প্ৰশ্নমালা 


⚪তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ঃ

১। শীতল যুদ্ধ সম্বন্ধে উল্লেখ কৰা কোনটো বাক্য অশুদ্ধ ? 

(ক) শীতল যুদ্ধ হ'ল আমেৰিকা যুক্তৰাষ্ট আৰু ছোভিয়েট ইউনিয়ন তথা ইহঁতৰ মিত্ৰজোঁটৰ মাজত হোৱা প্ৰতিযোগিতা ।

(খ) শীতল যুদ্ধ হ'ল বৃহৎ শক্তিশালী ৰাষ্টৰ মাজত হোৱা আদৰ্শগত যুঁজ । 

(গ) শীতল যুদ্ধই অস্ত্ৰ প্ৰতিযোগিতাৰ দৌৰ বন্ধ কৰে । 

(ঘ) শীতল যুদ্ধই আমেৰিকা যুক্তৰাষ্ট আৰু ছোভিয়েট ইউনিয়নক প্ৰত্যক্ষ যুদ্ধত লিপ্ত হোৱা বুজায় । 

২। তলত উল্লেখ কৰা কোনটো উক্তিয়ে  গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লক্ষ্য বা উদ্দেশ্য প্ৰতিফলিত নকৰে ? 

(ক) ঔপনিবেশিকতাৰ পৰা মুক্তি  লাভ কৰা ৰাষ্টসমূহক স্বাধীন নীতি অনুসৰণ কৰিবলৈ সমৰ্থন কৰে ?

(খ) কোনো সামৰিক মিত্ৰজোঁটত যোগদান নকৰিব ।

(গ) গোলকীয় বিষয়ত নিৰপেক্ষ নীতি অনুসৰণ কৰিব ।

(ঘ) গোলকীয় অৰ্থনৈতিক অসমতাবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি নিঃশেষ কৰা । 

৩। তলৰ উক্তিবোৰৰ বিপৰীতে শুদ্ধ বা অশুদ্ধ লিখা ঃ

(ক) মিত্ৰজোঁটৰ সদস্যভুক্ত ৰাষ্টবোৰে নিজৰ ৰাষ্টৰ মাটিত বৃহৎ শক্তিৰ ৰাষ্টবোৰৰ সামৰিক ঘাটি স্থাপন কৰাৰ সুবিধা কৰি দিব লাগিব । 

উত্তৰঃ শুদ্ধ 

৪। তলত উল্লেখ কৰা ৰাষ্টসমূহে শীতল যুদ্ধৰ সময়ত কোনটো শিবিৰত যোগদান কৰিছিল ? 

ৰাষ্ট্ৰসমূহৰ বিপৰীত শিবিৰটোৰ নাম লিখা ঃ

(ক) পোলেণ্ড

(খ) জাপান

(গ) উত্তৰ কোৰিয়া

(ঘ) ফ্ৰান্স

(ঙ) নাইজেৰিয়া 

(চ) শ্ৰীলংকা 

উত্তৰঃ ছোভিয়েট ইউনিয়ন- (ক) পোলেণ্ড     (গ)উত্তৰ কোৰিয়া ,

মাৰ্কিন যুক্তৰাষ্ট্ৰ- (ঘ) ফ্ৰান্স (খ) জাপান 

গোষ্ঠীনিৰপেক্ষ আন্দোলন ঃ (ঙ) নাইজেৰিয়া , (চ) শ্ৰী লংকা 

৫। শীতল যুদ্ধই অস্ত্ৰ সম্প্ৰসাৰণ (দৌৰ) আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটাই কৰে । এই দুয়োটা কাৰ্য কৰাৰ কাৰণ কি ? লিখা ।

৬। বৃহৎ শক্তিৰ ৰাষ্টসমূহে সৰু ৰাষ্টবিলাকৰ সৈতে কিয় সামৰিক জোঁটবন্ধন কৰিছিল ? তিনিটা কাৰণ দৰ্শোৱা । 

৭। শীতল যুদ্ধ সাধৰণভাৱে শক্তি আহৰণ কৰা যুদ্ধ , আদৰ্শৰ লগত ইয়াৰ সম্পৰ্ক নাই । তুমি ইয়াৰ লগত একমতনে ? তোমাৰ সমৰ্থনত এটা যুক্তি দিয়া ।

৮। শীতল যুদ্ধৰ যুগত আমেৰিকা যুক্তৰাষ্ট আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনে আছিল ? এই নীতিয়ে ভাৰতৰ স্বাৰ্থ ৰক্ষাত সহায় কৰিছিলনে ?

৯। গোষ্ঠী নিৰপেক্ষ আন্দোলন এতিয়া অপ্ৰাসংগিক বুলি ভাবানে ? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া ।

১০) গোষ্ঠী নিৰপেক্ষ 'তৃতীয় বিশ্ব দেশবোৰ'ৰ বাবে তৃতীয় বৈকল্পিক বুলি বিবেচনা কৰা হয় । শীতল যুদ্ধ শীৰ্ষ  স্থানত অৱস্থান কৰাৰ সময়ত এই বিকল্প ব্যৱস্থাটোৱে তৃতীয় বিশ্বৰ  দেশবোৰৰ উন্নয়নত কেনেদৰে সহায় কৰিছিল । 

১১। তুমি ভাবানে শীতল যুদ্ধৰ পাছত গোষ্ঠী নিৰপেক্ষ আন্দোলনে ইয়াৰ প্ৰাসংগিকতা হেৰুৱাইছে বুলি ? যুক্তিযুক্ত  আলোচনা কৰা । 

১২। কিউবাৰ আণৱিক সংকটৰ ওপৰত টোকা লিখা । 

১৩। শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলন (NAM) ৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা । 

১৪। নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা । 

⚪ চমু উত্তৰৰ প্ৰশ্ন ঃ

১। শীতল যুদ্ধ কাক বোলে ? 

২। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিষয়ে চুমকৈ লিখা । 

৩। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হোতাকেইজনৰ নাম লিখা । 

 ৪। নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা । 

৫। গোষ্ঠী নিৰপেক্ষই ভাৰতৰ স্বাৰ্থ পূৰণত কেনেধৰণৰ সহায় কৰিছিল ? 

৬। ভাৰতবৰ্ষই ছোভিয়েট ইউনিয়নৰ সৈতে কৰা বন্ধত্বপূৰ্ণ সম্পৰ্কই ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিক উলংঘা কৰা সূচায়নে ? যুক্তি সহকাৰে তোমাৰ মত ব্যক্ত কৰা । 

৭। মিত্ৰ গোষ্ঠীত সৰু সৰু ৰাষ্টবোৰৰ অন্তৰ্ভুক্তৰ দুটা কাৰণ উল্লেখ কৰা । 

৮। আমেৰিকা যুক্তৰাষ্ট আৰু ছোভিয়েট ইউনিয়নৰ মাজত  হোৱা শীতল যুদ্ধৰ দুটা মূল কাৰণ উল্লেখ কৰা । 

৯। বৃহৎ শক্তিৰ  ৰাষ্টসমূহক সৰু ৰাষ্টৰ মিত্ৰতাৰ কিয় প্ৰয়োজন ? দুটা কাৰণ উল্লেখ কৰা । 

১০। 'কিউবা সংকট' বুলিলে কি বুজা ? উত্তৰ দিয়া । 

১১। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট  আৰু ছোভিয়েট ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা । 

১২। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা । 

⚪ অতি চমু উত্তৰৰ প্ৰশ্ন ঃ 

১। শীতল যুদ্ধৰ নেতৃত্ব বহন কৰা এখন ৰাষ্টৰ  নাম লিখা । 

২। পশ্চিমীয়া মিত্ৰ গোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল ? 

৩। পূব মিত্ৰ গোষ্ঠীৰ কোনে নেতৃত্ব বহন কৰিছিল ? 

৪। পশ্চিমীয় মিত্ৰ গোষ্ঠীয়ে গঠন কৰা সংগঠনটোৰ নাম কি ? 

৫। পূব মিত্ৰ গোষ্ঠীয়ে সম্পাদন কৰা চুক্তিখনৰ নাম কি ? 

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে কোনটো মতবাদ শ্ৰেষ্ঠ ? 

(ক) উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদ (খ) সমাজবাদ আৰু সাম্যবাদ । 

৭। শীতল যুদ্ধত বৃহৎ গোষ্ঠী দুটাৰ উপৰি গঠিত হোৱা তৃতীয়  গোষ্ঠীটোৰ নাম কি ? 

৮। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মুখ্য হোতা এজনৰ নাম উল্লেখ কৰা । 

৯। গোষ্ঠী নিৰপেক্ষ  আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলনখন কোন চনত অনুষ্ঠিত হৈছিল ?

১০। 'উন্নয়নৰ বাবে নতুন বাণিজ্য নীতি'ত থকা এটা পৰিৱৰ্তন উল্লেখ কৰা ।  

১১। ছোভিয়েট ৰাছিয়া আৰু ভাৰতবৰ্ষৰ মাজত কোন চনত 'বন্ধুত্বৰ চুক্তি ' সম্পাদন হৈছিল । 

১২। গোষ্ঠী নিৰপেক্ষৰ এটা সাব বিষয়বস্তু উল্লেখ কৰা । 

১৩। NATOৰ সম্পূৰ্ণ ৰূপটো লিখা । 

১৪। কিউবা ক্ষেপণাস্ত্ৰ সংকট কোন চনত হৈছিল ? 

অতিৰিক্ত সম্ভাৱ্য প্ৰশ্নাৱলী 

⚪ অতি চমু উত্তৰৰ আদৰ্শ প্ৰশ্ন ঃ (১ নম্বৰৰ) 

১। শীতল যুদ্ধ বুলিলে কি বুজায় ? 

২। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ? 

৩। NATO ৰ সম্পূৰ্ণ নামটো লিখা । 

৪। ৱাৰশ্ব চুক্তি কি ? 

৫। শীতল যুদ্ধৰ যুগৰ সময়সীমা উল্লেখ কৰা । 

৬। বাক্যটো শুদ্ধ কৰা ঃ

মাৰ্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল । 

৭। খালী ঠাই পূৰ কৰা ঃ 

দ্ধিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল ----- ৰ আৰম্ভণি । 

৮। শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা । 

৯। হয়নে নহয় লিখা ঃ 

শীতল যুদ্ধ আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্ৰ বাহিনীৰ মাজত এক প্ৰতিযোগিতা । 

১০। NIEO ৰ সম্পূৰ্ণ নামটো কি ? 

১১।CENTO বুলিলে কি বুজা ? 

১২। 'ৰোধকৰণ ' বুলিলে কি বুজা ? 

১৩। LOCS কি ? 

১৪। NAM ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

১৫। কিউবাৰ সংকট কি আছিল ? 

১৬। UNETAD কি ? 

১৭। দুটা মহাশক্তিৰ  নাম লিখা । 

১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে ? 

১৯। কোন বছৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নাগাছাকি আৰু  হিৰোশ্বিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল ? 

২০। LDCS কি ? 

⚪ চমু উত্তৰৰ আৰ্হি প্ৰশ্ন ঃ (২ নম্বৰৰ)

১। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গঠিত হোৱা মিত্ৰ শক্তিক আৰু বিপক্ষ শক্তি বুলিলে কি বুজা ?

২। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত উদ্ভৱ হোৱা দুটা শক্তি গোষ্ঠীৰ নাম লিখা । 

৩। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাৰমাণৱিক বোমা পেলোৱা ঠাই দুখনৰ  নাম লিখা ।

৪। বৃহৎ  শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় মিত্ৰতাৰ প্ৰয়োজন ? 

৫। পশ্চিমীয়া মিত্ৰতা আৰু পূব মিত্ৰতা বুলিলে কি বুজা ? 

৬। দ্বিশক্তি গোষ্ঠীয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা । 

৭। ক'ল  আৰু কেতিয়া প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

৮। প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

৯। NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা -পত্ৰ কি ? 

১০। NIEO মাথোঁ এটা ধাৰণাই আছিলনে , যি কেতিয়াও শৃংখলা নহয় ? 

১১। ৰোধকৰণ যুক্তি বুলিলে কি বুজা ? 

১২। শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা । 

১৩। মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ কিয় সহায়ক হৈছিল ? 

১৪। মিত্ৰ শক্তি আৰু বিৰোধী শক্তি কি ? 

১৫। সাম্যবাদী আদৰ্শৰ প্ৰচলন  থকা তিনিখন দেশৰ নাম লিখা ? 

১৬। গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি ?

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ঐপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰা চাৰিখন দেশৰ নাম লিখা । 

১৮। ২০তম NATO শীৰ্ষ সন্মিলন  কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ? 

১৯। ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম লিখা । 

⚪ চমু উত্তৰৰ আৰ্হি প্ৰশ্ন ঃ (৪ নম্বৰৰ) 

১। শীতলযুদ্ধ কিয় এক 'শীতল ' যুদ্ধ হৈ আছিল আৰু ' উত্তপ্ত' যুদ্ধ হোৱাগৈ নাছিল ? 

২। তুমি ভাবানে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্ৰ শক্তি ব্যৱস্থাই সমগ্ৰ বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল ? তোমাৰ উত্তৰৰ  যুক্তিযুক্ততা প্ৰতিপন্ন কৰা । 

৩। সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল ? 

৪। শীতল যুদ্ধৰ সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । 

৫। তুমি ভাবানে যে আদৰ্শগত পাৰ্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল ? 

৬। NAM ৰ অৱস্থিতিত  ভাৰতৰ ভূমিকা নিৰ্ণয় কৰা । 

৭। বেলগ্ৰেড শীৰ্ষ সন্মিলনৰ তাৎপৰ্য বিশ্লেষণ কৰা । 

৮। NATO ৰ সদস্য ৰাষ্ট্ৰবোৰ কোন আছিল উল্লেখ কৰা । 

৯। মিত্ৰ শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি ? 

১০। ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণেৰে দুই বিশ্ব শক্তিক কোনে গঢ় দিছিল ? 

১১। ১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰাৰ কি আছিল ?

১২। কোনটো দিশৰ পৰা ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিক সমালোচনা কৰিব পাৰি ?

১৩। শীতল যুদ্ধৰ যিকোনো চাৰিটা কাৰণ উল্লেখ কৰা । 

১৪। মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা । 

১৫। দুই মহাশক্তিক কিহে সহযোগী কৰিছিল । 

১৬। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতা সম্পৰ্কে এটি টোকা লিখা । 

১৭। মহাশক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ? 

১৮। কিউবা ক্ষেপণাস্ত্ৰ সংকট মানে কি ? 

⚪ দীঘলীয়া উত্তৰৰ আৰ্হি প্ৰশ্ন ঃ ( ৬ নম্বৰৰ) 

১) কিউবাৰ ক্ষেপণাস্ত্ৰ সংকটৰ বিষয়ে এটা টোকা লিখা । ইয়াৰ তাৎপৰ্য কি ? 

২) গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নিৰ্লপ্ততা ? তুমি কি ভাবা আৰু কিয় ?

৩) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা । 

৪) শীতল যুদ্ধৰ পাছত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগকতা নোহোৱা বুলি ভাবানে ? যুক্তি দিয়া । 

৫) ধৰা হ'ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্ৰধান শক্তি থাকি গ'ল । তেনে পৰিস্থিতিত ভাৰতৰ বিদেশ নীতি কিদৰে প্ৰভাৱিত হ'লহেঁতেন ? যিকোনো তিনিটা দিশ বা অঞ্চল চিনাক্ত কৰা আৰু পাৰ্থক্য নিৰূপণ কৰা । 

৬) শীতল যুদ্ধৰ পাছৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা । 

৭) পাৰমাণিৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধী চুক্তিৰ বিষয়ে চমুকৈ লিখা ? 

৮) নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলা সংগঠনৰ (NIEO) আঁৰৰ বাস্তৱতা কি আছিল ? 

৯) গোলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সমপৰ্কীয় ONCTAC প্ৰতিবেদনখন কি আছিল ? 

১০) শীতল যুদ্ধৰ সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কেনেকুৱা আছিল ? 

১১) এই মহাশক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযোগিতা আছিল ? তিনিটা কাৰণ দৰ্শোৱা । 

১২) অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত সম্পাদিত হোৱা তিনিখন চুক্তিৰ নাম উল্লেখ কৰা । 

১৩) শীতল যুদ্ধই অস্ত্ৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰিছিল । এই প্ৰতিযোগিতা সৃষ্টিৰ কাৰণবোৰ কি ? 

১৪) এইটো কোৱা হয় যে শীতল যুদ্ধ হ'ল ক্ষমতাৰ বাবে এক সাধাৰণ সংগ্ৰাম আৰু 

এইক্ষেত্ৰত আদৰ্শ বুলিবলৈ একো নাছিল । এই মতক তুমি সমৰ্থন কৰানে ? উদাহৰণসহ তোমাৰ স্থিতি ব্যাখ্যা কৰা । 

১৫। ছোভিয়েট ব্যৱস্থাৰ আসোঁৱাহসমূহ উল্লেখ কৰা ।