ৰঘুমলা তই নাকান্দিবি

          --নাজিৰুদ্দিন আহমেদ--


তই ভবাৰ দৰে নহয় সকলো

তোক শুনা হৃদয় নাই আজি

অশ্ৰুৱে দুখৰ ভাষা নুবুজাই আজি

তই হেনো পাগলী।।।।

ৰঘুমলা তই নাকান্দিবি....

তই ধৰ্ষিতা হ'লি

হ'লেও বিচাৰ তৰিবি কাক

তোৰ অপৰাধী কোন?

ওখ দালানত থকা 

মেহগনি পালেঙত শুৱা

একো একোজন সভ্য সমাজৰ মুৰব্বী ।।

তই ন্যায় নাপাবি ৰঘুমলা

তই নাকান্দিবি...

তোৰ গোচৰ বিচাৰ্য্য বিষয় নহয়

তোৰ আপত্তি গ্ৰহণযোগ্য নহয়

তই অসহায়

তই নিৰুপায়

এমুঠি অন্ন নাই

তই উপঢৌকন কি নাজানা।।

তই নাকান্দিবি ৰঘুমলা...

খাকী পোছাকধাৰীৰ ওচৰ নাচাপিবি

সিহত এখোপ চৰা

টকাৰ পাল্লা গধূৰ যিফালে

তাৰ সপক্ষে একশ্বন লোৱা

বন্দুকধাৰী সিহত।।

তই ন্যায় নাপাবি ৰঘুমলা

তই নাকান্দিবি....

আৰু যে ক'লা কোট পৰিহিতবোৰ

সচাক মিছা,মিছাক সচা কৰা

ইংৰাজৰ বংশধৰবোৰ

সিহত ষ্ট্যান্দাৰ্ড ভিক্ষাৰী

টকা হ'লে ন্যায় দিয়াৰ আশ্বাস দিয়া

সুবিচাৰক সিহত।।

তই ন্যায় নাপাবি ৰঘুমলা

তই নাকান্দিবি...

ক'লৈ যাবি,কি কৰিবি

ভন্দ সমাজে কব তোক 

নষ্ট চৰিত্ৰৰ

অথবা দেহোপজিৱীনী

তোৰ সতীত্ব নাশ কৰাক

পিন্ধাব সন্মানৰ মালা।।

তই ন্যায় নাপাবি ৰঘুমলা

তই নাকান্দিবি....