সম্পদ আৰু উন্নয়নঃ

বর্তমান প্রযুক্তিবিদ্যাৰ প্ৰয়ােগেৰে প্রাকৃতিক সম্পদ ব্যৱহাৰ কৰি অধিক উৎপাদন লাভ কৰিব পৰা হৈছে। যান্ত্রিক শক্তিৰে বৃহৎ পৰিমাণত অধিক উৎপাদন কৰিবলৈ লােৱাৰ ফলত প্রাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ হােৱা আমি দেখিবলৈ পাইছা। ভৱিষ্যতে আমাৰ প্রযুক্তিগত দিশৰ উন্নয়নৰ হাৰতকৈও অধিকভাৱে সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হ'ব।

মানুহৰ প্ৰগতি আৰু অর্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ থাকে, সেইক্ষেত্ৰত সচেতনতাৰ মনােভাৱ গঢ়ি উঠা প্রয়ােজন। বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত কমি যােৱাৰ বাবে বহুতাে সমস্যাৰ সৃষ্টি হৈছে। হয়তাে এনেবােৰ সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যৎব্যৱহাৰ আৰু দীর্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূর্ণ।


Class 7 Social Science 

Type Nayan Moni Deka