূহ হৈছে------

(i) কাৰখানাৰ কৰ্মীসকল যন্ত্ৰৰ অংশ নহয়, তেওঁলোক মানুহ- দেহ আৰু মন এই দুয়োটাৰে সমষ্টি। কৰ্মীসকলৰ মনোভাব, তেওঁলোকৰ আশা-আকাঙ্ক্ষা, অভাৱ-অভিযোগ আদিৰ প্ৰতি লক্ষ্য ৰাখিলে সংগঠনৰ পৰিচালনাৰ কাম অধিকতৰ ফলপ্ৰসূ হ'ব।

(ii) মানুহ সামাজিক জীৱ। যত বহুতো মানুহে একেলগে কাম কৰে তাত তেওঁলোকে স্বাভাৱিকতে এটা ঘৰোৱা গোষ্ঠীৰ সৃষ্টি কৰে। এই ঘৰোৱা গোষ্ঠী আনুষ্ঠানিক সংগঠনতকৈ কম শক্তিশালী নহয়।

(iii) মানুহৰ আন এটা বৈশিষ্ট্য আছে যে তেওঁলোকে স্বীকৃতি বিচাৰে। কৰ্মীসকলৰ সৈতে পৰামৰ্শ কৰি কাম কৰিলে তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়ে।

মানৱিক সম্পৰ্কৰ দোষ সমূহ হল-------

(i) এই তত্ত্বই মানৱিক সম্পৰ্কৰ ওপৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰোপ কৰিছে।

(ii) এই তত্ত্বৰ এটা প্ৰকৃতি হ'ল যে ই সদায় পৰিৱৰ্তনশীল। ইয়াৰ কোনো স্থায়িত্ব নাই ।

(iii) এই তত্ত্বই প্ৰশাসনীয় নীতি নিয়মতকৈ অনানুষ্ঠানিক সম্পৰ্কৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

(iv) মানৱিক সম্পৰ্ক তত্ত্বই আনুষ্ঠানিক সংগঠনৰ ওপৰত সিমান বেছি গুৰুত্ব দিয়া নাই।

(v) এই তত্ত্বই অৰ্থনৈতিক লাভালাভৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই।  

মানৱিক সম্পৰ্কৰ গুণসমূহ হল---

  (i) সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বই মানুহৰ মানৱিক দিশৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে।

  (ii) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত থকা সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে                         কাৰণ সংগঠন এটাৰ কৃতকাৰ্যকতাৰ বাবে কৰ্মীসকলৰ মাজত সু-সম্পৰ্ক থকা প্ৰয়োজন।

  (iii) সংগঠনৰ বা প্ৰশাসনৰ জটিল মানৱিক সমস্যা সমাধান কৰাত এই তত্ত্বই সহায় কৰে।

  (iv) এই তত্ত্বই অনানুষ্ঠানিক সংগঠনৰ আৰু অনানুষ্ঠানিক আচৰণৰ ওপৰত বিশেষ গুৰুত্ব                          আৰোপ কৰিছে।

  (v) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত উৎসাহ আৰু সহযোগিতা বৃদ্ধি কৰাত সহায় কৰে।  

2. সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বটোৰ সমালোচনাত্মক আলোচনা কৰা।

উত্তৰঃ মানৱিক সম্পৰ্ক তত্ত্বটোৰ বিষয়ে তলত সমালোচনাত্মক আলোচনা কৰা হল----

 সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বই মানুহৰ সামাজিক স্থিতিৰ গুৰুত্ব আৰু তেওঁৰ আচৰণৰ ওপৰত তেওঁৰ সহযোগী কৰ্মচাৰী সকলৰ প্ৰভাৱক স্বীকাৰ কৰিছে। এই তত্ত্বৰ সমৰ্থক সকলৰ মতে, সংগঠনৰ প্ৰকৃতি আৰু কাৰ্য সংগঠনৰ কৰ্মীৰ অভিপ্ৰায় আৰু অনানুষ্ঠানিক গোষ্ঠীৰ কাৰ্যৰ ওপৰত নিৰ্ভ কৰে। এই তত্ত্বৰ লগত সনাতন তত্ত্বৰ পাৰ্থক্যটো হল সনাতন তত্ত্বই নীতি আৰু আনুষ্ঠানিকতাৰ ওপৰত বেছি আৰোপ কৰে।

                     মানৱিক সম্পৰ্ক তত্ত্ব পোন প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত আৱিৰ্ভাব হৈছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰত এই শতিকাত হৰ্থন নামৰ ঠাইত যি পৰীক্ষা চলোৱা হয় ইয়াৰ ফলত সংগঠনৰ সনাতন তত্ত্বই লাহে লাহে জনপ্ৰিয়তা হেৰুৱায়। এই পৰীক্ষাবোৰেই আছিল মানৱিক সম্পৰ্ক তত্ত্বৰ ভিত্তি।

                      মাৰ্কিন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হৰ্থন নামৰ ঠাইত Western Electric Company ত এল্টন মেৱা আৰু তেওঁ সহকাৰী সকলে এই পৰীক্ষা চলায়। প্ৰথম পৰীক্ষাত ষ্টেলিফোন 'চুইচ' প্ৰস্তুতকাৰীকৰ্মীৰ গোট এটাৰ কাৰ্যাৱলী পৰ্যবেক্ষণ কৰা হয়।এই কৰ্মীসকলে কাৰ্যভিত্তিক মজুৰি নীতিত কাম কৰিছিল। কিন্তু প্ৰকৃতাৰ্থত কৰ্মীসকলে সম্পৰ্ণ ভিন্নৰূপে আচৰণ কৰিলে। 

হৰ্থণ পৰীক্ষাই ইয়াৰ দ্বাৰা প্ৰমান কৰে যে মানুহ এক অচল বা বিচ্ছিন্ন জীৱ নহয়, তেওঁলোকে নিজস্ব পন্থাত প্ৰতিক্ৰিয়া কৰে। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হল যে সংগঠন এটা সামাজিক ব্যৱস্থা। গতিকে যি তত্ত্বত মানুহৰ আচৰণ, মৰ্যদা, বিশ্বাস, লক্ষ্যত উপনীত হোৱা আদি নতুন ধাৰনাবোৰ মানৱ সম্পৰ্কৰ লগত সংযুক্ত কৰা হয় আৰু তাক মানৱিক সম্পৰ্ক তত্ত্ব বোলে। মানৱিক সম্পৰ্ক তত্ত্বৰ মূল লক্ষ্য হল--

(i) মানৱিক সমস্যাৰ মানৱিক ভাৱে সমাধানৰ প্ৰয়োজন।  

(ii) মানুহৰ ওপৰত, কৰ্মীসকলৰ অনুপ্ৰেৰণাৰ ওপৰত আৰু ঘৰোৱা গোটৰ কামৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে।                                                                                                                                                                                                                                                                                                                        মানৱিক সম্পৰ্ক তত্ত্বৰ বৈশিষ্ট্য সমূহ হৈছে------

(i) কাৰখানাৰ কৰ্মীসকল যন্ত্ৰৰ অংশ নহয়, তেওঁলোক মানুহ- দেহ আৰু মন এই দুয়োটাৰে সমষ্টি। কৰ্মীসকলৰ মনোভাব, তেওঁলোকৰ আশা-আকাঙ্ক্ষা, অভাৱ-অভিযোগ আদিৰ প্ৰতি লক্ষ্য ৰাখিলে সংগঠনৰ পৰিচালনাৰ কাম অধিকতৰ ফলপ্ৰসূ হ'ব।

(ii) মানুহ সামাজিক জীৱ। যত বহুতো মানুহে একেলগে কাম কৰে তাত তেওঁলোকে স্বাভাৱিকতে এটা ঘৰোৱা গোষ্ঠীৰ সৃষ্টি কৰে। এই ঘৰোৱা গোষ্ঠী আনুষ্ঠানিক সংগঠনতকৈ কম শক্তিশালী নহয়।

(iii) মানুহৰ আন এটা বৈশিষ্ট্য আছে যে তেওঁলোকে স্বীকৃতি বিচাৰে। কৰ্মীসকলৰ সৈতে পৰামৰ্শ কৰি কাম কৰিলে তেওঁলোকৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়ে।

মানৱিক সম্পৰ্কৰ দোষ সমূহ হল-------

(i) এই তত্ত্বই মানৱিক সম্পৰ্কৰ ওপৰত প্ৰয়োজনতকৈ অধিক গুৰুত্ব আৰোপ কৰিছে।

(ii) এই তত্ত্বৰ এটা প্ৰকৃতি হ'ল যে ই সদায় পৰিৱৰ্তনশীল। ইয়াৰ কোনো স্থায়িত্ব নাই ।

(iii) এই তত্ত্বই প্ৰশাসনীয় নীতি নিয়মতকৈ অনানুষ্ঠানিক সম্পৰ্কৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

(iv) মানৱিক সম্পৰ্ক তত্ত্বই আনুষ্ঠানিক সংগঠনৰ ওপৰত সিমান বেছি গুৰুত্ব দিয়া নাই।

(v) এই তত্ত্বই অৰ্থনৈতিক লাভালাভৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই।  

মানৱিক সম্পৰ্কৰ গুণসমূহ হল---

  (i) সংগঠনৰ মানৱিক সম্পৰ্ক তত্ত্বই মানুহৰ মানৱিক দিশৰ প্ৰতি বিশেষ দৃষ্টি ৰাখে।

  (ii) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত থকা সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে                         কাৰণ সংগঠন এটাৰ কৃতকাৰ্যকতাৰ বাবে কৰ্মীসকলৰ মাজত সু-সম্পৰ্ক থকা প্ৰয়োজন।

  (iii) সংগঠনৰ বা প্ৰশাসনৰ জটিল মানৱিক সমস্যা সমাধান কৰাত এই তত্ত্বই সহায় কৰে।

  (iv) এই তত্ত্বই অনানুষ্ঠানিক সংগঠনৰ আৰু অনানুষ্ঠানিক আচৰণৰ ওপৰত বিশেষ গুৰুত্ব                          আৰোপ কৰিছে।

  (v) এই তত্ত্বই সংগঠনৰ কৰ্মীসকলৰ মাজত উৎসাহ আৰু সহযোগিতা বৃদ্ধি কৰাত সহায় কৰে।      

3. হৰ্বাৰ্ট চাইমনৰ যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ হৰ্বাৰ্ট ছাইমনৰ যুক্তিসংগত সিদ্ধান্ত গ্ৰহণ তত্ত্বটো তলত বহলভাৱে আলোচনা কৰা হল----

              বৰ্তমান সময়ত প্ৰশাসনীয় চিন্তাধাৰা আৰু প্ৰশাসনীয় তত্ত্বত সিদ্ধান্ত গ্ৰহণ বিষয়টোৱে আগস্থান অধিকাৰ কৰি আছে। সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত প্ৰধানকৈ তিনিটা ভাগ থাকে। সেই ভাগকেইটা হল----

(i) সিদ্ধান্ত গ্ৰহণ কৰা সময়ত এজন ব্যক্তিয়ে প্ৰকৃততে কি কৰে ?  কাৰণ সেই সময়ত তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হয়।

(ii) ব্যক্তিজনৰ ওপৰত বিভিন্ন ধৰণৰ বিকল্প থাকে। অৰ্থাৎ সকলোবোৰ বিতৰ্ক তেওঁ আগত প্ৰদৰ্শন কৰা হয়।

(iii) আৰু অৱশেষত সকলোবোৰ বিকল্পৰ মাজৰ তেওঁৰ বাবে উচিত বুলি ভবা বিকল্পটো যাৰ পৰা উপযুক্ত ফলাফল লাভ কৰিব পাৰে সেইটো বাচি উলিয়ায়। 

                সিদ্ধান্ত গ্ৰহন তত্ত্বৰ আধুনিক চিন্তাধাৰাত প্ৰধান অৱদান যোগোৱা ব্যক্তিজন হল হাৰ্বাৰ্ট ছাইমন। হাৰ্বাৰ্ট ছাইমনেই হৈছে সেইজন ব্যক্তি যিয়ে সিদ্ধান্ত গ্ৰহণ তত্ত্বত প্ৰথমবাৰৰ বাবে দাৰ্শনিক আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ সংযোগ কৰিছিল। হাৰ্বাৰ্ট ছাইমনে ১৯৪৭ চনত 'Administrative Behavior'' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। সেই গ্ৰন্থখনৰ প্ৰধান উদ্দেশ্য হল সিদ্ধান্ত গ্ৰহনৰ ক্ষেত্ৰত কেনেকৈ সংগঠনবোৰক বুজিব পাৰি। প্ৰশাসনৰ বৰ্ণনাৰ ক্ষেত্ৰত ভাষাগত আৰু ধাৰণাগত গাথঁনি প্ৰধানকৈ মানুহৰ পছন্দৰ দৰ্শন আৰু মনোবিজ্ঞান আৰু অৰ্থনৈতিক তত্ত্ব মনোস্তাত্বিক দিশৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত হয়।

হাৰ্বাৰ্ট ছাইমনে অৰ্থনৈতিক সংগঠনবোৰত সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে বিজ্ঞানৰ দিশলৈ আগবঢ়োৱা অৱদানৰ বাবে, তেওঁ ১৯৭৮ চনত নবেল পুৰস্কাৰ লাভ কৰে। ছাইমনৰ সিদ্ধান্ত গ্ৰহণ তত্ত্বটো মতে যৌক্তিক আৰু পৰস্পৰাগত আৰ্হিৰ ওপৰত প্ৰতিষ্ঠিত। ছাইমনৰ মতে যৌক্তিক আৰ্হি বাস্তিৱিকতে বৰ্তি নাথাকে আৰু এই আৰ্হিটো সমালোচনা কৰা বহুত সহজ।

4. সিদ্ধান্ত গ্ৰহণৰ ভিত্তি আৰু স্তৰসমূহ আলোচনা কৰা।

উত্তৰঃ  চাইমনৰ মতে, দুটা মূল কাৰকৰ ওপৰত সিদ্ধান্ত গ্ৰহণ নিৰ্ভৰ কৰে। এটা হ'ল তথ্যসমৃদ্ধ পৰিসৰ বা প্ৰাঙ্গণ আৰু আনটো প্ৰমূল্য পৰিসৰ। তথ্য হৈছে বাস্তৱতাৰ প্ৰকাশ আনহাতে প্ৰমূল্য হল পচন্দ বা মনোনয়নৰ প্ৰকাশ । তথ্যসমৃদ্ধ পৰিসৰৰ পৰীক্ষণ আৰু নীৰিক্ষণ যিকোনো উপায়েৰে প্ৰমান কৰিব পাৰি । অৰ্থাৎ ব্যৱহাৰিক  পৰীক্ষাৰ জৰিয়তে ইয়াৰ গ্ৰাহ্যতা বিচাৰ কৰিব পাৰি। কিন্তু প্ৰমূল্য ক্ষেত্ৰত ইয়াৰ সুবিধা নাথাকে। তথ্যসমৃদ্ধ পৰিসৰ উদ্দেশ্যৰ পচন্দৰ লগত জড়িত। আনহাতে প্ৰমূল্য পৰিসৰ কৰ্মৰ লক্ষ্যৰ পচন্দৰ লগত জড়িত।

                    উক্ত দুই ধৰণৰ ভিত্তিৰ পৰাই যুক্তিসংগত সিদ্ধান্তৰ গ্ৰহণ কৰা হয় যাক সঠিক সামৰণি হিচাপে বিবেচনা কৰা হয়।চাইমনৰ মতে প্ৰশাসনৰ অন্তিম তথা চুড়ান্ত উদ্দেশ্যক যিহেতু সিদ্ধান্তই পথ দেখুৱাই সেয়ে ইয়াক প্ৰমূল্য মত বা ৰায় আৰু যিহেতু উদ্দেশ্য পূৰণৰ বাবে লোৱা কাৰ্যাৱলীত সিদ্ধান্তসমূহৰে সক্ৰিয় ভূমিকা থাকে সেয়ে এইবোৰক তথ্যসমৃদ্ধ মত বা ৰায় বুলি কোৱা হয়।

                সিদ্ধান্ত গ্ৰহণৰ স্তৰ তিনিটা । সেইকেইতা হল----- (i) বুদ্ধিমত্তা গতিবিধি স্তৰ, (ii) ৰূপাংকন প্ৰস্তুতকৰণ স্তৰ, আৰু (iii) পচন্দ নিৰ্বাচন কাৰ্যকলাপ ।তলত এই কেইতাৰ বিষয়ে বহল ভাৱে আলোচনা কৰা হল।

(i) বুদ্ধিমত্তা গতিবিধি স্তৰ (Intelligence Activity State)ঃ- সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটোক চাইমনে বুদ্ধিমত্তা গতিবিধি স্তৰ হিচাপে নামাকৰণ কৰিছে। এই স্তৰত সংগঠন এটাৰ সমস্যা সমূহ চিনাক্ত কৰা হয় আৰু এই সমস্যা সমাধানৰ হকে মুৰব্বীজনে উচিত সিদ্ধান্তৰ বাবে সুযোগ নিৰ্দ্ধাৰণ কৰে। চাইমনৰ মতে, সংগঠনৰ কাৰ্যবাহী বিষয়াসকলে তেওঁলোকৰ অধিক সময় সংগঠনৰ অৰ্থনীতি, কাৰিকৰী, ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ অধ্যয়নত ব্যয় কৰে।

(ii) ৰূপাংকন প্ৰস্তুতকৰণ স্তৰ (Design Activity State)ঃ-  সিদ্ধান্ত গ্ৰহণৰ দ্বিতীয় স্তৰটোক ৰূপাংকণ প্ৰস্তুতকৰণ স্তৰ বুলি কোৱা হয়। প্ৰথম স্তৰত সংগঠনৰ সমস্যা চিনাক্ত হোৱাৰ পাছত মুৰব্বীসকলে এইটো স্তৰত বিকল্পৰ সন্ধান কৰে। লগতে প্ৰত্যেকটো কৰ্ম আচঁনিৰ ভাল-বেয়াসমূহো বাছি ওলিওৱা হয়, যাতে সঠিক সিদ্ধান্ত গ্ৰহণৰ জৰিয়তে সঠিক কৰ্ম আচঁনি প্ৰস্তুত কৰিব পৰা যায়।

(iii)  পচন্দ নিৰ্বাচন কাৰ্যকলাপ (Choice Activity)ঃ- দ্বিতীয় স্তৰত বিভিন্ন বিকল্পসমূহ উদ্ভাৱন কৰাৰ পাছত অন্তিম স্তৰত সেই বিকল্পসমূহৰ মাজৰ পৰা যিকোনো এটা বিকল্প বাছি উলিয়াবলৈ যত্ন কৰা হয়। বিভিন্ন বিকল্পসমূহক ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰিতথা বিকল্পসমূহৰ গুণ-দোষসমূহ পৰ্যালোচনা কৰি আটাইতকৈ গ্ৰহণযোগ্য বিকল্পটো গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত লোবা হয়।এই স্তৰত সিদ্ধান্ত গ্ৰহণকাৰী বিষয়াসকলৰ বিভিন্ন দক্ষতা, যেনে---- নিৰ্বাচন, সৃষ্টিশীলতা, সংখ্যাগত বিশ্লেষণ আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়।

Answer by Himashri kakati