ভূ- পৃষ্ঠ পৰিৱৰ্তন ( Works Of Glacier)

     পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে । এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চংশবোৰ পৰে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে । সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে । এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয় । পাৰ্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবোৰ উপত্যকাৰে তললৈ নামি আহে । হিমবাহেও নদীৰ দৰে খনন, পৰিবৰণ আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰে সংলগ্ন ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে ।

    হিমবাহ প্ৰধানকৈ দুই প্ৰকাৰৰ - (ক) মহাদেশীয় হিমবাহ (Continental Glacier Or Ice Sheet )আৰু (খ) পাৰ্বত্য বা উপত্যকা হিমবাহ ( Mountain Or Valley Glacier)। মহাদেশীয় হিমবাহবোৰ দুই মেৰু অঞ্চলৰ বৃহৎ এলেকাজুৰি বিস্তৃত হৈআছে । এইবোৰ হিমবাহ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে । হিমবাহৰ গতিবেগ অৱশ্যে বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । তাৰ ভিতৰত জমা হৈ থকা বৰফৰ পৰিমাণ, ভূপৃষ্ঠৰ গঠন আৰু ঢাল, বায়ুৰ উত্তাপ আদি প্ৰধান । বেছিভাগ হিমবাহৰ গতিবেগ দিনটোৰ ভিতৰত ১ মিটাৰতকৈ কম ।

        পাৰ্বত্য বা উপত্যকা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আল্পছ ( Alps, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায় । এইবিধ হিমবাহ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নামি আহে । এনে হিমবাহে বৰফখগুৰ লগতে সৰু - বৰ শিল, বালি, জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে । হিমবাহে কঢ়িয়াই অনা এই পদাৰ্থবোৰে গতিপথ সজোৰে খনন কাৰ্য চলায় । হিমবাহৰ গতিপথ দীঘলীয়া । পথালিয়ে ইয়াক Uআকৃতিৰ হোৱা দেেখা যায় । বাহিত পদাৰ্থৰ দ্বাৰা ঘটা প্ৰৱল ষৰ্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয় । কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে । তেতিয়াৰ সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষংশ চোকা জোঙা দৰে হয় । এইবোৰক হিমবাহ সৃষ্টি কৰা শৃংগ বোলা হয় । আল্পছ আৰু হিমালয় পৰ্বতত এনে ক্ষয়জনিত জোঙা শৃংগ বহুতো আছে ।

        ইতিমধ্যে উল্লেখ কৰা হৈছে যে হিমবাহে বৰফৰ উপৰি  অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে । এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাব বোলা হয় । গ্ৰাব চাৰি প্ৰকাৰৰ- (ক) পাৰ্শ্বগ্ৰাব (Laternal Moraine), (খ) ভূমিগ্ৰাব (Ground Moraine), (গ) মধ্যগ্ৰাব (Medial Moraine ) আৰু (ঘ) প্ৰান্তগ্ৰাব ( Terminal Or End Moraine) । সাধাৰণতে উটি অহা বৰফ আৰু উপত্যকাৰ থিয় গৰাৰ মাজৰ অংশৰেগ্ৰাববোৰ নামি আহে । এনেদৰে হিমবাহৰ দাঁতিয়েদি বৈ  অহা গ্ৰাবক পাৰ্শ্বগ্ৰাব বুলি কোৱা হয় । আনহাতে হিমবাহ উপত্যকাৰ তলিয়েদিও গ্ৰাব বৈ আহে । এনে গ্ৰাবক ভূমিগ্ৰাব বোলা হয় । কেতিয়াবা আকৌ কোনো বিশেষ ঠাইত দুফালৰপৰা অহা দুটা হিমবাহ লগ হব পাৰে । তেনে অৱস্থাত দুয়োটা হিমবাহৰে পাৰ্শ্বগ্ৰাব মিলিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিৰ হবলৈ ধৰে । এলেধৰণৰ গ্ৰাবক মধ্যগ্ৰাব বোলা হয় । এইখিনিতে উল্লেখ্য যে পাৰ্বত্য অঞ্চলৰপৰা নামি অহা হিমবাহ ক্ৰমে নামনিৰ তুলনামূলকভাৱে উষ্ণ জলবায়ুৰ সন্মুখীন হয় আৰু এটা উচ্চতাত হিমবাহৰ বৰফ গতিবলৈ আৰম্ভ কৰে । যত বৰফ গলিবলৈ ধৰে তাতে গধুৰ গ্ৰাববোৰ জমা হয় । হিমবাহৰ শেষ সীমাত জমা হোৱাৰ কাৰণে এইবিধ গ্ৰাবক প্ৰান্তগ্ৰাব  আখ্যা দিয়া হয় । প্ৰান্তগ্ৰাবৰ পৰা নামনিলৈ ক্ৰমে হিমবাহ গলি গৈ সাধাৰণ নদীৰ সৃষ্টি হয় । হিমালয় পৰ্বতৰ পৰা বৈ অহা আমাৰ বেছিভাগ নদীয়েই বৰফগলা পানীৰে পুষ্ট । 

    এইদৰে হিমবাহ উপত্যকাত অৱক্ষেপণ প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা গ্ৰাববোৰে উপত্যকাটোৰৰূপৰ পৰিৱৰ্তন ঘটায় তদুপৰি হিমবাহে ক্ৰিয়াকৰা পাৰ্বত্য অঞ্চলবোৰত অন্য কিছুমান অৱক্ষেপণজনিত অৱয়বো দেখা যায় । সেইবোৰৰ ভিতৰত দ্ৰামলিন এস্কাৰ আৰু কেম ৰ কথা বিশেষভাৱে উল্লেখযোগ্য ।

Social Science Geography 9,

 Sumit Patar



Post ID : DABP006503