যুক্তৰাষ্ট্ৰবাদ | Judiciary | Chapter 7 | HS 1st Year Political Science Notes and Model | Class 12 Political Science Question Answer Assamese medium | Higher Secondary First Year Pol. Science  | Political Science Solution Assam | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞানৰ উত্তৰ | ভাৰতীয় সংবিধান | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ সমাধান | অধ্য়াপক নায়ক পাল দত্ত চক্ৰবৰ্তী |  

ৰচনাধৰ্মী প্নশ্নঃ

১. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ বৰ্ণনা দিয়া । 

২. ভাৰতীয় সংবিধানৰ দুটা যুক্তষ্ট্ৰীয় আৰু দুটা অযুক্তৰাষ্ট্ৰীয় চৰিত্ৰ উল্লেখ কৰা । 

৩. যুক্তৰাষ্ট্ৰ মানে কি ? যুক্তষ্ট্ৰীয় ব্যৱস্থা উমৈহতীয়া বৈশিষ্ট্যসমূহৰ কি কি ?

৪. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহৰ বৰ্ণনা কৰা । 

৫. ভাৰতীয় সংবিধানত উল্লেখিত অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহৰ কি কি ?

৬. ভাৰতীয় যুক্তৰাষ্টৰ তিনিটা যুক্তৰাষ্ট্ৰীয় আৰু এটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা ।  

৭. ভাৰতত কেন্দ্ৰৰ প্ৰাধান্যতাৰ চাৰিটা কাৰণ উল্লেখ কৰা ।

৮. কি কি উপাদানে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক শক্তীশালী কৰি তুলিছে ?

৯. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নানা সংঘাতৰ বিষয়ে এটি চমু আভাস দিয়া ।

১০. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ক্ষমতা বিভাজন ওপৰত চমুকৈ আলোচনা কৰা ।

১১. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত ৰাজ্যপালৰ ভূমিকা কি আলোচলা কৰা ।

১২. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা বৃদ্ধি পোৱাৰ কাৰণসমূহৰ কি কি ?

১৩. ভাৰতৰ ৭৩ তম সংবিধান সংশোধনীৰ চাৰিটা বৈশিষ্ট্য লিখা ।

১৪. ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক আলোচনা কৰা ।

১৫. ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক আলোচনা কৰা ।

১৬. ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীত সন্নিৱিষ্ট তিনিখন সূচীৰ ওপৰত চমু মন্তব্য দিয়া ।

১৭. তলৰ তালিকাখন উল্লেখ কৰা কোনবোৰ ঘটনাক তুমি যুক্তৰাষ্ট্ৰীয় কাৰ্য কলাপ হিচাপে চিহিত কৰিবা ? কিয় ?

(ক) বৰ্ষা - বিঘ্নিত ৰাজ্যসমূহৰ বাবে কেন্দ্ৰৰ কাৰ্য পৰিচালনা ( actionplan ) কেন্দ্ৰই বৰ্ষা অধ্যুষিত ৰাজ্যসমূহক তেওঁলোকে অতিৰিক্ত সাহায্যৰ বাবে কৰা দাবী যাতে খৰতকীয়াকৈ পূৰণ কৰিব পাৰে তাৰ বাবে পুনৰ গঠনৰ বিস্তৃত পৰিকল্পনা দাখিল কৰিব কৈছে ।

(খ) দিল্লীৰ বাবে নতুন আয়ুক্ত ঃ ৰাজধানীৰ বাবে এজন নতুন পৌৰ আয়ুক্তৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানৰ এম. চি. ডি. আয়ুক্ত  ( MCD Commissioner ) ৰাকেশ মেহতাই এই কথা নিশ্চিত কৰি কয় যে তেওঁ ইতিমধ্যে বদলিৰ আদেশ লাভ কৰিছে আৰু তেওঁৰ ঠাইত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া অশোক কুমাৰে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে । ১৯৭৩ চনৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া মেহতা প্ৰায় 3x1/2 বছৰ দিল্লী পৌৰ নিগমৰ মুৰব্বী হিচাপে আছিল ।

(গ) মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদানঃ ৰাজ্যসভাই বুধবাৰে মণিপুৰ বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যায়ত পৰিণত কৰিবলৈ এখন বিধেয়কত অনুমোদন জনায় । মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে উত্তৰ -পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশ ত্ৰিপুৰা আৰু চিকিমতো এনে অনুষ্ঠান প্ৰতিষ্ঠান কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে ।


( ঘ ) পুজি মুকলিঃ গ্রাম্য পানী যােগান আঁচনিৰ অধীনত কেন্দ্রই অৰুণাচল প্রদেশলৈ ৫৫৩ লাখ টকা মােকলাই দিছে । প্রথম পর্যায়ত ৪৬৬৮১ । লাখ টকা মুকলি কৰি দিয়া হৈছিল । প্রদান কৰে ।

 ( ঙ ) মুম্বাইত কেনেকৈ বাস কৰিব লাগে আমি বিহাৰীসকলক শিকনি দিম প্রায় ১০০ শিৱ সৈনিকে জে . জে . হাস্পাতাল আক্রমণ কৰি দৈনন্দিন কাম কাজত বাধা জন্মায় । তেওঁলােকে শ্লোগান দিয়ে মহাৰাষ্ট্ৰৰ বাহিৰৰ ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি প্ৰদান কৰে ।

( চ ) চৰকাৰ বৰ্খাস্ত কৰিবলৈ দাবীঃ কংগ্ৰেছ বিধায়ীনি দলে ( Congress Legislature Party - CLP ) অলপতে ৰাজ্যপালক প্ৰদান কৰা এখন আৱেদনত বিত্তীয় বেমেজালি আৰু ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযােগত নাগালেণ্ড গণতান্ত্রিক মৰ্চা চৰকাৰক বখাস্ত কৰিবলৈ দাবী জনায় । 

( ছ ) নক্সালবাদীসকলক অস্ত্র সমর্পণ কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা ( NDA ) চৰকাৰ আহ্বান বিৰােধী দল- ৰাষ্ট্ৰীয় জনতা দল আৰু ইয়াৰ সহযােগী কংগ্ৰেছ আৰু চি পি আই ( এম ) ৰ সদন ত্যাগৰ মাজতে বিহাৰ চৰকাৰে নক্সালবাদীসকলক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আহবান জনায় । চৰকাৰে নিবনুৱা সমস্যা নির্মূল কৰি এটা নতুন যুগত প্রৱেশ কৰােৱাৰ ইয়াৰ প্ৰতিশ্ৰতিৰ বিষয়েও দোহাৰে ।

 ১৮। তলত উল্লেখ কৰা বেলজিয়ামৰ সংবিধানৰ প্ৰথম কেইটামান অনুচ্ছেদৰ ওপৰত ভিত্তি কৰি সেই দেশখনত কেনে ধৰণৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে ব্যাখ্যা কৰা । ভাৰতৰ সংবিধানৰ বাবে তেনে ধৰণৰ অনুচ্ছেদ একোটা লিখিবলৈ চেষ্টা কৰা । শিৰােনামঃ যুক্তৰাষ্ট্ৰীয় বেলজিয়ামঃ  ইয়াৰ উপাদন আৰু ভূমিখণ্ড ১ নং অনুচ্ছেদ : বেলজিয়াম হৈছে কিছুমান সম্প্রদায় আৰু অঞ্চলক লৈ গঠন হােৱা এখন যুক্তৰাষ্ট্র । ২ নং অনুচ্ছেদ ? তিনিটা সম্প্রদায়ৰদ্বাৰা বেলজিয়াম গঠিত হৈছে  ফৰাচী সম্প্রদায় , ফ্লেমিছ সম্প্রদায় ( Flemish ) আৰু জার্মান সম্প্রদায় । ৩ নং অনুচ্ছেদ : বেলজিয়াম তিনিটা অঞ্চলক লৈ গঠিত হৈছেঃ  ৱালুন অঞ্চল ( Walloon region ) , ফ্লেমিছ অঞ্চল ( Flemish region ) আৰু ব্ৰাচলে অঞ্চল ( Brussels region ) । ৪ নং অনুচ্ছেদঃ বেলজিয়ামৰ চাৰিটা ভাষিক অঞ্চল আছেঃ ফৰাচী ভাষা কোৱা অঞ্চল , ডাচ্চ ভাষা কোৱা অঞ্চল ৰাজ্যখনৰ প্রত্যেকখন কমুনে ( Country borough ) এনে একোটা ভাষিক অঞ্চলৰ অংশ ... ৫ নং অনুচ্ছেদঃ  ৱালুন অঞ্চলটো তলত উল্লেখ কৰা প্ৰদেশ কেইখনৰ দ্বাৰা গঠিতঃ ৱালুন ব্ৰাবান্ট (Walloon Brabant) হাইনল্ট ( Hainault ) লিয়েজ (liege) লামেবাৰ্গ (luxemburg) আৰু নামুৰ ( Namur) ফ্ৰেমিছ ব্ৰাবান্ট ৱেষ্ট ফ্লেগুাৰ্চ (West Flenders) ইষ্ট ফ্লেগুাৰ্চ ( East Flenders) আৰু লিমবাৰ্গ ( Lumburg) ...... |

১৯। কল্পনা কৰা যে , তুমি যুক্তৰাষ্ট্ৰবাদৰ ব্যৱস্থা কিছুমান নতুনকৈ লিখিব লাগিব । তলত উল্লেখ কৰা বিষয়সমূহত তােমাৰ পৰামৰ্শৰে সৈতে৩০০শব্দৰ ভিতৰত একোখন ৰচনা লিখা ।

( ক ) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন 

( খ ) আন্তঃৰাজ্যিক বিবাদ মীমাংসাৰ পদ্ধতি

 ( গ ) বিত্তীয় সম্পদৰ বিতৰণ

( ঘ ) ৰাজ্যপালৰ নিযুক্তি

  ২০। উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্য যেনে ৰাজস্থান , মধ্যপ্রদেশ , উত্তৰ প্ৰদেশ আৰু বিহাৰত হিন্দী ভাষা কোৱা হয় । এই গােটেইকেইখনৰ ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰিলে ই যুক্তৰাষ্ট্ৰীয় ধাৰণাৰ লগত খাপ্ খাবনে ? যুক্তি দর্শোৱা । 

২১। ৰাজ্যপালৰ ভূমিকাৰ বাবে বহুতাে ৰাজ্য অসন্তুষ্ট কিয় ?

 ২২। ৰাজ্য চৰকাৰ এখনে সংবিধান অনুসৰি নচলিলে তাত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰি । ৰাজ্য এখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিবলৈ তলত উল্লেখ কৰা ঘটনাকেইটা উপযুক্ত অৱস্থাৰ হয়নে ? কাৰণ দর্শোৱা । 

( ক ) ৰাজ্যিক বিধানসভাৰ দুজন বিৰােধী সদস্যক অপৰাধীয়ে হত্যা কৰিলে আৰু বিৰােধী পক্ষই সেইবাবে ৰাজ্য চৰকাৰ কৰিবলৈ দৰী জালে । 

( খ ) ধনৰ বাবে শিশু অপহৰণৰ ঘটনা বৃদ্ধি পাই আহিছে । মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাও বাঢ়ি আহিছে । 

( গ ) অলপতে হােৱা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত কোনাে এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই । এটা ৰাজনৈতিক দলক সমর্থন জনাবলৈ আন দলৰ বিধানসভাৰ সদস্য কেইজনমানক ধনৰ দ্বাৰা প্রলােভিত কৰাৰ আশঙ্কা কৰা হৈছে ।

 ( ঘ ) কেন্দ্ৰ আৰু ৰাজ্যৰ পৃথক দলে শাসন কৰি আছে আৰু তেওঁলােকৰ এটা আনটোৰ ঘােৰ বিৰােধী ।

 ( ঙ ) সাম্প্রদায়িক সংঘর্ষত ২০০০ - তকৈও অধিক লােকক হত্যা কৰা হৈছে ।

 ( চ ) দুখন ৰাজ্যৰ মাজত পানীৰ বাবে হােৱা বিবাদত , এখন ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰিছে । 

২৩। অধিক স্বায়ত্ত শাসনৰ বাবে ৰাজ্যবােৰে কি কি দাবী জনাইছে ? 

২৪। কিছুমান ৰাজ্য বিশেষ ব্যৱস্থাৰ দ্বাৰা শাসন কৰা উচিত নে ? ই আন ৰাজ্যৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে নেকি ? ইৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলৰ মাজত অধিক ঐক্য সাধন কৰাত সহায় কৰিব নেকি ? 

চমু উত্তৰ প্রশ্ন ( Short answer Question ) : 

১। যুক্তৰাষ্ট্রৰ সংজ্ঞা দিয়া । 

২। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু নাইজেৰিয়াৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজৰ চাৰিটা পার্থক্য উল্লেখ কৰা ।

 ৩। আন্তঃৰাজ্যিক সংঘাতে কিদৰে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে , উদাহৰণসহ বুজাই লিখা । 

৪। উত্তৰ - পূব ভাৰতৰ পটভূমিত ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ প্রকৃতি সম্পর্কে আলােচনা কৰা ।

 ৫। কোন চাৰিটা বিশেষ পৰিস্থিতিত সংসদে ৰাজ্যিক সুচীত থকা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে , উল্লেখ কৰা । 

। ৬। তলত উল্লেখ কৰা কোনটো বাক্য শুদ্ধ ভাবি চোৱা আৰু কিয় লিখা

 ( ক ) যুক্তৰাষ্ট্ৰবাদত বিভিন্ন অঞ্চলৰ মানুহে এজনে আনজনৰ ওপৰত নিজৰ সংস্কৃতি প্রকাশ জাপি দিয়াৰ ভয় নথকাকৈ মনৰ ভাব প্রদান কৰিব পৰা সম্ভাৱনা থাকে । 

( খ ) যুক্তৰাষ্ট্রীয় ব্যৱস্থাত বেলেগে বেলেগে সম্পর্ক থকা অঞ্চলসমূহৰ মাজত সহজভাৱে অর্থনৈতিক আদান - প্রদানত বাধাৰ সৃষ্টি হয় । 

( গ ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই কেন্দ্ৰৰ সীমিত ক্ষমতা থকাটো নিশ্চিত কৰিব ।

 ৭। তলত উল্লেখ কৰা কোনটো ৰাষ্ট্র গঠনৰ ভিত্তি হােৱাটো উচিত আৰু কিয় ?

 ( ক ) উমৈহতীয়া ভাষা 

( খ ) উমৈহতীয়া অর্থনৈতিক স্বার্থ

 ( গ ) উমৈহতীয়া ধর্ম 

(ঘ) প্ৰশাসনীয় সূচলতা

৮। ৰাজ্য চৰকাৰতকৈ কেন্দ্রীয় চৰকাৰক অধিক ক্ষমতা প্রদান কৰা ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

৯। যুক্তৰাষ্ট্ৰৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা ।

 ১০। ভাৰতীয় যুক্তৰাষ্ট্ৰত ক্ষমতাৰ ভাগবতৰা চমুকৈ লিখা । 

১১। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ চাৰিটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা । ১২। আমাক এখন শক্তিশালী কেন্দ্রীয় চৰকাৰ কিয় লাগে ? চাৰিটা কাৰণ দর্শাৱা ।

 ১৩। জন্ম আৰু কাশ্মীৰৰ ক্ষেত্ৰত সংবিধানৰ ৩৭০ - নং অনুচ্ছেদত থকা বিশেষ নীতিবােৰৰ উল্লেখ কৰা ।

 ১৪। ভাৰতত অধিক স্বায়ত্ব শাসনৰ দাবী সম্পৰ্কত তােমাৰ মতামত উদাহৰণৰ সৈতে দাঙি ধৰা । 

১৫। ভাৰতত নতুন ৰাজ্য গঠনৰ দাবী উত্থাপিত হৈ আছে মন্তব্য দিয়া । 

১৬। সংবিধানৰ ষষ্ঠ অনুসূচীৰ ওপৰত এটা টোকা লিখা । 

অতি চমু উত্তৰৰ প্ৰশ্ন ( @ry short questions ) :

 ১। ভাৰতত বর্তমান কেইখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল আছে ? 

২। ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য উল্লেখ কৰা ।

 ৩। ভাৰতৰ অসামৰিক সেৱাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

 ৪। যুক্তৰাষ্ট্রৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

৫। ভাৰত যে এখন যুক্তৰাষ্ট্র তাৰ সমৰ্থনত তিনিটা যুক্তি দিয়া । 

 ৬. ভাৰতীয় সংবিধানৰ ক্ষমতা বণ্টনৰ তিনিখন সূচীৰ নাম লিখা ।

 ৭. কেন্দ্রীয় সূচীভূক্ত দুটা বিষয়ৰ নাম লিখা ।

 ৮। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা ।

 ৯। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া ।

 ১০। সমৱৰ্তী সূচীভূক্ত দুটা বিষয়ৰ নাম লিখা । 

১১। অৱশিষ্ট ক্ষমতা কি ? ভাৰতবৰ্ষত কোনে এই ক্ষমতা প্রয়ােগ কৰিব পাৰে ? 

১২। যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

 বস্তুনিষ্ঠ প্রশ্নাৱলী ( Objective type questions )  

 ১। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা পােন প্রথমতে কোন দেশত স্থাপিত হৈছিল ? 

২। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক সংঘৰাষ্ট্ৰ বুলি কোৱা হৈছিল ? 

৩। যুক্তৰাষ্ট্ৰৰ এটা মূল বৈশিষ্ট্য উল্লেখ কৰা । 

৪। ম্যানমাৰৰ এটা নৃগােষ্ঠীয় গােটৰ নাম লিখা । 

৫। ভাৰতবৰ্ষত “ ৰাজ্য পুনগঠন আয়ােগ ” কোন চনত গঠন কৰা হৈছিল ?

 ৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰা হৈছে ?

৭। NSCHN ( IM ) ৰ সম্পূর্ণ নাম কি ? 

৮। সংবিধানৰ কোনটো অনুচ্ছেদে জন্মু আৰু কাশ্মীৰক বিশেষ স্থান দিয়ে ? 

৯। “ ৰাজ্যসমূহৰ সংঘ ” — এই ধাৰণাটো আমি কোনখন ৰাষ্ট্ৰৰ পৰা লৈছাে ? 

১০। ভাৰত যুক্তৰাষ্ট্ৰক সংবিধানিকভাৱে কি শব্দৰে জনা যায় ? 

১১। ভাৰতৰ অংগৰাজ্যবােৰে নিজৰ নিজৰ সংবিধান ৰচনা কৰিব পাৰেনে ? 

১২। ভাৰতীয় যুক্তৰাষ্ট্ৰত অৱশিষ্ট ক্ষমতা কোনে ভােগ কৰে ? 

১৩। ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত ক্ষমতা বণ্টনৰ বিষয়ে উল্লেখ আছে ? 

১৪। কেন্দ্রীয় চৰকাৰে কোনাে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ নিব পাৰে নে ? 

১৫। ভাৰতৰ নাগৰিকসকলে দ্বি - নাগৰিকত্ব ভােগ কৰে নে ? 

১৬। ভাৰতীয় সংবিধানে ক্ষমতা বিভাজন কৰিছে নে কি ? 

১৭। ভাৰতৰ কোনাে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়ােগ কৰে ? “ হয় ” বা “ নহয় ” লিখা ( Write ' yes ' or ' No ' )  

 ১। ভাৰতীয় যুক্তৰাষ্ট্রৰ শক্তিশালী কেন্দ্রীয় প্রৱণতা দেখা যায় ।

 ২। ভাৰতীয় সংবিধান যুক্তৰাষ্ট্রৰ ক ... সাঁচত গঢ়া হােৱা নাই । 

৩। কেন্দ্রীয় শাসন বিভাগে ৰাজ্যসমূহক নির্দেশ দিব পাৰে ।

 ৪। শিক্ষা ৰাজ্যিক সূচীৰ অন্তৰ্গত এটা বিষয় ।   

 ৫। সমৱৰ্তীসূচীৰ বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে আইন প্রণয়ন কৰিব নােৱাৰে । 

শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answer ) :  

 ১৷ তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়—

 ( ক ) লিখিত সংবিধান 

 ( খ ) সংবিধানৰ প্রাধান্যতা 

( গ ) ক্ষমতা বণ্টন

 ( ঘ ) অনুচ্ছেদ নং ২


২। কোনটো অনুচ্ছেদে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি ঘােষণা কৰিছে ।

 ( ক ) অনুচ্ছেদ নং ১ ৩ ৰাজ্যিকসূচীত মুঠ বিষয় আছে 

( খ ) ৫২ টা ( গ ) ৬২ টা ( ক ) ৬৬ টা ( খ ) ৪৭ টা

( গ ) অনুচ্ছেদ নং ৪ ( খ ) অনুচ্ছেদ নং ১০

৩। ৰাজ্যিকসূচীত মুঠ বিষয় আছে -

(ক) ৬৬টা

(খ) ৪৭টা

(গ) ৬২টা

(ঘ) ৫২টা

Type Sumit Patar.

Post ID : DABP005967