অণুজীৱ: বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায় । এইবোৰক অণুৱীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায় । সেয়েহে ইহঁতক অণুজীৱ বোলে । ইহঁত  বায়ু , পানী, মাটি সকলোতে থাকে । কিছুমান বেক্টেৰিয়াই মৃত  উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে ।