পানী: পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয়  অজৈৱিক উপাদান । পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই  হৈছে সাগৰ আৰু মহাসাগৰৰ । ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি , ভূ-গৰ্ভৰ পানী আদি হ'ল পানীৰ একো একোটা উতস । পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে । বৰষুণৰ অভাৱত কোনো এটা অঞ্চলত যেনেদৰে খৰাং পৰিৱেশৰ সৃষ্টি হ'য় , ঠিক তেনেদৰে অত্য়াধিক বৰষুণৰ ফলত বানপানীৰ সৃ্ষ্টি হ'ব পাৰে ।  পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কথা এষাৰ আছে। পানী নহ'লে আমি কোনো জীৱই জীয়াই থাকিব নোৱাৰো।