নদীৰ পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য 

    খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে ।  এই গেদবোৰ নদীয়ে নামনিলৈ কঢ়িয়াই আনে আৰু অৱশেষত সেইবোৰ নদীৰ গতিপথত ,দুয়োপাৰত আৰু মোহনা অংশত জমাকৰে । 

    নদীয়ে সাধাৰণতে তিনি ধৰণে গেদ কঢ়িয়ায়- (ক) কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈথকা অৱস্থাত কঢ়িয়ায়

(খ) অন্য কিছুমান পদাৰ্থক ওপঙি থকা অৱস্থাত আৰু 

(গ) অন্য কিছুমানক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়ায় ।

    সাধাৰণতে স্থলভাগত থকা নানা ধৰণৰ লৱন নৈৰ পানীৰ সংস্পৰ্শলৈ আহি দ্ৰৱীভূত অৱস্থাত সাগৰ- মহাসাগৰলৈ পৰিবাহিত হয় । আনহাতে বালি বোকা পলস আদিৰ অতি ক্ষুদ্ৰ কণিকাবোৰ পানীত ওপঙি থকা অৱস্থাতে সোঁতে কঢ়িয়াই নি নদীৰ বুকুত বা পাৰত জমা কৰে আৰু সাগৰলৈও পৰিবহণ কৰে । তদুপৰি আকাৰত কিছু ডাঙৰ পদাৰ্থবোৰ নদীৰ সোঁতে গতিপথেদি বগৰাই বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে । এনে পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলিও কোৱা হয় । সমতল অঞ্চলত নৈৰ সোঁত ক্ৰমে নিশকতীয়া হৈ আহিলে বাগৰি অহা বোজাবোৰ নৈৰ বুকুতে জমা হবলৈ ধৰে ।

    এনেদৰে নদীয়ে কঢ়িয়াই অনা পদাৰ্থবোৰ গতিপথৰ লগতে দুয়োপাৰ আৰু মোহনাতো ক্ৰমে জমা হৈ বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি কৰে । অৱক্ষেপজনিত এইবোৰ অৱয়বৰ ভিতৰত বালিচৰ প্লাৱনভূমি প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মথাউৰি আৰু ব - দ্বীপেই প্ৰধান ।

    সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে । ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয় । বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয় । ইয়াকে প্লাৱন ভূমি বোলা হয় সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে । এইবোৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে । প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে বিশেষ উপযোগী । ব্ৰহ্মপুত্ৰ গংগা সিন্ধু, মিছিছিপি নীল, আমাজান, হোৱাংহো আদি ডাঙৰ নদীবোৰৰ দুয়োপাৰে বিস্তীৰ্ণ প্লাৱনভূমি দেখা যায় । আনহাতে, নদীৰ বুকুত বালি- বোকা জমা হৈ সৃষ্টি হোৱা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ- কেতিয়াবা মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ -আকৃতিৰ । বাৰিষা নৈৰ প্রবল  সোঁতে বালিচৰবােৰৰ আকাৰ - আকৃতিৰ পৰিৱৰ্তন ঘটায় । নৈৰ খহনীয়াই কিছুমানক নিশ্চিহ্নও কৰে । খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবােৰ ভালদৰে ওলাই পৰে । আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু - বৰ অসংখ্য বালিচৰ দেখা যায় । নৈখনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদী - দ্বীপটোও এক প্ৰকাৰৰ বালিচৰ । কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাদিয়া নামৰ দ্বিতীয় মাজুলীসদৃশ আন এটা বালিচৰ দেখা যায় । 

    মন কৰিবলগীয়া কথা যে নদীয়ে কঢ়িয়াই অনা তুলনামূলকভাৱে গধুৰ পদাৰ্থবােৰ ( প্ৰধানকৈ শিল আৰু ডাঙৰ বালি ) নদীৰ দুয়ােপাৰে বেছি দূৰলৈ পৰিবাহিত হ'ব নােৱাৰে । সাধাৰণতে সেইবােৰ গতিপথৰ কাষতে জমা হয় । এনেদৰে জমা হােৱা পদার্থবােৰেই কালক্ৰমত দীঘলীয়া বান্ধ বা মথাউৰিৰ ৰূপ লয় । প্রাকৃতিক প্রক্রিয়াৰে গঢ়ি উঠে কাৰণেই এনে বান্ধক প্রাকৃতিক বান্ধ ( Natural levee ) বুলি কোৱা হয় । ডাঙৰ নদীবােৰৰ ক্ষেত্ৰত এনে বান্ধ স্পষ্টকৈ দেখা যায় । ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে ঠাই বিশেষে এনে ধৰণৰ প্রাকৃতিক বান্ধ আছে ।

     নৈৰ মােহনাত গেদ জমা হৈ সৃষ্টি হােৱা দ্বীপবােৰ ভৌগােলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূর্ণ । উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত , য'ত নৈ গৈ পৰে , তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয় । এই দ্বীপবােৰৰ আকৃতি অসমীয়াৰ ‘ ব ’ বা ইংৰাজীৰ ‘ ∆ ’ ( Delta ) ৰ দৰে । সেয়ে এই দ্বীপবােৰক ব - দ্বীপ ( Delta ) বােলা হয় । পৃথিৱীৰ প্ৰায়বােৰ নদীয়ে নিজৰ নিজৰ মােহনাত ব - দ্বীপৰ সৃষ্টি কৰিছে । তাৰ ভিতৰত গংগা - ব্রহ্মপুত্র , নীল , মিছিছিপি আদি নদীৰ ব - দ্বীপ পৃথিৱী বিখ্যাত ।


Type Sumit Patar.

Scial Science Geography 9,



Post ID : DABP006479