উত্তৰ-পূব ভাৰতত ভক্তি আন্দোলন ঃ

দ্বাদশ শতিকাৰ শেষাৰ্ধত জয়দেৱৰ গীত-গোবিন্দৰ মাধ্যমত উত্তৰ ভাতৰ বংগদেশত ভগৱান কেন্দ্ৰিক ভক্তি আন্দোলনে প্ৰসাৰতা লাভ কৰিছিল। গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ পশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে। বংগদেশত ভক্তিমাৰ্গক সু-সংহত ৰূপত সজাইছিল চৈতন্য দেৱে। ভাৰতৰ বিভিন্ন  তীৰ্থ স্থানসমূহ যেনে-পান্ধাৰপুৰ, সোমনানাথ, বৃন্দাবন, দ্বাৰকা, মথুৰা, পুৰী ভ্ৰমণ কৰি আহি তেওঁ বংগদেশত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ কৰে।  কৃষ্ণৰ উপাসক চৈতন্য দেৱে জাতিভেদ বিশ্বাস নকৰিছিল আৰু ভগৱানৰ গুমানুকীৰ্তন সংকীৰ্তনৰ জৰিয়তে প্ৰচাৰ কৰিছিল। এওঁৰ উপৰি মাধৱাচাৰ্য, বল্লাভাচাৰ্য আদি পণ্ৰিতসকলে উত্তৰ-পূব ভাৰতত ভক্তিবাদ আন্দোলনৰ প্ৰসাৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল 

অসমত ভক্তিবাদৰ প্ৰচাৰ ঃ 

খ্ৰীষ্টীয় পঞ্চদশ শতিকাত অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত ভক্তি আন্দোলনে গঢ় লৈ উঠ। সেই সময়ত অসমত ধৰ্মৰ নামত কঠোৰ নীতি নিয়ম আৰু কু-সংস্কাৰে গা-কৰি উঠিছিল তাৰোপৰি জাতিভেদ প্ৰথাই সৰ্বসাধাৰণ মানুহৰ ধৰ্মৰ সাধনাতে যথেষ্টখিনি বাধাৰ সৃষ্টি কৰিছিল। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ পথ সুগমকৰিবৰ বাবে এক সহজ-সৰল ধৰ্ম মনত অতি আৱশ্যক হৈ পৰিছিল। তেনে এক পটভূমিত ১৪৪৯ খ্ৰীষ্টাব্দত অসমীয়া ক'লা-সংস্কৃতিৰ প্ৰাণস্বৰূপ শংকৰদেৱৰ জন্ম হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান হ'ল বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল। ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানবোৰ ভ্ৰমণ কৰি শ্ৰীমন্ত শংকৰদেৱে হিন্দু ধৰ্মৰ মূল ধৰ্ম-শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল। ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মতপোষণ কৰি তেওঁ অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল। শংকৰদেৱ একেশ্বৰবাদত বিশ্বাসী আছিল । ভগৱান নিৰাকাৰ ৰূপেই তেওঁৰ মতবাদৰ মূল কথা। মানবীয় প্ৰমূল্য আৰু অহিংসা হ'ল শংকৰদেৱৰ মতাদৰ্শৰ প্ৰধান বিষয়বস্ত। এই ধৰ্মমত জাতি, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণী মানুহৰে ভগৱানৰ ওচৰত পূজা অৰ্চনা কৰাৰ সমান অধিকাৰ আছে। মোক্ষ লাভৰ বাবে আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞ, বলি-বিধান আদিৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে। শংকৰদেৱৰ ভক্তিবাদে অসমৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰসাৰ লাভ কৰে। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া  সমাজখনক নকৈ গঢ়ি তুলিলে । অসমীয়াৰ সামাজিক জীৱনটো একত্ৰিত কৰিবলৈ তেওঁ সমতা, সিহষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক আশ্ৰয় কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কৃাৰতো মনোনিৱেশ কৰিছিল। ধৰ্মক জনসাধাৰণৰ অধিক কাষ চপাবলৈ শংকৰদেৱে সংস্কৃতৰ সলনী ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনাকৰিছিল। সামাজিক একাত আৰু সম্প্ৰীতিৰ বান্ধ সুদৃঢ় কৰিুবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱহাৰ কৰিছিল। সামাজিক সমতা আৰু সকলো সম্প্ৰদায়ৰ উমেহতীয়া অংশগ্ৰহণ নিশ্চিত কৰি তেওঁ বৃহৎ অসমৰ ভাষা আৰু ক'লা-সংস্কতিৰ বহল ক্ষেত্ৰখন গঢ়ি তুলিছিল। শংকৰদেৱৰ সেই সাধনাৰ মূল বিষয়বস্তু আছিল অসমীয়া ভাষা বিকাশ, ক'লা -সংস্কৃতিৰ ধাৰাবাহিক ৰ্চ্চা আৰু ভক্তিবাদৰ প্ৰসাৰ। তেওঁ হ'ল প্ৰকৃতাৰ্থত অসমীয়া জাতিৰ কাণ্ৰাৰী অসমীয়া ভাষা আৰু ক'লা সংস্কৃতিৰ অন্যতম পতিষ্ঠাপক। 


Class 8 Social Science

Type: Dimi Bora 






Post ID : DABP005725