মধ্য যুগৰ অসম

সপ্তম শ্ৰেণীৰ মাজতবিজ্ঞানৰ পাঠ্যপুথিৰ ইতিহাস খণ্ৰৰ 'প্ৰাগ ঐতিহাসিক অসম' নামৰ অধ্যায়ত আমাৰ ৰাজ্যখনৰ অতীত বুৰজ্ঞী সম্পৰ্কে আলোচনা কৰা হৈছে। উক্ত অধ্যায়ত তোমালোকে আমাৰ ৰাজ্যখন 'প্ৰাগজ্যোতিষপুৰ'আৰু 'কামৰূপ'নামেৰে পাই আহিছে। 


কামৰূপত ৰাজত্ব কৰা পালবংশৰ উল্লেখেৰে পাঠটোৰ সামৰণি মৰা হৈছে। প্ৰসংগত সেই সময়ৰ আন কেইজনমান উল্লেখযোগ্য ৰাজ্যৰো উল্লেখ কৰা হৈছে। জানি থ'বা যে অতীতৰ পৰা বৰ্তমানলৈ আমাৰ ৰাজ্যখনক যেনেকৈ বেলেগ বেলেগ নামেৰে নামকৰণ কৰা হৈছে ঠিক তেনেকৈ আকাৰ আৰু আকৃতিৰ ফালৰ পৰাওআমাৰ ৰাজ্যখন ভিন ভিন সময়ত বেলেগ বেলেগ আছিল। খ্ৰীষ্টীয় শতিকাত আহোমসকলৰ অসমলৈ অহাৰ পিছৰ পৰা প্ৰচীন কামৰূপ ৰাজ্যখনৰ লগতে আন আন সংলগ্ন অঞ্চলো অসম নামেৰে পৰিচিত হয়। ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আগ ভাগলৈ অৰ্থাৎ আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ৰাবু সন্ধিলৈ এই সময়চোৱাক অসম বুৰজ্ঞীৰ 'মধ্যযুগ' বুলি কোৱা হয়। আগৰ পৃষ্ঠাৰ মানচিত্ৰখনলৈ চোৱা। এইখন ত্ৰয়োদশ শতিকাৰ অসমৰ মানচিত্ৰ। ত্ৰয়োদশ শতিকাত আহোমসকল অহাৰ সময়ত অসমত কেইবাখনো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল। পশ্চিমে কৰতোয়া নদীৰ পৰা বৰ্তমানৰ দৰং আৰু নগাঁও জিলালৈ বিস্তূত এই অঞ্চলটোত কামৰূপ-কমতা নামৰ ৰাজ্যখন আছিল। ব্ৰক্ষপুত্ৰ নদীৰ উত্তৰফালে সোৱণশিৰী আৰু দিচাং নৈ লৈ এই ঠাইখিনিত ৰাজত্ব কৰিছিল চুটিয়া ৰাজ্যৰ পশ্চিম আৰু কছাৰী ৰাজ্যৰ উত্তৰ আৰু পশ্চিমে ব্ৰক্ষপুত্ৰৰ দুয়োপাৰে ভূঞাসকৰ সৰু সৰু ৰাজ্য আছিল।

Class 8 Social Science 

Type: Dimi Bora 



Post ID : DABP006690