উত্তৰ-পশ্চিম ভাৰতত নব্য ধৰ্মীয় আন্দোলন প্ৰচাৰসকল 

উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰীত জ্ঞানেশ্বৰ বা জ্ঞানদ্ৱেৱৰ (১২৭১-৯৫)নেতৃত্বত খ্ৰীষ্টীয় ১৩ শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল । জ্ঞানদেৱে গীত-মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী-দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ-সৰল আৰু বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। জ্ঞানদেৱৰ এই বাণী পৰৱৰ্তী কালত নামদেৱ, একনাথ, টুকাৰাম, ৰামদাস আদি ভক্তিবাদৰ উদ্যোক্তাসকলৰ নেতৃত্বত বিভিন্ন অঞ্চললৈ বিয়পি পৰিছিল।সমসাময়িবাৱে গুজৰাট আৰু ৰাজস্থানতো ৰবিদাস, দাদু দয়াল আৰু মীৰাবাঈৰ নেতৃত্ব  অন্য এক ভক্তিবাদৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল সৰ্বসাধাৰণ লোকক এক ভক্তি মাৰ্গে বিশেষভাৱে আকৰ্ষিত কৰিছিল ।  

উত্তৰ ভাৰতত ভক্তি আন্দোলন :

 উত্তৰ ভাৰতৰ বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামনন্দ । তেওঁ এগৰাকী পণ্ৰিত আৰু সমাজ সংস্কাৰক আছিল। এওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণী লোকলৈ মোকলাই দিছিল । তেওঁ হিন্দী ভাষাত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ শেষ্যসকলৰ অন্যতম আছিল কবীৰ। কবীৰ মূছলমান তাঁতী পৰিয়াল এটা ডাঙৰ-দীঘল হৈছিল । অন্যান্য ভক্তিমাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱান উপাসক আছিল । ভগৱানক তেওঁ ৰাম, হৰি, আল্লা,খোদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল । ৰামানন্দৰ দৰে কবীৰেও কবিতাৰ যোগেদিও ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁ ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক 'দোহা' বোলে হেছিল । সাধাৰণ লোকৰ মাজত কবীৰ ইমানেই জনপ্ৰিয় আছিল যে তেওঁৰ সমসাময়িক মুছলমানসকলে তেওঁক চুফি সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি স্বীকাৰ খৰিছিল। হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । সুৰদাস আৰু তুলসীদাস ভক্তি আন্দোলৰনৰ অন্য দুজন উল্লেখযোগ্য প্ৰবক্তা আছিল । তুলসীদাস ৰামানন্দৰ এজন সাৰ্থক উত্তৰাদিকাৰী আছিল। তেওঁ সৰ্বসাধাৰণ লোকৰ কথিত ভাষাত 'ৰামচৰিত-মানস' ৰচনা কৰি প্ৰচাৰ কৰিছিল । উত্তৰ ভাৰতত 'ৰামচৰিত মাসক ' ইমান জনপ্ৰিয় হৈছিল যে মানুহে তুলসী দাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল লৈছিল। উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম এজন আছিল। গুৰু নানক। এওঁক কবীৰৰ ভক্তিমাৰ্গে বিশেষভাৱে প্ৰভাৱান্বিত কৰিছিল। নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথা বিশ্বাস নকৰিছিল । তেওঁৰ মতে ঈশ্বৰ এজন তেওঁ অদ্বিবাদ আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী কালত শিখ বুলি অভিহিত কৰা হয়। শিখ ধৰ্মৰ উহুান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ আছিল। 



Class 8 Social science

Type: Dimi Bora




Post ID ; DABP006650