লেটাৰপৰা পাটলৈ ঃ

 পাট উৎপাদনৰ কাৰণে চকৰী পালন কৰা হয় আৰু লেটাগুটিবােৰ পাট সূতাৰ কাৰণে সংগ্রহ কৰা হয় । 

পাটপলু পালনঃ এজনী মাইকী পাটপলুৰ চকৰীয়ে একে সময়তে শতাধিক কণী পাৰে [ চিত্র ৩.১০ (ক)]। এই কণীবােৰ সাৱধানেৰে কাপােৰ বা কাগজৰ পটিতসংৰক্ষণ কৰা হয় আৰু পলু পােহা খেতিয়কক এইবােৰ বিক্ৰী কৰা হয়। খেতিয়কে কণীবােৰ স্বাস্থ্যসন্মতভাৱে প্রয়ােজনীয় উষ্ণতা আৰু আদ্রতাত ৰাখে। কণী ফুটি পােৱালি ওলাবলৈ কণীবােৰ অনুকুল উষ্ণতাত ৰখা হয় । যেতিয়া নুনীগছত সতেজ পাত থাকে [চিত্র ৩.১০(খ)] তেতিয়া এই কামখিনি কৰা হয়।

 কেটাৰপিলাৰ বা পাট পলু বুলি কোৱা এই পলু পােৱালিবােৰে দিনে ৰাতিয়ে পাত ভক্ষণ কৰি এটা বৃহৎ আকাৰলৈ পৰিণত হয় [চিত্র ৩.১০ (গ )]। পাটপলুৰ পােৱালিবােৰ পৰিষ্কাৰ বাঁহৰ ডলাত নুনীগছৰ পাতৰ সৈতে একেলগে ৰখা হয়। ২০-৩০ দিনৰ পিছত পলুবােৰে খাবলৈ বন্ধ কৰে আৰু বাঁহৰ ডলাখনৰ খাজবােৰত লেটাগুটি তৈয়াৰ কৰে [ চিত্র ৩.১০ (ঘ)]। এই লেটাবােৰ লাগি থাকিবলৈ সৰু ৰেক বা বাঁহ কিছুমান দিয়া হয়। এই পলুবােৰে লেটা বনায় , যাৰ ভিতৰৰ অংশত পাট চকৰীৰ বৃদ্ধি ঘটে। পাট আহৰণৰ প্ৰণালী ও পাটসূতা আহৰণৰ কাৰণে এদম লেটাগুটি লােৱা হয়। লেটাগুটিবােৰ অলপ সময় ৰ’দত ৰখা হয় বা সিজোৱা হয় বা ভাপত দিয়া হয়। এনে কৰিলে পাটৰ সূতাবােৰ পৃথক হৈ পৰে। লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা (reeling of silk) বুলি কোৱা হয়।

    এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৰা ফুৰা হয়। এই কাৰ্যত লেটাগুটিৰ পৰা আঁহ বা সূতাখিনি খোল খাই যায়। এই আঁহবোৰ পিছত সূতালৈ পৰিণত হয়। এইবোৰেই হৈছে শিপিনীয়ে কাপোৰলৈ বোৱা পাট সূতা।  

Type: Ankur Raj Deka

Class 7 Science SCERT Book