চুলিৰ বাবে প্ৰয়োজনীয় ভিটামিনৰ অভাব হ'লে চুলি সৰে । অত্যাধিক পৰিমানে কেমিকেল যুক্ত চেম্পু ব্যৱহাৰ কৰিলেও  চুলি সৰে । দীৰ্ঘদিন ধৰি বেমাৰত ভূগি থাকিলেও চুলি সৰিব পাৰে।চুলিৰ গুৰি অপৰিস্কাৰ কৰি ৰাখিলেও চুলি সৰে । উফি হলেও চুলি সৰে।


চুলি সৰা বন্ধ কৰিবলৈ কেইটামান ঘৰুৱা উপায়-------

১)জেতুকা পাত এমুঠি মান লৈ তাত চালকুঁৱৰী পাত এটা টুকুৰা টুকিৰিকৈ কাটি ,তাত নৰসিংহৰ আৰু জবাফুলৰ পাত চাৰি পাচ খিলা লৈ মিক্সি জাৰ এটাত ভালকৈ পিচি পেস্ট বনাই চুলিত লগাই দুঘন্টা ৰাখি ধুই দিব লাগে। এনেকৈ সপ্তাহত দুই তিনি দিন লগালে চুলি সৰা বন্ধ হব।

২)পিয়াঁজ এটা টুকুৰা টুকুৰ কৈ কাটি পিচি লৈ তাৰ ৰস উলিয়াই তাত দুচামুচ আমলখি ৰস মিহলাই অলপ নাৰিকলৰ তেল আৰু কৈইটামান মিথি গুটি দি এটা বাতিত লৈ এটা পাট্ৰত পানী গৰম কৰি  সেই বাতিটো গৰম পানীৰ উপৰত দি গৰম কৰি অলপ ঠান্দা হলে এই মিশ্ৰণ খিনি কপাহৰ সহায়ত চুলিৰ গুৰিত লগাব লাগে ।   

3) সচৰাচৰ মানুহে চেম্পু কৰিলে চেম্পু খিনি পোনপটীয়াকৈ মূৰত লগাই,এনে নকৰি এটা মগত অলপ পানী লৈ তাত চেম্পু খিনি দি মিহলি কৰি তাৰ পিচত মূৰ ধূব লাগে । মূৰ ধূৱাৰ পিছত কোমল কপাহি কাপোৰেৰে পানী টুকিব লাগে ।