৫.৪ দৈনন্দিন জীৱনত প্রশমন 

বদহজম

 আমাৰ পাকফুলীত হাইড্ৰ কৰিক এচিড থাকে । তােমালােকে অধ্যায় ২ শিকি অহাৰ দৰে ই খালা হজম কৰাত সহায় কৰে । কিন্তু আমাৰ পাকস্থলীত অনুৰ পৰিমাণ অতি বেছি হ'লে বদহজম হয় । বদহজম

কেতিয়াবা কষ্টকৰ হ'ব পাৰে । এই বদহজমৰ ৰা সকাহ পাবলৈ আমি মেগনেছিয়া দুগ্ধ ( milk of magne sia ) ৰ নিচিনা অম্লনাশক ( antacid) খাওঁ, যত মেগনেছিয়াম হাইড্রক্সাইড থাকে। ই অতিৰিক্ত অম্লৰ প্রভাৱ নাইকিয়া কৰে । 

পৰুৱাৰ কামোৰ

 পৰুৱাৰ শুঙত ফর্মিক এছিড ( formic acid ) থাকে । পৰুৱাই যেতিয়া কামােৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে । সেমেকা বেকিং ছড়া ( ছ’ডিয়াম হাইড্রজেন কার্বনেট ) বা জিংক কার্বনেট থকা কেলামাইন দ্ৰৱ ( calamine solution ) ঘঁহি এই এচিডৰ প্ৰভাৱ প্রশমিত কৰিব পাৰি ।

 মাটিৰ উপচাৰ 

ৰাসায়নিক সাৰৰ অত্যধিক ব্যৱহাৰে মাটিক আম্লিক কৰি তােলে । মাটি বৰ বেছি আম্লিক বা ক্ষাৰকীয় হলে উদ্ভিদৰ বৃদ্ধি ভাল নহয় । মাটি ডােখৰ যদি বেছি আম্লিক হয় তেতিয়া পােৰা চূণ ( quick lime / কেলছিয়াম অক্সাইড ) বা শিথিলিত চূণ ( slaked lime / কেলছিয়াম হাইড্রক্সাইড ) ৰে উপচাৰ কৰি উৎকর্ষ সাধন কৰা হয় । যদি মাটিডােখৰ ক্ষাৰকীয় হয় , তাত জৈৱ পদার্থ যােগ কৰা হয় । জৈৱ পদার্থই অম্ল এৰি দিয়ে , যিয়ে মাটিৰ ক্ষাৰকীয় গুণ প্রশমিত কৰে । 

কাৰখানাৰ আৱৰ্জনা

 বহুতাে কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে । যদি এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাব দিয়া হয় তেনেহ'লে এই অম্লই পানীত থকা মাছ আৰু অন্য জীৱ ধ্বংস কৰে । সেয়েহে , কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্রশমিত কৰা হয় ।


Type: Ankur Raj Deka

Class 7