সপুষ্পক উদ্ভিদত যৌন প্ৰজনন | অধ্যায় ২ | Chapter 12 Biology Solution Assamese Medium | HS 2nd Year Biology Answer Assam | Sexual Reproduction in Flowering Plants

সপুষ্পক উদ্ভিদত যৌন প্ৰজনন

প্ৰশ্নমালা

(ক) অতি চমু প্রশ্নোত্তৰ:


১। প্রজননৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্রজনন এনে এক প্রক্রিয়া যাৰ সহায়ত জীৱই তাৰ অনুৰূপ জীৱ (সতি সন্ততি) জন্ম দিব পাৰে। প্ৰজননৰ যোগেদি জীৱই তাৰ বংশগতি সতি-সন্ততিক দিয়ে।

২। বন্ধ্যাত্ব মানে কি?


উত্তৰঃ প্রজনন অক্ষমতা।


৩। শম্বুক পৰাগ কাক বোলে?

উত্তৰঃ শামুকৰ দ্বাৰা হোৱা পৰাগনক শম্বুক পৰাগ বোলে।

৪। কোন ধৰণৰ ফুলে ইতৰ পৰাগযোগ পছন্দ কৰে?

উত্তৰঃ উভয় লিংগি ফুলে।

৫। স্ববন্ধ্যা উদ্ভিদত কি ধৰণৰ পৰাগযোগ হয়?

উত্তৰঃ ইতৰ-পৰাগযোগ।

৬। বেলিফুল কিয় পতঙ্গ পৰাগনৰ বাবে আটাইতকৈ সুবিধাজনক?


উত্তৰঃ বেলিফুল আচলতে অসংখ্য ফুলৰ সমষ্টিৰে সৃষ্টি হোৱা থাল সদৃশ্য পুষ্পবিন্যাস। গতিকে এটি মাত্র পতঙ্গ

ইয়াৰ ওপৰত বিচৰণ কৰিলে অসংখ্য ফুলত ইতৰ পৰাগন হয়।


৭। দ্বি-গর্ভাধান মানে কি?

উত্তৰঃ ডিম্বকৰ ভিতৰত গর্ভধানৰ ফলত এগুণ সংখ্যক ক্রম 'জ'ম বিশিষ্ট (n) পুংজননকোষৰ লগত এগুণ সংখ্যক ক্রম 'জ 'ম বিশিষ্ট (n) স্ত্রীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা ভ্রূণাণুত দুগুণ সংখ্যক ক্রম'জ'ম (2n) থাকে। আনফালে আনটো পুংজননকোষৰ (n) লগত নিশ্চিত কোষকেন্দ্ৰটোৰ (2n) মিলনৰ ফলত যি ভ্রূণপোষক কোষকেন্দ্র উৎপন্ন হয়, সেইটোৰ ক্ৰম'জ'ম সংখ্যা তিনিগুণ (3n) হয়। ডিম্বকৰ ভিতৰত এবাৰ স্ত্রীজননকোষৰ লগত আৰু এবাৰ ভ্রূণ পোষকৰ লগত বেলেগে বেলেগে দুবাৰ দুটা পুংজননকোষ মিলনক দ্বি-গর্ভধান (double fertilization) বোলে।

৮। স্বপ'ৰ'পলেইন কি?

উত্তৰঃ পৰাগৰেণুৰ বহিঃস্তকত থকা এক বিশেষ পদার্থ যি বহিঃস্তবকে তাপ, এচিড, উৎসেচক আৰু আন আন

পৰিবেশৰ চাপৰ পৰা পৰাগৰেণুক ৰক্ষা কৰে।


৯। গুপ্তবীজীৰ পুংজননকোষ আৰু স্ত্রীজননকোষত সৃষ্টি হোৱা প্রথম কোষ কোনটো?


উত্তৰঃ কাৰ্য্যক্ষম, স্ত্রীৰেণু আৰু পুংৰেণ।

১০। দুবিধ উদ্ভিদৰ নাম লিখা য'ত (ক) চৰাই আৰু (খ) বাদুলিৰ দ্বাৰা পৰাগযোগ হয়?

উত্তৰঃ মদাৰ গছ- চৰাই, বাদুলি। শিমলু বাদুলি, চৰাই। কদম বাদুলি।

১১। ত্রিসংলয়ন কি?

উত্তৰঃ ট্রিপল ফিউজন হৈছে গুপ্তবীজী উদ্ভিদৰ ভ্ৰমস্থলীত পুংজননকোষৰ সৈতে দুটা মেৰু কোষকেন্দ্ৰৰ ফিউজন। ফিউজনৰ প্ৰক্ৰিয়াটো ভ্রূণস্থলীৰ ভিতৰত সংঘটিত হয়। যেতিয়া গৰ্ভমুণ্ডত পৰাগৰেণু, পৰেহি, তেতিয়া সিহঁত অংকুৰিত হৈ পৰাগনলী গঠন কৰে, যিটো গৰ্ভদণ্ডৰ মাজেৰে গৈ ডিম্বকত প্ৰৱেশ কৰে। ইয়াৰ পিছত পৰাগনলীটো সহকাৰী কোষৰ এটাত প্ৰৱেশ কৰে আৰু দুটা পুংজননকোষ এৰি দিয়ে। পুংজননকোষ দুটাৰ এটাই ডিম্বকোষৰ কোষকেন্দ্ৰৰ লগত নিষেচন ঘটাই যোজনকোষৰ সৃষ্টি কৰে। আনটো পুংজননকোষে কেন্দ্রীয় কোষত থকা দুটা মেৰুকোষকেন্দ্রব সৈতে নিষিক্ত হৈ এটা ট্রিপ্লইড প্রাথমিক ভ্রূণকোষ কোষকেন্দ্র গঠন কৰে। যিহেতু এই প্রক্রিয়াটোত তিনিটা হেপ্লইড কোষকেন্দ্ৰৰ নিষেচন হয়, সেয়েহে ইয়াক ট্রিপল ফিউজন বোলে। ইয়াৰ ফলত ভ্রূণপোষ গঠন হয়। এই প্রক্রিয়াটোত এটা পুংজননকোষ কোষকেন্দ্ৰ আৰু দুটা মেৰু কোষকেন্দ্ৰ জড়িত থাকে।

১২। অনিষেকতা আৰু অনিষেক ফল কাক বোলে?


উত্তৰঃ নিষেচন নোহোৱাকৈ ফলৰ বিকাশ হোৱাকে অনিষেকত বোলা হয়। ইয়াৰ ফলত বীজ হীন ফল সৃষ্টি হয়। এনে ফলক অনিষেক ফল বোলে।

১৩। তলত উল্লেখ কৰ সংজ্ঞাসমূহক প্রকৃত ক্রম অনুসৰি সজোৱাঃ পুংৰেণু, ৰেণুজনন কোষ, বেণু চতুষ্টয়, ৰেণুমাতৃকোষ, পুংজনন কোষ।

উত্তৰঃ ৰেণুজনন কোষ --- ৰেণুমাতৃকোষ — ৰেণুচতষ্টয় পুংৰেণু পুংজনন কোষ।

১৪। গুপ্তবীজীত ভ্রূণকোষ কেনেকৈ ত্রিগুণ ক্রম 'জম বিশিষ্ট হয়?

উত্তৰঃ নিশ্চিত কোষ কেন্দ্র দুগুণ(2n) ক্রম'জ'ম বিশিষ্ট। ইয়াৰ আনটো পুংজননকোষ(n) লগ লাগি তিনি গুণ (3r) ক্রম'জ'ম বিশিষ্ট ভ্রূণপোষ কোষ কেন্দ্র সৃষ্টি হয়। ইয়াৰ পৰা ভ্রূণপোষ সৃষ্টি হয়।

১৫। জননকোষৰ মিলন নোহোৱাকৈ যি ৰূপান্তৰিত প্ৰজননৰ ফলত বীজ উৎপাদন হয় সেই ৰূপান্তৰিত প্ৰজননৰ বৈজ্ঞানিক আখ্যা দিয়া।

উত্তৰঃ এপ'মিক্সিছ।

১৬। দ্বিবেষ্টনীযুক্ত দ্বিকোষ্ঠী পৰাগধানীত ১০০ টা পুংৰেণু মাতৃকোষ আছে। ইয়াৰ পৰা কিমানটা পুংজনন কোষ সৃষ্টি হ'ব?

উত্তৰঃ 400 টা পুংবেণু মাতৃকোষ আৰু প্ৰতিটোৰ পৰা দুটা পুংজননকোষ সৃষ্টি হ'লে 800 টাপুংজননকোষ সৃষ্টি হ'ব।

১৭। মৌপালকে কিয় মৌৰ বাহ শস্যৰ ফুল ফুলাৰ সময়ত শস্য পথাৰত নি ৰাখে?

উত্তৰঃ ইয়াৰ ফলত দুটা কাম হয়।

(ক) মৌমাখিয়ে প্রয়োজনীয় ফুলৰ সুমিষ্ট ৰস আৰু পৰাগৰেণু সংগ্ৰহ কৰি মৌ সৃষ্টি কৰে।

(খ) পৰাগযোগ ঘটোৱাৰ বাবে প্ৰচুৰ পতঙ্গ পোৱা যায়।

১৮। এটি উদ্ভিদৰ দৈহিক কোষত যদি 24 টা ক্রম'জ'ম থাকে তেতিয়া তাৰ পুংজননকোষত আৰু ভ্রূণপোষকত কিমান ক্রম'জ'ম থাকিব?

উত্তৰঃ ১২ টা আৰু ৩৬ টা।

১৯। ভ্রূণস্থলীৰ গৰ্ভর্যন্ত্রত থক কোষ সমষ্টি কি কি?

উত্তৰঃ দুটা সহকাৰী কোষ আৰু এটি ডিম্বাণু।

২০। পৰাগকোষ পূৰঠ হৈ মোচনৰ পূৰ্বে যি তিনিটা কোষ থাকে সেই কেইটা কি কি?

উত্তৰঃ অংগজ কোষ আৰু জননক্ষম কোষৰ পৰা সৃষ্টি হোৱা দুটা পুংজনন কোষ।

শূন্যস্থান পূৰণ কৰাঃ


১। বহির্গঠন হিচাপে ফুল এটি ৰূপান্তৰিত______।


উত্তৰঃ কাণ্ড।

২। এটি ফুলৰ পৰা পৰাগৰেণু একেজো শা গছত থকা এটি ফুলৰ গৰ্ভমুণ্ডত স্থানান্তৰিত হোৱাক_______বোলে।

উত্তৰ: geitonogmy.

৩। বায়ুপৰাগন ফুলবিলাক সাধাৰণতে______প্রকৃতিৰ।

উত্তৰঃ একলিংগী।

৪। গর্ভদণ্ডৰ মাজেৰে পৰাগনলীৰ প্ৰৱেশ আৰু ডিম্বকবন্ধৰ মাজেৰে গর্ভাশয়ৰ প্ৰৱেশক_______বোলে।

উত্তৰঃ সবন্ধি বা porogamic গর্ভাধান।

৫। পৰাগৰেণুই চৰম তাপ আৰু শুকনী সহ্য কৰিব পাৰে কাৰণ, ইয়াৰ বহিঃস্তক ______ৰ দ্বাৰা গঠিত।

উত্তৰঃ sporopouenin.

৬। এন্থেছিছ এনেকুৱা অৱস্থা য'ত _______ফুলে।

উত্তৰঃ ফুল।

৭। ডিম্বক অমৰাৰ লগত সংযুক্ত হোৱা স্থানক _______বোলে।

উত্তৰঃ ডিম্বক নাভী।

৮। ভ্রূণস্থলীৰ প্ৰথম কোষ হ'ল_______।


উত্তৰঃ কাৰ্য্যক্ষম স্ত্রীবেণু কোষ।

৯। ডিম্বক নাভী এটি বিন্দু য'ত _______ৰ ________সংযুক্ত থাকে।

উত্তৰঃ বীজৰ ঠাৰি।


১০। যোজন কোষৰ পৰা উৎপন্ন দৈহিক কোষ কিছুমানৰ পৰা গঠন হোৱা ভ্রূণক _______বোলা হয়।

উত্তৰঃ বহু ভ্রূণতা।

১১। অনিষেকত জনিত কাৰণত গর্ভাধান নোহোৱা ফুলত উৎপন্ন ______প্রকৃততে ফল।

উত্তৰঃ ফল, বীজহীন।

১২। এপ'মিক্সিছ এক ধৰণৰ অপ্রচলিত যৌন প্রজনন য'ত _______ আৰু নাথাকে।

উত্তৰঃ জননকোষ, গর্ভাধান।

১৩। ভ্রূণস্থলীৰ গৰ্ভর্যন্ত্র ______টা কোষেৰে গঠিত।

উত্তৰঃ তিনিটা।

১৪। ভ্রূণস্থলিৰ নিশ্চিত কোষকেন্দ্র ______আৰু _______বউৎপাদন।

উত্তৰঃ প্রতিপাদ কোষ, সহকাৰী কোষ।

১৫। অনেক দ্বিবীজপত্রীৰ _______জমা থকা খাদ্য ক্রমাৎ বৃদ্ধি পোৱা ______ই গ্রহণ কৰি শেষ কৰে।

উত্তৰঃ এগলোয়, ভ্রূণ।

১৬। _______ত পিষ্টিলে ফল আৰু ত ডিম্বাশয়ে বীজ গঠন কৰে।

উত্তৰঃ ডিম্বাশয়, ডিপ্ত।

১৭। তোমলীয়া নাৰিকলৰ গাখীৰৰ দৰে পনীয়া অংশ ফলৰ_______।

উত্তৰঃ অন্ত্যস্তক।


সত্য আৰু অসত্য বক্ত্যৰ কৰা:


১। প্তবীজীত পূর্ণতা প্রাপ্ত পুংজনন কোষ গঠিত হয় পুংৰেণু মাতৃকোষৰ পৰা এটি ১০ হ্রাসাত্মক আৰু দুটা

দৈহিক বিভাজনৰ যোগেদি।


উত্তৰঃ সত্য।

২। টেপেটামটো অন্তঃস্থবক যি ৰেণুজনন কোষসমূহক ৰক্ষা কৰে।

উত্তৰঃ অসত্য।

৩। ভ্রূণকোষ সৃষ্টিকাৰী গৌণ কোষকেন্দ্র ভ্রূণস্থলিৰ মধ্যত অবস্থান কৰে যাৰ ক্ৰম'জ'ম ১৪ সংখ্যা দুগুণ।

উত্তৰঃ সত্য।

৪। এপ মিক্সিচ এনে এটি ঘটনা য'ত জনন কোষৰ মিলন নহয়।

উত্তৰঃ সত্য।

৫। Xanogamy এনে এক ধৰণৰ পৰাগযোগ যি বংশগতভাৱে পাৰ্থক্য থকা পৰাগৰেণু গর্ভমুণ্ডত স্থাপিত কৰে।

উত্তৰঃ সত্য।

৬। সকলো ধৰণৰ 'ফেনেৰ 'গামতে' ফল উৎপাদন হয়।

উত্তৰঃ অসত্য।

৭। সাধাৰণতে গর্ভাধান হোৱা পূর্ণতা প্রাপ্ত ডিম্বকত n. 2n আৰু 3n অবস্থা যথাক্রমে সহকাৰী কোষ যোজন কোষ আৰু ভ্রূণপোষত দেখা যায়।

উত্তৰঃ সত্য।

৮। যি উভয়লিংগী ফুল কেতিয়াও জীৱনত উন্মুক্ত নহয় তাক সমপৰিণতি বোলা হয়।

উত্তৰঃ অসত্য।

৯। বায়ু পৰাগন হোৱা ফুল বিলাক সৰু আৰু প্ৰচুৰ মাত্ৰাত পৰাগৰেণু উৎপাদন কৰে।

উত্তৰঃ সত্য।

১০। গুপ্তবীজীৰ ভ্রূণস্থলীত থকা গৰ্ভর্যন্ত্ৰত এটি ডিম্বক আৰু প্ৰতিবাদ কোষ সমষ্টিৰে গঠিত।

উত্তৰঃ অসত্য।

১১। একগর্ভপত্রী উদ্ভিদত মাত্র এডালেগর্ভপত্র থাকে।

উত্তৰঃ সঁচা।

১২। গুপ্তবীজী উদ্ভিদত দ্বি নিষেচনৰ দ্বাৰা অকল বীজপত্র গঠনহে হয়।

উত্তৰঃ মিছা।

১৩। কোনো ৰেণুধাৰী উদ্ভিদৰ দৈহিক কোষে লিংগধাৰী উদ্ভিদ যদি হ্রাসাত্মাক বিভাজন নঘটাকৈ গঠিত হয় তাকে কুমাৰী জনন বোলে।

উত্তৰঃ সঁচা।

১৪। গুপ্তবীজীৰ গৰ্ভৰ্যন্ত্ৰৰ ভ্রূণথলীত এটা ডিম্ব আৰু দুটা সহকাৰী কোষ থাকে।

উত্তৰঃ মিছা।

ৰচনাধর্মী প্রশ্নোত্তৰ:


১। স্ববন্ধ্যতা কি। স্ববন্ধ্যা ফুলত স্ব-পৰাগযোগৰ ফলত বীজ উৎপাদন নহয় কিয়?

উত্তৰঃ কিছুমান ফুলৰ পৰাগৰেণুৱে একেটা ফুলৰ গৰ্ভাশয়ৰ ডিম্বাণুৰ গৰ্ভাদান কৰিব নোৱাৰে। কাৰণ, পৰাগবেণু আৰু ডিম্বাণু উভয়ে উভয়ৰ প্ৰতি স্ববন্ধ্যা। গতিকে স্ববন্ধ্যা মানে অন্তঃপ্রজননত বাধা প্ৰদানৰ বাবে জিনীয় অভিযোজন।

স্ৱাভাৱিকতে স্বপৰাগযোগৰ ফলত গর্ভাধান নহয় আৰু তাৰ ফলত বীজ উৎপাদন নহয়। গর্ভাধানৰ বাবে অন্য ফুলৰ পৰাগৰেণু প্রয়োজন হয়। অন্য ফুলৰ পৰাগৰেণু এনে ফুলৰ বাবে বন্ধ্যা নহয় বাবে গর্ভাধান হয় আৰু বীজ উৎপাদন হয়।

২। পৰাগযোগ মানে কি বুজা? গুপ্তবীজী উদ্ভিদত ইয়াৰ গুৰুত্ব বর্ণনা কৰা। ইয়াৰ বাবে বিভিন্ন বাহকৰ ভূমিকা বর্ণনা ৰা।

উত্তৰঃ গৰ্ভপত্রই গর্ভমুণ্ডলৈ পৰাগবেণুৰ স্থানান্তৰকৰণকে পৰাগযোগ বোলে। ফুলত ফল আৰু বীজ সৃষ্টি হয়,

যেতিয়া পৰাগৰেণুত সৃষ্টি হোৱা পুংজননকোষৰ লগত স্ত্রীজননকোষ বা ডিম্বাণুৰ মিলন হয়। ইয়াৰ বাবে পৰাগৰেণু

পৰাগকোষৰ পৰা গৰ্ভমুণ্ডত হোৱা প্রয়োজন। পৰাগযোগ নহ'লে গর্ভাশয় বিকশিত নহয় আৰু বীজ সৃষ্টি নহয়,

আৰু অৱশেষত গর্ভাশয় নষ্ট হৈ মৰহা ফুলৰ লগত সৰি পৰে।


(১) অজৈৱিক বাহক:


(ক) বায়ুঃ


(১) বায়ু পৰাগযোগত পোহৰ আৰু আঠাযুক্তহীন পৰাগৰ প্ৰয়োজন।


(২) সুন্দৰভাৱে প্রকাশিত পুংকেশৰ থকা উচিত।


(৩) গর্ভমুণ্ড পক্ষল (feathery) হয় যাতে উৰি ফুৰা পৰাগবেণু ইয়াত সহজে লাগি ধৰে।


(৪) গর্ভাশয়ত এটা ডিম্ব আৰু পুষ্পবিন্যাসত বহুতো ফুল। উদাহৰণ- ঘাঁহ (Grasses)


(খ) পানী:


কেৱল ৩০ শতাংশ উদ্ভিদ, অর্থাৎ একবীজপত্রী উদ্ভিদৰ পানীৰ দ্বাৰা পৰাগযোগ ঘটে।

(১) উদ্ভিদবোৰত পাতল পৰাগ থাকিব লাগে।

(২) ফিটাৰ দৰে দীঘল পৰাগক পানীৰ বৈদ্যুতিক শক্তিয়ে কঢ়িয়াই নিয়ে।

(৩) পৰাগ আঠাজাতীয় আৱৰণে আবৃত হৈ থাকে। উদাহৰণ: ভেলিছনেৰিয়া, হাইড্রলিা, জ'ষ্টেৰা।


(২) জৈৱিক বাহক:


পতংগ: পতংগবোৰ সহজাত পৰাগযোগৰ বাহক।


(১) কিছুমান বিশেষ প্রজাতিৰ প্ৰাণীৰ দ্বাৰা প্ৰাণীপৰাগী ফুলৰ পৰাগযোগ ঘটে যাতে পৰাগ প্ৰাণীৰ দেহত লাগি ধৰে।


(২) পতংগপৰাগী ফুলবোৰ ডাঙৰ, ভিন্নবর্তী, সুগন্ধিযুক্ত আৰু মৌৰসেৰে পৰিপূৰ্ণ হল

(৩) কিছুমান সক ফুল একেলগ হৈ এটা পুষ্পবিন্যাসৰ আকাৰ লয়।

(৪) আকর্ষণীয় সুগন্ধিযুক্ত হয়।

(৫) সৌৰভ আৰু পৰাগবেণু।

৩। অংগজ প্রজনন কি? উদাহৰণ দি উদ্যান কৃষিত অংগজ প্রজননৰ গুৰুত্ব সম্পর্কে লিখা

উত্তৰঃ হ্রাসাত্মক বিভাজন আৰু চিনগে মি প্ৰক্ৰিয়াৰৰ অবিহনে বীজ গঠনৰ প্ৰক্ৰিয়াটোৰ ৬ অসংগ জনন বোলে। সংকৰ বীজ উৎপাদনৰ প্ৰক্ৰিয়াটো কৃষকসকলৰ কাৰণে খব হৈ পৰে। অসংগ জননে সংকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত বীজৰ চৰিত্ৰ অক্ষু ৰখাত সহায় কৰে। তাৰোপৰি ই কম খৰচী।

৪। ত্ৰি মিলনৰ সংজ্ঞা দিয়া। ইয়াৰ উৎপাদন কি? এই উৎপাদিত বস্তু বিকশিত হৈকি হয়।

উত্তৰঃ ট্রিপল ফিউজন হৈছে গুপ্তবীজী উদ্ভিদৰ ভ্ৰমস্থলীত পুংজননকোষৰ সৈতে দুই মেৰু কোষকেন্দ্ৰৰ ফিউজন। ফিউজনৰ প্ৰক্ৰিয়াটো ভ্রূণস্থলীৰ ভিতৰত সংঘটি হয়। যেতিয়া গৰ্ভমুণ্ডত পৰাগৰেণু, পৰেহি, তেতিয়া সিহঁত অংকুৰিত হৈ পৰাগনী গঠন কৰে, যিটো গৰ্ভদণ্ডৰ মাজেৰে গৈ ডিম্বকত প্রৱেশ কৰে। ইয়াৰ পিছত পৰাগনলীটো সহকাৰী কোষৰ এটাত প্ৰৱেশ কৰে আৰু দুটা পুংজননকোষ এদি দিয়ে। পুংজননকোষ দুটাৰ এটাই ডিম্বকোষৰ কোষকেন্দ্ৰৰ লগত নিষেচন ঘটাই যোজনকোষৰ সৃষ্টি কৰে। আনটো পুংজননকোষে কেন্দ্রীয় কোষত থকা দুট মেঝকোষকেন্দ্রৰ সৈতে নিষিক্ত হৈ এটা ট্রিপ্লইড প্রাথমিক ভ্রূণকোষ কোষকেন্দ্র গঠন কৰে। যিহেতু এই প্রক্ৰিয়াটোত তিনিটা হেপ্লইড কোষকেন্দ্ৰৰ নিষেচন হয়।

সেয়েহে ইয়াক ট্রিপল ফিউজন বোলে। 

ত্রিমিলনৰ উৎপাদন হ'ল ভ্রূণকোষ।

ভ্রূণকোষৰ পৰা ভ্রূণপোষ সৃষ্টি হয়।


৫। স্তম্ভ A আৰু B ৰ পদসমূহ মিলোৱাঃ


1. স্বযুগ্মন         (i) স্ত্রীজননকোষ


2. এপ মিক্সিচ (ii) স্ব-পৰাগযোগ

3. ডিম্বক         (iii) ইতৰ-পৰাগযোগ

4. ভ্রূণস্থলী (iv) অযৌন প্রজনন

5. পৰাগকোষ (v) পৰাগৰেণুধানী


6. ইতৰ-পৰাগযোগ (vi) স্ত্রীবেণুধানী


উত্তৰঃ 1. (ii) 2. (iv) 3. (vi) 4. (i) 5. (v) 6. (iii)


৬। এগাম 'স্পাৰমি কি? ইয়াৰ আনিষেকতা আৰু অনিষেক গভীৰ পাৰ্থক্য কি?


উত্তৰঃ নিষেচন নোহোৱাকৈ ভ্রূণ উৎপন্ন হোৱাকে এগাম 'স্পাৰমি বোলে।


নিষেচন নোহোৱাকৈ গর্ভাশয় সৃষ্টি হোৱা আৰু ফল সৃষ্টি হোৱাক অনিষেকতা বোলে। যি গর্ভাশয়ত বীজ সৃষ্টি নোহোৱাকৈ ফল সৃষ্টি হয় তাক অনিষেক গর্ভ বোলা হয়।

৭। মোনাকৰণ মানে কি? উদ্ভিদ প্রজননকাৰীয়ে কেতিয়া আৰু কিয় এই কৌশল অবলম্বন কৰে?

উত্তৰঃ উভয়লিংগী ফুলৰ পৰা স্ত্রী প্রজনন অংগ (গর্ভপত্র)ক আঘাত নকৰাকৈ নিবীৰ্যকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পৰাগধানীক তৰোৱা প্ৰক্ৰিয়াটোত বহুতো কৃত্রিম সংকৰণ কৌশল (বহুতো শস্য উৎপাদন বৃদ্ধিৰ কাৰ্যসূচী) জড়িত হৈ থাকে। পিছত এই নিবীর্য ফুলবোৰ বেগত ভৰাই পৰাগৰেণুৰ পৰাগযোগ ঘটাত বাধা দিয়ে। এই প্রক্রিয়াটোকে বেগিং বোলে।

এই প্ৰক্ৰিয়াটো উদ্ভিদৰ প্ৰজনন কাৰ্যসূচীৰ এক গুরুত্বপূর্ণ অংশ। কাৰণ কেৱল আশা কৰা উদ্ভিদৰ পৰাগৰেণু গৰ্ভমুণ্ডৰ নিষেচনত ব্যৱহাৰ হোৱাটো ই নিশ্চিত কৰে আৰু ইয়াৰ দ্বাৰা আশা কৰা উদ্ভিদৰ বিকাশ ঘটোৱা হয়।

৮। বহুভ্রূণতা কি আৰু কেনেকৈ ইয়াক ব্যবসায়ীক ভিত্তিত কামত খটাব পাৰি?

উত্তৰঃ এটা বীজত এটাতকৈ অধিক ভ্রূণৰ সৃষ্টি হোৱাকে বহুভ্রূণতা বোলে।

৯। বায়ু পৰাগন হোৱা ফুলৰ পৰাগকোষ, পৰাগৰেণু আৰু গৰ্ভমুণ্ডৰ চাৰিত্ৰিক বৈশিষ্ট্য লিখা। ফুলে কেনেকৈ তাৰ পৰাগযোগকাৰী পতঙ্গক পুৰস্কৃত কৰে?

উত্তৰঃ পৰাগকোষসমূহ উন্মুক্ত চেপেটা, পৃষ্ঠলগ্ন। পৰাগৰেণুবিলাক পাতল আৰু সৰু। গর্ভমুণ্ডবিলাক পাখিযুক্ত।ফুলে পৰাগযোগকাৰী পতঙ্গক পুৰস্কাৰ দিয়ে নানা ভাবে। যেনে- মৌৰস আৰু পৰাগৰেণু খাবলৈ দিয়ে। ইয়াৰ লোভত পতঙ্গ ফুলত ঘুৰি ফুৰে, যাৰ ফলত পৰাগযোগ হয়।

১০। উদ্ভিদত পৰাগযোগৰ আৱশ্যকতা আৰু গুৰুত্বৰ কথা আলোচনা কৰা।

উত্তৰঃ উদ্ভিদ দেহত পৰাগযোগ এটা অত্যাবশ্যকীয় প্রক্রিয়া। এই প্রক্ৰিয়াৰ কাৰণেই উদ্ভিদে পুংজনন কোষক পুংৰেণুধানীৰ পৰা গৰ্ভমুণ্ডলৈ স্থানান্তৰিত কৰে আৰু পিছত নিষেচন ঘটায়। বাকী চাৰিটাৰপৰা ভাবীকাণ্ড আৰু দুটা বীজপত্র (cotyledons) সৃষ্টি হ্যা এনেদৰে ভ্রূণকোষৰ বিভাজন হৈ ভ্রূণৰ বিভিন্ন অংশসমূহ সৃষ্টি হয়।


Type Himanku Bora

Post ID : DABP006649

New Update 2026