পাঠ 
ৰঙৰ

ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ
                        ৰংপূৰ অভিমুখে আমি আগুৱাও
এই গীতটি নিশ্চয় তোমালোকৰ চিনাকি গীত গীতটি গাই বা শুনি তোমালোকে
           চাগে আপোন পাহৰা হোৱা তলৰ গীতটি বাৰু শুনিছানে?
                     ৰং কিনিবা কোনে ৰং কিনিবা কোনে?
                   মোনা ভৰাই ৰং আনিছোঁ কিনা মোনে মোনে
ৰং বা ৰঙীন বস্তুয়ে মন ৰঙীয়াল নকৰেনে বাৰু? নীলা আকাশ, বহুৰঙি ৰামধেনু,
উদয় হোৱা বা অস্ত্ৰ যোৱা ৰঙা বেলিৰ ৰঙে সকলোৰে মন মুগ্ধ কৰে শাওন মাহৰ
সেউজীয়া পথাৰ আৰু আঘোন মাহৰ পৰা ভৰা সোণোৱালী শইচে বিমল আনন্দ
দিয়ে আদিম মানুহৰো ৰঙৰ প্ৰতি আকৰ্ষণ আছিল তাহানি গুহাত বাস কৰা লোকেও
গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল
                                                   (৬৪)





Post Id: DABP000684