বায়ুমগুলনো কি জানো আহা

    আমাক সকলো দিশৰ পৰা বায়ুৰে আগুৰি আছে ।  আমি চকুৰে দেখা নাপাওঁ বা উপলব্ধি নকৰোঁ যদিও এই বায়ুৰ মাজতে আমি আটায়ে ডুব মাৰি আশ্ৰয় লৈ আছোঁ । দৰাচলতে পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুগুল বোলে । অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হল বায়ুমগুল । ভূপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই বায়ুমগুল বিস্তৃত । পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবেই বায়ুমগুলটো পৃথিৱীৰ গাতে লাগি আছে । বায়ুমগুলত ৰংবিহীন বিভিন্ন গেছৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ আছে । 

    বায়ুমগুল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান । মাটি আৰু পানী অৰ্থাৎ অশ্মমগুল আৰু জলমগুলৰ লগতে বায়ুমগুলে পৃথিৱীত জীৱৰ সৃষ্টি বিকাশ আৰু বসবাসৰ বাবে এক অনুকুল পৰিৱেশৰ সৃষ্টি বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি , বিকাশ আৰু বসবাসৰ বাবে সৃষ্টি সম্ভৱ কৰিছে । ইয়াকে জীৱজগত বা জীৱমণ্ডল ( Biosphere ) বােলা হয় । জীৱজগতত থকা মানুহ আৰু উদ্ভিদ - প্রাণীৰ বাবে প্রয়ােজনীয় গেছসমূহ যােগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে । পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে । বায়ু গতিশীল হােৱা বাবে আকৌ বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্রকোপৰ পৰা কিছু হলেও সকাহ পায় । এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্রদান কৰে । বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয় । বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্রাণী জীয়াই থাকে । মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নােৱাৰি । সেয়েহে সৌৰজগতৰ গ্ৰহবােৰৰ ভিতৰত পৃথিৱীৰ স্থান সর্বোচ্চ আৰু সুকীয়া ।

Social Science Geography 9

Sumit Patar.



Post ID : DABP006512