পথিৱীৰ গতি 

       তোমালোকে আগৰ পাঠত পাই আহিছা যে আমি বসবাস কৰা পৃথিৱাখন সৌৰজগতৰ এটা গ্ৰহ । আমাৰ দৃষ্টিত পৃথিৱাখন স্থিৰ যেন আৰু গ্ৰহবোৰে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে, এই আকৰ্ষণৰ ফলত গ্ৰহবোৰ গতিশীল হৈ আছে । গ্ৰহ হিচাপে পৃথিৱীয়েএ গতি কৰি আছে । এই দুই ধৰণৰ । এটা গতিৰে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে আৰু আনটো গত্িৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে । এনেধকৰণে পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ  গতি বোলে । পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি সেয়াই আৱৰ্তন বা আহ্নিক গতি । আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই  পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলা হয় ।

ক্ৰিয়া-কলাপঃ

তোমালোকে নিশ্চয় লাটুম দেখিছা । এতিয়া নাটুম এটা লৈ ইয়াক যি কোনো সমতল ঠাইত হাতেৰে ঘূৰাই দিয়া । ভালকৈ লক্ষ্য কৰাচোন । কি দেখিছা  ? লাটুমটোৱে সমতল পিঠিত নিজে ঘূৰাৰ উপৰি ঘূৰি ঘূৰি কোনো এটা দিশত আগবাঢি য়োৱা নাইনে বাৰু । এইদৰে পৃথিৱীয়েও নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰাৰ উপৰি একে সময়তে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰে ঘূৰা কাৰ্য সম্পন্ন কৰে ।  

    আহ্নিক গতি ঃ তোমালোকে  আগৰ পাঠত পাই আহিছা যে পৃথিৱীৰ মেৰুদণ্ডডাল উওৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা এডাল কাল্পনিক ৰেখা । পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ সম্পূৰ্ণ এপাক ঘূৰাকে আৱৰ্তন আহ্নিক গতি বোলা হয় । পৃথিৱীয়ে এনেদৰে সম্পূৰ্ণ এপাক ঘূৰিবলৈ প্ৰায় ২৪ ঘণ্টা সময় লয় । পৃথিৱীৰ গতিৰ এই নিৰ্দিষ্ট সময়ছোৱাক এদিন হিচাপে ধৰা হয় । সেইবাবে ইয়াক পৃিৱীৰ দৈনিক গতি বুলিও কোৱা হয় । 

    এতিয়া পৃথিৱীয়ে কেনেকৈ নিজ  মেৰুদণ্ডৰ ওপৰত ঘূৰে তাক বুজিবলৈ এটা গোলক লোৱা  । গোলকত ভাৰতবৰ্ষখন চিনাক্ত কৰি তোমাৰ সন্মুখত ৰাখা । বাঁওহাতৰ এটা আঙুলিৰে ভৰতবৰ্ষৰ কোনো এক স্থানত ধৰা । এতিয়া আনখন হাতেৰে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাই ভাৰতবৰ্ষখন তোমাৰ সন্মুখলৈ আনা । এতিয়া কি পালা বাৰু ? গোলকৰ ওপৰত ভাৰতবৰ্ষৰ নিৰ্দিষ্ট স্থানত ধৰা তোমাৰ বাঁওহাতৰ আঙুলিয়ে কিছু সময়ৰ পিচত সম্পূৰ্ণ এপাক ঘূৰিহে তোমাৰ সন্মুখলৈ আহিছে । ঠিক তেলেদৰে পৃথিৱীৰ ঘূৰণত কোনো এখন ঠাই পশ্চিমৰ পৰা পূবলৈ গতি কৰি আগৰ অৱস্থান পাবলৈ ২৪ ঘণ্টা সময় লাগে , (চিএ-১) । 



জানি থওঁ আহাঃ

পুৰণিকালত জ্যোতিৰ্বিদসকলে পৃথিৱী স্থিৰ আৰু সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বি্বাস কৰিছিল । পিছত ১৫১৪ থ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ জ্যোতিৰ্বিদজনে প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে ।

    তোমালোকে এটা কথা মন কৰিছানে বাৰু ? আমি প্ৰতিদিনে সূৰ্যটো পূব দিশত ওলাই পশ্চিম দিশত মাৰ যোৱা যেন পাওঁ । প্ৰকূততে স্থিৰে থকা সূৰ্যটো পৃথিৱীৰ পূব দিশত উদয় আৰু পশ্চিম দিশত অস্ত যায়নে বাৰু ? ইয়াক বুজিবলৈ তলৰ কথাখিনীলৈ মন কৰা । আমি বাছ বা ৰেলগাডীত উঠি যাওঁতে বাহিৰলৈ মন কৰিলে দেখোঁ যেন গছ-গছনি, ঘৰ-দুৱাৰ আদি পিছলৈ দৌৰি আছে । কিন্তু প্ৰকৃততে এইবোৰ পিছফালে নাযায় আচলতে বাছ বা ৰেলগাডীখনে আগফালে গতি কৰি থকাৰ বাবে দুকাষৰ গছ-গছনি, ঘৰ আদিবোৰ পিছলৈ যোনা যেন লাগে । সেইদৰে পৃথিৱীৰ তুলনাত  সূৰ্যটো একে ঠাইতে আছে । পৃথিৱীখনে  নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকা বাবে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে ।

    তোমালোকে জানা যে পৃথিৱীৰ নিজা পোহৰ নাই । পৃথিৱীয়ে সূৰ্ষৰ পৰাহে আৰু তাপ পায় । পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে । অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখা-মুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফলৰ পোহৰ নপৰে । পোহৰ পৰা অমশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয়। এইক্ষেএত পৃথিৱীখনৰ পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃওই দুভাগ কৰিছে । এই বৃওটোক পোহৰ বৃও বোলা হয় (চিএ-২) ।






        দিন আৰু ৰাতিৰ ধাৰণাটো ভালকৈ বুজিবৰ বাবে এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা । এতিয়া গোলকটো আন্ধাৰ কোঠাত ৰাখি গোলকটোৰ আধা অংশত পোহৰ পৰাকৈ টৰ্চ লাইটটো জ্বলাই স্থিৰ কৰি ৰাখা । আন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া । এনেদৰে ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশ আন্ধাৰ হব । এইদৰেই পৃথিৱীৰ উপৰিভাগত দিন আৰু ৰাতি হয়, (চিএ-৩)। 




ক্ৰিয়া-কলাপঃ

পৃথিৱী যদি নিজ মেৰুদণ্ডত নুঘুৰি স্থিৰ হৈ থাকিলেহেঁতেন, তেতিয়া কি কি হলহেঁতেন ভাবি চোৱা আৰু কোৱা ।

        পৃখিৱী উপৰিভাগত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয় । আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় বাবে পৃথিৱীৰ উপৰিভাগত জীৱ-জন্তু, উদ্ভিদ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে । আহ্নিক গতি নাথাকিলে  পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আলটো ফালত সদায় ৰাতি হৈ থাকিলেহঁতেন । ফলত আন্ধাৰ হৈ থকা অংশত সূৰ্যৰ ৰশ্মিৰ অভাৱত চেঁচা হৈ থাকিলেহেঁতেন । আনহাতে পোহৰ পৰা  অংশত উওাপ বাঢি গৈ সেই অংশটো জীৱৰ বসতিৰ অনুপযিগো হলহেঁতেন । এই পোহৰ পৰা অংশত উওাপ বাঢি গৈ কেনেকৈ জীৱৰ বসতিৰ অনুপযোগী হব পাৰে ভাবি চোৱাচোন ।

        পৰিভ্ৰমণ বাৰ্ষিক গতিঃ  পৃথিৱীৰ আন এটা গতি হল পৰিভ্ৰমণ বা বাৰ্ষিক গতি । পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰেহে ঘুৰে । এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃওাকাৰহে । সূৰ্যৰ চাৰিওফালে ঘূৰা এই উপবৃওাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বোলে । পৃথিৱীৰ উপবৃওাকাৰ কক্ষপথৰ ধাৰণাটো ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চোৱা  ।

পূথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সপূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে । সাধাৰণতে পাথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনত এবছৰ হিচাপে ধৰি লোৱা হয় । অৰ্থাৎ প্ৰতি বছৰে আমি প্ৰায় ৬ ঘণ্টা সময় বাদ দিওঁ । এই বাদ দিয়া প্ৰায় ৬ঘণ্টা সময়খিনি ৪ বছৰত লগ লাগি প্ৰায় ২৪ ঘণ্টা অৰ্থাৎ এদিন হয় । সেয়েহে প্ৰতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢাই ২৮ দিনৰ পৰিৱৰ্তে ২৯ দিন গণনা কৰা হয় । এনেকৈ যিটো বছৰত এটা দিন বঢাই লোৱা হয় সেই বছৰটো অধিবৰ্ষ বা লিপ ইয়েৰ ( Leap year ) বোলা হয় । কোনটো বছৰ অধিবৰ্ষ বা লিপ ইয়েৰ তাক জানিবলৈ এটা সহজ উপায় জানি লোৱা । যিটো খ্ৰীষ্টীয় বছৰ চাৰিৰে হৰণ কৰিলে ভাগশেষ নাথাকে তেনে বছৰকে অধিবৰ্ষ বুলি ধৰা হয় । উদাহৰস্বৰুপে ২০০৭ বছৰটো অধিবৰ্ষ নাছিল । কিন্তু ২০১২ বছটো অধিবৰ্ষ হব ।


জানি থওঁ আহাঃ

কাষৰ আলোচনাত আমি এটা বছৰত ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা থাকে বুলি কৈছো যদিও দৰাচলতে এটা বছৰত ৩৬৫ দিন ৫ ঘণ্টা৪৮ মিনিট ৪৫-৪৭ চেকেণ্ডহে থাকে । গতিকে চাৰি বছৰৰ মূৰত অধিবৰ্ষত আমি এটা দিন বঢাই দিওঁ যদিও আচলতে এই সময় ২৪ ঘণ্টাতকৈ অলপ (৪৫ মিতাৰ ৫ চেকেণ্ড ) কম । ইয়াক মিলাবলৈ চাৰিশ বছৰত তিনিবাৰ অধিবৰ্ষ ধৰা নহয় । উদাহৰণ স্বৰুপে ৪ ৰে মিলি যোৱাকৈ হৰণ কৰিব পৰা হলেও ১৭০০ খ্ৰীষ্টাব্দৰ পৰা ২০০০ খ্ৰীষ্টাব্দ ভিতৰত ১৭০০, ১৮০০ আৰু ১৯০০ চনকেইটা অধিবৰ্ষ বুলি ধৰা নহয় । কিন্ত ২০০০ চনটো অধিবৰ্ষ ।


বহীত কৰি চোৱা-

(১) ২০০৮ চনৰ পাছৰ অধিবৰ্ষ ?

(২) ২০০০ চনৰ আগৰ দহটা অধিবৰ্ষ কোন কেইটা ?

অনুসূৰ আৰু অপসূৰ দূৰত্ব

কাষৰ চিএটিলৈ ভাদৰে লক্ষ্য কৰা (চিএ-৫) ্আমি জানে যে  পূথিৱীয়ে যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটো গোলাকাৰ নহয়, উপবৃওাকাৰহে . সেয়েহে । পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবাতোকৈ কম আৰু কেতিয়াবা সবাতোকৈ বেছি হয় । ৪ জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইকৈ অধিক হয় । এই দূৰত্বটোক অপসূৰ বুলি কোৱা হয় । আকৌ ৩ জানুৱাৰী তাৰিখে পৃথিৱী আৰু  সূৰ্যৰ মাজৰ দূৰত্ব আটাইকৈ অনুসূৰ বুলি কোৱা হয় । এই অৱস্হনত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১৮৭.৫ নিযুত কিলমিটাৰ হয় ।


  


    


ওপৰৰ চিএটিলৈ মন কৰাচোন । চিএত দেথুৱাৰ দৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবূওাকাৰ পথেৰে পৰিভ্ৰমণ কৰাঁতে অনাবৰতে ইয়াৰ কক্ষতলৰ লগত ৬৬১/২

কোণ কৰি আগবাঢে । পলত পৃথিৱীথন এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢে । পৃথিৱীথন এটদৰে হেলণীয়া হৈ ঘুৰি থকা বাবে বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা গোলাৰ্ধ সূৰ্যৰ মুখা-মুখি হয় । অৰ্থাৎ সেই গোলাৰ্ধ কিছু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলমীয়াভাৱে পৰে । ফলত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উওাপ বাঢে । আকৌ একে সময়তে আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলণীয়াভাবে পৰে । ফলত সেই কালছোৱাত এই গোলাৰ্ধত বায়ুণ্ডলৰ উওাপ হ্ৰাস পায় । বায়ুণ্ডলৰ উওাপৰ হ্ৰাস-বৃদ্ধিয়ে বায়ুৰ চাপ আৰু আৰ্দ্ৰতাৰো হ্ৰাস-বৃদ্ধি ঘটায় । ফলত বতৰৰ পৰিৱৰ্তন হয় । এইদৰেই সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত ঋতুৰ পৰিৱৰ্তন হয় । তাপ,চাপ, আৰু আদ্ৰৰ্তাৰ ভিওিত বছৰটোক প্ৰধানকৈ গ্ৰীম্ম, শৰৎ, শীত আৰু বসন্ত ঋতুত ভাগ কৰা হয় ।

 ওপৰৰ চিএত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত পৃথিৱীৰ চাৰিটা অৱস্থান দেথুৱা হৈছে । পৃথিৱীয়ে সাৰ্য়ৰ চাৰিওফালে পৰিভ্ৰমন কৰি থাকেঁতে ২১ জুন তাৰিথে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে । এই অৱস্থাটোক কক্ৰট সংক্ৰান্তিক বোলা হয় । সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উওৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাটি আটাইতকৈ চুটি হয় . উও সময়ছোৱাক উওৰ গোলাৰ্ধত গ্ৰীম্ম কাল হয় । আনহাতে এই সময়ছোৱাক দক্ষিন গোলাৰ্ধত শীতকাল বিৰাজ কৰে । পৃতিৱী ইয়াৰ কক্ষপথেদি আগবাঢি গৈ থাকোঁতে ২৩ ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰক ৰশ্মি বিষুৱত লম্বভাবে পৰে । এই দিনা গোটেই ধৰাপৃষ্ঠত দিন- ৰাতি সমান হয় । ইয়াকেই জলবিষুৱ বোলে । আনহাতে পৃথিৱী আগবাঢি গৈ থাকোঁতে ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে । ইয়াক মকৰ সংক্ৰান্তি বোলে । এই মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিন গোলাৰ্ধত গ্ৰীম্মকাল আৰু উওৰ গোলাৰ্ধত শীতকাল হয় । দক্ষিন গোলাৰ্ধত দিন দীঘল, ৰাতি চুটি আৰু উওৰ গোলাৰ্দত ৰাতি দীঘল, দিন চুটি হয় । পুনৰ পৃথৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থকোঁতে ২১ মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে । এই সময়ত দুই গোলাৰ্ধত সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে । এই দিনটোত সমগ্ৰ ধৰাপৃষ্ঠত দিন-ৰাতি সমান হয় । ইয়াকেই  মহাবিষুৱ বোলে ।

বাৰ্ষিক গতিক ফলত একেটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পাওঁ । ঋতুৰ পৰিৱৰ্থনৰ বাবেই আমাৰ সাজ-পাৰ, খাদ্য় আদিৰ পৰিৱৰ্তন ঘটে । ঋতুৰ পৰিৱৰ্থন বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে । ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ -পাৰ্ভন আদি পালন কৰি আহিছে । 

ক্ৰিয়া-কলাপঃ

১/ ঋতুৰ পৰিৱৰ্তন পলৰ আমাৰ আচলত তলৰ দিয়া দিশসমূহত কোন ঋতুত কিকি পৰিৱৰ্তন ঘটা দেখিবলৈ পাওঁ, লিখা ।

ক) উদ্ভিদ      খ) কৃষিকাৰ্য       গ) সাজ-পাৰ      ঘ) খাদ্য

২/আমাৰ অঞ্চলত বিভিন্ন ঋতুত পলন কৰা বিভিন্ন উসৱ-পাৰ্বনৰ নাম লিখা ।


মনত ৰাখিবলগীয়া কথাঃ

* পৃথিৱীৰ গতি দুটা - আৱৰ্তন বা আহ্নিক গতি আৰু পৰিভ্ৰমণ বা বাৰ্ষিক গতি । 

* পৃথিৱীৰ আৱৰ্তনৰ সময় ২৪ ঘণ্টা, অৰ্থাৎ এদিন । আৱৰ্তনৰ ফলত দিন আৰু ৰাতি হয় ।

* পৃথিৱীথনত দিন আৰু ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃওই দুভাগ কৰিছে । এই বৃওটোক পোহৰ বৃও বোলা হয় .

* পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা ।

* পৃথিৱায়ে যিটো উপবৃওাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীক কক্ষপথ বোলে .

* পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয় ।

* প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢাই ২৮ দিনৰ পৰিৱৰ্ত ২৯ দিন কৰা হয় । এনেকৈ যিটো বছৰৰ এটা দিন বঢাই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়েৰ ( leap year ) বোলে ।

* পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ৪ জুলাই তাৰিখত বেছি হয়, সেয়াই অপসূৰ ;আনহাতে পৃথৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ৩ জানপৱাৰী তাৰিখত সবাতোকৈ কম হয়, সেয়াই অনুসূৰ।