বংগ বিভাজন 

        ১৯০৩ খ্ৰীষ্টাব্দত এন্দ্ৰু ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেণ্ট  গৱৰ্ণৰৰ পদত অধিষ্ঠিত হোৱাৰ পিছত ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। এন্দ্ৰু ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ই (William E. Ward) ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ-বদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগ প্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী সংমণ্ডলক কাটি আনি (সৰ্বমুঠ ১৫ খন জিলাৰ ভূ-খণ্ড) চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি ২৮ মাৰ্চ, ১৯০৩ খ্ৰীষ্টাব্দ তাৰিখে


অসমত চাহখেতিৰ লম্প্ৰসাৰণ ঘটোৱা ইউৰোপীয় চাহ খেতিয়কসকলে ব্যৱসায়িক সা-সুবিধাৰ কাৰণে সামুদ্ৰিক জলপথ বিচাৰি বংগদেশৰ চট্টগ্ৰামলৈকে অসমত ভৌগোলিক ব্যৱসায়িক সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই উদ্দেশ্য আগত ৰাখি অসমৰ মুখ্যআয়ুক্ত উইলিয়াম ৱাৰ্ডে (William E. Ward, ১৮৯৪-৯৬ৰ দ্বিতীয়টো কাৰ্যকাল) চট্টগ্ৰামসহ ঢাকা আৰু মৈমনসিং জিলা দুখনো অসমৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে সেই সময়ৰ বিশৃংখল ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ কাৰ্যকৰী কৰিব পৰা নাছিল।


কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। ১ জুন, ১৯০৩ খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব (Secretary of state) হাবাৰ্ট ৰিজলীৰ (Hebert Risley) লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ (পস্তাৱ) তৈয়াৰ কৰিছিল। যথা ৰীতি সণ্ডনৰ চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই 'আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা'(Minute on Territorial Re-distribution in india) নামেৰে বিবেচিত হৈছিল। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলীয়ে ৬ ডিচেম্বৰত (১৯০৩খ্ৰীষ্টাব্দ) প্ৰকাশ কৰাৰ পিছত ৰিজলী পেপাৰ (Risley papers) নামেৰে জনাজাত হৈছিল। বংগদেশৰ দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক 'বংগ ভংগ' বুলি জনা যায়।


ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী --- এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ ওলেকা আছিল। ১,০৬,৫৪০ বৰ্গমাইল। জনসংখ্যা আছিল ৩১ নিযুত। ইয়াৰ ১৮ নিযুত মুছলমান আৰু ১২ নিযুত হিন্দু।


    বিশাল বংগ প্ৰদেশক এজন লেফটেনেণ্ট গৱৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱৰাৰ অজুহাত দেখুৱাই প্ৰদেশখনৰ উত্তৰ আৰু পূব বংগৰ ১৫খন জিলা অসমৰ সৈতে সংলগ্ন কৰি 'পূৰ্ব বংগ আৰু অসম' (Eastern Bengal and Assam) নামৰ প্ৰদেশখন গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হয়। আনহাতেদি বংগ প্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰক আগৰ দৰে সংযোগ ঘটাই আনখন বংগ প্ৰদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হয়। ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত 'পূৰ্ব বংগ আৰু অসম'নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল ৩ কোটি ১০লাখ। ইয়াৰে ১কোটি ৮০ লাখ মুছলমান আৰু ১ কোটি ২০ লাখ হিন্দু। অনহাতে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ'প্ৰদেশখনৰ জনসংখ্যা আছিল ৫ কোটি ৪০ লাখ। ইয়াৰে ৪ কোটি ২ লাখ হিন্দু আৰু ৯০ হাজাৰ মুছলমান। উল্লেখ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাৰ বংগ প্ৰদেশখনত বঙালী লোক সংখ্যালঘুত পৰিণত হৈছিল।


    লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধ কৰাৰ যুক্ত দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত দুৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণে হৈ পৰিছিল। ভাৰত সচিব হাবাৰ্ট ৰিজলীয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল--- ''ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চূৰমাৰ কৰিব।'' গতিকে বংগভংগৰ অন্তৰ্নিহিত  উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়ক মনোভাবৰ বিস্তাৰ ঘটোৱা। 


    বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলৰ পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলৰ ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সান্প্ৰদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজবিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। 


        ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে্ লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। ৯ জুন তাৰিখে ভাৰত সচিব জন ব্ৰডৰিকে (john brodric) তাঁৰ বাৰ্তাৰ যোগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত ১৯ জুলাইত (১৯০৫) ভাৰত-ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। ১ ছেপ্টেম্বৰত (১৯০৫) পৰিকল্পনাটো চৰকাৰীভাৱে পকাশ কৰি ১৬ অক্টোবৰত বংগ ঊংগ কাৰ্জকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা (১ ছেপ্টেম্বৰ) বংগ ভংগৰ চাৰিদফীয়ী অঁচনিখন আছিল এনেধৰণৰ---

        বংগ ভংগ আঁচনিৰ প্ৰথম দফা ---

(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্ৰদেশখনৰ নাম 'পূৰ্ব বংগ আৰু অসম'হ'ব।

(খ)'পূৰ্ব বংগ আৰু অসম' প্ৰদেশৰ ৰাজধানী  হ'ব ঢাকা। 

(গ) 'পূৰ্ব বংগ আৰু অসম'প্ৰগেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব।

(ঘ)অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব।


        দ্বিতীয় দফা---

(ক) পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় (High Court) স্থাপন হ'ব

(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হ'ব। 


        তৃতীয় দফা----

(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ প্ৰদেশ'ৰ ৰাজধানী কলিকতা হ'ব। 


        চতুৰ্থ দফা---

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব।


class 10 : history

type: pawan jyoti koch



Post ID : DABP006481