সাগৰ ঢৌৰ কাৰ্য (sea Wave Action)

    পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ ( ৭১ শতাংশ ) সাগৰ - মহাসাগৰে আগুৰি আছে । সাগৰ - মহাসাগৰৰ পাৰ বা তীৰক উপকূল ( Coast ) বােলা হয় । মহাদেশ আৰু মহাসাগৰবােৰৰ সংযােগ স্থল এডাল একা - বেঁকা দীঘল ৰেখাৰ দৰে । এই ৰেখাক উপকূল ৰেখা ( Coastline ) বুলি কোৱা হয় । পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য প্রায় ০.৫ নিযুত কিলােমিটাৰ ।


         উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্রিয়া কৰে । বৰষুণ , বতাহ আৰু সাগৰৰ ঢৌ তাৰ ভিতৰত প্রধান । এই তিনিটা প্রধান কাৰকৰ ভিতৰত আকৌ সাগৰৰ ঢৌৱে অহৰহ ক্রিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে । অৱশ্যে পৃথিৱীৰ সকলাে উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয় । উপকূলৰ ভূতাত্ত্বিক গঠন , কাষৰীয়া সাগৰৰ গভীৰতা , নৈৰ উপস্থিতি , বতাহৰ ক্রিয়া , উপকূলীয় উদ্ভিদৰ আৱৰণ আদি বহুতাে কাৰকৰ ওপৰত ঢৌৰ ধৰ্ম আৰু প্রাবল্য নির্ভৰ কৰে । তদুপৰি সাগৰ - মহাসাগৰৰ তলিভাগত ভূমিকম্প হােৱা বা নােহােৱাৰ ওপৰতাে ঢৌৰ প্রাবল্য নির্ভৰ কৰে । যিয়েই নহওক , উপকূলীয় অঞ্চলৰ যি ভৌগােলিক স্বৰূপ , তাৰ কাৰক হিচাপে আমি সাগৰৰ ঢৌকে সর্বাধিক গুৰুত্ব দিব লাগিব । ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ - মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়বৰ . সৃষ্টি হৈছে ।


উপকূলত সৃষ্টি হােৱা অৱয়ববােৰৰ কিছুমান ক্ষয়জনিত ( Erosional ) আৰু অন্য কিছুমান অৱক্ষেপণজনিত ( Depositional) । উপকূলভাগ গ্রেনাইট , বেছল্ট আদিৰ দৰে কঠিন শিলাদ্বাৰা গঠিত হলে সাগৰৰ ঢৌৱে তাত ক্রিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে । এনে থিয় গৰাক সমুদ্রগৰা ( Sea cliff ) বুলি কোৱা হয় । এনে ধৰণৰ উপকূল সাধাৰণতে ওখােৰা - মােখােৰা প্ৰকৃতিৰ হােৱা দেখা যায় ।


   আনহাতে , সদায় ঢৌৱে ক্রিয়া কৰি থকা উপকূলৰ তট ( shore ) অংশত জমা হােৱা গেদ , বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয় । প্রধানকৈ বালি জমা হৈ সৃষ্টি হােৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট ( Beach ) বােলা হয় । সাগৰৰ উত্তাল তৰংগ ( Swash ) আৰু উভতনি ঢৌ ( Backwash ) ৰ মিলিত ক্রিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে । এই ধৰণৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হ'ব পাৰে । উপকূলৰ বালিয়াতটবােৰে মানুহক বিনােদনৰ কাৰণে আকর্ষণ কৰে । কেতিয়াবা আকৌ সমুদ্রৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হলে সাগৰ মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয় । উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতিসাধন কৰে । এনে ধ্বংসাত্মক ঢৌক ছুনামি ( Tsunami ) বােলা হয় ।

সামৰণি ( Conclusion ) : ওপৰত অবিৰতভাৱে ভুপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি থকা বাহ্যিক কাৰক কিছুমানৰ চমু আভাস দাঙি ধৰা হৈছে । ইয়াত অৱশ্যে সকলাে প্ৰকাৰৰ বাহ্যিক কাৰকৰ ক্ৰিয়া আৰু তাৰ ফলত সৃষ্টি হােৱা আটাইবােৰ অৱয়বৰ কথা আলােচনা কৰা হােৱা নাই । সাধাৰণতে বাহ্যিক কাৰকবােৰে ভূপৃষ্ঠত অতি লাহে লাহে ক্রিয়া কৰি থাকে । এই কাৰকবােৰে ভূপৃষ্ঠৰ ওখ - চাপৰ অৱয়ববােৰ আঁতৰাই ইয়াক সমতলত পৰিণত কৰিব খােজে । ইয়াৰ বিপৰীতে আভ্যন্তৰীণ কাৰকবােৰে ( ভূমিকম্প , আগ্নেয় উৰ্গীৰণ ) হঠাতে উদ্ভৱ হৈ ভূপৃষ্ঠৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে । এইবােৰ কাৰকে ভূপৃষ্ঠৰ সমতা নষ্ট কৰি ইয়াক ওখ - চাপৰ কৰি তােলে । আগ্নেয় উগ্নীৰণে পাহাৰ - পৰ্বতৰ সৃষ্টি কৰাৰ দৰে ভূমিকম্পই কোনাে ঠাইক ওপৰলৈ তুলি উচ্চভূমিৰ সৃষ্টি কৰিব পাৰে আৰু অন্য কোনাে ঠাইক তললৈ বহাই নিম্নভূমিৰ সৃষ্টি কৰিব পাৰে । যিয়েই নহওক , বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে ক্ৰিয়া কৰি থকাৰ বাবে  আমাৰ পৃথিৱীৰ উপৰিভাগে বৰ্তমানৰ ৰূপ পৰিগ্ৰহণ কৰিছে । এইবোৰ কাৰকে ভৱিষ্যতেও ক্ৰিয়া কৰি ভূপৃষ্ঠৰ ৰূপৰ পৰিৱৰ্তন সাধন কৰিব ।

Class 9 Social Science Geography 

 Type Sumit Patar




Post ID : DABP006506