অসমৰ আৰ্থ-সামাজীক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি 
পূৰ্ববতী অধ্যয়ত মধ্যযুগৰ আহোমৰ লগতে অন্যান্য ক্ষুদ্ৰ ৰাজ্যবোৰৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে থুলমুল আভাস পাইছাহঁক। এই অধ্যায়ত সেই ৰাজ্যবোৰৰ আৰ্থ-সামাজিক, সাংস্কৃতিক জীৱনৰ ওপৰত আলোকপাত কৰা হ'ব। বিশেষকৈ অসমীয়া সমাজ জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণিনো কি সেই বিষয়ে ইয়াত আলোচনা কৰিম। ইতিমধ্য কোৱা হৈছে যে মধ্যযুগ বুলিলে আমি ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ১৯ শতিকাৰ আগভাগলৈ এই সময়ছোৱাকে বুজো। উক্ত সময়ছোৱাত কামৰূপ-কমতা, চুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোমসকলে অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল। বুৰজ্ঞী পুথি, বিদেশী ভ্ৰমণকাৰীৰ টোকা, আখ্যান, কিংবদন্তী, প্ৰত্নতাত্বিক সমল আদিৰ পৰা মধ্যযুগৰ বিষয়ে জানিব পাৰি। উল্লিখিত প্ৰতিখন স্বাধীন ৰাজ্যৰ নিজা ৰাজনৈতিক মতাদৰ্শ, অৰ্থনৈতিক নীতি, সাহিত্য-সংস্কৃতি, শিল্পকলা, সামাজিক দৃষ্টিভংগীত অতীত অসমৰ প্ৰভাৱ বিদ্যমান। অৱশ্যে আহোমসকলৰ অসমলৈ অহাৰ পিছত স্বৰ্গদেউসকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক দূৰদৰ্শিতাৰ ফলত সম-সাময়িক সকলোবোৰ ৰাজ্যৰ মাজত কিছু উমৈহতীয়া বৈশিষ্ট্যই স্থান পাইছিল। মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক। ৰজা আছিল ৰাজ্যৰ সৰ্বময় কৰ্তা। ৰাজনৈতিক সুস্থিৰতা আনি প্ৰজাৰ সৰ্বময় কল্যাণৰ হকে কাম কৰাই আছিল ৰজাসকলৰ ৰাজনৈতিক দৰ্শন। ৰাজ্যৰ শাসন ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ সহায় লোৱা হৈছিল। বতৰ্মানৰ কামৰূপ জিলাৰ কিছু অংশ, নামনি অসম, উত্তৰবংগ আৰু বাংলাদেশৰ মৈমনসিং অঞ্চল সানৰি এসময়ৰ কামৰূপ-কমতা বা কমতা ৰাজ্যই প্ৰায় আঢ়ৈশ বছৰ ধৰি উত্তৰ-পূব ভাৰতৰ ৰাজনীতিত স্থান দখল কৰালৈ চাই এই ৰাজ্যৰ যে এটি সুশৃংখল শাসন ব্যৱস্থা আছিল তাক নিশ্চিতভাৱে ক'ব পাৰি। অৱশ্যে কামৰূপ-কমতা বা কমতা ৰাজ্যৰ ইতিহাস জানিবলৈ সমলৰ যথেষ্ট অভাৱ দেখা গৈছে।মধ্য যুগৰ ৰাজত্ব কৰা বাৰভূঞা সকলৰো নিজস্ব প্ৰশাসন ব্যৱস্থা আছিল আৰু ইয়াক থলুৱাভাৱে গঢ় দিয়া হৈছিল। ৰজাই বিষয়া বৰ্গৰ পৰামৰ্শ মতে ৰাজ্য শাসন কৰিছিল। ভূঞাসকলৰ ৰজাৰ দৰে মন্ত্ৰী বা বিষয়াসকলৰ পদবীও বংশানুক্ৰমিক আছিল। উজনি অসমৰ শক্তিশালী ভূঞাসকলৰ নিজা বিচাৰালয় নিজা বিচাৰালয় পৰ্যন্ত আছিল। এইবোৰক 'কাৰাখানা' বোলা হৈছিল।ভূঞাসকলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ পৰৱৰ্তী সময়ত আহোমৰ অধীনস্থ হ'লেও আহোম প্ৰশাসনত বহুতো বৰমুৰীয়া ভূঞাই উচ্চ পদবীত অধীষ্ঠিত হৈছিল।আহোম বুৰজ্ঞীত এই কথা উল্লেখ আছে। কমতা আৰু বাৰভূঞাসকলৰ দৰেই উজনিত চুচিয়াসকলৰো এচি সুসংগঠিত শাসন  ৱ্যৱস্থা আছিল বুলি জনা যায়। পিচে , এই চুটিয়া ৰাজ্য আহোম ৰাজ্যত অন্তৰ্ভূক্ত হোৱা পাছত ইয়াত ইয়াত আহোমৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন হয়। আহোমৰ শাসন ব্যৱস্থা আছিল মধ্য যুগৰ সৰ্বোৎকৃষ্ট শাসন ব্য়ৱস্থা। আহোমসকলে ৰাজ্যখন বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপ্ৰাত্ৰ গোহাঁই নামৰ তিনিজনা মন্ত্ৰীৰ পৰামৰ্শ মতে পৰিচালনা কৰিছিল। পিছলৈ বৰবৰুৱা আৰু বৰফুকনৰ অন্তৰ্ভূক্তিৰে মন্ত্ৰীসভা পাঁচজনীয়া কৰা হৈছিল। মন্ত্ৰীসভাৰ তলত অন্যান্য বহুতো বিষয়া কৰ্মচাৰীৰ নিযুক্তিৰে আহোম শাসন ব্যৱস্থা সকলো ফালৰ পৰা সু-শৃংখল আছিল। দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল। এইবোৰৰ ভিতৰত পাইক প্ৰথা, খেল ব্যৱস্থা, পচা প্ৰথা উল্লেখযোগ্য। স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজনৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেচি আছিল এই পাইকসকল। আহোমৰ এজন সুদক্ষ ব্ষয়া মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুৰ কৰি তুলিছিল। কুৰিগোট পাইকৰ ওপৰত এজন বৰা, এশগোটৰ ওপৰত এজন শইকীয়া, এহাজাৰ গোটৰ ওপৰত এজন হাজৰিকা, তিনি হাজাৰ গোটৰ এজন ৰাজখোৱা আৰু ছহেজাৰ গোটৰ ওপৰত এজন ফুকন আছিল। আহোম সকলৰ এই পাইক আৰু  খেল প্ৰথাৰ আৰ্হিত সমসাময়িক মধ্য যুগৰ অন্যান্য শাসকসকলেও দেশ সংগঠনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল। আহোম শাসনৰ খেল ব্যৱস্থাৰ লগত মোগলসকলৰ মনচবদাৰী প্ৰথাৰ বহুতো মিল দেখা যায়। আহোম শাসন ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য তথা অনুকৰণীয় দিশ হ'ল সীমাম্তৱৰ্তী পাহাৰীয়া জীতিসমূহৰ লগত কৰা বিশেষ বন্দোবস্তু। আহোম স্বৰ্গদেউসকলৰ উদ্ভাৱন কৰা এই ব্যৱস্থাটো
হ'ল পচা প্ৰথা। পাহাৰৰ দাঁতিত থকা আহোম  প্ৰজাবোৰক পৰ্বতীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই  পচা প্ৰথাৰ মূল উদ্দেশ্য। আহোমসকলৰ নিচিনা কোচ শাসন ব্যৱস্থাও আছিল সুসংগঠিত। কোচসকলে আহোম শাসন ব্যৱস্থাৰ অনুকৰণত প্ৰজাসকলক গোটচ বিভক্ত কৰি নিৰ্দিষ্ট  সংখ্যক গোটৰ ওপৰত বিষয়া নিযুক্তি দিছিল। কোচ ৰজা নৰনাৰায়ণে আহোম শাসনৰ বহুতো উপাদান কোচ শাসনতো প্ৰৱৰ্তন কৰিছিল। এইবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল পাইক প্ৰথাৰ  প্ৰচলন। 

  
Class 8 Social Science 
Type: Dimi Bora