মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ

মানুহ শ্রেষ্ঠতম জৈৱিক সম্পদ। ব্যক্তিৰ বুদ্ধিমত্তা, কর্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্রৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নির্ভৰ কৰে। সেয়ে মানুহে নিজে দেশৰ সম্পদ হােৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্রৰ উন্নয়নত অৰিহণা যােগাব পাৰে। এইক্ষেত্ৰত ভাৰতবৰ্ষত দেখা দিয়া মেধাৰ বহির্গমন ( Brain drain ) সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বর্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতাে কার্য ব্যৱস্থা হাতত লৈছে। আগৰ পিঠত তােমাললাকে মানৱ সম্পদ সম্পর্কে সবিশেষ জানিব পাৰিছা। 

সদৰ সংৰক্ষণ:

প্রাকৃতিক সম্পদসমূহক ৰক্ষণাৱেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণ। এতিয়া পৃথিৱীত গছ- গছনি, বন্যপ্রাণী আৰু অৰণ্যৰ পৰিমাণ ব্যাপক হাৰত কমি গৈছে। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনত কৃষি, উদ্যোগ, শিল্প, ব্যৱসায় আৰু বৃত্তিত বহুতাে সমস্যাৰ সৃষ্টি হৈছে। বর্ধিত জনসংখ্যাৰ বাবে সীমিত প্রাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিছে। বর্তমান আমি সন্মুখীন হােৱা এনে এক অৱস্থা বা পৰিৱেশৰ বাবে সম্পদৰ সংৰক্ষণ অতি প্রয়ােজন।

সম্পদ সংৰক্ষণৰ ব্যৱস্থাঃ

এখন দেশৰ সম্পদসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ কিছু নীতি মানি চলাটো প্রয়ােজন। সম্পদ সংৰক্ষণৰ এনে নীতি আৰু আচৰণবিধিসমূহ মূলতঃ এনেধৰণৰ

( ক ) সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা।

( খ ) সম্পদৰ মজুত আৰু মানুহৰ প্রয়ােজনৰ মাজত সমতা ৰক্ষা কৰি চলা।

( গ )সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কার্যক উৎসাহিত কৰা।

আমাৰ সম্পদসমূহ সদ্ব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়ােজনীয়তা আছে। আমি প্রাকৃতিক সম্পদসমূহ বিভিন্ন প্রকাৰে সংৰক্ষণ কৰিব পাৰাে। পানী, ভূমি আৰু শক্তি সম্পদ কেনেধৰণে সংৰক্ষণ কৰিব পাৰি তাৰ এক নমুনা তলৰ তালিকাত দেখুওৱা হৈছে一

প্ৰকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা

পানী সংৰক্ষণৰ বাবেঃ অবাবত পানী ব্যৱহাৰ নকৰা আৰু ব্যৱহাৰ নোহোৱা সময়ত পানীৰ নলী বন্ধ কৰি অপচয় ৰোধ কৰা।

শক্তি সংৰক্ষণৰ বাবেঃ সৌৰশক্তি, পৰমাণু শক্তি আদি বৈকল্পিক শক্তি সম্পদক দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰা।

ভূমি সংৰক্ষণৰ বাবেঃ প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ জৰিয়তে প্ৰয়োজনীয় খাদ্যশস্য উৎপাদন কৰা।


পানী সংৰক্ষণৰ বাবেঃ বৰষুণৰ পানী জমা কৰি ৰাখি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা।

শক্তি সংৰক্ষণৰ বাবেঃ শক্তি আহৰণত ইন্ধনৰ অপব্যয় নকৰা। 

ভূমি সংৰক্ষণৰ বাবেঃ এঢলীয়া ঠাইত খাজ কাটি ভূমি ক্ষয় ৰোধ কৰা।


পানী সংৰক্ষণৰ বাবেঃ শোধিত পানী জলসিঞ্চনত ব্যৱহাৰ কৰা।

শক্তি সংৰক্ষণৰ বাবেঃ উত্তম, কৰ্মক্ষম ইন্ধন ব্যৱহাৰ কৰা।

ভূমি সংৰক্ষণৰ বাবেঃ ঘাঁহ, মাহ জাতীয় আদি ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ ৰোপণ কৰা।


পানী সংৰক্ষণৰ বাবেঃ ঘৰুৱা আৰু ঔদ্যোগিক উভয় ক্ষেত্ৰতে পানী ব্যৱহাৰত মিতব্যয়ী হোৱা।

শক্তি সংৰক্ষণৰ বাবেঃ যথাসম্ভৱ কম পৰিমাণে জীৱাষ্ম ইন্ধন ব্যৱহাৰ কৰা।


Class 7 Social Science 

Type: Nayan Moni Deka